Posts

Showing posts from December, 2018

ফটোগ্ৰাফীঃ নিয়ৰ

Image
“ধূলিয়ৰি বাটৰ কথকতা”...

ধাৰবাহিক গল্পঃ বৰাহ (দ্বিতীয় খণ্ড)ঃ ধ্ৰুৱজ্যোতি অৰ্জুন

বৰাহ -২ ধ্ৰুৱজ্যোতি  অৰ্জুন ৰাজকুমাৰ ইমুশৰ প্ৰসাদত ধ্ৰোমক আৰু হিবংগক উষ্ম আদৰণি জনালে একালৰ দেৱসকলৰ মহাযোদ্ধা পুৰুষে৷ দুয়ো অভ্যাগতে বিমুগ্ধ নয়নেৰে চাই ৰ’ল বহু যুদ্ধৰ নায়ক “পুৰুষ”লৈ৷ কালৰ পৰশত সামান্য বয়সৰ প্ৰভাৱ পৰিলেও প্ৰথম দৃষ্টিতে অনুমান কৰিব পাৰি পুৰুষৰ দেহত এতিয়াও সেই তাহানিৰ শৌয্যবীৰ্য্য অটুত আছে৷ এয়াই তেনে দেৱসমাজত কিংবদন্তী হৈ পৰা মহাবীৰ পুৰুষ৷ বৃত্ৰাসুৰ বধৰ মহানায়ক পুৰুষ৷ প্ৰেমৰ বাবে অমৰাৱতী এৰি অৰণ্যবাসী নাগ সকলৰ আপোন হৈ পৰা প্ৰেমিক পুৰুষ৷ মাজত মাথোঁঁ তিনিদশক৷ যোৱা তিনিদশক পাৰ হোৱাৰ পাছতো পুৰুষৰ গৰিমা ম্লান হোৱা নাই অমৰাৱতীত৷ আজিও অমৰাৱতীৰ জনগণৰ বাবে আপোন পুৰুষ৷  প্ৰথমতে অভিবাদন জনালে দুয়ো অতিথিয়ে তেওঁলোকৰ একালৰ নায়কক৷ পুৰুষেও পুত্ৰবৎ আদৰিলে দুয়োকে৷ ইতিমধ্যে তেওঁ পুত্ৰৰ পৰা গম পাইছে অৰণ্যৰ মাজত সংঘটিত ঘটনা প্ৰবাহ৷ পুত্ৰৰ মহানুভৱতাৰ গৌৰৱেৰে গৌৰৱাম্বিত হৈ পৰিল পুৰুষ৷ অমৰাৱতীৰ দৰে সুদৃশ্য নগৰৰ পৰা তেওঁলোকৰ অৰণ্য আগমনৰ উদ্দেশ্যৰ বিষয়ে জানিবলৈ পুৰুষ আগ্ৰহী হৈ উঠিল৷ ধৌম্যক আৰু হিবংগই পুৰুষৰ আগত কৈ গ’ল যোৱা তিনিদশকত পুৰুষৰ অৰ্বতমানত অমৰাৱতীৰ বিভিন্ন পৰিঘটনাৰ কথা, যদিও...

একমিনিটৰ গল্পঃ গিলগমেষঃ সোনটো ৰঞ্জন বৰুৱা

#গিলগমেষ ( Epic of Gilgamesh ) সোনটো ৰঞ্জন বৰুৱা মই আজিকালি যুঁজিবলৈ এৰি দিলোঁ৷ এটা সময় আছিল,  মই দৈনিক তিনি চাৰিটা পইতাঁচোৰাৰ লগত দুই তিনিটা বাদাম পানীত তিয়াই খাইছিলোঁ৷  দৈনিক দেহত তেলমালিচ কৰিছিলোঁ৷ ৰাতি টোপনি যোৱাৰ পাছত কুটুবমিনাৰ বগাই দেশৰ ফালে উৰি অহা মিচাইলবোৰত জঁপিয়াই উঠি ভাৰত মহাসাগৰত ডুবাই দিছিলোঁ৷ মই খঙাল আছিলোঁ প্ৰতিটো কথাতেই৷ মই মোৰ নিজৰ সময়ৰ প্ৰতিখন যুদ্ধত জঁপিয়াই পৰিছিলোঁ৷  সময় পাৰ হৈ গ’ল, কিন্তু বৃদ্ধ নহ’ল,  সি ক্ৰমান্বয়ে ভয়াবহ হৈ গ’ল৷ মই পৃথিৱীৰ সকলো নায়কক বিচাৰি ফুৰিলোঁ, সকলো নায়কেই নিজ নিজ সময়ৰ লগত যুদ্ধত ব্যস্ত আছিল৷ গিলগমেষ, মাত্ৰ গিলগমেষ নাছিল৷ তেওঁ নিজৰ অতীতত ৰৈ গ’ল,  পৃথিৱীৰ বাকী নায়কসকলে তেওঁ অহালৈ বাট চাই আছিল৷ পিছে তেখেত কোনো দিনেই নাহিল৷ মই বাদাম খাবলৈ এৰি সেই টকাৰে কোৱাৰ্টাৰ কিনিবলৈ ললোঁ৷ মই তেলেৰে আলু ফ্ৰাই কৰিবলৈ ললোঁ৷ সেইদিনাই গিলগমেষ আহি মোক ক’লে,  তেওঁ আৰু কেতিয়াও নিজৰ সময়লৈ উভতি নাযায়৷ কথাষাৰ শুনিয়েই মই তেওঁক কাপুৰুষ বুলি অনেক গালি গালাজ কৰিলোঁ৷  মই এতিয়া কিতাপৰ মাজত৷  কিতাপবোৰে বৰ কথা কয়, একেবাৰে কাণ ...

ফটোগ্ৰাফীঃ নিশাৰ সাধুকথাঃ অনুষ্ঠাত্ৰী শৰ্মা

Image
নিশাৰ সাধুকথাবোৰে এনেকৈয়ে উশাাহ হেৰুৱাই; নেদেখা বাটত সুঁহুৰি এটা হৈ কোন আগুৱাই যায় !' ©অনুষ্ঠাত্ৰী  (Anushthatri Sharma) স্থান- তেজপুৰ বিশ্ববিদ্যালয় 

গল্পঃ ছিৰিয়াত এজন যুৱকঃ অসীম শইকীয়া

ছিৰিয়াত এজন যুৱক(৩) ///////////////? /////// অসীম শইকীয়া আবিৰা আঁতৰি যোৱাৰ পাছতেই জীৱনটো যেন মোৰ শূন্যতাৰে ভৰি পৰিল৷ এক গভীৰ হীনমন্যতাই গ্ৰাস কৰিব ধৰিলে মোক৷ একো ভাল নলগা হ’ল, মনটোৱে আবিৰাক বিচাৰি হাহাকাৰ কৰিব ধৰিলে৷ বহুতো চেষ্টা কৰিও যোগাযোগ কৰিব পৰা ন’গল৷ দিনক দিনে উৎকণ্ঠা বাঢ়িব ধৰিলে৷ মই মাত্ৰ অপেক্ষা কৰিলোঁ তাইৰ পৰা অহা এটা ফোনকলৰ, য’ত ভাঁহি আহিব তাইৰ ওঁঠ দুটাৰ পৰা নিৰ্গত হোৱা মিঠা মিঠা শব্দৰ প্ৰৱাহ৷  আবিৰাৰ লগত কটোৱা সুখৰ আৰু আনন্দৰ মুৰ্হূতবোৰ মনত পেলালে মনতো দুখ আৰু বেজাৰত ভৰপূৰ হৈ পৰে৷ মোৰ চাল চলনবোৰ আগতকৈ সুকীয়া হ’ব ধৰিলে৷ অনুমান কৰিলোঁ মা-দেউতাই মোৰ গতি বিধিবোৰ দেখি যথেষ্ট ভয় খাইছে, দুয়োজনেই এতিয়া মোক সঙ্গ দিয়াত অকণো কাৰ্পণ্য নকৰা হ’ল৷  মা দেউতাক মই আবিৰাৰ বিষয়ে কোৱা নাই৷ যেতিয়া মই দেউতাক মোৰ ককা দেউতাৰ দেশখন আৰু মধ্য প্ৰাচ্যৰ দেশবোৰৰ পৰিস্থিতিৰ বিষয়ে সোধো তেতিয়া প্ৰায়েই প্ৰশ্নবোৰৰ পৰা আঁতৰি ফুৰে৷  ইণ্টাৰনেট মোৰ প্ৰিয় যদিও ৰাজনীতি আৰু অৰ্থনীতিৰ বিষয়ে কমেই চাৰ্চ কৰোঁ, নিউজ চেনেলবোৰ চোৱাৰ অভ্যাস খুব কম৷ এতিয়া পিছে চি এন এন, বি বি ছি ৰ দৰে চেনেল বোৰ চা...

