ক্ৰীড়াঃ ট্ৰেকিংঃ জুলিমা ডেকা

ট্ৰেকিং

@জুলিমা ডেকা


ট্ৰেকিং হ’ল খোজকঢ়াৰ এটা আনন্দপূৰ্ণ অভিজ্ঞতা য’ত এদিনতকৈ বেছিসময় বিভিন্ন ভিতৰুৱা অঞ্চল,  পাহাৰ, পৰ্বত, জংগল আদিৰ প্ৰাকৃতিক দৃশ্য চোৱা, প্ৰকৃতিৰ সৌন্দৰ্য্য উপভোগ কৰাৰ লগতে নতুন ঠাই আৱিষ্কাৰ কৰা হয়৷ ট্ৰেকিঙৰ খুব সুন্দৰ আভিধানিক সংজ্ঞা বিছাৰি পালোঁ, যিটো প্ৰকৃত অৰ্থত সঁচা, সেইয়া হ’ল ট্ৰেকিং মেডিটেচনৰ সমাৰ্থক৷ মেডিটেচনত যেনেকৈ মাথোঁঁ নিজক উপলব্ধি কৰা যায় ট্ৰেকিংটো পাহাৰ পৰ্বত, প্ৰকৃতিৰ মাজত মাথোঁঁ নিজক বিছাৰি পোৱা যায়৷ এয়া যেন এক সাধনা৷ ট্ৰেকিং দুভৰিৰে পাহাৰ পৰ্বত, পাহৰৰ ভিতৰুৱা গাওঁবোৰৰ মাজেৰে কৰা ভ্ৰমণ বা যাত্ৰা৷ ট্ৰেকিং এক প্ৰকাৰৰ দুঃসাহসিক ক্ৰীড়া৷ সাধাৰণ খেল সমূহতকৈ ট্ৰেকিং কৰিবলৈ অদম্য সাহসৰ প্ৰয়োজন৷ তাৰ লগে লগে প্ৰয়োজন হয় শাৰীৰিক সুস্থতা,  প্ৰবল ইচ্ছাশক্তি, মানসিক শক্তি আদিৰ৷ ইয়াত বেলেগ প্ৰতিদ্বন্দ্ব্বী নাথাকে, বা আনক হৰুৱা কথা নাথাকে৷ ইয়াত নিজেই নিজৰ প্ৰতিদ্বন্দ্ব্বী৷
 ট্ৰেকিঙেৰ আমাৰ শৰীৰ, মনত সাংঘাতিক যোগাত্মক প্ৰভাৱ পেলায়৷ কাৰণ ই আমাৰ হৃদযন্ত্ৰৰ সক্ষমতা বৃদ্ধি কৰে আৰু সুচাৰুৰূপে তেজ চলাচল কৰাত সহায় কৰে৷ লগতে ই ৰক্তচাপ কমাই ৰাখে৷ পৰ্বত বগাব যাওঁতে আমি খুব বেছিকৈ উশাহ লোৱা প্ৰয়োজন হৈ পৰে, যাৰ বাবে আমাৰ হাওঁফাওঁৰ পৰিসৰ বহল হয় আৰু উশাহ লোৱাত সহায়ক হৈ পৰে৷ আমাৰ শৰীৰৰ ওজন কমায় আৰু তেজত চুগাৰৰ পৰিমাণো এই ক্ৰীড়াই নিয়ন্ত্ৰণ কৰি ৰাখে৷ ট্ৰেকিঙত দূৰত্বটো বেছি লগতে পাহাৰৰ উঠা নমাবোৰত হয়, আৰু হাৰ্টটোৱে বেছিকৈ অক্সিজেন বিছাৰে৷ যাৰ ফলত শৰীৰৰ মগজু আৰু পেশীবোৰলৈ তেজ চলাচল ভালদৰে হয়৷ লগতে হৃদযন্ত্ৰৰ পেশীবোৰ সবল হৈ উঠে৷ ট্ৰেকিঙ জংগল বা পাহাৰত কৰা হয় য’ত বায়ু বিশুদ্ধ হৈ থাকে, প্ৰদুষন মুক্ত হৈ থাকে আৰু লোকালয়ৰ পৰা বহুত দুৰত হয় আৰু ট্ৰেকাৰ সকলে বিশুদ্ধ বায়ু সেৱন কৰিব পাৰে৷
ট্ৰেকিঙে শৰীৰক সবল কৰি নিৰোগী কৰি ৰখাৰ লগতে মনকো সন্তুলিত কৰি ৰাখে৷ ই মানসিক চাপৰ পৰা মুক্ত ৰাখে৷ মানসিক ভাৱে সুস্থ আৰু সবল কৰি মনটোক ৰাখিবলৈ ট্ৰেকিঙে সহায় কৰে৷ ব্যায়াম কৰাৰ আৰু ওজন কমোৱাৰ বাবে ট্ৰেকিং সকলোতকৈ কম খৰচী আৰু সহজ উপায়৷ দৈনন্দিন খোজকঢ়াই পুৰনি ৰোগ যেনে ডায়েবেটিচ, এষ্ঠেমা, ষ্ট্ৰোক, আনকি কিছুমান কেঞ্চাৰো উপশম ঘটায় বুলি তথ্যত প্ৰকাশ হৈছে৷  ট্ৰেকিং আমি ভবা বা উপলব্ধি কৰাতকৈ বহুত বেছি শক্তিশালী,  দুঃৰহ৷ ই আমাক দুশ্চিন্তাৰ পৰা মুক্ত কৰি কামত নিমজ্জিত কৰাত সহায় কৰে, মন মগজুৰ যন্ত্ৰণা উপশম কৰে৷ আমাক গঠনাত্মক চিন্তা কৰাত সহায় কৰে৷ ডিপ্ৰেচনৰ পৰা নিজকে মুক্ত কৰাত সহায় কৰে৷
