গল্পঃ ৰতনঃ ধ্ৰুৱজ্যোতি অৰ্জুন
ৰতন
ধ্ৰুৱজ্যোতি অৰ্জুন
থৰথৰকৈ কঁপিছে সি৷ সন্মুখক জাক জাক শতৰু সেনা৷ তাৰ প্ৰিয় জন্মভূমিৰ শতৰু৷ শতৰু নহয় সেইবোৰ৷ আইতাকৰ মুখত সৰুতে শুনা অসুৰহেন শ্ৰী তাঁহাতৰ৷ দীঘল দীঘল দাড়িৰে সেইসোপা যেন সাক্ষাৎ যমদূত৷ ৰাতি এপৰলৈকে মূৰৰ ঘাম মাটিত পেলাই লুইতৰ পাৰত তাহাঁতে বন্ধা গড়বোৰ পলকতে কামানেৰে উৰুৱাই চূচুৰ্মৈ কৰি আনিছে৷ পাছ হুহুঁকি আহিব লগা হৈছে তাহাঁতৰ নাও৷ উজাই আহিছে শতৰু৷ তাহাঁতৰ যুদ্ধ নিনাদে বুকু কঁপাই দিছে ৰতনৰ৷ পাকৈত কাঁড়ীৰ পৰা কিছুদিনৰ আগতে শইকীয়ালৈ উন্নীত হৈছে ৰতন৷ দুখন নাও আছে ৰতনৰ নেতৃত্বত৷ ঘনে ঘনে ৰতনে বৰফুকন ডাঙৰীয়াৰ বাহৰলৈ চাইছে৷ তীৰকঁপে নৰিয়াত বৰফুকন৷ তেওঁৰ অবৰ্তমানত দেশ যায় যায়৷ অস্থিৰ হৈ পৰিল ৰতন৷ নাতিদূৰত সেয়া বাঘ হাজৰিকা মহোদয়ৰ নাও৷ ৰতনে নিৰ্দেশ দিলে নাৱৰীয়াক হাজৰিকাৰ দিশে নাও চপাবলৈ৷
ঃ ৰতন, দেশ দেখোন তল যায়৷ ৰখাব লাগিব৷ বৰফুকন ডাঙৰীয়া তীৰকঁপে নৰিয়াত৷ আহ শেষ চেষ্টা কৰোঁ সুনীয়া হেংদাঙৰ মান ৰাখোঁ৷"
হাজৰিকাৰ কথাত উৎসাহিত হৈ পৰিল ৰতন৷ কঁকালত আঁটি লোৱা টঙালিখন চুই চালে৷ টঙালিৰ সুসজ্জিত কৰি থোৱা আছে কটাৰী নলীয়া হিলৈ৷ ৰণলৈ আহোঁতে সেউতীয়ে দিয়া৷ অহাবেলি বহাগত তাইক চপাই অনাৰ কথা দি থোৱা আছে৷ আহিবৰ সময়ত টঙালীখন দি সেউতীয়ে কৈছিল “স্বৰ্গদেউৰ হকে কাটি আহিবি নহ’লে কটা যাবি, পিঠি দেখুৱাই আহিলি বুলি শুনিলে জানিবি সেউতী আপোনঘাটী হ'ব"।
হাজৰিকাৰ পৰামৰ্শ মতে ৰতনে নিজৰ নাও পুনৰ সাজু কৰিলে ৰণলৈ৷ বাকী সকলে ৰণ এৰি ভটীয়নী সোঁতত নাও মেলি দিয়াৰ দৰে সি নকৰে৷ খামোচ মাৰি ধৰিলে তাৰ কাৰ্ফাই ধনু৷ মোগলৰ বৃহৎ বৃহৎ এখন নাওৱেই গিলি থ’ব পাৰে তাৰ দৰে সৰু সৰু দহখন নাও৷ কিন্তু হাজৰিকাৰ দিহাত তাৰ মনত নতুন আশাৰ সঞ্চাৰ হ’ল৷ মোগলৰ বৃহৎ নাৱৰ তুলনাত তাহাতৰ সৰু সৰু নাওবোৰৰ গতি বহু বেছি৷ গতিকে খৰতকীয়াকৈ ৰণত চিলনীৰ দৰে পাক দিব পাৰে৷ এইজন বিষয়াৰ প্ৰত্যুৎপন্নমতিতাক স্বয়ং বৰফুকন ডাঙৰীয়াইও মানে৷ হাজৰিকাৰ দহখন নাৱৰ দুয়োকাষে সাজু হ’ল ৰতনৰ কাঁড়ী সকলৰ দুখন নাও৷
খন্তেক পাছতে লুইতৰ বুকুত দেখা গ’ল এক অনন্য দৃশ্য৷ পিছহুহুঁকি অহা অসমীয়া সেনাৰ নাওসমূহৰ পৰা মোগলৰ নাৱৰ দিশে খেদা মাৰি গৈছে বিশখন নাৱে৷ সেই সৰু বাহিনীটোৰ দুয়োকাষৰ পৰা আকাশ ছাটি মোগলৰ দিশে উৰি গৈছে জাক জাক তীৰ৷ সাময়িক উশাহ যেন বৰফুকনৰ অনুপস্থিতিত বিপৰ্যস্ত অসমীয়া ৰণুৱাৰ বাব
ৰতন।
( ২)
বাঘ হাজৰিকাৰ সৈন্য সজ্জাত ৰতন অভিভূত হ’ল৷ তাৰ নেতৃত্বত কাড়ী নাও দুখন মূল দলৰ দুয়োকাষে৷ তাৰ কাষতে হিলৈদাৰী নাও কেইখন৷ মূল কামানধাৰী নাওখন দলৰ সোঁমাজত৷ হাজৰিকাৰ মন্ত্ৰনা কণুৱা হৈ চোঁ মাৰিবি, পাৰ হৈ বাগী দিবি, আই কামাখ্যাই জিভা মেলি গিলিব মোগল৷ ৰতনৰ মনত পৰিল যোৱা বেলি বহাগত ৰংঘৰৰ বাকৰিত চোৱা শেন যুঁজৰ খেলখন৷ কণুৱা উৰি চোঁ মাৰি আকাশতে পাৰৰ বুকু চিৰে৷ কিন্তু পাৰৰ বাগী দিয়া স্বভাৱত কণুৱাও বিপাঙত পৰে৷ আজি চিকাৰ আৰু চিকাৰী দুয়োৰে গুণ ল’ব লাগিব৷ হাতৰ কাৰ্ফাই ধেনু টানকৈ ধৰিলে ৰতনে৷ তুনৰ তীৰ সমূহ পৰীক্ষা কৰিলে সি৷ প্ৰতিডাল তীৰেই বিষাক্ত৷ অকণমান লাগিলেই মৃত্যু নিশ্চিত৷ কঁকালৰ টঙালীত আলফুলে হাত দিলে সি৷ সেউতীৰ মৰমবোৰ সাঁচি থোৱা আছে তাত৷ “তোক লাজ পাব নিদিও সেউতী হয় কাট খাম নহয় কাটি জয়ী হৈ যাম “ মনতে বিৰবিৰাই উঠিল ৰতনে৷
“জয় স্বৰ্গদেৱৰ জয় “ শৰীৰৰ সমস্ত শক্তিৰে চিৎকাৰ কৰি উঠিল ৰতনে৷ কাৰ্ফাইত জুৰি ল’লে বিহসনা তীৰ৷ ৰতনৰ সতে তাল মিলাই প্ৰতিখন নাৱৰ পৰা লুইতৰ দুয়োপাৰ নিনাদিত কৰি ভাঁহি আহিল একেই জয়ধ্বনি৷ কণুৱাৰ দৰে চোঁ মাৰি ২২খন নাৱে তীব্ৰবেগে ধাবমান হ’ল মোগল সেনাৰ দিশে৷
