গল্পঃ উলংঘাঃ ৰাজদ্বীপ বৰা
উলংঘা
@ৰাজদ্বীপ বৰা
গাওঁখনৰ এজন লেখত ল’বলগীয়া ব্যক্তি হাজৰিকা৷ খেতিৰ চহকী৷ গৰ্ব-অহংকাৰত ফাটিফুটি যোৱা বিধৰ৷ গাঁৱৰ যিকোনো মেলে-মিটিঙে তেখেতৰ স্থান সদায় আগত থাকিবই লাগিব৷ নামঘৰতো একে অৱস্থা৷ তেখেতৰ ধাৰণাটো এনেকুৱা যেন তেখেতৰ দিহা পৰামৰ্শৰ অবিহনে গাঁৱৰ ৰাইজ একদম আগুৱাব নোৱাৰিব! য’তে ত’তে হোৱাই নোহোৱাই নিজৰ মত দাঙি ধৰে তাকো একেবাৰে শিলৰ ৰেখাৰ দৰে৷ ৰাইজেও বিনা প্ৰতিবাদে অনিচ্ছা সত্ত্বেও নীৰৱে মানি ল’ব লগাত পৰে৷ নামানিয়ে বা কি কৰিব! কি বিহু ফাংচন হওক, কি গুৰু দুজনাৰ তিথি উদযাপনেই হওক সকলোতে হাজৰিকাৰ পৰা এক মোটা আৰ্থিক বৰঙনি নাপালে গাঁৱৰ ৰাইজৰ নচলেই৷
হাজৰিকা দুৰ্ঘোৰ বিৰোধী বামুণীয়া ৰীতিনীতিৰ৷ আজিলৈকে নিজৰ ঘৰৰ কোনো মাংগলিক অনুষ্ঠানতে বামুণ লগাই পোৱা নাই হাজৰিকাই৷ অকল ঘৰতেনে! নিজৰ প্ৰতিপত্তিৰে গাঁৱৰ ৰাইজকো ইয়াৰ পৰা বিৰত ৰাখিছে৷ তাৰপিছতো যদি কোনোবাই মৰসাহ কৰি বামুণ লগালে তেন্তে হৈ গ’ল আৰু, হাজৰিকাই সেইঘৰক সামাজিকভাৱে এঘৰীয়া কৰাইহে এৰিব৷ সেই পুটুলহতঁৰ ঘৰত ইয়াকেলৈ কমখন লম্ফজম্ফ কৰি থোৱা নাই হাজৰিকাই৷ পুটুলৰ দেউতাকৰ তিলনীৰ পিছদিনা পুটুলৰ মাকে শৰাধ ভাগৰ আয়োজনৰ বাবে গঞা ৰাইজৰ দিহাপৰামৰ্শ বিচাৰি ৰাইজমেল মাতিছিল ঘৰৰ চোতালতে৷ অৱধাৰিতভাবে আমাৰ হাজৰিকাই আগস্থান ল’লে তাতো৷ পুটুলৰ মাকৰ ইচ্ছা মানুহজনৰ শৰাধৰ কৰ্মখিনি বামুণীয়া ৰীতিনীতিৰে হওক৷ নিজৰ ইচ্ছাভাগ ৰাইজৰ আগত বেকত কৰিবলৈ পালেকি নাপালে হাজৰিকাই গৰজি উঠিল৷ পুটুলৰ মাকক কথাৰে নগুৰ নাকতি কৰিলে তেখেতে৷ দুখে লাজে মানুহজনী জৰ্জৰিত হ’ল৷ মৃতকৰ ঘৰৰ পৰিবেশ আৰু গধুৰহৈ পৰিল৷ ৰাইজো নিৰুপায়, নীৰৱে সহ্য কৰাৰ বাদে গত্যন্তৰ নাই৷ কিন্তু ভিতৰি ভিতৰি গাঁৱৰ গোটেই ৰাইজ বিশেষকৈ ডেকাচাম হাজৰিকাৰ ওপৰত খড়্গহস্ত হৈ পৰিল৷ কেৱল সুযোগৰ অপেক্ষাতহে আছে৷
কিন্তু গাঁৱৰ ৰাইজ সেই সুযোগলৈ বেছিদিন অপেক্ষা কৰিব লগা নহ’ল৷ হাজৰিকাই নোমলীয়া জীয়েকৰ বাবে ইঞ্জিনীয়াৰ দৰা পাই লৰালৰিকৈ বিয়াখন পাতিছে৷ কিন্তু দৰাঘৰৰ দাবীত বিয়া হোমপুৰি হ’ব৷খোদ হাজৰিকাই ইমানদিনৰ গৰ্ব-অহংকাৰ জলাঞ্জলি নিজৰ চোতালতে হোম পুৰি ছোৱালী বিয়া দিব৷ এইখবৰ গাঁওখনত বনজুইৰ দৰে বিয়পি পৰিল৷ সকলোৱে একগোটহৈ সিদ্ধান্ত ল’লে এই বিয়া গঞা ৰাইজে বৰ্জন কৰিব৷ কথামতেই কাম৷
বিয়াৰ দিনা হোমৰ আগত দৰাৰ দেউতাকে সুধিলে “ বিয়ৈ, আপোনাৰ সমাজৰ মানুহ এজনো দেখা নাই যে? কথাটো কি? “
হাজৰিকাই বিয়ৈৰ প্ৰশ্নৰ কি উত্তৰ দিব,ওলোটাই তেখেতৰ মুখখন লাজ আৰু অপমানত পাম্প যোৱা বেলুনটোৰ দৰে হ’ল৷

পঢ়িলোঁ ভিনি 😊😊
ReplyDelete