আহোম সাম্ৰাজ্যৰ সেই কক্ষচ্যুত তৰাটো: নাজিফ হাজৰিকা ------------------------ ১৭৮৪ চন , কাতি মাহ । আহোমৰ শীৰ্ষ বিষয়া ঘনশ্যাম বুঢ়াগোহাঁয়ে নৰীয়া দেহাৰে ঘৰৰ চোতালত বহি আছে। নিজৰ গা বেয়া হোৱাত মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ পুতেক পূৰ্ণানন্দক পঠিয়াইছিল বুঢ়াই। চিন্তাক্লিষ্ট মন লৈ বুঢ়াই চাই পঠিয়ালে সন্মুখৰ পথাৰলৈ। বুঢ়াৰ কাণ ঠিয় হ'ল, দূৰৈৰ পৰা পাঁচটামান ঘোঁৰা ধূলি উৰুৱাই উৰুৱাই আহি থকা দেখিলে। ঘোঁৰাকেইটা আহি বুঢ়াৰ ঘৰৰ সন্মুখত ৰ'লহি। পূৰ্ণানন্দ নামি দৌৰি আহিল বাপেকৰ ওচৰলৈ। বুঢ়া উৎকণ্ঠাৰে আগুৱাই গ'ল। : পিতাই, খবৰ ভাল নহয়। : মানে? কি হ'ল? : মোৱামৰীয়াই বোলে স্বৰ্গদেউক কাটিলে। : কি? তই ক'ত আছিলি? কি কৰি আছিলি? : পিতাই মই স্বৰ্গদেউক বিচাৰি উলিয়াব নোৱাৰিলোঁ। : তোৰ লাজ লগা নাই? মোৰ ল'ৰা হৈ স্বৰ্গদেউৰ বাবে নমৰিলি কিয়? ছিঃ! : নহয় পিতাই! 'ঠাঁচ ....' পূৰ্ণানন্দৰ গালত ঘনশ্যাম বুঢ়াগোহাঁইৰ চৰ এটা পৰিল । হাতত ওচৰত থকা যাঁঠি পাট লৈ ঘনশ্যামে পুতেকৰ গা-লৈ মাৰি পঠিয়ালে। : ধিক তোৰ জীৱন। মোৰ ল'ৰা হৈ স্বৰ্গদেউৰ লগত নমৰিলি? হয় মৰিব পাৱ,নহয় মাৰিব পাৱ।...
Posts
Showing posts from November, 2018
গল্পঃ চিপৰাংঃ নীৰুজা বৰা
- Get link
- X
- Other Apps
চিপৰাং মনত পৰিছে দেউতাই কোৱা এটা কথা লৈ, ১৯৭৪ চনত দেউতাই গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি থকা অৱস্থাত পানবজাৰত আবেলি মহামায়া হোটেলত চাহ পুৰী খোৱাৰ কথা৷ হোটেল খনত ভাতৰ ব্যৱস্থাও আছে৷ দেউতাই সেইদিনা লেতেৰা বাচন ৰখা ৰেক ডালৰ সন্মুখৰ চকীখনত বহিবলগীয়া হ’ল৷ দেউতাৰ চকু বাৰে বাৰে সেই লেতেৰা বাচনৰ ফালে গ’ল, বেৰখনৰ সৰু ফুটাইদি এটা চিকা প্ৰায় পোন্ধৰ/দহ ছেকেণ্ডৰ মূৰে মূৰে ওলাই আহি ধুবলৈ থোৱা বাচনৰ পৰা, এবাৰ মাছৰ কাঁইট, এবাৰ মাংসৰ হাড় পাচলি আদি নি থাকে৷ এবাৰ সৰু টুকুৰা, পাছৰ বাৰ ডাঙৰ, এইদৰে ইমানেই ঘনাই কৰা হ’ল, ল’ৰা বোৰে বাৰে বাৰে থবলৈ অহা বাচনবোৰৰ শব্দকো কেৰেপেই নকৰা হ’ল৷ মাত্ৰ এবাৰ ভুমুকীয়াই চাই, কামবোৰ কৰি গ’ল৷ সেইবোৰ দেখি দেউতাৰ ঘিণ লাগিল, পুৰী খাবলৈ অৰ্ডাৰ দিয়া স্বত্বেও নাখাই ওলাই আহিল৷ দেউতাই কথা প্ৰসংগত আমাক কৈছিল, ’চিকাবোৰৰ ধৰ্মই তেনেকুৱা অ’, সিহঁতে তেনেকৈয়ে চোৰ কৰি খাই থাকে৷ দেউতাৰ সেই কথাষাৰে মনত সাঁচ বহুৱাইছিল৷ আজি যেন সেই কথাৰ প্ৰমাণ এটি দেখিবলৈ পাইছোঁ, সৰুৰে পৰা একেলগে খেলি-ধূলি ডাঙৰ হোৱা বিজয় খুড়াৰ ঘৰ খনৰ অৱস্থা দেখি৷ মনতে ভাবিছোঁ মানুহৰ চৰিত্ৰও তেনেকুৱা থাকে। প্ৰথমে ঘৰতে সৰু...
