গল্পঃ ছাৰ বুলি মাতিলে বেয়াই লাগেঃ বিদ্যুত বিকাশ দত্ত
ছাৰ বুলি মাতিলে বেয়াই লাগে ১৪
১৬-১২-২০১৮
---------------------------
©বিদ্যুত বিকাশ দত্ত, আমগুৰি, শিৱসাগৰ, অসম
৮৪০২০৪২৭৬৭
২০১৬ চনত মোৰ এটা মটৰ চাইকেল দুৰ্ঘটনা হৈছিল৷ আঁঠুৰ ঘিলাটোৰ তলতে মৰম লগাকৈ ফ্ৰেকচাৰ হৈছিল৷ ৪২ দিন যোৰহাট মেডিকেল কলেজ হস্পিটেলত মোৰ চিকিৎসা চলিছিল আৰু ক্ৰমান্বয়ে মই খোজ কাঢ়িব পৰা হৈছিলোঁ৷ ৰিলিজৰ দিনা ডাক্টৰ বাবুৱে কৈছিল- “নিয়মীয়াকৈ ছাগলীৰ মঙহ আৰু শ’ল মাছৰ চুৰুহা খাব৷"
ছাগলীৰ মঙহ আকৌ হাই-প্ৰেছাৰৰ "মোমায়েকৰ পুতেক"৷ গতিকে পৰিবাৰে দুপিচতকৈ অধিক খাবলৈ নিদিয়ে৷ কিন্তু শ’ল মাছত বাধা নাই৷ যিমান খায় খাওক৷ হাড় কেইডাল টনটনীয়া হওক বুলি মুক্ত মনে ঢালি দিয়ে৷ পিছে মাছে মঙহে দকচি খাঁওতে পেটটো বাঢ়ি গ’ল আৰু তুলনামুলক ভাৱে পদযুগল দুৰ্বল হৈ পৰিল৷ তদুপৰি নিতৌ শ’লমাছ খাবলৈকো কপালখন বহল হ’ব লাগিব৷ কপালতকৈয়ো বহল হ’ব লাগিব মানিবেগৰ আয়তন৷
তেনেতে এদিন বাটেৰে যাওঁক এজন মাছ বেপাৰী৷ মই টিউশ্যন কৰি আছোঁ৷ দেখাৰ লগে-লগে মাত দিলোঁ৷ সেইদিনা তেওঁ কেৱল পুঠি মাছহে আনিছে৷ পৰিবাৰৰ কথামতে এপোৱা নে আধাকেজি মাছ কিনি ঘূৰি যাওঁতে পইছাটো লৈ যাবা বুলি পঠাই দিলোঁ৷
১২মান বজাত ল’ৰাটো আহিল৷ মই পইছাটো দি বিদায় দিবলৈ লওঁতেই তেওঁ সুধিলে-’ছাৰ দুপিয়াই খোজ কাঢ়িছে যে? “
মই ইতিবিত্ত কৈ শ’ল মাছৰ কথা, ইয়াত শ’ল মাছৰ ছয়শ টকা দামৰ কথা পালোগৈ৷ তেওঁ জঁপিয়াই উঠিল৷ বোলে “ছাৰ এই দুখন হাতেৰে এক ডাম্পাৰমান মাছ বেছিলোঁ৷ আজিলৈ শ’ল মাছৰ দাম ছয়শ বুলি শুনা নাই৷ লাগে যদি মোক কওক মাজে মাজে আঢ়ৈশ টকাত মাছ দি যাম৷ বাইদেৱে নোৱাৰিলে মই নিজে বাচি দিম৷ “
মই হাততে সৰগ ঢুকি পালোঁ৷ বিলাহী পালেং দি বা ভেদাই লতা (এইবিধ আকৌ প্ৰেচাৰৰ জেঠেৰিয়েক) দি শ’লমাছ খোৱাৰ মজাই বেলেগ৷ গতিকে লগে লগে অৰ্ডাৰ দি দিলো৷ “সপ্তাহত দুদিনকৈ শ’লমাছ দিবা৷ পিছে নিজেই বাচি থৈ যাবা আৰু তাৰ বিনিময়ত মন কৰিলে আমাৰ লগতে ভাতসাঁজ খাই যাবা৷"
