গল্পঃ ছিৰিয়াত এজন যুৱকঃ অসীম শইকীয়া



ছিৰিয়াত এজন যুৱক(৩)
///////////////? ///////

অসীম শইকীয়া

আবিৰা আঁতৰি যোৱাৰ পাছতেই জীৱনটো যেন মোৰ শূন্যতাৰে ভৰি পৰিল৷ এক গভীৰ হীনমন্যতাই গ্ৰাস কৰিব ধৰিলে মোক৷ একো ভাল নলগা হ’ল, মনটোৱে আবিৰাক বিচাৰি হাহাকাৰ কৰিব ধৰিলে৷ বহুতো চেষ্টা কৰিও যোগাযোগ কৰিব পৰা ন’গল৷ দিনক দিনে উৎকণ্ঠা বাঢ়িব ধৰিলে৷ মই মাত্ৰ অপেক্ষা কৰিলোঁ তাইৰ পৰা অহা এটা ফোনকলৰ, য’ত ভাঁহি আহিব তাইৰ ওঁঠ দুটাৰ পৰা নিৰ্গত হোৱা মিঠা মিঠা শব্দৰ প্ৰৱাহ৷

 আবিৰাৰ লগত কটোৱা সুখৰ আৰু আনন্দৰ মুৰ্হূতবোৰ মনত পেলালে মনতো দুখ আৰু বেজাৰত ভৰপূৰ হৈ পৰে৷ মোৰ চাল চলনবোৰ আগতকৈ সুকীয়া হ’ব ধৰিলে৷ অনুমান কৰিলোঁ মা-দেউতাই মোৰ গতি বিধিবোৰ দেখি যথেষ্ট ভয় খাইছে, দুয়োজনেই এতিয়া মোক সঙ্গ দিয়াত অকণো কাৰ্পণ্য নকৰা হ’ল৷

 মা দেউতাক মই আবিৰাৰ বিষয়ে কোৱা নাই৷ যেতিয়া মই দেউতাক মোৰ ককা দেউতাৰ দেশখন আৰু মধ্য প্ৰাচ্যৰ দেশবোৰৰ পৰিস্থিতিৰ বিষয়ে সোধো তেতিয়া প্ৰায়েই প্ৰশ্নবোৰৰ পৰা আঁতৰি ফুৰে৷

 ইণ্টাৰনেট মোৰ প্ৰিয় যদিও ৰাজনীতি আৰু অৰ্থনীতিৰ বিষয়ে কমেই চাৰ্চ কৰোঁ, নিউজ চেনেলবোৰ চোৱাৰ অভ্যাস খুব কম৷ এতিয়া পিছে চি এন এন, বি বি ছি ৰ দৰে চেনেল বোৰ চাবলৈ ল’লো মাত্ৰ আবিৰাৰ খাতিৰত৷ ছিৰিয়াৰ ঘটনা প্ৰৱাহৰ বিষয় জানিবলৈ মোৰ বহুত ইচ্ছা হ’ল৷

 আজিকালি দিনটোত দুবাৰমান মছজিদলৈ যাওঁ৷ এদিন মছজিদতে মহম্মদ আদিদ নামৰ এজন ব্যক্তিৰ লগত চিনাকি হ’লোঁ৷ তেওঁৰো ঘৰ ছিৰিয়াতে, লণ্ডনত থাকি এটা গাড়ীৰ গেৰেজত মেকানিকৰ কাম কৰে৷ মোতকৈ বয়সত দহবছৰমান ডাঙৰ৷ ছিৰিয়াৰ সকলো ঘটনা ৰাজি তেওঁৰ নখদৰ্পনত৷


