কবিতাঃ শীতঃ খনিন্দ্ৰ ভূষণ মহন্ত

>> শীত <<

মুকুতা জিলিকা চোতালখনত
সানন্দে উমলি থাকে
সুমথিৰা হেন ৰ’দজাক

দাৱনীৰ পদ-ছন্দত নৰা-পেঁপাৰ সুৰ
আকাশত ভাঁহে
কুঁৱলিয়ে লাহে-লাহে মেলি দিয়ে বগা চাদৰখন

বাৰিষা সিঁচি দিয়া সপোনটোৰ পূৰ্ণতাত
ডাঙৰি কঢ়িওৱা ডেকাৰ ঘাম
টোপা-টোপে সৰে

হিম-চেঁচা বতাহজাকে বুজিব নোখোজে
থক-থককৈ কঁপি থকা
পদপথৰ নাঙঠ শিশুবোৰৰ কথা

নাৰিকল পাতত দুছেও হৈ
জ্বলি মৰা জোনে নাজানে
দীঘল নিশাবোৰৰ বেথা

কবিজনৰেই ভাল
আপোনভোলা হৈ কৈ যায়-
শীত কাৰ
উপভোগ কৰিবলৈ ধনীৰ
অনুভৱ কৰিবলৈ দুখীয়াৰ৷

>> শ্ৰী খনিন্দ্ৰ ভূষণ মহন্ত৷ 

Comments

  1. গোটেই খিনি চকুত ভাঁহি উঠিল৷ ইমান সুন্দৰ বৰ্ননা৷

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