একমিনিটৰ গল্পঃ কেনে কান্দিলোঁঃ কাজল কুমাৰ বৈশ্য
- Get link
- X
- Other Apps
কেনে কান্দিলোঁ!! ®কাজল কুমাৰ বৈশ্য নৱমমান শ্ৰেণীত পঢ়োতে স্কুলৰ চাৰ এজনে ৰাজনীতিৰ বিষয়ে কিবা পঢ়াই থাকোতে ৰাজহুৱা সভাত ভাষণ দিয়া এজন নেতাৰ বিষয়ে কৈছিল।চাৰে কোৱামতে আমাৰ চাৰো সেই সভাত ৰভাৰ তলত একেবাৰে সন্মুখৰ ফালে বহি আছিল।এই ভাষণ দি থকা নেতা জনৰ সোহাঁত স্বৰূপ কিছুমান লগৰীয়া পালিনেতাও সন্মুখৰ ফালে বহি আছিল আৰু তেখেত সকলে মাজে মাজে সেই নেতাজনৰ কিছুমান কথাত হাত-চাপৰি বজাই বজাই ৰভাঘৰ গৰম কৰি দিছিল। নেতাজনে উচ্চস্বৰে নিজৰ ভাষণত সমাজ খনত হৈ থকা নানান দুৰ্নীতি,অন্যায় ইত্যাদিৰ বিষয়ে কৈ কৈ শেষৰ ফালে হঠাৎ বুকুত ভুকুৱাই কান্দিবলৈ ধৰিলে।কান্দোনত তেখেতৰ মাতটো থোকা-থুকি হৈ ভঙা ভঙা মাতেৰেও চকুপানী টুকি টুকি তেখেতে অনৰ্গল ভাষণ বলকি গৈ থাকিল।মঞ্চত বহি থকা দুই এজনে আনকি মাজতে উঠি গৈ তেখেতক গাত ধৰি আশ্বাসো দিলে। আমাৰ চাৰেও সেই ভাষণ দেখি ভাবিলে যে হয়। এই হে উপযুক্ত নেতা। সমাজ এখেত সকলৰ দৰে লোকেহে শুধৰাব। দুৰ্নীতিক লৈ খুবেই আবেগিক এইজন নেতা। যি নহওঁক ভাষণ শেষ কৰি নেতাজন যেতিয়া লাহেকৈ মঞ্চৰ পৰা নামি আহি আছিল আৰু তেখেতে যেতিয়া এই ৰভাৰ তলত বহি থকা নিজৰ লগৰীয়া পালি নেতাকেইজনৰ ওচৰলৈ ঘুৰি আহিছিল ত...
