অণুগল্পঃ পৰিস্মিতা বৰদলৈ

অণুগল্প

৯)যুদ্ধ

এটা আকাশ কঁপি যোৱা শব্দ৷ এফালে বিজয়ৰ উল্লাস আনফালে মৰণৰ কিৰিলি৷

১০)ফাদিল

অতবছৰে পালন কৰি অহা মৌনতাই আজি আৱৰণ গুচালে৷ এজন সৰৱ হ’ল আৰু আনজন নীৰৱ৷

১১)সত্যবোৰ অপ্ৰিয়

ইমানদিনে অন্ধকাৰত ডুব গৈ আছিল তেখেত৷ আজি অকণমান পোহৰৰ মুখ দেখা পালে৷ এন্ধাৰত থকা দিনবোৰকেই আজি তেওঁৰ পোহৰ পোহৰ লাগিল৷

১২)বুভুক্ষা

কাঁহৰ গোলাকাৰ বহল কাঁহীখনৰ মাজতে ভাতখিনি আৰু তাৰ কাষে কাষে আঞ্জা আৰু ভাজিৰ ভিন ভিন ব্যঞ্জনসমূহ লোভনীয়কৈ সজাই দিলে কণমান ল’ৰাটোৱে৷ পাছে কাঁহীখনৰ কাষতে লাগি থকা মিহি চুলিডাল দেখি গ্ৰাহকজনৰ খং মূৰৰ চুলিৰ আগে পালেগৈ৷ তৎক্ষণাত ঠনৰকৰে মজিয়াত উফৰি পৰিল উপাদেয় খাদ্যসমূহ৷ একেসময়তে কণমান ল’ৰাটোৰ পেটটোৱে এক অদ্ভুত শব্দ কৰি উঠিল৷

১৩)মমতা মানে দূৰদৰ্শিতাও

সি আঁতৰি গ’ল একেবাৰেই সেইখন ঘৰৰপৰা৷ মানুহজনীয়েও ইয়াকে বিচাৰিছিল যে সি গুচি যাওক৷ অন্ততঃ ৰজাৰ ঘৰৰ লগুৱা হোৱাতকৈ নিজৰ জীৱনৰ ৰজা নিজেই হওক৷
সুদীৰ্ঘ বিশবছৰৰ মূৰত ল’ৰাটোৱে বুজি পালে ইমানবছৰে ভুলবুজি অহা মানুহজনী আচলতে শুদ্ধই আছিল৷

১৪)জিগলো

মানুহজনে তাইক আজিকালি যি বিচাৰে তাকে আনি দিয়াৰ বাবে আগৰদৰে মানুহজনীৰ মুখখন বাজি নথকা হ’ল৷ কিন্তু এদিন এটা ফোনকলতে হঠাৎ ৰাতি মানুহজন ওলাই যাবলগীয়া হোৱাত মানুহজনী আচৰিত হ’ল৷ তাই ইমানৰাতি কিয়নো যাব লাগে বুলি কৈফিয়ৎ বিচৰাত মানুহজনে ক’লে “তোমাৰ দাবীবোৰ পূৰণ কৰিবলৈ হ’লে ময়ো আন কাৰোবাৰ দাবী কিছুমান পূৰণ কৰিব পাৰিব লাগিব৷ ”

১৫)মৃত সঞ্জীৱনী

তাই ডায়েৰীখন উলিয়াই ওপৰতে লিখিলে “চুইচাইড নোট৷ “ তাৰ তলত লিখিলে
“তুমি চিনি পোৱা মেঘলীণাৰ আজি মৃত্যু ঘটিল৷ আজিৰপৰা তাই তেজীমলা হ’ব৷ ”

১৬)সন্তান

এক মনোমালিন্য, বাকবিতণ্ডা তাৰ পাছত কোৰ্টকাছাৰীলৈ তাঁতবাতি এহাল দম্পতীৰ৷ তেনেতেই নাৰীগৰাকীৰ মাজত এটি সম্ভাৱনাৰ উদয় যি সেই দলিলখনত স্বাক্ষৰ কৰাৰ পৰাৰ দুয়োকে বিৰত ৰাখে৷

©পৰিস্মিতা বৰদলৈ
০৮/১১/১৮

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