এক মিনিটৰ গল্পঃ বেঁকা আঙুলিঃ নৱজিৎ মেধি

*** এক মিনিটৰ গল্প ***  বেঁকা আঙুলি নৱজিৎ মেধি বিমৰ্ষ মনে শিক্ষান্ত পৰীক্ষাৰ নিৰীক্ষকৰ কৰ্তব্যখিনি সামৰি চহৰ খনৰ ইংৰাজী বিষয়ৰ নাম থকা শিক্ষক কলিতা চাৰে সন্ধিয়া ঘৰ আহি পালে৷ বিমৰ্ষ মনে বহি থকাত তেখেতৰ পৰিবাৰে কি হৈছে জানিব বিচৰাত –সকলো কথা কোৱাত, তেখেতৰ পৰিবাৰে ক’লে- তোমাকনো কিহে পাইছিল বৰা চাহাবৰ এলাইবাদু ল’ৰা জনক টিউচন ল’ব! বাৰু যি হৈছে হৈছে, পৰীক্ষাৰ ৰিজাল্ট দিবলৈ এতিয়াও দুই-তিনি মাহ সময় আছে-তুমি এই সপ্তাহতে তেখেতক সকলো কথা জনাই থৈ আহা৷ এতিয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাকে ধৰি বহু ঘটনাই ঘটি আছে যদিও ৰাতি কলিতা চাৰৰ ভাল টোপনি নহ’ল-বৰ প্ৰভাৱশালী মানুহ বৰা চাহাব, কিবা অন্যায়েই কৰে নেকি! #এসপ্তাহ পিছত ৰাতিপুৱাই কলিতা চাৰ গৈ বৰা চাহাবৰ বিশাল প্ৰাসাদোপম ঘৰত উপস্থিত হ’ল৷ বৰা চাহাবৰ ঘৰৰ বাৰাণ্ডা খনতেই বহি কলিতা চাৰে ক’লে- আপোনাৰ ল’ৰাটোৰ কাৰণে বহুত চেষ্টা কৰিলো, নিৰীক্ষক হিচাপে সি পৰীক্ষা দিয়া ৰুমৰেই দায়িত্ব লৈছিলোঁ৷ উত্তৰ বহী জমা দিয়াৰ পিচত তাৰ বহী চাই দেখিলোঁ- সি দুখন পেপাৰ মিলি ত্ৰিছ নম্বৰৰ বেচি নাপায়৷ সি যে পৰীক্ষাত ফেইল কৰিব সেইটো খাতাং, আপোনাক কথাখিনি আগতীয়াকৈ জনাই থলোঁ৷ ক...

গল্পঃ উলংঘাঃ ৰাজদ্বীপ বৰা

Image
উলংঘা @ৰাজদ্বীপ বৰা গাওঁখনৰ এজন লেখত ল’বলগীয়া ব্যক্তি হাজৰিকা৷ খেতিৰ চহকী৷ গৰ্ব-অহংকাৰত ফাটিফুটি যোৱা বিধৰ৷ গাঁৱৰ যিকোনো মেলে-মিটিঙে তেখেতৰ স্থান সদায় আগত থাকিবই লাগিব৷ নামঘৰতো একে অৱস্থা৷ তেখেতৰ ধাৰণাটো এনেকুৱা যেন তেখেতৰ দিহা পৰামৰ্শৰ অবিহনে গাঁৱৰ ৰাইজ একদম আগুৱাব নোৱাৰিব! য’তে ত’তে হোৱাই নোহোৱাই নিজৰ মত দাঙি ধৰে তাকো একেবাৰে শিলৰ ৰেখাৰ দৰে৷ ৰাইজেও বিনা প্ৰতিবাদে অনিচ্ছা সত্ত্বেও নীৰৱে মানি ল’ব লগাত পৰে৷ নামানিয়ে বা কি কৰিব! কি বিহু ফাংচন হওক, কি গুৰু দুজনাৰ তিথি উদযাপনেই হওক সকলোতে হাজৰিকাৰ পৰা এক মোটা আৰ্থিক বৰঙনি নাপালে গাঁৱৰ ৰাইজৰ নচলেই৷  হাজৰিকা দুৰ্ঘোৰ বিৰোধী বামুণীয়া ৰীতিনীতিৰ৷ আজিলৈকে নিজৰ ঘৰৰ কোনো মাংগলিক অনুষ্ঠানতে বামুণ লগাই পোৱা নাই হাজৰিকাই৷ অকল ঘৰতেনে! নিজৰ প্ৰতিপত্তিৰে গাঁৱৰ ৰাইজকো ইয়াৰ পৰা বিৰত ৰাখিছে৷ তাৰপিছতো যদি কোনোবাই মৰসাহ কৰি বামুণ লগালে তেন্তে হৈ গ’ল আৰু, হাজৰিকাই সেইঘৰক সামাজিকভাৱে এঘৰীয়া কৰাইহে এৰিব৷ সেই পুটুলহতঁৰ ঘৰত ইয়াকেলৈ কমখন লম্ফজম্ফ কৰি থোৱা নাই হাজৰিকাই৷ পুটুলৰ দেউতাকৰ তিলনীৰ পিছদিনা পুটুলৰ মাকে শৰাধ ভাগৰ আয়োজনৰ বাবে গঞা ৰাইজৰ দিহাপৰামৰ্শ বি...

কবিতাঃ হেজটেগঃ ধীৰাজ নাথ

*হেজটেগ*  চাকিগছিৰ শেষ জিলিকনি মোৰ দুবাহুৰ মাজত তেওঁৰ ওৰণি অন্ধকাৰ হোৱাৰ লগে লগে যেন দুয়ো ঢলি পৰিম আমাৰ জীৱনৰ প্ৰথম পুৱাটিলৈ অপেক্ষা কৰিম৷ ~~~~~~~~~ এঙামুৰি দিওঁতে তেওঁৰ হাতৰ পৰশত মই সাৰ পালোঁ মোৰ বুকুত সেন্দুৰৰ দাগ আৰু তেওঁৰ ৰঙচুৱা দুগাল যাওঁ বুলিও যাব নোখোজা মুখখনিৰ লাজুকী চাৱনি নিলাজ ৰ'দজাকে বাধা নিদিলে আবদ্ধ হৈ থাকিলহেঁতেন তেওঁৰ হাতখনি মোৰ হাতৰ খামোচতেই "এৰি নিদিয়া!" "ওঁহো" "দেৰি হৈছে..!" "জীৱনটো বাকী আছে..."  ✒ *ধীৰাজ নাথ*

গল্পঃ সংসাৰঃ দিব্যজ্যোতি বৰমুদৈ

সংসাৰ গিৰিয়েকৰ হাতত খালী মোনাখন দেখি মালতী খংত জ্বলি পকি উঠিল৷ তাইঃ একো এটাকে পাকঘৰত নাই৷ বনাও যদি বনাও কি৷ কিবা খং উঠিব বাপেক্কে নিজৰ মূৰটোকে সিজাই খুৱাই দিম৷ সিঃ (একো কাণ মন নকৰা যেন দেখাই) আজি মোৰ মা দেউতা আহিব৷ বেছিকৈ কিবা আনি থলেও তুমি বনাবলৈ মন নকৰিবা৷ দুদিনমান থাকিবও৷ গতিকে বয় বস্তু গেলি যোৱাতকৈ আগতে আনি থোৱা পটল জিকাৰে কাম চলাই দিবা৷ তাইঃ (অলপ ভিতৰি সামান্য হৈ) তুমি চব্জি নানি মানে বেছিকৈ মাছ-মাংসৰে কাম চলাম বুলি ভাবিছা...! চাবা হ’লে বেছিকৈ মাহটোত খৰচ কৰি বাকী দিন কেইটা অভাবত কটাব মই নোৱাৰোঁ৷ সিঃ হ’ব দিয়া...পাৰা যদি চাহ একাপ খুৱাবা৷ মই মা দেউতাক ষ্টেচনৰ পৰা লৈ আহোঁগৈ৷ তাই মুখ বেঁকা কৰি আগবঢ়াই দিয়া চাহ কাপ খাই সি মাক দেউতাকক ষ্টেচনৰ পৰা আনি ঘৰৰ কলিং বেল বজালেহি৷ তাই দৰ্জাখন খুলি দিলে৷ সন্মুখত তাইৰ মাক-দেউতাক৷ তাইক দেখি বুঢ়া-বুঢ়ী হালে কান্দি দিলে৷ তাই আচৰিতো হ’ল আৰু গিৰিয়েকৰ পতি খংত জ্বলি পকি উঠিল৷... তাইঃ তুমি মানে জানিছিলা যে মোৰ মা-দেউতা আহিব৷ সেয়ে খালী মোনাখন লৈ বজাৰৰ পৰা আহিল৷ তোমাৰ মা দেউতা অহা হ’লে ঠিকছে বজাৰ কৰিলা হয়৷ মোৰ মা দেউতাক খাবলৈ নোপোৱা বুলি ভাবা যে...