অনুগল্পঃ কিছু গল্প, কিছু সত্যঃ ইন্দিমা বৰুৱা
- Get link
- X
- Other Apps
কিছু গল্প কিছু সত্য কাপুৰুষ ১/ অত্যাধুনিকা পত্নীৰ চকুত সু-পুৰুষ হৈ উঠা কবিতা লিখা লৰাটো এতিয়া ঘোচখোৰ চৰকাৰী বিষয়া। চাকৰিৰ পৰা নিলম্বিত হৈ আজি মিডিয়াৰ সন্মুখত কাপুৰুষৰ সাজযোৰ মেৰিয়াই ল'লে। ২/ ভালপাব জনা বিয়াৰ কথা কলে পিচহুহকা কাপুৰুষ ক'ৰবাৰ ধুৰৰ, এইবুলি ৰীমাই ডাঃ অৰুণাভ বৰুৱা আৰু তাইৰ বিয়াৰ কাৰ্ডখন দলিয়াই দপদপাই ওলাই গ'ল। সি কেতিয়াও তাইক ক'ব নোৱাৰিব তাইৰ হাৰ্টৰ পেচেণ্ট দেউতাকে যে নিলয়ক ৰীমাৰ জীৱনৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰালে। সি স্থানুৰ দৰে থিয় দি তাই যোৱালৈকে চাই থাকিল । ৩/ স্বামী অজয়ৰ পুৰষত্বহীনতাক সমাজৰ দৃষ্টিত লুকুৱাই সেউতীয়ে নিজৰ পিঠিতেই কাঠবাজীৰ ষ্টাম্প লগাই ললে। কিন্তু আজি শাহুৱেকৰ কথাত ৰাজী হৈ অজয়ে দ্বিতীয় বিবাহলৈ মন মেলা দেখি তাই ৰ'ব নোৱাৰিলে। তাই উচ্চস্বৰত শাহুৱেকৰ সন্মুখত তালৈ চাই থুৱাই চিঞৰি উঠিল- কাপুৰুষ। ৪/দেখিলা পুত্ৰক, ঘৈণীয়েকৰ কথা শুনি সি আমাক এৰি ভাড়াঘৰলৈ যায়। তিৰুতাসেৰুৱা কাপুৰুষ ক'ৰবাৰ এইবুলি চলিহানীয়ে চলিহালৈ চাই ফেকুৰী উঠিল। চলিহাই কলে, মোৰ ক'বলগীয়া একো নাই। ত্ৰিশ বছৰ আগতে তেনে কাপুৰুষৰ হাতত ধৰি তুমিও মোৰ বিধৱা মাক এৰি ওলা...
গ্ৰন্থ উৎকীৰ্তনঃ বিহংগ সপোন
- Get link
- X
- Other Apps

"আলাপ অসম"বুকুলৈ লৈ আহিছো এটি নতুন শিতান ""গ্ৰন্থৰ উৎকীৰ্তন"" হয় সদ্য প্ৰকাশিত কিতাপ সমুহক আপোনাসবৰ মাজলৈ আনিবলৈ ।বিচাৰি পাব "আলাপ"ৰ বুকুতে আপোনাৰ প্ৰিয় খাদ্য যদি কিতাপ হয় তাৰ অন্বেষণ। আদৰিছো ঔপন্যাসিকা কুসুমাঞ্জলী শৰ্মাক। তেখেতৰ সদ্য প্ৰকাশিত গ্ৰন্থ "বিহংগ সপোন"ৰ সতে। সুখপাঠ্য এখনি উপন্যাস। আমি পাঠকক সহায় কৰিবৰ বাবে চেষ্টা কৰিম প্ৰতিগৰাকী লিখকৰ কিতাপৰ ওপৰত প্ৰকাশ হোৱা আলোকপাতো আগবঢ়াবলৈ। # বিহংগ সপোন # গ্ৰন্থ মেলাৰ বতৰ। গ্ৰন্থৰ সুবাস লোৱাৰ বতৰ। বতাহত ভাহি আহে নতুনকৈ প্ৰকাশিত গ্ৰন্থৰ চিনাকি সুবাস। ঘৰত থকা কিতাপখনো নতুন সাঁজেৰে আটকধুনীয়া হৈ পুণৰমূদ্ৰিত ৰূপত পঢ়ুৱৈৰ আকৰ্ষণৰ কাৰণ হৈ পৰে, এই গ্ৰন্থ মেলাতেই। সেয়েহে মেলা চলি থকা প্ৰায় প্ৰতিদিনেই সন্ধিয়া এপাক মাৰি বিপণিসমূহৰ ভিতৰত বিচাৰি ফুৰোঁ নতুনকৈ আহি চেল্ফ শুৱনি কৰি সৌৰভ বিলোৱা গ্ৰন্থ কেইখন। সিদিনা জ্যোতি প্ৰকাশনৰ ভিতৰত বুকচেল্ফত নতুনকৈ আহি ভুমুকি মৰা এখন কিতাপৰ সুন্দৰ বেটুপাতে দূৰৈৰ পৰাই আকৰ্ষণ কৰিলে। আগবাঢ়ি গৈ হাতত লৈ চালোঁ - জনপ্ৰিয় লেখিকা কুসুমাঞ্জলি শৰ্মাৰ নৱতম উপন...