ট্ৰেকিং কৰা ব্যক্তি সকল সাধাৰণ মানুহতকৈ কিছু ব্যতিক্ৰমী চিন্তাধাৰৰ হয়৷ তেওঁলোক কষ্টসহিষ্ণু আৰু জীৱনৰ যিকোনো প্ৰত্যাহ্বান ল’বলৈ সক্ষম হৈ উঠে৷ কাৰণ ট্ৰেকিং জংগল বা অৰণ্যৰ মাজত হয় অথবা পাহাৰ পৰ্বতত হয়৷ পাহাৰ বা পৰ্বতত একেৰাহে ট্ৰেকিং কৰিবলৈ হ’লে প্ৰথমে নিজকে শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত কৰি ল’ব লাগে৷ যাৰ বাবে বিভিন্ন ব্যায়াম অনুশীলন কৰা আৱশ্যক হৈ পৰে৷ যিকোনো জটিল পৰিস্থিতিৰ মুখামুখি হ’বলৈ নিজকে মানসিকভাৱেও প্ৰস্তুত কৰি ল’ব লগা হয়৷
সেইবাবে ট্ৰেকিঙে মানুহক শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী কৰি তোলে৷ ট্ৰেকিঙে ব্যক্তিগত জীৱনত বহুত প্ৰভাৱ পেলায়৷ নিজকে কেনেকৈ পৰিচলনা কৰিব লাগে, কেনেকৈ এটা ভাল জীৱনৰ পৰিকল্পনা কৰিব পাৰি সেই শিক্ষা ট্ৰেকিঙে দিয়ে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ এই যে ট্ৰেকিঙে সময়ৰ সঠিক ব্যৱহাৰৰ শিক্ষা দিয়ে৷ লগতে পৰিপাটিতাৰ শিক্ষাও দিয়ে৷ ট্ৰেকিঙে প্ৰকৃতিৰ লগত সহৱস্থান কৰিবলৈ শিকায়৷ জীৱনৰ সমস্যা বা জটিল সময়ত কেনেকৈ পৰিস্থিতিৰ লগত মোকাবিলা কৰিব লাগে সেই শিক্ষা দিয়ে ট্ৰেকিঙে৷
ই মানুহৰ আত্মবিশ্বাস বঢ়ায় আৰু স্বাস্থ্য সচেতনতা বঢ়ায়, নিজকে যিকোনো পৰিৱেশ পৰিস্থিতত সুস্থিৰতাৰে সহৱস্থান কৰাত সহায় কৰে৷ মানুহৰ মন কলাসুলভ কৰে, গঠনমুলক চিন্তাধাৰা বৃদ্ধি কৰে৷
ট্ৰেকিঙে পৰিয়ালৰ মাজত কটকটিয়া বান্ধোনৰ সৃষ্টি কৰে৷ এজন পৰিয়ালৰ সকলো সদস্যই ট্ৰেকিঙত ভাগ ল’ব পাৰে, যাৰ ফলত পৰিয়ালৰ প্ৰতিজন ব্যক্তিৰ লগত থকা বান্ধোনবোৰ গাঢ় হৈ পৰে৷ প্ৰকৃতিৰ মাজত মানুহৰ মনবোৰ সুন্দৰ হৈ পৰে৷ প্ৰকৃতি আৰু নিজক বুজিবৰ বাবে ট্ৰেকিং এক উত্তম পন্থা৷
‌অসমৰ দ্বিতীয়গৰাকী এভাৰেষ্ট আৰোহী তথা যি গৰাকী অসম সু সন্তানে এতিয়ালৈ ৫খন মহাদেশৰ সৰ্ব্বোচ্চ শিখৰ আৰোহন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে সেই গৰাকী অসম সন্তান পৰ্বতাৰোহী মনীষ কুমাৰ ডেকাৰ মতে পৰ্বত আৰোহন আৰু ট্ৰেকিংৰ মাজত কিছু পাৰ্থক্য আছে৷ তেখেতৰ মতে পৰ্বত আৰোহন অত্যন্ত কঠিন যাক সকলো শ্ৰেণীৰ লোকে কৰিব নোৱাৰে৷ কিন্তু ট্ৰেকিং সকলো শ্ৰেণীৰ লোকে কৰিব