অণুগল্পঃ পৰিস্মিতা বৰদলৈ

অণুগল্প

১) অপদাৰ্থ

ঃহে’ৰা বাবাটোৱে নোৱাৰিব অ’৷ ময়ে গৈ আছোঁ, অলপ ৰ’বাচোন তোমাক হে’ল্প কৰি দিম৷
ঃ...
ঃইছ্ তাক কিয় কৈছা? মই পাৰিম নহয় কিবা৷
ঃ...
(প্ৰায় ১০/১২ বছৰৰ মূৰত)
ঃবাবাটো যাচোন মিলত ধানকেইটা কুটাই আনগৈ৷ মোৰ আজি দেউতাৰৰ ডেথ চাৰ্টিফিকেটৰ কামত এফালে যাব লগা আছে৷
ঃ মই সেই সব নোৱাৰো দেই মা৷ অভ্যাস নথকা কাম মোৰ দ্বাৰা নহ’ব৷

২) কথা

মেছেজাঞ্জৰৰ জৰিয়তে কথা পাতি চিনাকি হোৱা দুয়োজনে প্ৰথম বাৰৰ বাবে লগ হয় সিদিনা৷ দুয়োৰে মাজত মাতবোল নোহোৱাকৈয়ে দুটুকুৰা কাগজৰ আদান প্ৰদান ঘটে৷ পৰস্পৰৰ একে অক্ষমতাক সক্ষমতা প্ৰদান কৰে কাগজৰ টুকুৰা দুটিয়ে৷ কথা নোকোৱাকৈয়ে সিদিনা দুয়োৰে কথা দিয়া হৈ গ’ল পৰস্পৰক৷

৩) ধাতৱ

কথাই প্ৰতি বনকৰা বাই প্ৰতিমাক খেছখেছাই থকা মালিকনীয়ে যেতিয়া প্ৰতিমা মজিয়াত পৰা শব্দ শুনি উধাতু খাই লৰি আহিল, ঘৰৰ সকলো আচৰিত হ’ল৷ মালিকনীয়ে পুনৰ সকলোকে আচৰিত কৰি কৈ উঠিল, “ভাগ্যে ডিনাৰ ছেটটো বাছিল দেই৷ “

৪) শিশু

ঃএকদম জেদ নধৰিবা৷ মনে মনে এই চুপবাটি খাই দিয়া তেহে জোৰ পাবা৷
 মানুহগৰাকীয়ে একান্তমনে চুপ বাটি খাবলৈ ধৰে ল’ৰাটোৰ হাতৰ পৰা লৈ৷

৫) সংগ

ঃবাবু দাদা৷ তই পঢ়িবলৈ বাহিৰলৈ গ’লেগৈ মই যে একেবাৰে অকলশৰীয়া হৈ যাম৷
বিহুৰ বন্ধত সি ঘৰলৈ আহে৷
“তাই এইবাৰ আমাকেই অকলশৰীয়া কৰি গুছি গ’ল অ’ বোপাই“ ছোৱালীজনীৰ মাকে কৈ উঠে৷

৬) সম্ভাব্য

“বৰষুণ জাক নেপেলালেই ভাল, নহ’লে পাচলিখিনি তেনেই নষ্ট হ’ব“ ফুটপাথৰ ওপৰৰ পাচলি বেপাৰীজনে ভাবে৷
“বৰষুণ জাক আহিলেই হয় সস্তাতে পাই যাম বাকী থকা সব্জী খিনি“ মানুহজনে ছিগাৰেটটো হুপি হুপি আকাশখনলৈ চায়৷

৭) ধৃতৰাষ্ট্ৰ

বাটৰুৱা দুই এজনে তেওঁক অসাৱধানতা বশতঃ খুন্দিয়াই যায় গাত৷ তেওঁ কিন্তু সাৱধানে আগবাঢ়ে কাকো নুখুন্দিৱাকৈ৷  লাখুতি ডালৰ খট খট শব্দটোৱে চকু থকা সকলকো বাট দেখুৱায়৷

৮)দৈন্য

আলোচনী খনত প্ৰকাশিত লিখনিটোৰ বাবে পোৱা মাননিৰ চেকখন সি দেখুৱায়গৈ খুড়ীয়েকক মনৰ ফূৰ্তিতে৷  খুড়ীয়েকে কয়, “ইহ্ এক কেজি মাংসও নাহেচোন৷ “ ধনী মানুহগৰাকীৰ তুলনাত নিজকে সেইদিনা তাৰ বহুত চহকী যেন লাগি যায়৷

©পৰিস্মিতা বৰদলৈ
২২/০৩/১৮

Comments

  1. আগতে পঢ়িছোঁ ৷ পুনৰ পঢ়িলোঁ বা ৷ ভাল লাগিল ৷

    ReplyDelete
  2. পৰীৰ অনুগল্পই সদায় বাকৰুদ্ধ কৰে৷

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