কবিতাঃ হেজটেগঃ ধীৰাজ নাথ

*হেজটেগ* 

চাকিগছিৰ শেষ জিলিকনি
মোৰ দুবাহুৰ মাজত তেওঁৰ ওৰণি
অন্ধকাৰ হোৱাৰ লগে লগে যেন দুয়ো ঢলি পৰিম
আমাৰ জীৱনৰ প্ৰথম পুৱাটিলৈ অপেক্ষা কৰিম৷
~~~~~~~~~
এঙামুৰি দিওঁতে তেওঁৰ হাতৰ পৰশত মই সাৰ পালোঁ
মোৰ বুকুত সেন্দুৰৰ দাগ আৰু
তেওঁৰ ৰঙচুৱা দুগাল
যাওঁ বুলিও যাব নোখোজা মুখখনিৰ লাজুকী চাৱনি
নিলাজ ৰ'দজাকে বাধা নিদিলে
আবদ্ধ হৈ থাকিলহেঁতেন তেওঁৰ হাতখনি
মোৰ হাতৰ খামোচতেই
"এৰি নিদিয়া!"
"ওঁহো"
"দেৰি হৈছে..!"
"জীৱনটো বাকী আছে..."

 ✒ *ধীৰাজ নাথ*

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