গল্পঃ বৰাহঃ ধ্ৰুৱজ্যোতি অৰ্জুন

Image
ঃ বৰাহ ঃ ধ্ৰুৱজ্যোতি অৰ্জুন  বিশাল অৰণ্যখনৰ মাজেৰে হাবি ভাঙি দৌৰিছে দুজন লোক৷ চকুত তেওঁলোকৰ আতংকৰ চাপ বিদ্যমান৷ অবিন্যস্ত দেহৰ বসন খেলিমেলিকৈ বতাহত উৰিছে তেওঁলোকৰ মুখৰ সোণালী দাড়ি৷ যদিও হাতত উদ্মুক্ত অসি, ধৰিব পাৰি সেই মুষ্টিত পৰাক্ৰম নাই, পলৰীয়া তেওঁলোক৷ কাশ্যপৰ সন্তানদ্বয়ৰ ভীতিত স্ত্ৰস্তমান দুজন পলৰীয়া বীৰ৷ তেওঁলোক ইন্দ্ৰবাহিনীৰ মহাবীৰ৷ কাশ্যপ সন্তানৰ দুৰ্মদ ৰণতৃষ্ণাত বিধ্বস্ত হৈ পৰিল তেওঁলোকৰ বাহিনী৷ এয়া পুৰন্দৰৰ সৈন্যৰ সপ্তমটো পৰাজয় কাশ্যপ সন্তানদ্বয়ৰ হাতত৷ কাশ্যপ পুত্ৰৰ ভীষণ ৰণ কৌশলৰ আগত চগাৰ দৰে জাহ গ’ল পুৰন্দৰৰ সৈন্য৷ এই বতৰা লৈ ভীত হৰিণৰ দৰে দৌৰিছে তেওঁলোক৷ দিনতে অন্ধকাৰ হৈ থকা গভীৰ অৰণ্যখনৰ মাজে মাজে কেতিয়াবাহে সূৰ্য্যৰ পোহৰ সোমাই৷ হিংস্ৰ জন্তু আৰু আদিম জনজাতিৰে পৰিপূৰ্ণ অৰণ্যখনত তেওঁলোকৰ দৰে লোকে সাধাৰণতে অকলে প্ৰৱেশ নকৰে৷ কিন্তু আজি তেওঁলোকৰ বাবে প্ৰাণৰ মমতাত যেন হিংস্ৰ জন্তুৰ ভয়ো তুচ্ছ হৈ পৰিছে৷ “হাঁওওওমম” আকাশ পাতাল বিদীৰ্ণ কৰি যোৱা গোঁজৰণিত স্তব্ধ হৈ পৰিল দুই আগন্তুকৰ পদচালনা৷ সন্মুখত চকুত লোলুপ দৃষ্টি লৈ হিংস্ৰ শ্বাপদ৷ আক্ৰমণৰ বাবে সাজু শ্বাপদ৷ প্ৰমাদ গণিলে দুয়...

কবিতাঃ জীৱাশ্মঃ স্মিতা বৰদলৈ

জীৱাশ্ম স্মিতা বৰদলৈ এনেদৰেই শিলবোৰ জীয়াই থাকে। শিলক জীয়াই থাকিবলৈ ভোকৰ প্ৰয়োজন নহয়, শিলক এটা ঘৰ নালাগে শিলৰ চোলা পিন্ধিবলৈ শিলে আগ্ৰহ নকৰে শিলে নিবিচাৰে বিশুদ্ধ অক্সিজেন অথবা নিৰ্গমন নকৰে কাৰ্বন ডাই অক্সাইড শিলৰ নাই কোনো উচ্চাকাংক্ষা অথবা বিষাদগাঁথা। শিলবোৰ শিল হৈ জীয়াই থাকে। তাত সৌৱা সমদল। পূজিবাদ,সাম্যবাদ, একনায়কত্ববাদ, নৈৰাজ্যবাদ অথবা সাৰ্বভৌমত্বৰ শ্ল’গানবোৰে জ্বলাই ৰাখে প্ৰতিনিয়ত নিজৰ নিজৰ চিতাবোৰ। শিলক কিন্তু অগ্নি, বায়ু, পানীৰ প্ৰয়োজন নহয়, মন গ’লেই শিলে নিজেই তৈয়াৰ কৰিব পাৰে নিজৰ চিতাভষ্ম। চিৰিয়াৰ পৰা অহা চৰাইজাকে শিলৰ চকুৰে চকুলো নোবোৱায়। শিলে নিজৰ ইতিহাস জানে! ‍নিজৰ বুকু খুটিয়াই খুটিয়াই শিলে আজুৰি নানে কোনো প্ৰাগৈতিহাসিক যুগৰ আৱিষ্কাৰ অথবা ভেনিজুৱেলা বা কোনো ৰাজ্যৰ সীমাৰ বিবাদৰ কাহিনী। নৈয়ে ধুউৱা শিলৰ নাই কোনো অব্যক্ত জীৱনী। জোৱাৰ ভাটাৰ বুৰঞ্জী শিলৰ বোধগম্য হয়তো! ইশ্বৰৰ মূৰ্ত্তি শিলে নগঢ়ে জামাৰাতত আঘাতপ্ৰাপ্ত নহয় শিলবোৰ কোনো জাজমেন্তৰ আশাত বন্দী হৈ শিলে চিঞৰি নুঠে, Truly,truly I say to you, whoever believes has eternal life! শিলবোৰ শিল হৈ পৰি থা...

গল্পঃ সৌবল পুত্ৰঃ ধ্ৰুৱজ্যোতি অৰ্জুন

সৌবল পুত্ৰ ------------------------ ধ্ৰুৱজ্যোতি অৰ্জুন   পূৱৰ বতাহ  ( ১)  সহায়ৰ হাত আগবঢ়াম বুলি কথা দিয়া পশ্চিমৰ দেশখনৰ পৰা অহা এমুঠিমান সেনা বাহিনীটো দেখি নাগ দেশৰ ৰজা যেন ব্যথিত হ’ল৷ তেনেই সৰু সেনাৰ দল এটা পঠাইছে গান্ধাৰ ৰাজে৷ মনে মনে অপমানিত বোধ কৰিলে নাগ ৰাজনে৷ পৰম মিত্ৰই যেন সময়ত বিশ্বাসঘাটক কৰিলে৷  প্ৰায় দুশ অশ্বাৰোহীৰে গঠিত সেনা বাহিনীৰ প্ৰধান আহি নাগ ৰাজনৰ সন্মুখত উপস্থিত হ’ল৷ প্ৰচলিত প্ৰথা মতে তেওঁ নাগ ৰাজনৰ সন্মুখত আঁঠুকাঢ়ি অভিবাদন জনোৱাৰ বিপৰীতে মাথোঁঁ বুকুত হাত দি মূৰ দোঁৱাই থিয় হ’ল৷ মনে মনে ক্ৰোধিত হৈ উঠিল ৰাজন৷  “ কেনে স্পৰ্ধা এই যুৱকৰ৷ “ নিজৰ দাঁতৰ কৰকৰনি যেন নাগ অধীশ্বৰে নিজেই শুনিবলৈ পালে৷ অত্যাধিক আবেগিক অথবা ক্ৰোধান্বিত হ’লে নাগ বংশৰ পুৰুষ সকলে দাঁত কৰচাটো এক বংশানুক্ৰমিক পৰম্পৰা৷ ঃ মহাৰাজ উপনন্দক সৌবল পুত্ৰৰ প্ৰণাম৷ পিতৃৰ আদেশ অনুযায়ী আপোনাৰ সেৱাত আজিৰে পৰা উপৱিষ্ট এই বিশেষ বাহলিক বাহিনী৷ আপোনাৰ তথা আপোনাৰ দেশৰ সেৱাত কিঞ্চিতো কাৰ্পণ্য নৰখা অংগীকাৰ লৈছোঁ; আপোনাৰ দেশৰ এই পবিত্ৰ ভূমিত৷ “  মহাৰাজ উপনন্দৰ মিত্ৰৰ ওপৰত ওপজা সমূ...

