আলাপঃ মালৈ চিঠিঃ সোমেশ্বৰ বৰা

মালৈ চিঠি
*********

@ সোমেশ্বৰ বৰা

মৰমৰ মা,
 সেৱা ল’বি৷ আজি তোৰ মৃত্যু তিথি৷তোৰ ফটোখন শ্ব’কেচৰ পৰা উলিয়াই আনোতে মোৰ ছোৱালীৰ তোলনি বিয়াৰ ফটোখনো দেখি তোলৈ লিখিলোঁ, যদিও তই এই সংসাৰত নাই৷ তই জী থাকোতে তোক এইবোৰ সোধাৰ অৱকাশ নহ’ল৷ অথবা নুসুধিলোঁহেঁতেনো তই মনত দুখ পাৱ বুলি৷

💐তই দি যোৱা অভিমানৰ গুণ-গুণবোৰ মোৰ মনৰ ফুলনিডৰাত তোৰ স্মৃতি হিচাপেই থাপিলোঁ৷ তোৰ জেদ খিনিকে ৰুইছোঁ, দাইছোঁ জীৱনটো কঢ়িয়াবলৈ৷ সাঁতুৰিবও নেজানো৷খেৰকুটা হিচাবে অভিমানবোৰকে সাৱটিছোঁ৷ আজি পিছে তোক অন্য এটা কথাহে সুধিছোঁ৷ মোৰ মনত খপজপাই থকা এই অবুজ কথাৰ উত্তৰ তয়ো দিব নোৱাৰিলিহেঁতেন বাস্তৱত।৷

👍চেংগুটি খেলি আছিলোঁ৷ ভনীৰ ফ্ৰকটোত তেজ লগা দেখি তই বৰ ভয় খাইছিলি৷ পাছতহে গম পালোঁ ভনী ডাঙৰ হ’ল বুলি৷এইজনী ডাঙৰ হ’ল বুলি তই চকুপানী টুকিছিলি৷ লআচলতে তোক দেখি মই বৰ আচৰিত হৈছিলোঁ৷তোৰ ছোৱালী ডাঙৰ হ’ল তই হাঁহিবহে লাগিছিল৷ ছোৱালী ডাঙৰ হ’লে মাকবোৰে কান্দিবই লাগে নেকি?

👍কি হৈছিল টলকিব পৰাৰ আগতেই চিলনী অহাদি আহি পেহীয়ে তাইক টানি আনি চুকত ভৰাই দিলে৷কম খংখন উঠা নাছিল মোৰ৷
পুহ মহীয়া শেটেঙা লগা জাৰত তাইক মাটিত খেৰ পাৰি শুবলৈ দিলে৷

👍তাইলৈ বাৰু তহঁতৰ অকণো বেয়া লগা নাছিলনে? সেই কেইদিন তাইক কি খাবলৈ দিছিলি মনত আছেনে তোৰ? তহঁতৰ সমাজৰ এই কৌটিকলীয়া পৰম্পৰাক দোহাই তাইক সজাত ভৰাই ৰীতিনীতিৰ নামত কিমান কষ্ট দিলি তই হয়তো গমেই নেপালি৷

👍মতা মানুহ চাব নাপায় এই ভাবেৰে তাইক মোৰ পৰাও বঞ্চিত কৰি তাইক ভয় খুৱালি সেইকেইদিন৷

👍এদিন তাইক কইনা সজালি৷ সবেই খুব তামাচা কৰিলি তাই ডাঙৰ হোৱাক লৈ৷ মই কিন্তু তাইক বৰ ইতিকিং কৰা যেনহে পালোঁ৷ ভোজ ভাত খুৱালি ঠিকেই কিন্তু কিনো কলপুলি এটাৰ লগত তাইক বিয়া দিলি সেইটোহে নুবুজিলোঁ৷ তাইৰ আলসুৱা চনকা কলিজা খনত বিৰূপ সাঁচ পেলোৱা তোৰ সমাজৰ এই কলপুলিটো বাৰু কোন তই বাৰু জানিছিলিনে?

👍তাই ডাঙৰ হ’ল ঠিকেই কিন্তু তাইৰ স্বাধীনতাবোৰ তহঁত সৱে মিলি বিক্ৰী কৰি দিলি৷ আগৰ দৰে দৌৰি ঢাপৰি খেলিবলৈ নিদিয়া হ’লি৷ ডাঙৰকৈ কথা ক’লে চকু পকাই ধৰা হ’লি৷ মন খুলি হাঁহিলেও জেঠাইয়ে চঞ্চল বুলি ধমকি দিয়ে৷ লগৰ ল’ৰাৰ লগত গা-ত গা লাগিলেও পাপ হয় বুলি শিকালি৷

👍কেলেণ্ডাৰত চিন দিবলৈ শিকালি তাইক তাই অস্পৃশ্য হোৱাৰ তাৰিখ৷ সেইকেইদিন আইতাৰ ওচৰতো যাব নোৱাৰে খুন্দা তামোল অকণ খাবলৈ৷ আৰু ঈশ্বৰ!

👍ঈশ্বৰ যদি সকলোতে আছে সেই কেইদিন তাই ঈশ্বৰৰ ওচৰলৈও যাব নোৱাৰে কিয়? ধূপকাঠী জ্বলাব নোৱাৰে, তুলসীৰ তলখন মচিব নোৱাৰে৷ ঈশ্বৰো চুৱা হয় নেকি মা?

👍কথাটো কি জান মা, ডাঙৰ হোৱাটো ছোৱালীৰ পাপ নহয়৷ তাই চুৱা বা অস্পৃশ্য নহয়৷ তাই পূৰঠ হয়, উৰ্বৰা হয়৷ এইবোৰ একো নেজানিলি অথবা জানিবলৈ চেষ্টাও নকৰিলি৷ নীৰৱে সকলো সহি গুচি গ’লি৷ কাহানিও প্ৰতিবাদ নকৰিলি৷

👍সাৰাংশঃঃ তোক কিন্তু কৈ থ’লো, মোৰ ছোৱালীজনীৰ ফ্ৰকত যেতিয়া তেজ লাগিছিল আমি কিন্তু কন্দা নাছিলোঁ৷ মাহী,পেহী,খুৰী সকলোৰে ওচৰত সবল প্ৰতিবাদ কৰি তাইক সজাত সুমুৱাবলৈ নিদিলোঁ৷ তাইক মাটিত শুই কষ্ট পাবলৈ নিদিলোঁ আৰু তহঁতৰ সমাজৰ পৰম্পৰা ভাঙি কোনো কলপুলিলৈ বিয়া নিদিলোঁ৷ সেই সময়ত তাইক ভালকৈ খাবলৈহে দিলোঁ৷ চাফ-চিকুণ হৈ থাকিবলৈ শিকাই ভয় নুখুৱাই তাই যে পূৰঠ হ’ল তাইক কথাটো ভালকৈ বুজাই দিলোঁ তই দি যোৱা অভিমানবোৰ বুকুত বান্ধি৷

(সহায় লৈ)

, , , , , , , ,

Comments

  1. বহুত সুন্দৰ লিখিলে! বহুত ভাল লাগিল!

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