গল্পঃ মালতী আইতাৰ চকুলোঃ তুলিকা দেৱী নাথ
- Get link
- X
- Other Apps
মালতী আইতাৰ চকুলো ************************* মালতী আইতাই কান্দিয়ে আছে৷ ফেনে ফুটুকাৰে ধাহি মুহি অহা পানীৰ ঢলটোলৈ চাই চাই কান্দি আছে৷ আইতাই কান্দিছে যেন নিজৰ ভাল পোৱা বস্তু এটা হেৰুৱাই অবোধ শিশু এটাইহে কান্দিছে৷ কান্দোনটো গোট খাই থকা মানুহবোৰৰ মাজে মাজেই সৰকি গৈছে এটা সাধাৰণ কথাৰ দৰেই৷ কান্দিবই! সকলোৰে দুখ কুলাই পাচিয়ে নধৰা হৈছে৷ সকলো বানপীড়িত৷ সকলো আজি সৰ্বস্বান্ত৷ সেই শিবিৰটোত গোটখাই থকা প্ৰত্যেক লোকেই কিবা নহয় কিবা এটা হেৰুৱাইছে৷ কোনোৱে গাৰ ঘাম মাটিত পেলাই কৰা খেতিদৰা৷ কোনোৱে তেওঁলোকৰ ঘৰৰ বহুমূলীয়া সম্পদ,কোনোৱে নিজৰ সন্তানৰ দৰেই লালন পালন কৰা ঘৰচীয়া গৰু ছাগলী,কাৰোবাৰ জীৱিকাৰ একমাত্ৰ সম্বল উটি গৈছে লুইতৰ বলীয়া বানত আৰু উটি যোৱা গৰুজনী চাই হয়তো হিয়াভাগি কান্দিছে আতুৰ কৃষকে৷পানীলৈ চাই উটি যোৱা গৰুজনীক উদ্দেশ্যি অতি আকুলতাৰে চিঞৰিছে ঃ ৰাঙলী ঐ ক'লৈ গ’লিগৈ৷ ঐ মই এইফালে আছো চা৷ ঘূৰি আহ৷ কাৰো সময় নাই কাকো শান্ত্বনা দিবলৈ৷ সকলোৰে একেই অৱস্থা৷ নতুনকৈ বনোৱা মাথাউৰিটো হঠাতে ভাগি যোৱাত নদীপৰীয়া গাঁওখন আজি সৰ্বস্বান্ত হৈছে৷ সকলোৱে নিজৰ ঘৰ ভেঁটি এৰি আশ্ৰয় লৈছে পানীত নুডুবাকৈ থকা ওখ ...
