কবিতাঃ জীৱাশ্মঃ স্মিতা বৰদলৈ

জীৱাশ্ম

স্মিতা বৰদলৈ

এনেদৰেই শিলবোৰ জীয়াই থাকে।
শিলক জীয়াই থাকিবলৈ ভোকৰ প্ৰয়োজন নহয়,
শিলক এটা ঘৰ নালাগে
শিলৰ চোলা পিন্ধিবলৈ শিলে আগ্ৰহ নকৰে
শিলে নিবিচাৰে বিশুদ্ধ অক্সিজেন অথবা
নিৰ্গমন নকৰে কাৰ্বন ডাই অক্সাইড
শিলৰ নাই কোনো উচ্চাকাংক্ষা অথবা বিষাদগাঁথা।
শিলবোৰ শিল হৈ জীয়াই থাকে।
তাত সৌৱা সমদল।
পূজিবাদ,সাম্যবাদ, একনায়কত্ববাদ, নৈৰাজ্যবাদ
অথবা সাৰ্বভৌমত্বৰ শ্ল’গানবোৰে জ্বলাই ৰাখে প্ৰতিনিয়ত নিজৰ নিজৰ চিতাবোৰ।
শিলক কিন্তু অগ্নি, বায়ু, পানীৰ প্ৰয়োজন নহয়,
মন গ’লেই শিলে নিজেই তৈয়াৰ কৰিব পাৰে
নিজৰ চিতাভষ্ম।
চিৰিয়াৰ পৰা অহা চৰাইজাকে শিলৰ চকুৰে
চকুলো নোবোৱায়।
শিলে নিজৰ ইতিহাস জানে!
‍নিজৰ বুকু খুটিয়াই খুটিয়াই শিলে
আজুৰি নানে কোনো প্ৰাগৈতিহাসিক যুগৰ আৱিষ্কাৰ অথবা ভেনিজুৱেলা বা কোনো ৰাজ্যৰ
সীমাৰ বিবাদৰ কাহিনী।
নৈয়ে ধুউৱা শিলৰ নাই কোনো অব্যক্ত জীৱনী।
জোৱাৰ ভাটাৰ বুৰঞ্জী শিলৰ বোধগম্য হয়তো!
ইশ্বৰৰ মূৰ্ত্তি শিলে নগঢ়ে
জামাৰাতত আঘাতপ্ৰাপ্ত নহয় শিলবোৰ
কোনো জাজমেন্তৰ আশাত বন্দী হৈ শিলে চিঞৰি নুঠে,
Truly,truly I say to you,
whoever believes has eternal life!
শিলবোৰ শিল হৈ পৰি থাকে,য’তে ত’তে,সৰ্বত্ৰে।
অথচ,মৌলিক অধিকাৰ খৰ্ব হোৱাৰ আৰ্গ‍্যোমেন্ত শুনিবলৈ শিলবোৰে ঢাপলি নেমেলে ন‍্যায়পালিকাৰ কাষলৈ।
ঘৰবোৰ শিলৰ ওচৰলৈ আহে,গছবোৰ আহে,
জগতৰ বতাহ আৰু পানী শিলৰ কাষলৈ গতি কৰে,
এলগৰিথিমৰ ঔৰসত জন্ম হোৱা জাৰজ 'বাদ'বোৰৰ শ শ মিছিল শিলৰ ওপৰেদিয়ে
খোজ লয়,
শিলে ভ্ৰুক্ষেপ নকৰে।
দুৰ্ভিক্ষ আৰু দুদৰ্শাগ্ৰস্ত চহৰৰ প্ৰবাসী চৰাইবোৰ
শিলৰ আশে পাশে উৰি থাকে।
এনেদৰেই শিলবোৰ জীয়াই থাকে
ক্ষুধাৰ্ত পক্ষীৰ গীত শুনি শুনি।
শিলবোৰ জীয়াই থাকে।
------------------------

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