একমিনিটৰ গল্পঃ গিলগমেষঃ সোনটো ৰঞ্জন বৰুৱা
#গিলগমেষ
( Epic of Gilgamesh )
সোনটো ৰঞ্জন বৰুৱা
মই আজিকালি যুঁজিবলৈ এৰি দিলোঁ৷ এটা সময় আছিল, মই দৈনিক তিনি চাৰিটা পইতাঁচোৰাৰ লগত দুই তিনিটা বাদাম পানীত তিয়াই খাইছিলোঁ৷ দৈনিক দেহত তেলমালিচ কৰিছিলোঁ৷ ৰাতি টোপনি যোৱাৰ পাছত কুটুবমিনাৰ বগাই দেশৰ ফালে উৰি অহা মিচাইলবোৰত জঁপিয়াই উঠি ভাৰত মহাসাগৰত ডুবাই দিছিলোঁ৷ মই খঙাল আছিলোঁ প্ৰতিটো কথাতেই৷
মই মোৰ নিজৰ সময়ৰ প্ৰতিখন যুদ্ধত জঁপিয়াই পৰিছিলোঁ৷ সময় পাৰ হৈ গ’ল, কিন্তু বৃদ্ধ নহ’ল, সি ক্ৰমান্বয়ে ভয়াবহ হৈ গ’ল৷ মই পৃথিৱীৰ সকলো নায়কক বিচাৰি ফুৰিলোঁ, সকলো নায়কেই নিজ নিজ সময়ৰ লগত যুদ্ধত ব্যস্ত আছিল৷ গিলগমেষ, মাত্ৰ গিলগমেষ নাছিল৷ তেওঁ নিজৰ অতীতত ৰৈ গ’ল, পৃথিৱীৰ বাকী নায়কসকলে তেওঁ অহালৈ বাট চাই আছিল৷ পিছে তেখেত কোনো দিনেই নাহিল৷
মই বাদাম খাবলৈ এৰি সেই টকাৰে কোৱাৰ্টাৰ কিনিবলৈ ললোঁ৷ মই তেলেৰে আলু ফ্ৰাই কৰিবলৈ ললোঁ৷ সেইদিনাই গিলগমেষ আহি মোক ক’লে, তেওঁ আৰু কেতিয়াও নিজৰ সময়লৈ উভতি নাযায়৷ কথাষাৰ শুনিয়েই মই তেওঁক কাপুৰুষ বুলি অনেক গালি গালাজ কৰিলোঁ৷
মই এতিয়া কিতাপৰ মাজত৷ কিতাপবোৰে বৰ কথা কয়, একেবাৰে কাণ তাল মাৰি যায়৷ মই সকলো কিতাপক আলমিৰাত বন্ধ কৰি শুই গ’লোঁ৷ ৰাতি তৃতীয় প্ৰহৰত মই সাৰ পাই গ’লোঁ৷ এখন কিতাপ বাহিৰত ৰৈ গৈছিল৷ তাই সময়ৰ গীত গাই আছে, গাই গাই কান্দি আছে৷ মই তাইৰ গীতৰ সৈতে গতি কৰিলোঁ৷ তাই মোক সময়ৰ প্ৰতিটো কোণলৈ লৈ গ’ল৷ প্ৰতিটো কোণ মোৰ বাবে প্ৰয়োজনীয়, মই সময়ৰ গীতৰ সৈতে উভতি নাহি যুঁজ আৰম্ভ কৰিলোঁ৷
বয়সৰ এক সন্ধিক্ষণত মই এক নায়কৰ দৰে উভতি আহিলোঁ, তাত অন্য এজনে কোৱাৰ্টাৰ আৰু ফিংগাৰ চিপচ লৈ বহি আছিল৷ তেওঁ মোক কাপুৰুষ বুলি তিৰস্কাৰ কৰি খেদি দিলে৷ মই নিজৰ সময়ৰ লগত যুঁজ কৰা নাছিলোঁ৷ মই কাপুৰুষ আছিলোঁ৷ মই পলৰীয়া আছিলোঁ৷ মই নিজ সময়ৰ গিলগমেষ আছিলোঁ৷ মই যুঁজিবলৈ এৰি দিছিলোঁ৷
ভাল লাগিল
ReplyDelete