 আদিদৰ নিমন্ত্ৰণ ক্ৰমে মই এদিন তেওঁৰ ঘৰ পালোগৈ, অকলশৰীয়া মানুহ, অলপ সময় পিছত তেওঁ মোক একাপ কফি খুৱালে৷ মেকানিকৰ কাম কৰিলেও আদিদ যথেষ্ট অধ্যয়নশীল মানুহ৷ সমগ্ৰ কোঠাতো কিতাপৰ ভৰ্তি হৈ আছিল৷

 অন্য কথা বতৰাৰ মাজতেই আমাৰ মাজত ছিৰিয়াৰ ৰাজনৈতিক পৰিস্থিতি ওপৰতো আলোচনা চলিব ধৰিলে, পিছে আলোচনা একপক্ষীয় আছিল, মই মাত্ৰ শুনি গ’লোঁ৷ নিউজত চাই যিকথা জনা নাছিলোঁ সেয়াও আদিদৰ মুখেৰে মই জানিব পাৰিলোঁ৷

 টিউনিচিয়া, ইজিপ্ততত চলি থকা গণতন্ত্ৰপন্থী বতাহজাক তেতিয়াও ছিৰিয়াত সোমাবলৈ বাকী আছিল৷ কিন্তু এটা চৈধ্য বছৰীয়া সপ্তম শ্ৰেণীত পঢ়ি থকা বালকৰ মনত সেই বতাহজাকৰ প্ৰভাৱ কেনেকৈ পৰিল জনা ন’গলেও ল’ৰাটোৰ কাণ্ড কাৰখানাই ছিৰিয়াক এখন বধ্যভূমিত পৰিণত কৰিবলৈ যথেষ্ট আছিল৷ সেই সৰু ল’ৰাটোৰ নামেই আছিল মৱি’য়া চ্যাচনে৷
৪)
২০১১চনৰ এপ্ৰিল মাহত মই আদিদৰ ঘৰত বহি আছিলোঁ৷ কথা পাতিছিলোঁ মোৰ আজোককাৰ দেশখনৰ পৰিস্থিতিৰ বিষয়ে৷ ইতিমধ্যে গৃহযুদ্ধৰ ফিৰিঙতিৰ টুকুৰাটো ফ্ৰেব্ৰুৱাৰী ২০১১তেই আৰম্ভ হৈছিল৷

 ছিৰিয়াৰ দক্ষিণাঞ্চলৰ ডেৰা নামৰ এটুকুৰা সৰু ঠাইত মৱি’য়া চ্যাচনেৰ জন্ম হৈছিল৷ মাক দেউতাক ককাই ভাইৰ সৈতে এক সুখী পৰিয়াল৷ লাহে লাহে আন ল’ৰাবোৰৰ দৰে মৱি’য়াৰ চৰিত্ৰটো ল’ৰালিৰ চঞ্চলমতীয়া গুণবোৰ ফুটি উঠিছিল৷

 মৱি’য়া বয়সত মাত্ৰ তেতিয়া চৈধ্য বছৰ, ওচৰৰে স্কুল খনত সপ্তম শ্ৰেণীৰ ছাত্ৰ, সি টেলিভিছন চাই খুব ভাল পায়৷ চিনেমা বা কমিকছ চোৱাতকৈ দেশ বিদেশৰ বাতৰিবোৰ শুনিহে সি ভাল পায়৷ সেই সময়ত টিউনিচিয়া আৰু ইজিপ্তৰ শাসন যন্ত্ৰৰ বিৰুদ্ধে গণতন্ত্ৰপন্থী সৰ্মথকৰ ভীষণ অৰিয়াঅৰি চলিব ধৰিছিল৷ নিউজ চেনেলবোৰে দিন ৰাতি এই ঘটনাবোৰ সম্প্ৰপ্ৰচাৰ কৰিব ধৰিছিল৷