পাৰে৷ বেছি কম বয়সীয়া আৰু বয়সীয়াল মানুহৰ বাবে পৰ্বতাৰোহন কৰাটো কিছু সমস্যাই দেখা দিয়ে কিন্তু ট্ৰেকিং সকলো শ্ৰেণীৰ লোকৰ বাবে সহজসাধ্য৷ পৰ্বতাৰোহনৰ বাবে যথেষ্ট বেছি টকা আৰু সময় খৰচ হয়, কিন্তু ট্ৰেকিংত সিমানখিনি সময় বা টকা খৰচ নহয়৷ তেখেতেৰ মতে ট্ৰেকিঙে শাৰীৰিক মানসিক উপযোগিতা বহুত৷ শাৰীৰিক স্বাস্থ্য, মানসিক স্বাস্থ্যৰ লাভালাভৰ লগতে ট্ৰেকিঙত এনে কিছুমান সাংঘাতিক মনোমোহা প্ৰাকৃতিক দৃশ্য দেখিবলৈ পোৱা যায় যে যি দৃশ্য সাধাৰণ ভ্ৰমণত দেখা পোৱা নাযায় আনকি পৰ্বতাৰোহনটো তেনে দৃশ্য দেখিবলৈ পোৱা নাযায় বুলি এভাৰেষ্ট বিজয়ী গৰাকীয়ে উল্লেখ কৰে৷ তেখেতৰ মতে অসমত ট্ৰেকিঙৰ যথেষ্ট সুবিধা আছে৷ যিহেতু অসমখন হিমালয়ৰ পাদদেশত অৱস্থিত আৰু ইয়াৰ দাঁতিকাষৰিয়া পাহাৰবোৰত ট্ৰেকিংৰ যথেষ্ট সুবিধা আছে৷ ইয়াৰ উপৰি অসমখন অভয়াৰণ্য, সংৰক্ষিত বণাঞ্চলৰে পৰিপূৰ্ণ৷ সেইবাবে ইয়াত জংগল ট্ৰেকিংৰ যথেষ্ট সুবিধা আছে৷ মাথোঁঁ কিছুমান বনাঞ্চলত চৰকাৰী ভাৱে অনুমতি নিদিয়াৰ বাবে কিছু অসুবিধা আছে আৰু কিছুমান ঠাইত চৰকাৰী অনুমতি লৈ ট্ৰেকিং কৰিব পাৰি৷
‌‌IIE গুৱাহাটীৰ চিনিঅ’ৰ প্ৰজেক্ট অফিচাৰ তথা অসমৰ এগৰাকী পৰ্বতাৰোহী হেমন্ত ৰাভাই শিশুসকল শিক্ষাত ট্ৰেকিঙৰ গুৰুত্ব সম্পৰ্কত কিছু মন্তব্য কৰে৷ তেখেতে কয় যে ট্ৰেকিং কিছুমান নীতি নিয়মৰ মাজেৰে কৰা হয়৷ ট্ৰেকিং কৰা সময়ত নিয়মানুৱৰ্তিতাৰ আৰু পৰিপাটিতাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হয়, যাৰ বাবে শৈশৱতে যদি ট্ৰেকিঙ কৰোৱা হয় শিশুসকল নিয়মানুৱৰ্তী আৰু পৰিপাটি হ’বলৈ শিকে আৰু নিজৰ জীৱনটোক সুন্দৰকৈ পৰিচালিত কৰিবলৈ শিকে৷ ট্ৰেকিং যিহেতু এক প্ৰত্যাহ্বানযুক্ত খেল, সেয়েহে শিশু সকলে ট্ৰেকিং কৰাৰ ফলত জীৱনৰ যি কোনো প্ৰত্যাহ্বনৰ মুখামুখি হ’ব পৰাকৈ সাহসী হৈ উঠে৷ পৰ্বত আৰোহন কৰা বা ট্ৰেকিং কৰা আৰু জীৱনৰ পাহাৰ বগোৱা একেই কথা৷ তেখেতে ইয়াকো কয় যে পশ্চিমীয়া দেশসমূহত একেবাৰে শিশু অৱস্থাতে বিদ্যালয়সমূহত মাহত এদিন বা দুদিন শিশুসকলক মা দেউতাকৰ পৰা দূৰত ট্ৰেকিঙ কৰিবলৈ লৈ যায় যাতে শিশুসকলে ট্ৰেকিংৰ পৰা বাস্তৱ জীৱনৰ কিছু অভিজ্ঞতা লাভ কৰে, আত্মবিশ্বাসী, স্বনিৰ্ভৰশীলতা, পৰিপাটিতা, নিয়মানুৱৰ্তিতা আদি জ্ঞান লাভ কৰিব পাৰে৷ ট্ৰেকিঙে শিশুসকলৰ ব্যক্তিত্বৰ বুনিয়াদ গঠন কৰে৷





Comments

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