গল্পঃ ছিৰিয়াত এজন যুৱক ১ঃ অসীম শইকীয়া

ছিৰিয়াত এজন যুৱক (১)
///////////////////////////

অসীম শইকীয়া

মই নাজানো কেনেকৈ অনুভৱ কৰে৷ সদায় ভাবো ভাগ্য ভাল কাৰণে জীয়াই আছোঁ কিন্তু মোৰ প্ৰিয়জন আৰু সম্বন্ধীয় সকলৰ মৃত্যুৰ বাবে যেন ময়েই দায়ী৷

 শাৰীৰিক ভাৱে মই অলপ আঘাত পাইছিলোঁ, এতিয়া সক্ষম যদিও মানসিক আঘাত এতিয়াও মোচ খোৱা নাই৷

 বহুত দিন এক সুন্দৰ টোপনিৰ আশাত অপেক্ষা কৰি আছোঁ, অলপ টোপনি ধৰিলেই এক অজান আংশকাত আকৌ সাৰ পাই উঠো৷

 ছিৰিয়াৰ বেছিভাগেই মোৰ দৰে সাৰি আহিবলৈ সক্ষম বা ভাগ্যৱান নাছিল৷ কেতিয়াবা আনন্দিত হওঁ যে মই যে জীয়াই আছোঁ৷

 মোৰ পিতৃ মাতৃ ১৯৭০ চনত বৃটেইনলৈ আহিছিল৷ মোৰ দেউতা এজন ডাক্তৰ আৰু মা এগৰাকী শিক্ষয়ত্ৰী৷ দুয়ো চুন্নী মুছলমান৷ জীৱনৰ আটাইতকৈ সুখী সময়বোৰ বৃটেইনতে কটাইছিল৷ ১৯৯৩ চনত মোৰ জন্ম৷ বৃটেইনতে ডাঙৰ দীঘল হৈছিলোঁ যদিও স্কুলৰ বন্ধৰ দিনত প্ৰায়েই ডামাছকাছলৈ আহিছিলোঁ আৰু দিন কটাইছিলোঁ৷

 মোৰ মা-দেউতা বা ওচৰ সম্বন্ধীয়ই ছিৰিয়াৰ ৰাজনীতিৰ বিষয়ে কমেই কথা পাতিছিলে, লণ্ডনত থাকিও ৰাজনীতিৰ বিষয়ে পতা নাছিল৷ কাৰণ আমাৰ মন্তব্যই ডামাছকাছত থকা সমন্ধীয় সকলৰ জীৱনৰ প্ৰতি ভাবুকি আনিব পাৰে৷ এই কথা কিমান সত্য নাজানো আৰু জানিবৰ চেষ্টা কৰাও নাছিলোঁ৷
 লণ্ডনৰ আমি থকা চুবুৰীটোত মধ্য প্ৰাচ্যৰ মানুহৰ সংখ্যা আটাইতকৈ বেছি৷ লেবানন মূলৰ এটা পৰিয়ালত ছিৰিয়াৰ পৰা অহা এজনী ছোৱালী পেয়িং গেষ্ট হিচাপে আছিল৷ তাইৰ নাম আছিল আবিৰা৷ লণ্ডনৰ ভাল কলেজ এখনত গ্ৰাফিক্চ ডিজাইনৰ কোৰ্চ কৰি আছিল৷

 মই তেতিয়া মেকানিকেল ইঞ্জিনীয়াৰিঙৰ প্ৰথম বৰ্ষত নাম ভৰ্তি কৰাইছিলোঁ৷ কলেজ যোৱাৰ সময়ত আবিৰাক মই সদায় বাটত লগ পাওঁ৷ মই জানো তাই ছিৰিয়াৰ ছোৱালী তথাপিও বিশেষ মোৰ লগত চিনাকি হোৱা নাছিল কিন্তু সদায় মোৰ দৃষ্টি তাইৰ ওপৰত থাকে৷