পিছৰ সপ্তাহৰ পৰা মাছ-মাছ খেল আৰম্ভ হৈ গ’ল৷ মই ল’ৰা পঢ়ুৱাই থাকো৷ বিমানে শ’ল মাছ লৈ আহে৷ পৰিবাৰে জোখটো চায় আৰু পিছফালে বিমানে মাছটোক অ’টি টেবুলৰ পেছেণ্ট কৰি সৰু গামলাটোত এগামলা কৰি পৰিবাৰৰ হাতত তুলি দিয়ে৷ কেতিয়াবা মন গ’লে ভাতো খাই যায়৷
লাহে-লাহে বিমান আমাৰ চিনাকি হৈ পৰিল৷ চিনাকিৰ পিছত আপোন৷ আপোনৰ পিছত বুকুৰ কুটুম৷ লাহে-লাহে বিমানে নিজেই মাছ জোখে৷ আমি জোখ চাবলৈকে বাদ দিলোঁ৷ আমাৰ শোৱনি কোঠা পাৰহৈ নিজেই পিছফালে মাছ কাটি ধুই পখালি পৰিবাৰৰ হাতত গামলাটো দি যাবলৈ ল’লে৷ মোৰ কাম এটাই -মাহেকৰ ৪ তাৰিখে বিমানৰ হাতত চাৰিখন পাঁচশ টকীয়া নোট তুলি দিওঁ৷ কেতিয়াবা এখন পাঁচশ টকীয়া বা দুই তিনিশ টকা সি “বেছি দিছে ছাৰ “ বুলি ঘূৰাই দিয়ে৷
তেনেতে এদিন মেডিকেল কলেজত চেক আপৰ বাবে গ’লো৷ মোৰ শৰীৰৰ আকাৰ দেখি ডাক্টৰে জঁপিয়াই উঠিল৷ ক’লে “দত্ত ৱেট লষ্ট কৰক৷ নহ’লে পেটৰ ভৰত ডাবুল ফ্ৰেকচাৰ হ’ব এইবাৰ৷“
তিনিদিন পিছত বিমান আহিল৷ মই বিমানক কথাটো ক’লোঁ৷ বিমানে তৎক্ষণাত ক’লে “চিন্তা নকৰিব ছাৰ, ডাঙৰ শ’লমাছ বৰ তেলী৷ সেইবাবে পেট বাঢ়িছে৷ মই দিখৌমুখৰ চিতলীয়া বিলৰ শ’লঠাৰি আনিম ৰ’ব৷ সোৱাদ কম৷ কিন্তু বৰ উপকাৰী৷“
বিমানৰ কথা মই না নকৰিলোঁ৷ ইহঁতে চিৰদিন মাছৰ লগত খেলা কৰিছে৷ বহুত অভিজ্ঞতা হৈছে নিশ্চয়৷ গতিকে পিছৰ সপ্তাহৰ পৰা সৰু শ’লমাছ ওৰফে শ’লঠাৰি আহিল৷ বিমানে কাটি বাচি যায়৷ মই মাহেকত ধন দিওঁ৷
আজিকালি তাৰ ব্যৱসায় ভাল৷ সৎ ল’ৰা৷ সেয়ে বহুত কাষ্টমাৰ৷ মোৰ ঘৰত ভাত খোৱাটো বাদেই ৰ’বলৈকো সময় নাই৷
বহুদিন একেবোৰ বস্তু খালে অৰুচি হয়৷ বিলাহী, পালেঙ, হাতীখুটৰা আদি আদি দি আজিকালি শ’লঠাৰি খায় আগৰ জুতিটো নোপোৱা হ’লোঁ৷ এদিন বিমানক সুধিলো -“হেৰা বিমান, আজিকালিচোন শ’লমাছৰ সোৱাদটো কমকৈ পোৱা হৈছোঁ৷ কি কথাহে?"
