গল্পঃ নৈৰ দৰেঃ তৃপ্তি বৰা
নৈৰ দৰে..
@তৃপ্তি বৰা
অপ্ৰাপ্তিৰো এক সুকীয়া আমেজ থাকে, প্ৰাপ্তিৰ আনন্দই স্পৰ্শ কৰিবও নোৱাৰা এক সুকীয়া মাদকতা৷
সেই বছৰ নতুনকৈ আহিছিল তাই৷ সপ্তম শ্ৰেণীত তেতিয়া সিহঁত৷ বগা স্কাৰ্টটোৰ লগত বগা চাৰ্টটো আৰু কঁকালত ৰঙা বেল্টডাল, ভৰিত বগা জোতা-মোজাযোৰৰ সৈতে মাখনৰ দৰে ৰঙৰ ছোৱালীজনী৷ দুকোচাকৈ বেণী গুঠি পৰিপাটিকৈ বন্ধা চুলিকোছাৰে শনিবৰীয়া বগা ইউনিফৰ্মযোৰত তাইক আৰু ধুনীয়া লাগে তাৰ৷ পিঠিত বেগটো লৈ দেউতাকৰ লগত চাইকেলৰ আগফালে বহি অহা তাইলে সি ৰ লাগি চায়৷ তাৰ কণমানি মনটোৱে ভাৱে দেউতাকে যে সন্ধিয়া জোনাকত বহি সিহঁতক ৰাজকুমাৰীৰ সাধু কয়, সেই ৰাজকুমাৰী জনীও এনেকুৱাই ধুনীয়া চাগৈ৷ ক্লাছ আৰম্ভ কৰাৰ আগত স্কুলৰ ফিল্ডত যেতিয়া প্ৰাৰ্থনা গায়, মাখনৰ দৰে গাল দুখন ৰ’দত সেন্দূৰ বুলীয়া হয়, তেতিয়া তাৰ তাইলৈ কিবা এটা অবুজ মৰম জাগে৷ লগৰ লীনা, প্ৰীতিহতঁলৈ দেখোন তাৰ তেনেকৈ মৰম নালাগে৷ তাই অহাৰ আগতেই সি স্কুল পায়হি৷ ক্লাছৰুমৰ দুৱাৰখনত ভেঁজা দি সি তাইলৈকে ৰৈ থাকে৷ তাই আহি কাষ পালে সি ব্যস্তভাৱে কিতাপৰ বেগটোত কিবা বিচাৰে নহ’লে অন্যফালে চাই পঠিয়ায়৷ তাই তাৰ গাৰ কাষেৰে পাৰ হৈ যাওঁতে ধুনীয়া গোন্ধটো তাৰ নাকত লাগে৷ কিহৰ গোন্ধ বাৰু? ...ঘৰলৈ আহি মাকে ব্যৱহাৰ কৰা মুখত ঘঁহা ক্ৰীম, তেল, পাউদাৰৰ টেমাবোৰৰ সাঁফৰবোৰ খুলি নাকটো লগাই চায়, ওহো নহয়, সেই গোন্ধটো দেখোন ক’তোৱেই নাই৷ গৰমৰ বন্ধত আইতাকৰ ঘৰলৈ যাওঁতে ৰাতি আইতাকৰ লগত শুওঁতে, গোন্ধটো পাইছিল..আইতাকৰ গাৰ পৰা ভাঁহি আহিছিল গোন্ধটো৷ দীঘলকৈ উশাহটো লৈ সি আইতাকক সুধিছিল,
ঃ তুমি মুখত কি লগাইছা আইতা? ইমান ধুনীয়া গোন্ধাই আছে৷
ঃ নেভিয়া ক্ৰীম সোণ৷ তোমাৰ ভাল লাগিছে নেকি গোন্ধটো? কাইলৈ তোমাকো লগাই দিম দেই৷
আইতাকৰ ঘৰৰ পৰা আহোতে অন্যান্য বস্তুৰ লগত সেইবাৰ তাক আইতাকে নেভিয়া ক্ৰীম এটাও দি পঠাইছিল৷ সেইদিনাৰ পৰা আজিলৈকে সি মাথোঁঁ নেভিয়া ক্ৰীমেই ব্যৱহাৰ কৰি আহিছে৷ ওঁঠৰ ফাঁকেৰে হাঁহি এটি সৰকি পৰিল তাৰ..কি যে এই ভালপোৱা! শ্ৰেণীত উপস্থিতিৰ ৰেকৰ্ডো আটাইতকৈ ভাল আছিল তাইৰ৷ স্কুল খতি নকৰিছিলেই তাই৷ তাইৰ পিছতেই তাৰ নামটো আছিল৷ ইচ্ছাকৃতভাৱেই সি কেতিয়াবা স্কুল খতি কৰিছিল৷ গা বেয়া লাগিছে বুলি কৈ ঘৰতে আছিল আৰু সেইদিনা একেখন স্কুলতে পঢ়া ভায়েক স্কুলৰ পৰা অহালৈ সি বাট চাই ৰৈছিল৷ ভায়েক স্কুলৰ পৰা আহি পোৱা মাত্ৰকেই সি সুধিছিল..