পলাবলৈ উদ্যত হোৱা অসমীয়া সেনাৰ মাজৰ পৰা মোগল সেনাক উদ্দেশ্যি চোঁ মাৰি অহা নাওকেইখন দেখি মোগল সেনা হতভম্ব হ’ল৷ সেনাপতি ৰামসিংহ গভীৰ চিন্তাত পৰিল৷ জহৰ ব্ৰত লোৱা ৰাজপুত দেশৰ যোদ্ধা তেওঁ৷ মৃত্যুভয় উপেক্ষা কৰি দেশ ৰক্ষাৰ উদ্দেশ্যে এই দৰে খেদি অহাৰ অৰ্থ জানে তেওঁ৷ তেওঁলোকৰ শক্তিক দুৰ্বলতালৈ পৰিণত কৰিব পাৰে এই ক্ষুদ্ৰ দলটোৱে৷ লুইতৰ কোবাল সোঁতত এই সৰু নাও কেইখনৰ গতিৰ আগত তেওঁলোকৰ বৃহৎ নাও সমূহ কাবু হ’ব পৰা ভয়টো আগৰে পৰা সেনাপতি ৰামসিংহই অনুমান কৰি থৈছিল৷
তথাপিও তেওঁ কামানধাৰী সকলক সষ্টম হ’বলৈ নিৰ্দেশ দিলে৷ কাৰণ বৰফুকনৰ অসুস্থতাৰ সুযোগ লৈ কৰা এই আক্ৰমণত মোগল সেনা জয়ী হ’লে অসম চিৰকালৰ বাবে মোগলৰ কৰতলীয়া হৈ ৰ’ব৷
তীৰ কামানেৰে সজ্জিত অসমীয়া সেনাৰ নাওসমূহে মোগলৰ নাও তীৰেৰে ঢুকি পোৱা হওঁতে হঠাতে পূৰ্ণ বেগ ল’লে৷ পানীত শিহুৱে খেলাৰ দৰে দুভাগ হৈ মেল খাই পৰিল অসমীয়া নাওকেইখন৷ ৰতনৰ হুংকাৰত জাক জাক তীৰে আকাশ ফালি উৰি আহিল মোগলৰ নাৱৰ দিশে৷ ইফালে লুইতৰ ভটীয়নী সোঁতত কান্দুলী মাছৰ দৰে নচা সৰু সৰু নাওকেইখন মোগলৰ বৰটোপে লক্ষ্য স্থিৰ কৰি দাগিব নোৱাৰা হ’ল৷ “জয় স্বৰ্গদেউৰ জয় “ ধ্বনিৰে অসমীয়া সেনাৰ নাৱৰ পৰা একে সময়তে নিৰ্গত হ’ল হিলৈৰ বৰষুণ৷ আক্ৰমণৰ কেইদণ্ডমানৰ ভিতৰতে লুইতত জাহ গ’ল ১০খন মোগল নাও৷ মোগল চাউনীত হাহাকাৰ আৰম্ভ হ’ল৷
আনহাতে অসমীয়া সেনাৰ পলাবলৈ উদ্যত হোৱা নাওসমূহত ৰতনহঁতৰ এই সফলতা দেখি উছাহ আহিল৷ সিফালে বৰফুকনৰ বাহৰতো যেন হঠাতে কিবা এটা খদমদম দেখা গ’ল৷ তীৰকঁপে জ্বৰ গাত লৈয়ো হাতত সুনীয়া হেংদাং মুঠি মাৰি ৰণুৱাৰ সাজেৰে উলাই আহিছে বৰফুকন দেউতা৷ জ্বৰৰ ভৰত নে খঙত বৰফুকনৰ চকু তেজ যেন ৰঙ? থকথককৈ কঁপিছে দৈৱজ্ঞ৷ দেশৰ প্ৰতি থকা বৰফুকনৰ প্ৰীতি সৰ্বজন বিদিত৷বৰফুকন নহয় যেন যুদ্ধৰ দেৱতা৷ লুইতৰ দুয়োপাৰ আন্দোলিত কৰি গমগমাই উঠিল বৰফুকনৰ মাত,