“এহ ছাৰ যে কি কয়! ডাঙৰ শ’লৰ নিচিনা সোৱাদ নাই যদিও এইকেইটাহে আচল মাছ৷ ডাঙৰ বেঙেনা খাবলৈ ভাল যদিও খৰুৱা কেইটাহে উপকাৰী৷"
মই কথা নবঢ়ালো৷ বিমান আহি থাকিল৷ ময়ো শ’লৰ পিছত বোন্দা হৈ বিমানক ধন দি থাকিলোঁ৷
(৷ ৷ )
সিদিনা দিখৌমুখলৈ গৈছিলোঁ৷ দিখৌমুখতে বিমানৰ ঘৰ৷ পিছে নদীৰ পাৰঘাটৰ পৰা উঠি আহোতেই মৰতী ছাগলী এজনী মোৰ মটৰ চাইকেলৰ আগেদি ভয় খাই জাঁপ মাৰি দি বেঁএএএএএকৈ যিটোহে চিঞৰ মাৰিলে ওচৰতে কেৰম খেলি থকা চাৰিটামান ল’ৰা সেইফালে দৌৰি আহিল৷ অজান জীৱটোৱে ভয় খোৱা দেখি মই পলোৱাক চাই ৰৈ দিলোঁ৷ ল’ৰাকেইটাই মোক বাঘে ধৰাদি ধৰিছে টকা দুশ লাগে৷ সিহঁতে হেনো ছাগলীজনীৰ ভয় দূৰ কৰাৰ চিকিৎসা কৰাব৷ এটাই আকৌ মোৰ মুখখন গুন্ধি চালে "ইবিধ" ধৰি আহিছোঁ নেকি বুলি৷ মই কৈছোঁহে কৈছোঁ মই খুন্দিওৱা নাই বুলি সিঁহতে নামানে৷
তেনেতে মাছৰ মজলীয়া ড্ৰাম দুটা চাইকেলত বান্ধি বিমান ওলালহি৷ কথাৰ আঁতিগুৰি লৈ সি সিহঁতক বুজোৱাত লাগিল “ছাৰে মিছা কথা নকয়৷ ছাৰে খুন্দিওৱা হ’লে সঁচা কথা কৈ নিজেই পইচা দি গ’লহেঁতেন৷"
কিন্তু বহুদেৰি বুজোৱাৰ পিছতো সিঁহত আকোৰগোজ হৈ থাকিল৷ বিমানৰো খং উঠিছিল৷ এটা ল’ৰাৰ চুলিকোচাত থাপমাৰ ধৰি সি ক’লে- “ছাৰে মিছাকথা নকয় বুলি তহঁতক কিমান ক’ব লাগে (অশ্লীল)? ছাৰ কিমান সৰল মানুহ তহঁতে জান! আজি দুমাহ ধৰি শ’লমাছ বুলি ছাৰক গৰৈমাছ খুৱাই আছো ছাৰে ক’বই নোৱাৰে৷"
কথাষাৰ অকস্মাত মুখৰ পৰা ওলোৱাৰ লগে-লগে বিমানৰ হাতৰ মুঠি ঢিলা হ’ল আৰু পিলিঙা ল’ৰাটো পলাল৷ কেঁহাৰাজ বৰণৰ মুখখনেৰে বিমান ৰৈ থাকিল৷ কাৰো মাত নাই৷ নিৰল৷ নিঃস্তব্ধ৷
চাল্লা পাপিষ্ঠ বিমান.......

শল মাছ বুলি গৰৈ মাছ খোৱা আজি প্ৰথম শুনিলোঁ 😂😂😂
ReplyDelete