ঃ মোৰ কথা কোনোবাই সুধিছিল নেকি অ’?
ঃ অ’ ৰিহা বায়ে সুধিছিল৷ ...আস! তাই সুধিছিল তাৰ কথা..অনামী আনন্দত তাৰ মনটো ভৰি উঠে৷ মাথোঁঁ এই কথাষাৰ শুনিবলৈকে সি বেমাৰৰ বাহানা কৰে৷ স্কুল খতি নকৰা ছোৱালীজনী এদিন স্কুললৈ অহা নাছিল৷ তাৰ কণমানি মনটো উচপিচাই আছিল৷ কিয় বা নাহিলে তাই! তাইৰ লগত একেলগে বহা প্ৰীতিক সুধিছিল সি,
ঃ আজি ৰিহা নাহিলে দেখোন..
ঃ আজি তাইৰ দেউতাকৰ বছৰেকীয়া...প্ৰীতিৰ উত্তৰত সি চমকি উঠিছিল৷
ঃ দেউতাকৰ বছৰেকীয়া? তেনেহ’লে তাইক যে সদায় চাইকেলত লৈ আহে..
ঃ সেইজন তাইৰ সম্পৰ্কীয় মোমায়েকহে৷ তাইৰ দেউতাক সৰুতেই ঢুকাল৷ ..প্ৰীতিৰ উত্তৰত তাৰ বুকুৰ ভিতৰখন ধৰফৰাই উঠিছিল৷ সেইদিনাৰ পাছত তাইৰ প্ৰতি তাৰ মৰম যেন আৰু অলপ বাঢ়িছিল৷
ৰিহাৰ ইউনিফৰ্মযোৰ স্কাৰ্টৰ ঠাইত মেখেলা-চাদৰ হৈছিল তেতিয়ালৈ সিও তাৰ বুকুত ৰি ৰিয়াই থকা সুৰটো বুজি উঠিব পৰাকৈ ডাঙৰ হৈছিল৷
কথাবোৰ প্ৰায়েই সি বসন্তৰ আগত ক’ব বুলি ভাবিও সি ক’ব নোৱাৰে৷ দাঁতত ভাত এটা লাগিলেও ক’ব পৰা তাৰ একমাত্ৰ বন্ধুটোৰ আগত কিয় জানো সি এই কথাটো ক’ব নোৱাৰে৷ কিবা এক সংকোচে আৱৰি ধৰে৷
সময়বোৰ যে পাখিলগা, চকুৰ পচাৰতেই উৰা মাৰে৷ তথাপিও বুকুত ৰৈ যায় কিছুমান মুহূৰ্ত..কিছুমান ফুলৰ দৰে সজীৱ আৰু কিছুমান হুলৰ দৰে৷ মেট্ৰিকৰ পৰীক্ষা শেষ হৈছিল সেইদিনা৷ পৰীক্ষা দি আহি সেইদিনা সিহঁত বাহিৰে বাহিৰে নৈ পাৰত বহিছিলগৈ...