 সেইদিনা ভীষণ বৰষুণ হৈছিল৷ মই কফিৰ পিয়লাতো হাতত লৈ ঘৰৰ বাৰাণ্ডাত বহি বৰষুণ চাই আছোঁ৷ বাহিৰত দেখিলোঁ আবিৰাই বৰষুণত তিতি কলেজলৈ যাবলৈ ওলাই আহিছে, ইতিমধ্যে বৰষুণ জাক জোৰেৰে আহিব ধৰিলে, ভাবিলোঁ তাইক আমাৰ ঘৰলৈকে মাতি দিওঁ নেকি৷ কথাবোৰ ভাবি থাকোতেই তাই আহি আমাৰ বাৰাণ্ডাখনত ভৰি থ’লেহি, আৰু এটা মিচিকিয়া হাঁহি মাৰি তাই ক’লে-“ছ’ৰি“

 দুয়োটা বাৰাণ্ডাত ঠিয় হৈ আছোঁ, বৰষুণ জাক মোৰ এতিয়া খুব ভাল লাগিব ধৰিলে৷ এবাৰ আবিৰাৰ মুখলৈ চালোঁ, বৰষুণৰ টোপালে খেলি থকা মুখখনিত এক অপৰূপ সৌন্দৰ্য্য ফুটি উঠিছে৷ মোৰ মনত এক নতুন শিহৰণ জাগি উঠিল৷ অৱশ্যে এই বয়সত এনেকুৱা হোৱাটো স্বাভাৱিক৷

 সেইদিনাই তাইৰ সৈতে প্ৰথম চিনাকি হ’লোঁ, লাহে লাহে আমাৰ মাজত সম্বন্ধ ঘনিষ্ঠ হ’বলৈ ধৰিলে৷ মই গম পালোঁ যে তাইৰো ঘৰ ছিৰিয়াৰ ডামাছকাছত৷ দেউতাকৰ তেলৰ ব্যৱসায় আছে৷ লণ্ডনত তাই থকা লেবাণীজ পৰিয়ালটো দেউতাকৰ পুৰণি চিনাকি৷

 বয়সত তাই মোতকৈ দুবছৰ ডাঙৰ যদিও মোৰ এনে লাগে যে তাই মোতকৈ বহুত সৰু৷ ৷ দিনক দিনে আমাৰ ঘনিষ্ঠতাই এনে ৰূপ ল’লে যে মোৰ তাইক ক’বলৈ মন গ’ল “আবিৰা, মই তোমাক ভালপাওঁ৷ “

 এদিন সুযোগ বুজি মই তাইক এখন কফি শ্বপলৈ লৈ গ’লো৷ এক অজান শিহৰণ আৰু উত্তেজনাত মোৰ বুকুখন কঁপি উঠিছিল কাৰণ জীৱনত প্ৰথম বাৰৰ বাবে প্ৰেমৰ প্ৰস্তাৱ প্ৰক্ষেপণ কৰিব ওলাইছোঁ৷

 কফি শ্বপৰ কোণৰ এখন টেবুলত আমি দুয়ো বহিলোঁ, মই এপলক তাইলৈ চালোঁ৷ তাই তললৈ মূৰ কৰি বহি ৰ’ল৷

 তেনে সময়তে তাইৰ ম’বাইলটো বাজি উঠিল৷ ম’বাইলটো ৰিছিভ কৰাৰ অলপ সময়ৰ পাছতেই তাইৰ চকুকেইটা চকুপানীৰে ভৰি পৰিল৷ মই একো বুজি নাপালোঁ, অনুভৱ কৰিলোঁ কিবা এটা যেন অঘটন হৈছে৷ ম’বাইলটো অফ কৰি তাই এটা বাক্যই ক’লে “I have to go’ সেইবুলি তাই উধাতু খাই ওলাই আহিল৷

 মই তাইৰ ওচৰলৈ দৌৰি গ’লোঁ, সুধিলোঁ কি হ’ল- কান্দি কান্দি তাই ক’বলৈ ধৰিলে - মই এতিয়াই মোৰ মাতৃ ভূমিলৈ ৰাওনা হ’ম, তুমি মোক মাত্ৰ এয়াৰপৰ্টত থৈ আহা“

 মই পিছত গম পালোঁ চৰকাৰী সমৰ্থনপুষ্ট এটা গোটে তিনিটা পৰিয়াল নিঃশেষ কৰি পেলাইছিল ছিৰিয়াত৷ সেয়া হয়তো মোৰ জীৱনৰ এখন মহাযুদ্ধৰ প্ৰথম সংকেত আছিল৷

(ক্ৰমশঃ)

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