ফটোগ্ৰাফীঃ বছৰটোলৈ ভড়াল চহকী কৰাৰ আপাহঃ অনুষ্ঠাত্ৰী শৰ্মা

Image
"বছৰটোলৈ ভড়াল চহকী কৰাৰ আপাহ৷" স্থানঃ ৰাজাবাৰী (গহপুৰ)৷ আলোকচিত্ৰ সৌজন্যঃ অনুষ্ঠাত্ৰী, তেজপুৰ বিশ্ববিদ্যালয়৷

গল্পঃ ৰতনঃ ধ্ৰুৱজ্যোতি অৰ্জুন

ৰতন ধ্ৰুৱজ্যোতি অৰ্জুন  থৰথৰকৈ কঁপিছে সি৷ সন্মুখক জাক জাক শতৰু সেনা৷ তাৰ প্ৰিয় জন্মভূমিৰ শতৰু৷ শতৰু নহয় সেইবোৰ৷ আইতাকৰ মুখত সৰুতে শুনা অসুৰহেন শ্ৰী তাঁহাতৰ৷ দীঘল দীঘল দাড়িৰে সেইসোপা যেন সাক্ষাৎ যমদূত৷ ৰাতি এপৰলৈকে মূৰৰ ঘাম মাটিত পেলাই লুইতৰ পাৰত তাহাঁতে বন্ধা গড়বোৰ পলকতে কামানেৰে উৰুৱাই চূচুৰ্মৈ কৰি আনিছে৷ পাছ হুহুঁকি আহিব লগা হৈছে তাহাঁতৰ নাও৷ উজাই আহিছে শতৰু৷ তাহাঁতৰ যুদ্ধ নিনাদে বুকু কঁপাই দিছে ৰতনৰ৷ পাকৈত কাঁড়ীৰ পৰা কিছুদিনৰ আগতে শইকীয়ালৈ উন্নীত হৈছে ৰতন৷ দুখন নাও আছে ৰতনৰ নেতৃত্বত৷ ঘনে ঘনে ৰতনে বৰফুকন ডাঙৰীয়াৰ বাহৰলৈ চাইছে৷ তীৰকঁপে নৰিয়াত বৰফুকন৷ তেওঁৰ অবৰ্তমানত দেশ যায় যায়৷ অস্থিৰ হৈ পৰিল ৰতন৷ নাতিদূৰত সেয়া বাঘ হাজৰিকা মহোদয়ৰ নাও৷ ৰতনে নিৰ্দেশ দিলে নাৱৰীয়াক হাজৰিকাৰ দিশে নাও চপাবলৈ৷  ঃ ৰতন, দেশ দেখোন তল যায়৷ ৰখাব লাগিব৷ বৰফুকন ডাঙৰীয়া তীৰকঁপে নৰিয়াত৷ আহ শেষ চেষ্টা কৰোঁ সুনীয়া হেংদাঙৰ মান ৰাখোঁ৷"  হাজৰিকাৰ কথাত উৎসাহিত হৈ পৰিল ৰতন৷ কঁকালত আঁটি লোৱা টঙালিখন চুই চালে৷ টঙালিৰ সুসজ্জিত কৰি থোৱা আছে কটাৰী নলীয়া হিলৈ৷ ৰণলৈ আহোঁতে সেউতীয়ে দিয়া৷ অহাবেলি বহাগত তাইক চপাই...

কবিতাঃ সপোন কোঁৱৰঃ সংগীতা মেধি

 সপোন কোঁৱৰ..... এখন নেদেখা নদীৰ সিপাৰে আইতাৰ মুখত শুনা সপোন দেশৰ ৰাজকোঁৱৰ সাধুকথাৰ মালা ধাৰী গাঁঠো আলফুলকৈ দুচকুৰ পতাত l বুজা নুবুজা শৈশৱত আইতাৰ সপোন কোঁৱৰৰ সাধুকথা শুকুলা মেঘৰ সিপাৰে থকা অজান দেশৰ ৰূপকোঁৱৰে শুকুলা ঘোৰাৰ পিঠিত উঠি মোক লৈ গতি কৰিব সপোনৰ দেশলৈ। য’ত থাকিব অফুৰন্ত ভালপোৱা নাথাকে দুখৰ বন্যা৷ যৌৱনৰ দলিচাত যেতিয়া প্ৰথম খোজ দিলোঁ শৈশৱত আইতা দুচকুত সিঁচি দিয়া সপোনবোৰে সংগোপনে হিয়াৰ কোণত মায়াবিনী সুৰৰ ঝঙ্কাৰ তুলিলে। দুচকু মেলি বুজিবলৈ বাধ্য হ’লোঁ সপোনৰ কোন দেশ নাথাকে নাথাকে কোনো সপোন কোঁৱৰ l বাস্তৱ যে সিমানেই কঠিন l অাৰু যে ঘুৰাই আনিব নোৱাৰি ল’ৰালিৰ মধুৰ স্মৃতিৰে ভৰা দিনবোৰ শুনিবলৈ নাপাওঁ আইতাৰ মুখত ৰূপকোঁৱৰৰ সাধু l আঙুলি মূৰত যৌৱনৰ যন্ত্ৰণাকাতৰ ক্ষণবোৰৰ পাৰ কৰিছোঁ l আকৌ এবাৰ পাৰিমনে দুচকু জপাই সপোনৰ দেশত উৰি ফুৰিবলৈ ll সংগীতা মেধি।

অণুগল্পঃ ইচিকমানি গল্পঃ ধৰিত্ৰী শৰণীয়া

ইচিকমানি_গল্পঃ_খণ্ড_৩ @ধৰিত্ৰী শৰণীয়া ১১/#প্ৰেম তাই বিচৰা প্ৰেমে তাইৰ গৰ্ভত প্ৰতাৰণাৰ বীজ অংকুৰিত কৰি গুচি গ’ল৷ ১২/#মাহী_মাঃ নিজৰ প্ৰেমকো ত্যাগ কৰি বায়েকৰ মৃত্যুৰ পিছত অকল ভাগিনীয়েকটোৰ কথা ভাৱি ভিনিয়েকৰ লগত বিয়া হোৱা ৰঙিলীয়ে ল’ৰাটোৱে দোষ কৰোতে এটা থাপৰ মাৰোতেই শাহুৱেকে কোৱা শুনিলে, “মাহীমাক কোনোদিনে মাক হ’ব নোৱাৰে "। ১৩/#আঁচলঃ মদাহী গিৰিয়েকৰ অত্যাচাৰত ওলোৱা চকুপানী মচিবলৈ মাকৰ আঁচলখনৰ আজিকালি বৰ প্ৰয়োজন অনুভৱ কৰে, ঘৰখনৰ আদৰৰ জীয়ৰী পাপৰিয়ে৷ ১৪/#মাঃ বৰপুতেকৰ বিয়াৰ পিছদিনাখনেই আদৰৰ পুতেকৰ আল-পৈচান বোৱাৰীয়েকে ধৰা দেখি, পুতেক তাইৰ পৰা বহুত দূৰলৈ গ’ল বুলি ৰহিমলাৰ বুকখন মোচৰ খাই গ’ল৷ ১৫/#সাঁথৰঃ শাহুৱেকে বাঁজী বুলি কথা শুনাই থকাৰ পিছতো অৰ্ণৱে কিয় তাইক ডাক্টৰৰ ওচৰলৈ নিনিয়ে, সেয়া ৰূপাৰ বাবে সাঁথৰ৷

কবিতাঃ বিষাদঃ শিল্পাশ্ৰী দাস

বিষাদ শিল্পাশ্ৰী দাস বিনিদ্র ৰজনীৰ স'তে হাচনাহানাৰ মিতিৰালি সুঘ্ৰাণ বিয়পি পৰে চৌদিশ উজাই বয় হৃদয়লৈ এন্ধাৰত জিলিকি ৰয় হাচনাহানাৰ পাতত নিয়ৰৰ টোপাল আৰু এযুৰি সজল চকুত টলমল এধাৰি অশ্রুকণা...