ঃ বহুদিনৰ পৰাই তোক কথা এটা ক’ম বুলি ভাবি আছিলো..হঠাৎ সি কৈ পেলাইছিল বসন্তৰ আগত৷
ঃ আগতে মই ক’ম৷ মোৰো তোক কথা এটা ক’ব লগা আছে৷
ঃ ঠিক আছে আগতে তোৰ কথাটোৱেই কচোন..সি স্বভাৱসুলভ হাঁহিটোৰে বসন্তক কৈছিল৷
ঃ ৰিহাক মোৰ বৰ ভাল লাগে অ’৷ হয়তো মই তাইৰ প্ৰেমত পৰিছোঁ৷ বহুত বেছি ভালপায় পেলাইছোঁ৷ ... কথাষাৰে সেইদিনাও তাৰ বুকুত হুলৰ দৰে বিন্ধিছিল৷ সোপা মাৰি ধৰা ডিঙিটোৰে কিবা সি বৰ কষ্ট কৰি কথা কেইটা কৈছিল সি..
ঃ সময়ৰ শৰ সময়ত মাৰিব লাগে৷ কৈ দে তাইক সোনকালে মনৰ কথাবোৰ৷ দেৰি নকৰিবি৷
ঃ ক’ম৷ সোনকালেই ক’ম৷ এতিয়া তোৰ কথাটো কচোন৷
ঃ অ’ পাহৰিছিলোৱেই৷ আজিৰ বাবে শ্বাহৰুখ খানৰ নতুন চিনেমা এখন আনি থৈছোঁ৷ আবেলিলৈ এপাক আহিবি আমাৰ ঘৰলৈ৷ তোৰ সৈতে একেলগে চাম৷ বুকুৰ পৰা উজাই অহা কিবা এটা জোৰকৈ হেঁচা মাৰি ধৰি সি তাৰপৰা লৰ মাৰি আহিছিল৷ বসন্ত যে তাৰ একমাত্ৰ মৰমৰ বন্ধু!
সুযোগ সিও নোপোৱা নহয়৷ এৰা, সুযোগেইটো পাইছিল সি, ৰিহাক আজীৱন নিজৰকৈ পোৱাৰ সুযোগ..কাষত পোৱাৰ সুযোগ আৰু ৰিহা? ..ৰিহাইও কিজানি মানা নকৰিলেহেঁতেন৷ সি জানে বসন্তৰ প্ৰতি অগাধ ভালপোৱা থাকিলেও সৰুতেই দেউতাকক হেৰুওৱা একমাত্ৰ ছোৱালীজনীয়ে মাকৰ ইচ্ছাক কাহানিও উপেক্ষা নকৰিলেহেঁতেন আৰু হয়তো সময়ৰ সৈতে সকলো ঠিক হ’লহেঁতেন৷ কিন্তু বসন্ত? ...ইমান স্বাৰ্থপৰ হ’ব পাৰে জানো সি? তাৰ কানত আজিও বাজে ৰিহাৰ মাকৰ সেই কথাষাৰ..
ঃ ৰিহাৰ বাবে তোমাতকৈ সংযত আৰু উপযুক্ত পাত্ৰ আন কোনোবা হ’ব পাৰে বুলি মই নাভাৱো অনুপ৷
ঃ বসন্ত বহুত ভাল ল’ৰা খুৰী৷ তাতোকৈ ডাঙৰ কথা ৰিহাৰ প্ৰতি থকা তাৰ ভালপোৱা৷ মোৰ বিশ্বাস ৰিহা তাৰ লগত খুবেই সুখী হ’ব৷
ঃ কিন্তু জীয়াই থাকিবলৈ এখন সংসাৰ গঢ়িবলৈ অকল ভালপোৱাই যথেষ্ট হ’ব পাৰে জানো?
