ধাৰবাহিক গল্পঃ বৰাহ (দ্বিতীয় খণ্ড)ঃ ধ্ৰুৱজ্যোতি অৰ্জুন

বৰাহ -২

ধ্ৰুৱজ্যোতি অৰ্জুন

ৰাজকুমাৰ ইমুশৰ প্ৰসাদত ধ্ৰোমক আৰু হিবংগক উষ্ম আদৰণি জনালে একালৰ দেৱসকলৰ মহাযোদ্ধা পুৰুষে৷ দুয়ো অভ্যাগতে বিমুগ্ধ নয়নেৰে চাই ৰ’ল বহু যুদ্ধৰ নায়ক “পুৰুষ”লৈ৷ কালৰ পৰশত সামান্য বয়সৰ প্ৰভাৱ পৰিলেও প্ৰথম দৃষ্টিতে অনুমান কৰিব পাৰি পুৰুষৰ দেহত এতিয়াও সেই তাহানিৰ শৌয্যবীৰ্য্য অটুত আছে৷ এয়াই তেনে দেৱসমাজত কিংবদন্তী হৈ পৰা মহাবীৰ পুৰুষ৷ বৃত্ৰাসুৰ বধৰ মহানায়ক পুৰুষ৷ প্ৰেমৰ বাবে অমৰাৱতী এৰি অৰণ্যবাসী নাগ সকলৰ আপোন হৈ পৰা প্ৰেমিক পুৰুষ৷ মাজত মাথোঁঁ তিনিদশক৷ যোৱা তিনিদশক পাৰ হোৱাৰ পাছতো পুৰুষৰ গৰিমা ম্লান হোৱা নাই অমৰাৱতীত৷ আজিও অমৰাৱতীৰ জনগণৰ বাবে আপোন পুৰুষ৷
 প্ৰথমতে অভিবাদন জনালে দুয়ো অতিথিয়ে তেওঁলোকৰ একালৰ নায়কক৷ পুৰুষেও পুত্ৰবৎ আদৰিলে দুয়োকে৷ ইতিমধ্যে তেওঁ পুত্ৰৰ পৰা গম পাইছে অৰণ্যৰ মাজত সংঘটিত ঘটনা প্ৰবাহ৷ পুত্ৰৰ মহানুভৱতাৰ গৌৰৱেৰে গৌৰৱাম্বিত হৈ পৰিল পুৰুষ৷ অমৰাৱতীৰ দৰে সুদৃশ্য নগৰৰ পৰা তেওঁলোকৰ অৰণ্য আগমনৰ উদ্দেশ্যৰ বিষয়ে জানিবলৈ পুৰুষ আগ্ৰহী হৈ উঠিল৷ ধৌম্যক আৰু হিবংগই পুৰুষৰ আগত কৈ গ’ল যোৱা তিনিদশকত পুৰুষৰ অৰ্বতমানত অমৰাৱতীৰ বিভিন্ন পৰিঘটনাৰ কথা, যদিও গোপনে সকলোৰে অগোচৰে অমৰাৱতীৰ প্ৰতিটো খবৰেই ৰাখিছে পুৰুষে৷ অতিথি দুজনক সুৰক্ষাসহ পুনঃ অমৰাৱতীলৈ প্ৰত্যাগমন কৰোৱাই চিন্তাৰ কাৰণ হৈ পৰিল পুৰুষৰ বাবে৷ কাৰণ সেই প্ৰদেশত দেৱকুলৰ বাদে অন্য লোকৰ প্ৰৱেশ নিষিদ্ধ৷ সিদ্ধান্ত হ’ল ৰাজকুমাৰ ইমুশৰ নেতৃত্বত বিশেষ বাহিনীয়ে অমৰাৱতী পৰ্য্যন্ত সুৰক্ষা দি নিব দুই অতিথিক৷ দেৱলোকে যাতে ভুল বুজি দলটোক উলোটাই আক্ৰমণ নকৰে তাৰ বাবে নাগসকলৰ প্ৰচলিত নাগচিহ্নযুক্ত নিচানৰ পৰিবৰ্তে তেওঁলোকে কঢ়িয়াই নিব পুৰুষৰ বিশেষ চিহ্নযুক্ত নিচান৷ তিনি দশকৰ পাছত জম্মুদ্বীপৰ ভূমিৰ বৌমত আন্দোলিত হ’ল এসময়ৰ দুৰন্ত যোদ্ধা পুৰুষৰ বিশেষ চিহ্নযুক্ত নিচান৷
সেই বিশেষ চিহ্নযুক্ত নিচান আন্দোলিত কৰি ৰাজকুমাৰ ইমুশৰ নেতৃত্বত পুৱাতে ৰাওনা হ’ল দুই অতিথিক নিৰ্বিঘ্নে গন্তব্য স্থানত উপস্থিত কৰাবলৈ৷ দেৱসকলৰ বৰ্তমানৰ প্ৰধান দেৱেশলৈ আগতীয়াকৈ এই বাৰ্তা অৱগত কৰিবলৈ পুৰুষে বিশেষ কটকী আগতীয়াকৈ প্ৰেৰণ কৰিলে৷ বীৰ হ’লেও তেওঁ পিতৃ৷ ৰাজকুমাৰ ইমুশৰ সুৰক্ষা তেওঁৰ বাবে অন্যতম বিচাৰ্য্য৷ দেৱসকলৰ বৰ্তমানৰ প্ৰধান দেৱেশৰ আচৰণ সন্দৰ্ভে তেওঁ ভালদৰেই জ্ঞাত৷ কুটনীতিৰ ভঁৰাল দেৱসকলে যাতে অনভ্ৰিপ্ৰেত কোনো পৰিস্থিতিৰ উদ্ভৱ কৰিব নোৱাৰে তাৰ বাবেই এই বিশেষ ব্যৱস্থা৷ অন্যথা চল কৰি সৰলমতীয়া ইমুশৰ কোনো অপকাৰো সাধন কৰিব পাৰে দেৱসকলে৷ দেৱসকলৰ চল-চাতুৰীৰ কথা সৰ্বজন বিদিত৷ তেওঁ এইটোও দৃঢ় বিশ্বাস যে লগত যোৱা সেই এমুঠি সেনাৰেই প্ৰলয় নমাই আনিব পৰাকৈ ৰাজকুমাৰ ইমুশ সক্ষম৷ দেৱপ্ৰধান দেৱেশৰ পৰা অহা অভয়দানে নিচিন্ত কৰি তুলিলে পুৰুষক৷

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