কবিতাঃ সপোন কোঁৱৰঃ সংগীতা মেধি

 সপোন কোঁৱৰ.....

এখন নেদেখা নদীৰ সিপাৰে আইতাৰ মুখত শুনা সপোন দেশৰ ৰাজকোঁৱৰ সাধুকথাৰ
মালা ধাৰী গাঁঠো
আলফুলকৈ দুচকুৰ পতাত l

বুজা নুবুজা শৈশৱত
আইতাৰ সপোন কোঁৱৰৰ সাধুকথা
শুকুলা মেঘৰ সিপাৰে থকা অজান দেশৰ ৰূপকোঁৱৰে শুকুলা ঘোৰাৰ পিঠিত উঠি মোক লৈ গতি কৰিব
সপোনৰ দেশলৈ।

য’ত থাকিব অফুৰন্ত ভালপোৱা নাথাকে দুখৰ বন্যা৷

যৌৱনৰ দলিচাত যেতিয়া প্ৰথম খোজ দিলোঁ শৈশৱত আইতা দুচকুত সিঁচি দিয়া সপোনবোৰে
সংগোপনে হিয়াৰ কোণত
মায়াবিনী সুৰৰ ঝঙ্কাৰ তুলিলে।

দুচকু মেলি বুজিবলৈ
বাধ্য হ’লোঁ সপোনৰ কোন দেশ নাথাকে
নাথাকে কোনো সপোন কোঁৱৰ l
বাস্তৱ যে সিমানেই কঠিন l

অাৰু যে ঘুৰাই আনিব নোৱাৰি ল’ৰালিৰ মধুৰ স্মৃতিৰে ভৰা দিনবোৰ
শুনিবলৈ নাপাওঁ আইতাৰ মুখত ৰূপকোঁৱৰৰ সাধু l

আঙুলি মূৰত যৌৱনৰ
যন্ত্ৰণাকাতৰ ক্ষণবোৰৰ পাৰ কৰিছোঁ l
আকৌ এবাৰ পাৰিমনে
দুচকু জপাই সপোনৰ দেশত উৰি ফুৰিবলৈ ll

সংগীতা মেধি।

Comments

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