গল্পঃ ছিৰিয়াত এজন যুৱক ১ঃ অসীম শইকীয়া

ছিৰিয়াত এজন যুৱক (১) /////////////////////////// অসীম শইকীয়া মই নাজানো কেনেকৈ অনুভৱ কৰে৷ সদায় ভাবো ভাগ্য ভাল কাৰণে জীয়াই আছোঁ কিন্তু মোৰ প্ৰিয়জন আৰু সম্বন্ধীয় সকলৰ মৃত্যুৰ বাবে যেন ময়েই দায়ী৷  শাৰীৰিক ভাৱে মই অলপ আঘাত পাইছিলোঁ, এতিয়া সক্ষম যদিও মানসিক আঘাত এতিয়াও মোচ খোৱা নাই৷  বহুত দিন এক সুন্দৰ টোপনিৰ আশাত অপেক্ষা কৰি আছোঁ, অলপ টোপনি ধৰিলেই এক অজান আংশকাত আকৌ সাৰ পাই উঠো৷  ছিৰিয়াৰ বেছিভাগেই মোৰ দৰে সাৰি আহিবলৈ সক্ষম বা ভাগ্যৱান নাছিল৷ কেতিয়াবা আনন্দিত হওঁ যে মই যে জীয়াই আছোঁ৷  মোৰ পিতৃ মাতৃ ১৯৭০ চনত বৃটেইনলৈ আহিছিল৷ মোৰ দেউতা এজন ডাক্তৰ আৰু মা এগৰাকী শিক্ষয়ত্ৰী৷ দুয়ো চুন্নী মুছলমান৷ জীৱনৰ আটাইতকৈ সুখী সময়বোৰ বৃটেইনতে কটাইছিল৷ ১৯৯৩ চনত মোৰ জন্ম৷ বৃটেইনতে ডাঙৰ দীঘল হৈছিলোঁ যদিও স্কুলৰ বন্ধৰ দিনত প্ৰায়েই ডামাছকাছলৈ আহিছিলোঁ আৰু দিন কটাইছিলোঁ৷  মোৰ মা-দেউতা বা ওচৰ সম্বন্ধীয়ই ছিৰিয়াৰ ৰাজনীতিৰ বিষয়ে কমেই কথা পাতিছিলে, লণ্ডনত থাকিও ৰাজনীতিৰ বিষয়ে পতা নাছিল৷ কাৰণ আমাৰ মন্তব্যই ডামাছকাছত থকা সমন্ধীয় সকলৰ জীৱনৰ প্ৰতি ভাবুকি আনিব পাৰে৷ এই কথা কিমান সত্য ন...

আলাপঃ মালৈ চিঠিঃ সোমেশ্বৰ বৰা

মালৈ চিঠি ********* @ সোমেশ্বৰ বৰা মৰমৰ মা,  সেৱা ল’বি৷ আজি তোৰ মৃত্যু তিথি৷তোৰ ফটোখন শ্ব’কেচৰ পৰা উলিয়াই আনোতে মোৰ ছোৱালীৰ তোলনি বিয়াৰ ফটোখনো দেখি তোলৈ লিখিলোঁ, যদিও তই এই সংসাৰত নাই৷ তই জী থাকোতে তোক এইবোৰ সোধাৰ অৱকাশ নহ’ল৷ অথবা নুসুধিলোঁহেঁতেনো তই মনত দুখ পাৱ বুলি৷ 💐তই দি যোৱা অভিমানৰ গুণ-গুণবোৰ মোৰ মনৰ ফুলনিডৰাত তোৰ স্মৃতি হিচাপেই থাপিলোঁ৷ তোৰ জেদ খিনিকে ৰুইছোঁ, দাইছোঁ জীৱনটো কঢ়িয়াবলৈ৷ সাঁতুৰিবও নেজানো৷খেৰকুটা হিচাবে অভিমানবোৰকে সাৱটিছোঁ৷ আজি পিছে তোক অন্য এটা কথাহে সুধিছোঁ৷ মোৰ মনত খপজপাই থকা এই অবুজ কথাৰ উত্তৰ তয়ো দিব নোৱাৰিলিহেঁতেন বাস্তৱত।৷ 👍চেংগুটি খেলি আছিলোঁ৷ ভনীৰ ফ্ৰকটোত তেজ লগা দেখি তই বৰ ভয় খাইছিলি৷ পাছতহে গম পালোঁ ভনী ডাঙৰ হ’ল বুলি৷এইজনী ডাঙৰ হ’ল বুলি তই চকুপানী টুকিছিলি৷ লআচলতে তোক দেখি মই বৰ আচৰিত হৈছিলোঁ৷তোৰ ছোৱালী ডাঙৰ হ’ল তই হাঁহিবহে লাগিছিল৷ ছোৱালী ডাঙৰ হ’লে মাকবোৰে কান্দিবই লাগে নেকি? 👍কি হৈছিল টলকিব পৰাৰ আগতেই চিলনী অহাদি আহি পেহীয়ে তাইক টানি আনি চুকত ভৰাই দিলে৷কম খংখন উঠা নাছিল মোৰ৷ পুহ মহীয়া শেটেঙা লগা জাৰত তাইক মাটিত খেৰ পাৰি শুবলৈ দিলে৷ ...

গল্পঃ ছাৰ বুলি মাতিলে বেয়াই লাগেঃ বিদ্যুত বিকাশ দত্ত

ছাৰ বুলি মাতিলে বেয়াই লাগে ১৪ ১৬-১২-২০১৮ --------------------------- ©বিদ্যুত বিকাশ দত্ত, আমগুৰি, শিৱসাগৰ, অসম ৮৪০২০৪২৭৬৭  ২০১৬ চনত মোৰ এটা মটৰ চাইকেল দুৰ্ঘটনা হৈছিল৷ আঁঠুৰ ঘিলাটোৰ তলতে মৰম লগাকৈ ফ্ৰেকচাৰ হৈছিল৷ ৪২ দিন যোৰহাট মেডিকেল কলেজ হস্পিটেলত মোৰ চিকিৎসা চলিছিল আৰু ক্ৰমান্বয়ে মই খোজ কাঢ়িব পৰা হৈছিলোঁ৷ ৰিলিজৰ দিনা ডাক্টৰ বাবুৱে কৈছিল- “নিয়মীয়াকৈ ছাগলীৰ মঙহ আৰু শ’ল মাছৰ চুৰুহা খাব৷"  ছাগলীৰ মঙহ আকৌ হাই-প্ৰেছাৰৰ "মোমায়েকৰ পুতেক"৷ গতিকে পৰিবাৰে দুপিচতকৈ অধিক খাবলৈ নিদিয়ে৷ কিন্তু শ’ল মাছত বাধা নাই৷ যিমান খায় খাওক৷ হাড় কেইডাল টনটনীয়া হওক বুলি মুক্ত মনে ঢালি দিয়ে৷ পিছে মাছে মঙহে দকচি খাঁওতে পেটটো বাঢ়ি গ’ল আৰু তুলনামুলক ভাৱে পদযুগল দুৰ্বল হৈ পৰিল৷ তদুপৰি নিতৌ শ’লমাছ খাবলৈকো কপালখন বহল হ’ব লাগিব৷ কপালতকৈয়ো বহল হ’ব লাগিব মানিবেগৰ আয়তন৷  তেনেতে এদিন বাটেৰে যাওঁক এজন মাছ বেপাৰী৷ মই টিউশ্যন কৰি আছোঁ৷ দেখাৰ লগে-লগে মাত দিলোঁ৷ সেইদিনা তেওঁ কেৱল পুঠি মাছহে আনিছে৷ পৰিবাৰৰ কথামতে এপোৱা নে আধাকেজি মাছ কিনি ঘূৰি যাওঁতে পইছাটো লৈ যাবা বুলি পঠাই দিলোঁ৷  ১২মান বজাত ল’ৰাট...

কবিতাঃ শিৱ ডেকা

ঃপুৱাঃ কিচিৰ মিচিৰ কোলাহলত উঠি আহিল বেলি সমুখত দীঘল বাট পশ্চিমলৈ বুলি৷ ঃলাজঃ ওৰে ৰাতি দূবৰিত মধুৰ আলিংগন বেলি দেখি আঁতৰিল নিয়ৰ মাজ ৰাতি খুলিব আকৌ বুকুৰ আৱৰণ৷ ঃহেঁপাহঃ সদ্যস্নাতাৰ চুলিৰ চিটিকনিত ভ্ৰাম্যমাণ জীৱনৰ নিৰবিছিন্ন গতি৷ ঃপ্ৰতিশ্ৰুতিঃ মূৰত বেলি.. মুক্ত মই, মুক্ত তুমি বেলিপৰাৰ পৰত লগ হ’ম  চুমুকিম এপিয়লা সোঁৱৰণী৷ ঃআবেলিঃ হেঙুলীয়া আকাশ সমুখত নৈ, সৰিয়হফুলৰ সুগন্ধি নাচোন মেলি দিম আশাৰ পানচৈ৷ ঃভাগৰুৱাঃ ক্ৰমে ক্ৰমে গধুৰ নিশ্বাস জুইৰ তাপত সেকি দিয়া আশ্বাস সঞ্জীৱনী, সঞ্জীৱনী জীৱন তৰংগিনী৷ ঃবিশ্ৰামঃ গধুৰ হোৱা আন্ধাৰ গৰল অথবা অমৃত থাকিলে থাকক কলচি ভৰি মেলি দিয়া দুহাত, বিৰতি লওঁ হাতে হাত ধৰি৷ @শিৱ ডেকা

