গ্ৰন্থ উৎকীৰ্তনঃ ৰাধা তুমিঃ লেখিকাঃ কুসুমাঞ্জলি শৰ্মাঃ গ্ৰন্থ-সমালোচনাঃ নৱজিৎ মেধি
ৰাধা তুমিঃ
গ্ৰন্থ- সমালোচনা
*******************************
@ নৱজিৎ মেধি
লেখিকাৰ পৰিচিতিঃ কুসুমাঞ্জলি শৰ্মা৷ শ্ৰীমতী শৰ্মা কেন্দ্ৰীয় বিদ্যালয়, বৰঝাৰৰ প্ৰধান শিক্ষয়ত্ৰী আৰু কেবাখনো উপন্যাস আৰু কবিতা সংকলনৰ লেখিকা৷
প্ৰকাশকঃ চন্দ্ৰ প্ৰকাশ৷ পাণবজাৰ৷ গুৱাহাটী৷
বেতুপাতঃ প্ৰদীপ নাথ৷
মূল্যঃ ২৮০ টকা৷ ৰেহাই দিছেঃ ১০%
* নাৰী -পুৰুষৰ হৃদয়ত থকা প্ৰেমৰ গুণগুণনি বোৰৰ মাজত নিহিত হৈ থকা ঘটনা সম্বলিত উপন্যাসখন ৰচিত হৈছে চাৰিটা মুখ্য চৰিত্ৰৰ দ্বাৰা৷ নাৰী হৃদয়ত থকা প্ৰেমৰ প্ৰতিচ্ছবি খনে সকলোৰে অন্তৰ শৰবিদ্ধ কৰি পেলাব৷ ৰাধাৰ অন্তৰৰ পৰা নিগৰি নিগৰি ওলোৱা শব্দ- বাক্যই চুম্বকৰ দৰেই আকৰ্ষণ কৰিব সকলোকে৷
জীৱনৰ প্ৰথম প্ৰেম পাহৰিব পাৰিনে! ৰাধা - ৰূপকৰ প্ৰেমৰ মাজেৰে এই উপন্যাসত ডাঙি ধৰিছে - প্ৰেমে সৃষ্টি কৰা নাৰী- পুৰুষৰ মনোজগতৰ অন্তৰ্ভেদী কথাবোৰ৷ প্ৰেমিক- প্ৰেমিকাৰ অন্তৰত ক্ৰিয়া কৰি থকা আৰু হৃদয়ৰ পৰা মনগহণলৈ বিয়পি থকা সকলোঁ কথাকেই অতি সাৱলীল তথা মননশীল কৰি লেখিকাই এই উপন্যাসত ডাঙি ধৰিছে৷ মন-মগজ আচ্ছন্ন কৰি পেলাব ৰাধাৰ জীৱনৰ ঘটনাই৷ সুমধুৰ শব্দ-বাক্যই অন্তৰত সুৰীয়া গানৰ প্ৰতিধ্বনি তুলিবলৈ সক্ষম হ’ব এই উপন্যাস খনিয়ে৷ ২৯৬ পৃষ্ঠাৰ উপন্যাস খনৰ প্ৰতিটো খণ্ডৰে গাঁথনি বোৰ অতি আকৰ্ষণীয় হৈছে - অকণো আমনি নাপালোঁ এই উপন্যাসখন পঢ়ি৷
** উপন্যাস খনত থকা কিছু বাক্যৰ শাৰীঃ-
************************************
# সি জীৱনত মোক যিমান কষ্ট দিলে তাৰ তুলনাত এই আফচোচ একো নহয়!
# তাৰো ভুল আছিল৷ জিকমিকিয়া পোহৰ দেখি জোনাকৰ স্নিগ্ধতাক পাহৰি গৈছিল৷
# চাবা ৰস চুহি আমঠু পেলাই থৈ যাব! ল’ৰাৰ বিশ্বাস নাই৷ ভোমোৰা হয় সিহঁত৷
# সপোনবোৰে অট্টহাস্য কৰি তাইৰ চাৰিওফালে উৰি ফুৰিছিল৷ ৰাধা তুমি! ৰাধা তুমি!
# তাই কষ্টত থাকিব পাৰে- তাইৰ বাবে কোনোবাই হা হুমুনিয়াহ কাঢ়ি থকাটো তাই নিবিচাৰে৷
# বিয়াৰ বাবে এখন নিখুঁট মঙহৰ পৰ্দা জৰুৰী বুলি ভবা লোকৰ স’তে মই বিয়া নহওঁ৷
# কোনো ছোৱালীয়ে জীৱনৰ প্ৰথম প্ৰেম নাপাহৰে৷ পুৰুষে পাহৰে জানো?
# বহু মতা মানুহে নিজৰ ঘৈণীয়েকৰ পৰা বিচৰা আদৰ সাদৰ নাপায় বুলি বেলেগ মহিলাৰ পৰা সমবেদনা বিচৰাটো নতুন নহয়৷
# আপুনি জানেনে বিপন্ন শৈশৱে সময়ত মানুহক অস্বাভাৱিক ব্যক্তি কৰি তোলে?
# যিবোৰ সম্পৰ্কই কেৱল সময়ক দুঃসময় কৰি তোলে তেনে সম্বন্ধৰ দৰকাৰ কি!
# ভিতৰি ভিতৰি তাইৰ আত্মা মৰি গৈছে৷ এতিয়া মৃত আত্মাক লুকুৱাবলৈ তাইৰ জীয়া দেহটোত দামী দামী কাপোৰ পিন্ধে৷
# তাই বিমোৰত পৰিছে৷ প্ৰেম ইমান যন্ত্ৰণাদায়ক কিয়!
** দুই এটা ছপাশালৰ ভূত দেখা গৈছে যদিও লেখিকাই উপন্যাস খনৰ আগকথাত ভুল ভ্ৰান্তিৰ বাবে ক্ষমাপ্ৰাৰ্থী হৈ থকা হেতু এই বিষয়ত ক’বলৈ একো নাই৷
*** লেখিকাৰ সুস্বাস্থ্য আৰু অসমীয়া সাহিত্যৰ জগতত উন্নতি কামনা কৰিলোঁ৷
(লেখাটো নিতান্ত সাধাৰণ পঢ়ুৱৈ হিচাপে মই বিচাৰি পোৱা খিনিহে লেখিছোঁ-এই গ্ৰন্থ-সমালোচনাত)
@নৱজিৎ

Comments
Post a Comment