গল্পঃ সিংহবাহিনীঃ সোণটো ৰঞ্জন বৰুৱা
- Get link
- X
- Other Apps
সিংহবাহিনী @ সোণটো ৰঞ্জন বৰুৱা ঃঐ মিনি, শুনচোন... শব্দৰ দিশে ঘূৰি দুৰ্গাই দেখিলে সুন্দৰ পোছাক পিন্ধা যুৱক এজনে ডিঙিত কেমেৰা এটা লৈ তাইৰ ফালে চাই ৰৈ আছে৷ হাতৰ এচাৰিডালেৰে ইপিনে সিপিনে আঁতৰি যাব খোজা গৰুকেইটা চপাই চপাই তাই সুধিলে, ঃ হামাকে ডাকিছ? সন্মতিৰ ভংগীত ডিঙিটো লৰাই লৰাই যুৱকজনে ক’লে, ঃ ফটো উঠিবি নেকি? ঃ না না, নাই পাৰব’৷ ঃ পইছা দিম৷ - যুৱকজনে আশা এৰি নিদিলে৷ এইবাৰ দুৰ্গা অকণমান নৰম হ’ল৷ ঃ কিমান দিবি? কিবা এটা কিনিব পৰাকৈ দিবি? ঃ কিবা এটা মানে? ঃ কিবা মানে..... সেই ডাঙৰ চকলেটটো যে, টিভিত যে দিয়ে, কুচ্চু মিঠা হৌ যাৱে৷ ঃ হাঃ হাঃ হাঃ, কুচ্চু মিঠা হৌ যাৱে নহয় অ’, কুচ মিঠা হ’ যায়ে৷ ঃঅ’ অ’, সেইটোৱেই৷ সেইটো কিনিবলৈ পইছা দিবি? ঃ দিম দিম৷ - জেপৰপৰা এশটকীয়া নোট এখন দেখুৱাই সি ক’লে৷ ঃ ঠিক আছে, দিবিতো? তেনে তোল ফটো৷ ঃ প’জ দে৷ ঃ প’জ মানে? শব্দটো দুৰ্গাৰ বাবে নতুন৷ গতিকে বুজি নাপালে তাই৷ ঃ যা, গৰুখিনিৰ মাজত সোমাই হাঁহি এটা মাৰি ঠিয় হ৷ মই ফটো তুলিম৷ ঃ ৰহ৷ - তাই তৎক্ষণাত গৰুকেইটা গোট খুৱাই মাজত ঠিয় হ’লগৈ৷ ঃহৈ গ’ল৷ ল তোৰ পইছা৷ আৰু উঠিবি? আৰু পইছা পাবি৷ ...
প্ৰাককথনঃ আশীষ গগৈ
- Get link
- X
- Other Apps

প্ৰাককথন @ অাশীষ গগৈ সেইদিনা হয়টো মঙ্গলবাৰ আছিল ! সময়টো পাহৰিছো ! বিশেষ কাম নাছিল বাবে বিচনাখনতে ভৰি পথানত কম্বলখন লৈ মোবাইলটো পিটিকি আছিলো! হঠাতে অচিনাকী নাম্বাৰ এটাৰ পৰা এটা ফোনকল আহিল! নিতান্তই বন্ধুসুলভ এক কণ্ঠস্বৰ- "গগৈ, মই ধ্ৰুৱই কৈছো মৰাণৰ পৰা!" কেতিয়াবা আশা নকৰাকৈয়ে হঠাতে অহা কিছুমান ফোনকলে বুকুখন ভৰাই তোলে! অলক্ষিতে অহা সেই ফোনকলৰ পোন্ধৰ মিনিটৰ বাৰ্তালাপে দেহ মনত এক সজীৱতা আনি দিলে ! সঁচাকৈয়ে বাৰ্তালাপ কৰিব জনাটোও এক কলা ! কিছুমানৰ লগত কথা পাতিলে পোন্ধৰ মিনিটটোও এঘণ্টা যেন লাগে আৰু ব্যক্তি বিশেষৰ লগত এঘণ্টা কথা পাতিলেও পোন্ধৰ মিনিট যেন লাগে! মানুহে অৱশ্যে মোৰ লগত কথা পাতি ভালেই পায় কাৰণ মই এজন ভাল শ্ৰোতা! ফোনতে হওঁক বা মুখামুখিকৈয়ে হওঁক মই 'ও' 'আ' কৰি থাকিয়েই ভাল পাওঁ! কেতিয়াবা হয় কি যে মোৰ লগত এজনে দুঘণ্টা অনৰ্গল কথা পাতি আছে কিন্তু প্ৰকৃততে মোৰ মন উৰা মাৰি গৈ আছেগৈ কোনোবা ক'ৰবাত ! এই স্বভাৱটোৰ বাবে পিছে কেতিয়াবা বৰ অস্বস্তিটো পৰো! ধ্ৰুৱৰ লগত পিছে সেইদিনা বহু কথাই পতা হ'ল সেই কম সময়তে! সংসাৰৰ পৰা আৰম্ভ কৰি জীৱিকালৈক...