“ ৰাইজ, মই যুঁজলৈ ওলালোঁ৷ যাৰ যাৰ তিৰী, ল’ৰা-ছোৱালী আছে কুশলে উভতি যাওক৷ পৰাজয়ৰ গ্লানি লৈ পৰিয়ালক, স্বৰ্গদেউক মই এই মুখ দেখাবলৈ নাই৷ ৰণত যদি সিফলীয়া হওঁ তেন্তে চিলা পৰ্বতৰ কাষতে মাটি এপুৰা আছে৷ তাতে মোক মৈদাম দিব, দৈৱজ্ঞ ৰণৰ ক্ষণ নাপালে স্বৰ্গদেৱে কটাৰ আগতে তোক মই কাটিম৷ “
দীপ্ত খোজেৰে বৰফুকন নিজৰ নাৱত উঠিল৷ বৰ্ম, কবচেৰে সু সজ্জিত বৰফুকনৰ খঙত তলবল মুখ৷ থতমত খাই হেহোঁনেহোঁ কৰি থকা নাৱৰীয়া এটাক তাতে হেংডাঙেৰে গদিয়াই পানীত পেলাই দিলে৷
বৰফুকনৰ নাও উজাই আহিল মোগলৰ নাৱৰ দিশে৷ ৰতনহঁতৰ সাহস হৈ৷ নাৱত যুদ্ধৰ পৰিবেশ জয়াল কৰি বাজি উঠিল জয়ঢোল৷ অকলশৰে শতৰুৰ দিশে খেদা মাৰি যোৱা বৰফুকনৰ নাৱৰ দিশে লুইতৰ বুকুত অসমীয়া সেনাই পাৰি দিলে জাক জাক নাও৷ খোজকাঢ়ি পাৰ হ’ব পৰা হ’ল লুইতৰ ইপাৰ সিপাৰ নাওৰ ওপৰেৰে৷
জয়ঢোলৰ চিনাকি মাতত যুঁজৰ মাজত ঘূৰি চালে ৰতনে৷ বৰফুকনৰ হাতত সুনীয়া হেংদাং ৰ’দত চিকমিক৷ দুগুন উৎসাহেৰে ৰতনৰ ক্ষুদ্ৰ দলটো নামি পৰিল ৰণত যুদ্ধোন্মাত্ত গোনা ম’হৰ দৰে৷ পানীৰ মাজত বিজুলী সঞ্চাৰে নাচি মোগলৰ নাৱৰ মাজে মাজে সোমাই ৰতনৰ বাহিনীয়ে মৰণ সংহাৰ চলাবলৈ ধৰিলে৷নাৱৰ গতিৰ বাবে মোগলৰ কামান আৰু তীৰে ঢুকি পোৱা নাই ৰতনৰ বাহিনীক৷ বাঘ হাজৰিকাই ৰতনক যুঁজ চলাই থকাৰ নিৰ্দেশ দি অসমীয়া সেনাৰ নাওসমূহতকৈ কিছু আগত থকা বৰফুকনৰ নাওখন সংগ দিবলৈ উজাই গ’ল৷ অকলশৰীয়া দেখি শতৰুৱে আসৈ পাব পাৰে বুলি৷