 মৱি’য়াৰ মনটোত সেই দেশ দুখনত হোৱা ঘটনাৰাজিয়ে বাৰুকৈয়ে প্ৰভাৱ পেলালে৷ ৰাজনীতি কি, গণতন্ত্ৰ কি সেয়া সঠিককৈ বুজি নাপালেও তাৰ শিশু সুলম মনটোৱে যেন তাক ক’লে - ছিৰিয়াতো এক পৰিৱৰ্তনৰ প্ৰয়োজন৷ আল-আছাদৰ দৰে এজন ৰাষ্ট্ৰপতি বৰ্তমান সময়ৰ বাবে উপযুক্ত নহয় সি উপলব্ধি কৰিব পাৰিছিল৷

 সেইদিনটো মৱি’য়াৰ বাবে গতানুগতিক নাছিল৷ এক অবুজ বালকৰ দৰে সি তাৰ উদ্দেশ্য লগৰ সমনীয়া কেইজনৰ লগত আলোচনা কৰিলে, সমনীয়া কেইজনে মৱি’য়াৰ মন্তব্যবোৰ পৰিপক্ব ব্যক্তিৰ দৰে প্ৰতিবাদ কৰিবলৈ সক্ষম হোৱা নাছিল, মৱি’ৱাৰ পৰিকল্পনাত সকলো সমনীয়াই হয়ভৰ দিলে কাৰণ সিহঁতে ভাবিছিল এয়া সিহঁতৰ গতানুগতিক দুষ্টামিহে৷

 সিহঁতে স্কুলৰ গুদাম ঘৰৰ পৰা এক টিন ৰঙ আৰু৷ বহুতো ৰঙ কৰা ব্ৰাচ উলিয়াই আনিলে৷ সকলোৱে মিলিজুলি বিদ্যালয়ৰ পৰিসীমাৰ বেৰবোৰ ৰঙেৰে ৰাঙলী কৰি পেলালে, আৰু বেৰবোৰত লিখিবলৈ ল’লে “Your turn Next, Doctor(Assad).

 ছিৰিয়াৰ ৰাষ্ট্ৰপতি আছাদৰ বিৰুদ্ধে লিখা এই শ্লোগানটোৱে দেশৰ জনসাধাৰণৰ ওপৰত ভবিষ্যতে কি প্ৰভাৱ পেলাব সেই কথা যদি মৱি’য়া নামৰ ল’ৰাটোৱে বুজি পোৱাহেঁতেন হয়তো এনে কাম কেতিয়াও নকৰিলেহেঁতেন৷

 অলপ দিনৰ পিছতেই স্কুলৰ সীমাৰ বেৰত লিখা শ্ল’গানবোৰ আছাদ বাহিনীৰ দৃষ্টিত পৰিল৷ টিউনিচিয়া আৰু ইজিপ্তৰ আন্দোলনে এনেয়েও আছাদক ব্যতিব্যস্ত কৰি তুলিছিল, তেনেকুৱা সময়ত তেওঁৰ দেশত এনেকুৱা শ্ল’গানে আছাদ প্ৰশাসনক কঁপাই তুলিলে‌৷ কেইটামান অবোধ বালকে লিখা শ্ল’গানবোৰক আছাদ বাহিনীয়ে তেওঁৰ একনায়কত্ব শাসনতন্ত্ৰৰ সমাপ্তিৰ প্ৰথম খোজ বুলি ভাবিব ধৰিলে৷

 মৰুভূমি প্ৰধান এখন দেশৰ এক শীতল ৰাতিৰ তিনি বজাত কেইবাখনো সামৰিক বাহিনীৰ গাড়ী অজস্ৰ মুখাপিন্ধা বন্দুকধাৰী লগত লৈ ডেৰা নামৰ সৰু অঞ্চলতোলৈ আগবাঢ়ি গ’ল৷ গাঁৱৰ সকলো মানুহ টোপনিত লালকাল৷ সামৰিক গাড়ী সমূহৰ উপস্থিতি কোনো গাওঁবাসীয়ে অনুমান কৰিব নোৱাৰিলে৷ (ক্ৰমশঃ)

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