গ্ৰন্থ উৎকীৰ্তনঃ ৰাধা তুমিঃ লেখিকাঃ কুসুমাঞ্জলি শৰ্মাঃ গ্ৰন্থ-সমালোচনাঃ নৱজিৎ মেধি

Image
ৰাধা তুমিঃ গ্ৰন্থ- সমালোচনা ******************************* @ নৱজিৎ মেধি লেখিকাৰ পৰিচিতিঃ কুসুমাঞ্জলি শৰ্মা ৷ শ্ৰীমতী শৰ্মা কেন্দ্ৰীয় বিদ্যালয়, বৰঝাৰৰ প্ৰধান শিক্ষয়ত্ৰী আৰু কেবাখনো উপন্যাস আৰু কবিতা সংকলনৰ লেখিকা৷ প্ৰকাশকঃ চন্দ্ৰ প্ৰকাশ ৷ পাণবজাৰ৷ গুৱাহাটী৷ বেতুপাতঃ প্ৰদীপ   নাথ ৷ মূল্যঃ ২৮০ টকা ৷ ৰেহাই দিছেঃ ১০%   * নাৰী -পুৰুষৰ হৃদয়ত থকা প্ৰেমৰ গুণগুণনি বোৰৰ মাজত নিহিত হৈ থকা ঘটনা সম্বলিত উপন্যাসখন ৰচিত হৈছে চাৰিটা মুখ্য চৰিত্ৰৰ দ্বাৰা৷ নাৰী হৃদয়ত থকা প্ৰেমৰ প্ৰতিচ্ছবি খনে সকলোৰে অন্তৰ শৰবিদ্ধ কৰি পেলাব৷ ৰাধাৰ অন্তৰৰ পৰা নিগৰি নিগৰি ওলোৱা শব্দ- বাক্যই চুম্বকৰ দৰেই আকৰ্ষণ কৰিব সকলোকে৷ জীৱনৰ প্ৰথম প্ৰেম পাহৰিব পাৰিনে! ৰাধা - ৰূপকৰ প্ৰেমৰ মাজেৰে এই উপন্যাসত ডাঙি ধৰিছে - প্ৰেমে সৃষ্টি কৰা নাৰী- পুৰুষৰ মনোজগতৰ অন্তৰ্ভেদী কথাবোৰ৷ প্ৰেমিক- প্ৰেমিকাৰ অন্তৰত ক্ৰিয়া কৰি থকা আৰু হৃদয়ৰ পৰা মনগহণলৈ বিয়পি থকা সকলোঁ‌ কথাকেই অতি সাৱলীল তথা মননশীল কৰি লেখিকাই এই উপন্যাসত ডাঙি ধৰিছে৷ মন-মগজ আচ্ছন্ন কৰি পেলাব ৰাধাৰ জীৱনৰ ঘটনাই৷ সুমধুৰ শব্দ-বাক্যই অন্তৰত সুৰীয়া গানৰ প্ৰতিধ্বনি তুলি...

কবিতাঃ শীতঃ খনিন্দ্ৰ ভূষণ মহন্ত

>> শীত << মুকুতা জিলিকা চোতালখনত সানন্দে উমলি থাকে সুমথিৰা হেন ৰ’দজাক দাৱনীৰ পদ-ছন্দত নৰা-পেঁপাৰ সুৰ আকাশত ভাঁহে কুঁৱলিয়ে লাহে-লাহে মেলি দিয়ে বগা চাদৰখন বাৰিষা সিঁচি দিয়া সপোনটোৰ পূৰ্ণতাত ডাঙৰি কঢ়িওৱা ডেকাৰ ঘাম টোপা-টোপে সৰে হিম-চেঁচা বতাহজাকে বুজিব নোখোজে থক-থককৈ কঁপি থকা পদপথৰ নাঙঠ শিশুবোৰৰ কথা নাৰিকল পাতত দুছেও হৈ জ্বলি মৰা জোনে নাজানে দীঘল নিশাবোৰৰ বেথা কবিজনৰেই ভাল আপোনভোলা হৈ কৈ যায়- শীত কাৰ উপভোগ কৰিবলৈ ধনীৰ অনুভৱ কৰিবলৈ দুখীয়াৰ৷ >> শ্ৰী খনিন্দ্ৰ ভূষণ মহন্ত৷ 

অণুগল্পঃ পৰিস্মিতা বৰদলৈ

অণুগল্প ৯)যুদ্ধ এটা আকাশ কঁপি যোৱা শব্দ৷ এফালে বিজয়ৰ উল্লাস আনফালে মৰণৰ কিৰিলি৷ ১০)ফাদিল অতবছৰে পালন কৰি অহা মৌনতাই আজি আৱৰণ গুচালে৷ এজন সৰৱ হ’ল আৰু আনজন নীৰৱ৷ ১১)সত্যবোৰ অপ্ৰিয় ইমানদিনে অন্ধকাৰত ডুব গৈ আছিল তেখেত৷ আজি অকণমান পোহৰৰ মুখ দেখা পালে৷ এন্ধাৰত থকা দিনবোৰকেই আজি তেওঁৰ পোহৰ পোহৰ লাগিল৷ ১২)বুভুক্ষা কাঁহৰ গোলাকাৰ বহল কাঁহীখনৰ মাজতে ভাতখিনি আৰু তাৰ কাষে কাষে আঞ্জা আৰু ভাজিৰ ভিন ভিন ব্যঞ্জনসমূহ লোভনীয়কৈ সজাই দিলে কণমান ল’ৰাটোৱে৷ পাছে কাঁহীখনৰ কাষতে লাগি থকা মিহি চুলিডাল দেখি গ্ৰাহকজনৰ খং মূৰৰ চুলিৰ আগে পালেগৈ৷ তৎক্ষণাত ঠনৰকৰে মজিয়াত উফৰি পৰিল উপাদেয় খাদ্যসমূহ৷ একেসময়তে কণমান ল’ৰাটোৰ পেটটোৱে এক অদ্ভুত শব্দ কৰি উঠিল৷ ১৩)মমতা মানে দূৰদৰ্শিতাও সি আঁতৰি গ’ল একেবাৰেই সেইখন ঘৰৰপৰা৷ মানুহজনীয়েও ইয়াকে বিচাৰিছিল যে সি গুচি যাওক৷ অন্ততঃ ৰজাৰ ঘৰৰ লগুৱা হোৱাতকৈ নিজৰ জীৱনৰ ৰজা নিজেই হওক৷ সুদীৰ্ঘ বিশবছৰৰ মূৰত ল’ৰাটোৱে বুজি পালে ইমানবছৰে ভুলবুজি অহা মানুহজনী আচলতে শুদ্ধই আছিল৷ ১৪)জিগলো মানুহজনে তাইক আজিকালি যি বিচাৰে তাকে আনি দিয়াৰ বাবে আগৰদৰে মানুহজনীৰ মুখখন বাজি নথকা হ...