একমিনিটৰ গল্পঃ অনুভৱী হৃদয়ঃ মানসী দত্ত
- Get link
- X
- Other Apps
অনুভৱী হৃদয় @ মানসী দত্ত কিছুদিনৰ পৰা চুবুৰীটোৰ মহিলা সকলৰ মাজত মমী নামৰ কম বয়সীয়া বোৱাৰীজনীৰ চৰিত্ৰক লৈ এক সৰব আলোচনা চলিছে৷ খুব সৰুতেই বিয়া হৈ অহা মমী দেখাই শুনাই ধুনীয়া হোৱাৰ লগতে ব্যৱহাৰ পাতিও বেচ নম্ৰ ভদ্ৰ, বৰ সহজে আনক আপোন কৰি ল’ব পৰা গুণেৰে ভৰপূৰ৷ কিন্তু পৰাগলৈ বিয়া হৈ অহাৰ পিছৰে পৰা একমাত্ৰ শহুৰৰ পেন্সনৰ টকা কেইটাৰে যেনেতেনে ঘৰখন মমীয়েই টালি টাপলি মাৰি চলাই নিছিল যদিও হঠাতে শহুৰৰ অচিন ৰোগত আক্ৰান্ত হৈ যোৱা বছৰতে মৃত্যু হ’ল৷ তাৰপিছত বহু দিনতেই এম.এ পাছ কৰি বেকাৰ হৈ থকা পৰাগ আৰু মমীৰ দুবেলা দুমুঠি খাবলৈও চিন্তা কৰিবলগীয়া হ’ল৷ খেতি কৰি খাবলৈ হ’লেও ঘৰখনত ঘৰৰ ভেটিটোৰ বাদে দৰবত দিবলৈও মাটি অকন নাই, সাঁচি থোৱা টকাখিনিও দেউতাকৰ বেমাৰত, সকাম নিকামত শেষ হ’ল৷ এতিয়া যেন দুয়োটাৰ মূৰৰ ওপৰতে সৰগখন ভাঙি পৰিল৷ চাকৰিৰ এই মহঙা দিনত পৰ্বতত কাছ কণী বিচৰাৰ দৰে কথা৷ ওচৰ চুবুৰীয়া মহিলা সকলে মমীৰ ওপৰত চকু দিবলৈ ধৰিলে, পৰাগ ৰাতিপুৱাই ঘৰৰ পৰা ওলাই যায় আৰু মমীও পৰাগ ওলাই যোৱাৰ অলপ পিছতে ঘৰৰ পৰা ওলাই গৈ সন্ধিয়াহে ঘৰ সোমায়৷ তাতে মমীৰ সাজপাৰৰো পৰিৱৰ্তন দেখিবলৈ পালে, সদায়ে মেখেলা চাদৰ পিন্ধি থকা ম...
কবিতাঃ ৰাধাৰ বাবে এটুকুৰা আকাশঃ দাদুল দেৱকৃষ্ণ বৰুৱা
- Get link
- X
- Other Apps
ৰাধাৰ বাবে এটুকুৰা আকাশ © দাদুল দেৱকৃষ্ণ বৰুৱা কানাইৰ কামিহাড়ৰ বিচনাত শুই শুই ৰাধাই খয়েৰৰঙী সপোন এটা দেখিছিল৷ কানাইৰ বুকুৰ বৃন্দাবনৰ ফুল চিঙি ৰাধাই খোপাত গুজি লৈছিল৷ মন যমুনাৰ তীৰত যৌৱনৰ জোনাক সৰাই ৰাধাই বুটলিছিল কোনেও নেদেখাকৈ শামুকৰ কেইটামান খোলা৷ বাঁহীৰ সুৰ বুকুত বান্ধি ৰাধা বাউলী হোৱা নাছিল যমুনাহে উথলি উঠিছিল৷ প্ৰেমৰ ফটিকা পি ৰাধা মাতাল হোৱা নাছিল জোনাকত মাথোঁ আন্ধাৰ বিচাৰিছিল৷ কঁকালৰ কলহত ৰাধাই অনা নাছিল পানী ভৰি আছিল সেই কলচী পুৰাতন পিয়াহেৰে৷ কানায়ে আঁজলি পাতিছিল, ৰাধাই কলহটোৰ পিয়াহ বাকি দিছিল৷ পিয়াহ পি আতুৰ হ'ল কানাইৰ কলিজা ডাঁহেচীয়া জোনৰ মৌ সৰাই বজালে বনৰীয়া বাঁহী৷ বাঁহীৰ বনৰীয়া সুৰ বৈ গ'ল আন এখন যমুনা হৈ পাৰ ভঙা পানীত ডুব গ'ল ৰাধা, ডুব গ'ল পুৰাতন পিয়াহভৰা কলহটো৷ উদ্ধাৰা উদ্ধাৰা বুলি বতাহত ৰাধাৰ মাত বোৱতী নৈত জিলিকিল ৰাধাৰ হাত৷ ৰাধা ৰাধা ৰাধা কানাইৰ কাণত বাজি উঠিল ৰাধাৰ উদ্ধাৰা উদ্ধাৰা৷ কানায়ে নোৱাৰে এৰিব বাঁহী নোৱাৰে সহিব বিননি এহাতে বাঁহীটো লৈ মেলিলে এহাত৷ ৰাধাৰ হাতত কানাইৰ হাত দেহে দেহে খেলি গ'ল বিজুলী৷ ৰাধ...