মোগলৰ নাৱৰ মাজত মৰণ সংহাৰ চলাই থকা ৰতন হঠাতে এটা দৃশ্য দেখি আতংকিত হৈ পৰিল৷ বৰফুকনৰ নাৱৰ দিশে পোন খাই মোগলৰ নাৱৰ পৰা মূল কামান৷ সৰ্বনাশ হ’বলৈ কেইটা পৰ! হাজৰিকাৰ নাও বৰফুকনৰ নাৱৰ কাষ পাবলৈ কেইবা ফালেঙৰ বাট৷ বৰফুকন অবিহনে ৰণ জিকা অসম্ভৱ৷ৰণত পৰাজয় মানেই সেউতীহঁতৰ দৰে বহু গাভৰুৰ সৰ্বনাশ কৰিব এই অসুৰ বাহিনীয়ে৷ বৰফুকন দেউতাৰ নাৱৰ গুৰিয়ালে হয়তো মন কৰা নাই মোগলৰ বৰটোপ, তেওঁলোকৰ উদ্দেশ্যি পোন হোৱাটো ৰতনে এটা সিদ্ধান্ত লৈ পেলালে৷ নাৱৰীয়াক নিৰ্দেশ দিলে নিজৰ নাও মোগল আৰু বৰফুকনৰ নাৱৰ মাজত সুমুৱাই দিৱলৈ৷
নাৱৰীয়া আৰু ৰতনৰ নাৱৰ কাড়ী সকলেও বুজি উঠিল যেন কথাবোৰ৷ ৰাঘ বৰালীৰ দৰে বুকু ফিন্দাই ৰতনৰ নাও ঠিয় হ’ল বৰফুকনৰ নাৱৰ সন্মুখত ঢাল হৈ। ৰতনৰ নাৱৰ সকলো ৰণুৱাই একে সময়তে কাৰ্ফাইত তীৰ জুৰি ঠিয় হ’ল একেলগে৷ ৰতনৰ কঁকালৰ টঙালিখন লুইতৰ বতাহত নাচি উঠিল৷ যেন কোনো মহাযোদ্ধাৰ নিছান৷ ৰতনৰ লক্ষ্য স্থিৰ কামান দাগিৱলৈ উদ্যত মোগলৰ সেনাটোলৈ৷
“গুৰুম “- প্ৰচণ্ড শব্দেৰে মোগলৰ কামান গৰজি উঠিল৷একে সময়তে আকাশত চোঁচোৱাই উৰিল ৰতন আৰু লগৰীয়া সকলৰ বিষাক্ত তীৰ মোগলৰ কামান কঢ়িওৱা নাওখনলৈ বুলি৷ তীৰসমূহে ভাগে ভাগে বিচাৰি ল’লে নিজৰ চিকাৰ৷ ৰতনৰ তীৰে ভেদ কৰি গ’ল কামান দগা মোগলৰ বক্ষ৷
মোগলৰ হিলৈৰ লক্ষ্যভেদ নহ'ল৷ বৰফুকনৰ নাও উদ্দেশ্যি অহা হিলৈ গা পাতি ল’লে ৰতনে৷ চুলিডালমানো অপকাৰ নহ'ল বৰফুকনৰ৷ সেউতীৰ উপহাৰ ৰঙা টঙালীখনৰ দৰেই শতৰুৰ হিলৈ ৰতনক ৰাঙলী কৰি পেলালে৷ নাৱে মানুহে ৰতন বাহিনী জয়ৰ গৌৰৱ বুকুত বান্ধি লুইতৰ বুকুত সোমাই পৰিল৷ ৰতন গ’লগৈ চিৰদিনৰ বাৱে সেউতীৰ বুকু উকা কৰি৷ কিন্তু জয়ৰ মহাগাঁথাৰ সূচনা কৰি৷ শৰাইঘাটৰ বিজয়।

আৰু লাগে এনেকুৱা গল্প
ReplyDeleteচকুৰ আগত যেন দুলি আছে প্ৰতিটো ক্ষণ । জীয়া গল্প ।
ReplyDeleteকপি উঠিল সমস্ত শৰীৰ৷
ReplyDeleteজিকাৰ খাই উঠিলো
ReplyDelete