এৰা..এখন সংসাৰ গঢ়িবলৈ অকল ভালপোৱাই যথেষ্ট হ’ব পাৰে জানো! সেয়েতো ইঞ্জিনীয়াৰিঙৰ শিক্ষা সম্পূৰ্ণ কৰি চাকৰি কৰিবলৈ মন নকৰা কবিতা লিখি, ডিঙিত কেমেৰাটো আৰি হাবিয়ে বনে ফটো তুলি ঘূৰি ফুৰা বসন্ত নামৰ খেয়ালী ল’ৰাটোক জোৰকৈ সি চাকৰিত সুমুৱাই দিছিল৷ চাকৰি কৰিবলৈ মন নকৰা বসন্তৰ হাজাৰটা যুক্তিক খণ্ডন কৰাটোও তাৰ বাবে বৰ সহজ কাম নাছিল৷ সি জানিছিল অকলশৰীয়া খেয়ালী ল’ৰাটোৰ ভিতৰত থকা মৰম আকলুৱা, অভিমানী বসন্তক৷ বসন্তৰ সি জানো অকল বন্ধুৱেই আছিল..তাৰ অভিভাৱক, মাতৃ সকলো৷ নাই সি ইমান স্বাৰ্থপৰ হ’ব নোৱাৰে৷ অন্ততঃ বসন্তৰ বাবে নোৱাৰে৷
ঃ তুমি অকণমান ৰিচিপ্চনত চকু দিবাচোন অনুপ৷ মই অকলে কোনফালেনো চাম..তুমি নহ’লে মোৰ যে কি হ’লহেঁতেন! ..ৰিহাৰ মাকৰ মাততহে তাৰ সম্বিত আহিল৷
ঃ আপুনি চিন্তা নকৰিব খুৰী, মই চাম বাৰু.. কইনা বহিবলৈ ধুনীয়াকৈ সজাই থোৱা ঠাইখিনিলৈ সি চাই পঠিয়ালে৷ হাতত বঁটা লৈ বহি থকা ৰিহাজনীক আজি আৰু ধুনীয়া লাগিছে৷ ৰঙা সাজযোৰে মাখনৰ দৰে গাৰ ৰংটোক তুলি ধৰিছে৷ কইনাৰ বাবে কাপোৰ কিনিবলৈ যাওঁতে বসন্তই তাকো লগ ধৰিছিল৷ ৰিহাৰ বাবে এইযোৰ কাপোৰ সিয়েই পছন্দ কৰি দিছিল৷ ৰঙা ৰংটোৱে তাইক বৰ ধুনীয়া লাগে..কেইবাবাৰো বাজি থকা ফোনটোৰ ৰিঙত সি তাৰ ভাৱনাৰ পৃথিৱীখনৰ পৰা উভতি আহিল৷ পকেটৰ পৰা ফোনটো উলিয়াই চালে, বসন্তৰ ফোন৷ ৰিচিভ কৰাৰ মাত্ৰকে সিটো মুৰৰ পৰা বসন্তৰ মাতটো ভাঁহি আহিল..
ঃ তই কইনাঘৰীয়াহে হ’লি যে? তাতেই থাকিম বুলি ভাবিছনে এইফালেও আহিবি? সোনকালে ইয়ালৈ আহ নহ’লে কইনা আনিবলৈকে নাযাওঁ গম পাবি..কথাকেইটা কৈয়েই তাক কথা ক’বলৈ সুযোগ নিদিয়াকৈয়ে ফোনৰ সংযোগ বিছিন্ন কৰি দিলে৷ বসন্তৰ কথাকেইটা শুনি তাৰ স্বভাৱসুলভ হাঁহিটি ওঁঠৰ ফাঁকেৰ সৰি পৰিল৷
এখোজ দুখোজকৈ সি বিয়াঘৰৰ পৰা বাহিৰলৈ ওলাই আহিল৷ বসন্তৰ ঘৰলৈ বুলি যাবলৈ ওলাই কিবা এটা ভাবি সি বাইকখন ঘূৰাই ল’লে৷ বিয়ালৈ পাছত যাব৷ বৰকৈ তাৰ আপোন নৈখনৰ কাষলৈ যাবলৈ মন গ’ল৷ এৰা এই মনটোও যে, প্ৰিয় ঠাইখিনিত ৰৈ সি এনেয়ে চকুকেইটা মুদি দীঘলকৈ উশাহটো ল’লে৷ মনৰ কথাবোৰ মনতেই থাকক..ভালপোৱাবোৰ এইদৰেই বৈ থাকক বুকুৱেদি, তাৰ প্ৰিয় নৈখনৰ দৰেই..কাৰোবাক এইদৰে বুকুত কঢ়িয়াই ফুৰাৰ মাজতো যে আছে কি অনাবিল সুখ! য’ত নাই কোনো চৰ্ত অথবা হেৰুৱাৰ ভয়..থাকে মাথোঁঁ ভালপোৱা..বৈ থাকে বুকুৱেদি ঠিক তাৰ মৰমৰ নৈখনৰ দৰেই..৷
------------------------------------------------------------------------

বৰ ভাল লাগিল
ReplyDeleteবৰ ভাল লাগিল৷ এখন সুখৰ সংসাৰ গঢ়িবলৈ অকল ভালপোৱাই জানো যথেষ্ট হব পাৰে!
ReplyDelete