প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা
- Get link
- X
- Other Apps
"অসমীয়া গালি-শপনিবোৰ" ================== বিজয়া বৰুৱা সংস্কৃতি হ'ল মানুহৰ সামাজিক আচৰণৰ মূৰ্ত প্ৰকাশ৷সংস্কৃতিৰ এটা ভাগ হ'ল লোক সংস্কৃতি ৷ অসমৰ লোক সংস্কৃতিৰ পথাৰখন অতি সাৰুৱা ৷ অসমীয়া সমাজ জীৱনত বিভিন্ন অঞ্চলত প্ৰচলিত গালি শপনিবোৰৰ লোক সংস্কৃতিত এক সুকীয়া স্থান আছে ৷এই গালি শপনিবোৰৰ আৰম্ভণি ক'ত কেনেকৈ হ'ল তাক কোৱা টান ৷গালি শপনিবোৰৰ মূল আধাৰ হ'ল কাজিয়া ৷কাজিয়া নকৰিলেও 'গোৱাল গালি'ও প্ৰচলন আমাৰ সমাজত আছে ৷ অসমীয়া সাহিত্যতো কাজিয়াৰ বৰ্ণনা পোৱা যায় ৷ পৌৰাণিক সাহিত্যতো ইয়াৰ বৰ্ণনা আছে ৷মহাপুৰুষ শংকৰদেৱৰ "পাৰিজাত হৰণ" ত শচী আৰু সত্যভমাৰ কাজিয়া, "চোৰধৰা পিম্পৰা গুচোৱা" ত যশোদাই গুৱালীসকলক উদ্দেশ্যে পৰা গালি, মামণি ৰয়ছম গোস্বামীৰ উপন্যাসত ৰাধেশ্যামীসকলৰ কাজিয়াবোৰ, হোমেন বৰগোহাঞিৰ " মৎস্যগন্ধা " খনত মেনকাৰ গালি-গালাজবোৰ আমাৰ লোক জীৱনৰ পৰাই বুটলি অনা বুলিব পাৰি ৷দেখা যায় যে, লোক জীৱনত প্ৰচলিত গালি গালাজবোৰ কেতিয়াবা সাহিত্যত প্ৰৱেশ কৰি বাংময় ৰূপ লাভ কৰে ৷ যি কি নহওক, ইয়াত আজি অসমীয়া সমাজত প্ৰচলিত গালি শপনিবোৰ অলপ উ...