ধাৰাবাহিকঃ মোৰ বেহা বৃত্তান্তঃ মাধুৰ্য্য গগৈ

মোৰ বেহা বৃত্তান্ত @ মাধুৰ্য্য গগৈ কৰি থকা চাকৰিটো ভালেই আছিল৷ মাহেকৰ মূৰত ভালেখিনি টকা হাতলৈ আহিছিল৷ মুম্বাইৰ দৰে ব‍্যয়বহুল চহৰত সৰুকৈ ফ্লেট এটিও লৈছিলোঁ, দৰমহাৰ টকাৰে৷ সৰু গাড়ী এখনো কৰিছিলোঁ৷ যথাসময়ত বিয়াও কৰালোঁ৷ মুঠতে মুম্বাইতে আজীৱন থকাৰেই কথা আছিল৷ (অৱশ্যে মাজে-সময়ে অসমলৈ ঘূৰি আহিবলৈ মন নোযোৱা নহয়৷ ) প্ৰয়োজন সাপেক্ষে থাকিবলগীয়া প্ৰায় সকলোখিনিয়েই মেনেজ কৰিব পাৰিছিলোঁ৷ সেয়ে ছাগৈ সহজ ভাষাত “বিন্দাছ লাইফ“ বুলি কেওৱে ভাৱিছিল৷ পিছে, নিজাকৈ কিবা এটা কৰাৰ পোক এটাই সদায় কামুৰি থাকিছিল৷ কিন্তু ভাৱিলেইতো নহ’ব৷ “কম্ফ’ৰ্ট জ’ন“ৰ পৰা ওলোৱা ইমান সহজ জানো? চাকৰিৰ দৰমহাকেইটা নাপালে ফ্লেটৰ ই.এম.আই. কেনেকৈ দিম? সংসাৰ কৰি, চলিম ক’ৰ পৰা? ব‍্যৱসায় কৰিবলৈ মূলধনেই বা ক’ত? মূলধন যেনিবা গোটালোৱেই, কি ব‍্যৱসায় কৰিম? ক’ত কৰিম? ব‍্যৱসায়টো চলিবনে? ইত্যাদি এশ এবুৰি সমস্যাবোৰ আছেই৷ এইবোৰৰ উত্তৰ বিচাৰি হাবাথুৰি খাই থাকোঁতেই চাৰিবছৰ পাৰ হৈ গৈছিল৷ মোৰ মূৰৰ পোকটো ইতিমধ্যে যৌৱনপ্ৰাপ্ত হৈছিল৷ আৰম্ভ কৰিছিলোঁ ব‍্যৱসায়ৰ ক খ গ ঘ শিকিবলৈ৷ এটা ব‍্যৱসায়ৰ বাবে নিখুঁত আঁচনি তৈয়াৰ কৰিবলৈ প্ৰয়োজন হোৱা জ্ঞানখিনি আহৰণৰ বাবে...

অণুগল্পঃ পৰিস্মিতা বৰদলৈ

অণুগল্প ১) অপদাৰ্থ ঃহে’ৰা বাবাটোৱে নোৱাৰিব অ’৷ ময়ে গৈ আছোঁ, অলপ ৰ’বাচোন তোমাক হে’ল্প কৰি দিম৷ ঃ... ঃইছ্ তাক কিয় কৈছা? মই পাৰিম নহয় কিবা৷ ঃ... (প্ৰায় ১০/১২ বছৰৰ মূৰত) ঃবাবাটো যাচোন মিলত ধানকেইটা কুটাই আনগৈ৷ মোৰ আজি দেউতাৰৰ ডেথ চাৰ্টিফিকেটৰ কামত এফালে যাব লগা আছে৷ ঃ মই সেই সব নোৱাৰো দেই মা৷ অভ্যাস নথকা কাম মোৰ দ্বাৰা নহ’ব৷ ২) কথা মেছেজাঞ্জৰৰ জৰিয়তে কথা পাতি চিনাকি হোৱা দুয়োজনে প্ৰথম বাৰৰ বাবে লগ হয় সিদিনা৷ দুয়োৰে মাজত মাতবোল নোহোৱাকৈয়ে দুটুকুৰা কাগজৰ আদান প্ৰদান ঘটে৷ পৰস্পৰৰ একে অক্ষমতাক সক্ষমতা প্ৰদান কৰে কাগজৰ টুকুৰা দুটিয়ে৷ কথা নোকোৱাকৈয়ে সিদিনা দুয়োৰে কথা দিয়া হৈ গ’ল পৰস্পৰক৷ ৩) ধাতৱ কথাই প্ৰতি বনকৰা বাই প্ৰতিমাক খেছখেছাই থকা মালিকনীয়ে যেতিয়া প্ৰতিমা মজিয়াত পৰা শব্দ শুনি উধাতু খাই লৰি আহিল, ঘৰৰ সকলো আচৰিত হ’ল৷ মালিকনীয়ে পুনৰ সকলোকে আচৰিত কৰি কৈ উঠিল, “ভাগ্যে ডিনাৰ ছেটটো বাছিল দেই৷ “ ৪) শিশু ঃএকদম জেদ নধৰিবা৷ মনে মনে এই চুপবাটি খাই দিয়া তেহে জোৰ পাবা৷  মানুহগৰাকীয়ে একান্তমনে চুপ বাটি খাবলৈ ধৰে ল’ৰাটোৰ হাতৰ পৰা লৈ৷ ৫) সংগ ঃবাবু দাদা৷ তই পঢ়িবলৈ বাহিৰলৈ গ’...

ফটোগ্ৰাফীঃ নিয়ৰ

Image
ফটোগ্ৰাফীঃ নিয়ৰ সোণগুটি ধাননি....

আলাপঃ কৈশোৰৰ দোষ-গুণ আৰু অভিভাৱকৰ দায়িত্বঃ পৰী পাৰবীন

কৈশোৰৰ দোষ-গুণ আৰু অভিভাৱকৰ দায়িত্ব: পৰী পাৰবীন এই মুহূৰ্তত দুটা ষোল্লবছৰীয়া ল'ৰাৰ কথা মনলৈ আহিছে। প্ৰথমটো মোৰ স্কুলৰ দিনৰ বন্ধু । পঢ়াই শুনাই অত্যন্ত মেধাৱী ছাত্ৰজনৰ ব্যৱহাৰ পাতিও খুব ভাল আছিল । আগৰণুৱা আছিল খেলা ধুলা, তৰ্ক প্ৰতিযোগিতা ইত্যাদি সকলোতে । এই ল'ৰাজনে ক্লাছ টেনৰ কোনো এটা পৰীক্ষাত হঠাতে ফেইল কৰিলে । স্বভাৱৰ অদ্ভূত পৰিৱৰ্তনো লক্ষ্য কৰিলো । যেন অন্তমুখী হৈ পৰিল । জোপোকা লাগিল । মেট্ৰিক পাছ কৰিলে নে নাই নাজানিলো। কিন্তু সি উধাব নোৱাৰিলে । দোষটো কি আছিল তাৰ? দোষটো আছিল, তাৰ বিছনাত মাকে কাষৰ ঘৰৰ ছোৱালীজনীৰ সাতখনমান চিঠি পাইছিল । প্ৰেম ইমানেই নোহোৱা নোপজা ঘটনা যে পিতৃ মাতৃয়ে তাক সেই কথাৰ বাবে ৰাজহুৱা মেল মাতি তাক অপমান কৰিছিল । ফলাফল চকুৰ আগত । দ্বিতীয়টো ল'ৰা মোৰ সহকৰ্মীৰ ক্লাছ টেনত পঢ়া ল'ৰাজন। মোৰ সহকৰ্মীজন চাকৰিসূত্ৰে ঘৰৰ পৰা নিলগত থাকে । এদিন অফিচতে তেখেতক কিবা দুঃশ্চিন্তাত থকা যেন দেখি মই সুধি পালোঁ, "কিবা সমস্যা হৈছে নেকি? আপোনাক টেনচনত থকা যেন লাগিছে।" থেৰোগেৰোকৈ তেওঁ ক'লে, "ল'ৰাটোৱে কাম এটা কৰিলে । মাকে মোক আৰ্জেন্টলি...

নতুন পুৰুষৰ চিন্তাঃ মহাভাৰত পৰ্য্যালোচনা-৪ঃ দ্বীপজ্যোতি শৰ্মা

মহাভাৰত পৰ্য্যালোচনা---৪ @দ্বীপজ্যোতি শৰ্মা মহাভাৰতৰ ঘটনাপ্ৰবাহৰ ওপৰত আলোচনা আগবঢ়াই নিওঁতে আন এক গুৰুত্বপূৰ্ণ চৰিত্ৰ সত্যৱতীৰ জীৱনত আমি এখন্তেক ভূমুকি নামাৰিলে আলোচনা আধৰুৱা হৈ ৰ’ব৷ সত্যৱতী আছিল একেবাৰে সাধাৰণভাৱে জীৱন যাপন কৰা কিন্তু অসাধাৰণ ৰূপ-লাৱন্যৰ অধিকাৰী এজনী কণ্যা৷ যমুনা নৈৰ পাৰত পিতৃ আজ্ঞা পালন কৰি তেওঁ নাওৰে যাত্ৰী পাৰ কৰাই সময় কটাইছিল৷ এদিনাখন মহৰ্ষি পৰাশৰ সেই ঘাটলৈ আহিল নৈ পাৰ হোৱাৰ উদ্দেশ্যে৷ সত্যৱতীৰ ৰূপ-লাৱন্যত তেওঁ নিজৰ আত্মসংযম হেৰুৱালে আৰু সত্যৱতীক দুৰ্লভ বৰদানৰ প্ৰলোভনেৰে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনৰ বাবে অগ্ৰসৰ হ’ল৷ মহৰ্ষি পৰাশৰে নিজৰ মন্ত্ৰশক্তিৰ বলেৰে নদীৰ মাজত থকা নাওখনৰ ছৌদিশ কুৱলীৰ আচ্ছাদনেৰে ঢাকি তাতেই সত্যৱতীৰ সৈতে শাৰীৰিক সম্পৰ্কত লিপ্ত হ’ল৷ তেওঁ তৃপ্ত হোৱাৰ অন্তত সত্যৱতীক এইবুলি বৰদান দিলে যে পূৰ্বতে সত্যৱতীৰ শৰীৰত থকা মাছৰ গোন্ধ আঁতৰি (সত্যৱতীৰ আন এটা নাম মৎস্যগন্ধা) তেতিয়াৰ পৰা সুগন্ধ পুষ্পৰ গোন্ধৰে সুশোভিত হ’ব আৰু মৃত্যুপৰ্য্যন্ত সত্যৱতীৰ কুমাৰীত্ব অটুত থাকিব৷ পৰৱৰ্তী সময়ত পৰাশৰ আৰু সত্যৱতীৰ মিলনত জন্ম হয় ব্যাসদেৱৰ৷ সেই যে শাৰীৰিক ক্ষুধা নিবা...

