আলাপঃ কৈশোৰৰ দোষ-গুণ আৰু অভিভাৱকৰ দায়িত্বঃ পৰী পাৰবীন

কৈশোৰৰ দোষ-গুণ আৰু অভিভাৱকৰ দায়িত্ব: পৰী পাৰবীন

এই মুহূৰ্তত দুটা ষোল্লবছৰীয়া ল'ৰাৰ কথা মনলৈ আহিছে। প্ৰথমটো মোৰ স্কুলৰ দিনৰ বন্ধু । পঢ়াই শুনাই অত্যন্ত মেধাৱী ছাত্ৰজনৰ ব্যৱহাৰ পাতিও খুব ভাল আছিল । আগৰণুৱা আছিল খেলা ধুলা, তৰ্ক প্ৰতিযোগিতা ইত্যাদি সকলোতে । এই ল'ৰাজনে ক্লাছ টেনৰ কোনো এটা পৰীক্ষাত হঠাতে ফেইল কৰিলে । স্বভাৱৰ অদ্ভূত পৰিৱৰ্তনো লক্ষ্য কৰিলো । যেন অন্তমুখী হৈ পৰিল । জোপোকা লাগিল । মেট্ৰিক পাছ কৰিলে নে নাই নাজানিলো। কিন্তু সি উধাব নোৱাৰিলে । দোষটো কি আছিল তাৰ? দোষটো আছিল, তাৰ বিছনাত মাকে কাষৰ ঘৰৰ ছোৱালীজনীৰ সাতখনমান চিঠি পাইছিল । প্ৰেম ইমানেই নোহোৱা নোপজা ঘটনা যে পিতৃ মাতৃয়ে তাক সেই কথাৰ বাবে ৰাজহুৱা মেল মাতি তাক অপমান কৰিছিল । ফলাফল চকুৰ আগত ।
দ্বিতীয়টো ল'ৰা মোৰ সহকৰ্মীৰ ক্লাছ টেনত পঢ়া ল'ৰাজন। মোৰ সহকৰ্মীজন চাকৰিসূত্ৰে ঘৰৰ পৰা নিলগত থাকে । এদিন অফিচতে তেখেতক কিবা দুঃশ্চিন্তাত থকা যেন দেখি মই সুধি পালোঁ,
"কিবা সমস্যা হৈছে নেকি? আপোনাক টেনচনত থকা যেন লাগিছে।"
থেৰোগেৰোকৈ তেওঁ ক'লে, "ল'ৰাটোৱে কাম এটা কৰিলে । মাকে মোক আৰ্জেন্টলি মাতি পঠিয়াইছে।"
কি বা কৰিলে ষোল্লবছৰীয়া ল'ৰাটোৱে? সুধো নুসুধোকৈ মনে মনে থাকিলোঁ । পিছে তেওঁৰ হয়তো ক'বলৈ মন গ'ল । মোৰ ওচৰত সুৰক্ষিত যেন অনুভৱ কৰি কৈ গ'ল, " তাৰ মোবাইলত বেয়া ভিডিও এটা পালে মাকে।"
"অহ!", মোৰ মুখৰ মাত হৰিল ।
"এতিয়া কান্দি কাটি মাকজনী বলীয়া হৈ আছে । মোক মাতি পঠিয়াইছে। মোমায়েকৰ পৰিয়ালটো মাতি পঠিয়াইছে । মই যোৱাৰ পিছতে গাঁওত ৰাইজমেল পাতিব।"
এইখিনিতে মই থাপ মাৰি ধৰিলোঁ, "ৰ'বচোন ৰ'ব, ল'ৰাটো আপোনাৰ নে আনৰ? গাঁওৰ মেলখন কেলেই লাগে?"
তেওঁ বোলে, "মানুহে অপমান কৰিলে সি বুজি পাব যে সি বেয়া কাম কৰিছে। আৰু এনেকুৱা নকৰিব পিছলৈ।"
মই এইবাৰ কিছু জোৰ দিয়েই ক'লোঁ, "সেই কাম ভুলতো নকৰিব । আপুনি যেতিয়া তাক মুকলিকৈ ক'ব যে তাৰ মোবাইলত তেনে ভিডিও দেখিছে, সেইটোতে সি মৰি যোৱাৰ দৰে লাজ পাব । কিন্তু বাহিৰৰ মানুহৰ মাজত অপমান কৰিলে সি হয়তো সহিব নোৱাৰিব । হিতে বিপৰীত হ'বগৈ।"
আৰু অলপ বাৰ্তালাপৰ পিছত তেওঁ মানুহগৰাকীলৈ ফোন কৰিলে, "হৌৰা, মোমায়েকহঁতক আহিব নালাগে বুলি কোৱা আৰু গাঁওৰ ৰাইজকো মাতিব নালাগে । মই গৈ আছোঁ। যি কৰিব লাগে কৰিম।"
সেই ল'ৰাজনে এইবাৰ এ চি এছ ক্লীয়েৰ কৰিলে ।
………………………
অভিভাৱকত্ব এটা গধুৰ দায়িত্ব । আজিকালি বহুত পিতৃ মাতৃয়ে সন্তানক ওচৰৰ ল'ৰাছোৱালীৰ লগত বেডমিন্টন খেলিব দিয়াতকৈ ঘৰৰ ভিতৰৰ মোবাইল গেমত ব্যস্ত ৰাখিব বিচাৰে । কিতাপৰ নিচা লগাতকৈ নিচা লাগে ইন্টাৰনেটৰ । কেৱল আৰ্থিক নিৰাপত্তাই নহয়, মানসিক নিৰাপত্তাৰো প্ৰয়োজন এই বয়সৰ ল'ৰাছোৱালীক । যদি নিজে সেই নিৰাপত্তা দিব পৰা নাই, তেন্তে মনোৰোগ বিশেষজ্ঞৰ পৰামৰ্শ লওক, কিন্তু জীৱনৰ আৰম্ভণিতে পংগু নকৰিব তেওঁলোকক।

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