গল্পঃ মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যামঃ পৰী পাৰবীন

(মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম) ----------------------------------------------------------------------------------------------------------------------------- @ পৰী পাৰবীন “তুমি চাকৰিটো কৰিবলৈকে ইমান দু্ৰ্গম ঠাইলৈ যাব নোৱাৰা৷ “ “আৰে৷ কিয় নাযাম? কিমান কষ্ট কৰি লৈছোঁ চাকৰিটো, কিমান দিনৰ প্ৰিপেৰেচন আছিল তুমি নাজানানে? “ “মই সকলো বুজোঁ৷ কিন্তু তুমি এইবাৰলৈ মোৰ কথা মানি লোৱা৷ কোনোবা কলেজত চাকৰি পাই যাবা তুমি৷ নৰ্মচ আছে তোমাৰ৷ “ “নৰ্মচ আছে মোৰ৷ তুমি বিচৰা ধৰণেৰে সেয়া আৰামদায়কো হ’ব নতুবা সন্মানীয়ও হ’ব৷ কিন্তু মোৰ লক্ষ্য সেয়া নহয়৷ “ এপিএচ চি বাছনিত চাকৰিটো পাই উগ্ৰপন্থীৰ ঘাটি বুলি জনাজাত ঠাইডোখৰত তাইৰ পষ্টিং হোৱাৰ লগে লগে থৰকাচুটি হেৰাইছিল নিলীময়ৰ ৷ কোনোপধ্যেই সি তাৰ হ’বলগীয়া পত্নী সন্ধ্যাশ্ৰীক তালৈ যাবলৈ দিব নোৱাৰে৷ তাইক বলাব নোৱাৰি তাইৰ মাকৰ ওচৰ পাইছিলগৈ, “চাওকচোন খুড়ী৷ বুজাওক তাই৷ ঠাইডোখৰ ছোৱালীৰ কাৰণে একেবাৰে চুইটেবল নহয়৷ “ এপইণ্টমেণ্ট লেটাৰখন সি কাঢ়ি লৈ থৈছিল৷ --------------------------------------------------- ইফালে সন্ধ্যাশ্ৰী? আকাশত উৰাৰ সপোনটোক কোনোপধ্যেই এট...

ক্ৰীড়াঃ ট্ৰেকিংঃ জুলিমা ডেকা

Image
ট্ৰেকিং @ জুলিমা ডেকা ট্ৰেকিং হ’ল খোজকঢ়াৰ এটা আনন্দপূৰ্ণ অভিজ্ঞতা য’ত এদিনতকৈ বেছিসময় বিভিন্ন ভিতৰুৱা অঞ্চল,  পাহাৰ, পৰ্বত, জংগল আদিৰ প্ৰাকৃতিক দৃশ্য চোৱা, প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰাৰ লগতে নতুন ঠাই আৱিষ্কাৰ কৰা হয়৷ ট্ৰেকিঙৰ খুব সুন্দৰ আভিধানিক সংজ্ঞা বিছাৰি পালোঁ, যিটো প্ৰকৃত অৰ্থত সঁচা, সেইয়া হ’ল ট্ৰেকিং মেডিটেচনৰ সমাৰ্থক৷ মেডিটেচনত যেনেকৈ মাথোঁঁ নিজক উপলব্ধি কৰা যায় ট্ৰেকিংটো পাহাৰ পৰ্বত, প্ৰকৃতিৰ মাজত মাথোঁঁ নিজক বিছাৰি পোৱা যায়৷ এয়া যেন এক সাধনা৷ ট্ৰেকিং দুভৰিৰে পাহাৰ পৰ্বত, পাহৰৰ ভিতৰুৱা গাওঁবোৰৰ মাজেৰে কৰা ভ্ৰমণ বা যাত্ৰা৷ ট্ৰেকিং এক প্ৰকাৰৰ দুঃসাহসিক ক্ৰীড়া৷ সাধাৰণ খেল সমূহতকৈ ট্ৰেকিং কৰিবলৈ অদম্য সাহসৰ প্ৰয়োজন৷ তাৰ লগে লগে প্ৰয়োজন হয় শাৰীৰিক সুস্থতা,  প্ৰবল ইচ্ছাশক্তি, মানসিক শক্তি আদিৰ৷ ইয়াত বেলেগ প্ৰতিদ্বন্দ্ব্বী নাথাকে, বা আনক হৰুৱা কথা নাথাকে৷ ইয়াত নিজেই নিজৰ প্ৰতিদ্বন্দ্ব্বী৷  ট্ৰেকিঙেৰ আমাৰ শৰীৰ, মনত সাংঘাতিক যোগাত্মক প্ৰভাৱ পেলায়৷ কাৰণ ই আমাৰ হৃদযন্ত্ৰৰ সক্ষমতা বৃদ্ধি কৰে আৰু সুচাৰুৰূপে তেজ চলাচল কৰাত সহায় কৰে৷ লগতে ই ৰক্তচাপ কমাই ৰাখে৷ পৰ্বত বগ...

গল্পঃ নৈৰ দৰেঃ তৃপ্তি বৰা

নৈৰ দৰে.. @ তৃপ্তি বৰা  অপ্ৰাপ্তিৰো এক সুকীয়া আমেজ থাকে, প্ৰাপ্তিৰ আনন্দই স্পৰ্শ কৰিবও নোৱাৰা এক সুকীয়া মাদকতা৷  সেই বছৰ নতুনকৈ আহিছিল তাই৷ সপ্তম শ্ৰেণীত তেতিয়া সিহঁত৷ বগা স্কাৰ্টটোৰ লগত বগা চাৰ্টটো আৰু কঁকালত ৰঙা বেল্টডাল, ভৰিত বগা জোতা-মোজাযোৰৰ সৈতে মাখনৰ দৰে ৰঙৰ ছোৱালীজনী৷ দুকোচাকৈ বেণী গুঠি পৰিপাটিকৈ বন্ধা চুলিকোছাৰে শনিবৰীয়া বগা ইউনিফৰ্মযোৰত তাইক আৰু ধুনীয়া লাগে তাৰ৷ পিঠিত বেগটো লৈ দেউতাকৰ লগত চাইকেলৰ আগফালে বহি অহা তাইলে সি ৰ লাগি চায়৷ তাৰ কণমানি মনটোৱে ভাৱে দেউতাকে যে সন্ধিয়া জোনাকত বহি সিহঁতক ৰাজকুমাৰীৰ সাধু কয়, সেই ৰাজকুমাৰী জনীও এনেকুৱাই ধুনীয়া চাগৈ৷ ক্লাছ আৰম্ভ কৰাৰ আগত স্কুলৰ ফিল্ডত যেতিয়া প্ৰাৰ্থনা গায়, মাখনৰ দৰে গাল দুখন ৰ’দত সেন্দূৰ বুলীয়া হয়, তেতিয়া তাৰ তাইলৈ কিবা এটা অবুজ মৰম জাগে৷ লগৰ লীনা, প্ৰীতিহতঁলৈ দেখোন তাৰ তেনেকৈ মৰম নালাগে৷ তাই অহাৰ আগতেই সি স্কুল পায়হি৷ ক্লাছৰুমৰ দুৱাৰখনত ভেঁজা দি সি তাইলৈকে ৰৈ থাকে৷ তাই আহি কাষ পালে সি ব্যস্তভাৱে কিতাপৰ বেগটোত কিবা বিচাৰে নহ’লে অন্যফালে চাই পঠিয়ায়৷ তাই তাৰ গাৰ কাষেৰে পাৰ হৈ যাওঁতে ধুনীয়া গোন্ধটো তাৰ নাকত লাগে৷ ...