কবিতাঃ অনাখৰীঃ বৰ্ণালী গগৈ
- Get link
- X
- Other Apps
অনাখৰী বৰ্ণালী গগৈ এক: নেদেখা নদীৰ মাতে কিয় যে ব্যাকুল কৰে ! পাহাৰী নিজৰা হৈ উচ্ছাসবোৰ আচাৰ খাই পৰে, ক'ৰবাৰ বালিঅঁহীয়া মাটিত যেন শাৰী শাৰী গোমধান গজে মই নাজানো মই এতিয়া পলস, বালিচৰ নে মোহনা! দুই: হেৰাওঁ বুলিয়েই হেৰাই যায় বিশ্বাস, আস্থা অথবা ভাললগাবোৰ দূৰ হওঁ বুলিয়েই আঁতৰি যায় বন্ধুৰ অন্তৰঙ্গতা স্মৃতিবোৰ যেন সাগৰ পাৰৰ বালিৰ চিকমিকনি অথবা বান্ধভঙা আবেগৰ উচ্ছল জোৱাৰ সেমেকা বালিত শামুক বিচৰাই নেকি জীৱন এতিয়া! তিনি : নিশাৰ তৰালি নে নদীৰ মখমলি বুকুৰ জোনাক পাৰ বন্ধা নাও নে বেলি উঠা ঘাট ফুলৰ সুবাস নে শিশুৰ কলৰৱ শীতৰ জুহাল নে হেমন্তৰ নিয়ৰ! জীৱন যেন বতাহত শেৱালি সৰাৰ ছন্দ! চাৰি : সেউজীয়াত উজ্জীৱিত মৰহা সত্তা নে সত্তাৰ সেউজীয়াত প্ৰোথিত জীৱন ক'ৰবাত যে এখন নীলা নৈ বৈ থাকে তাতকৈও নীলা হৈ উৰে মতা ময়ূৰৰ চিঞৰ শেষ আবেলিৰ নিৰ্জনতাত আৰু আমলখি পাতৰ মাজেৰে এটুকুৰা জোন ...
গল্পঃ নগ্নতাই পাহৰোৱা প্ৰেমঃ ৰক্তাভ কুমাৰ দাস
- Get link
- X
- Other Apps
নগ্নতাই পাহৰোৱা প্ৰেম ✍ ৰক্তাভ কুমাৰ দাস “ প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰেই উদাসী মন...“ “উমহু! হোৱা নাই, হোৱা নাই, কৰ্ড ভুল হৈছে৷ মোৰেই উদাসী মনত ডি মাইনৰ ধৰিবা৷ উম আকৌ এবাৰ কৰা.. ৱান টু থ্ৰী ষ্টাৰ্ট...“ “ প্ৰীতিৰ সুবাসে ধুৱাই দিলেহি মোৰেই উদাসী মন... ( গীটাৰ বজাই থকা জেঠায়েকৰ ল’ৰাৰ ফালে বুঢ়া আঙুলিটো পোনাই ঠিকে থকা বুলি সূচায় সি গাই গ’ল৷ ) পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু.....“ “ এইটো যদি আনপ্লাগড কৰোঁ বঢ়িয়া লাগিব৷ কি মজ্জা গান ৰে! লিৰিস্কৰ ডেপ্থ চোৱানা! জুবিন সঁচাকৈ কিন্তু এটা জেম ভাই, জেম! “ ৰূপমৰ কথাত ককায়েকে হাঁহি এটা মাৰি গীটাৰখন টিউন কৰাত লাগি গ’ল৷ ককায়েকে জানে মুড আহিলে ৰূপমে তাৰ আগৰ প্ৰেয়সীৰ কথা আৰম্ভ কৰিব আৰু গধূলি খানাপাৰা ফ্লাইওভাৰৰ তলত গৈ বিয়েৰৰ বটলৰ সাফৰ খুলিব৷ “ জানা বাবু দাদা, এইটো গান গালেই কিবা পোহৰলৈ খুব মনত পৰে! আগতে ফোনত সদায় তাই মোক এই গানটো শুনাবলৈ জোৰ কৰিছিল, তাইৰ প্ৰিয় গীত এইটো৷ কিমানবাৰ যে গালোঁ এই গানটো, কলেজৰ ফ্ৰেচাৰ্ছত প্ৰথম গোৱাৰ দিনৰ পৰাই তাই মোৰ কণ্ঠত এই গানটোৰ প্ৰেমত পৰা বুলি কৈছিল৷...
নতুন পুৰুষৰ চিন্তাঃ মহাভাৰত পৰ্য্যালোচনা- ২ঃ দ্বীপজ্যোতি শৰ্মা
- Get link
- X
- Other Apps
মহাভাৰত পৰ্য্যালোচনা--২ @দ্বীপজ্যোতি শৰ্মা ....কামনাত অন্ধ নৰপতি, প্রজা তাৰ মন্দমতি... প্রথমটো খণ্ডত আমি মহাভাৰতৰ আৰম্ভণিতেই দেখা পোৱা নৃশংসতা সম্পৰ্কত আলোচনা কৰিছিলোঁ।দেৱী গংগাৰ নিজ গৰ্ভস্থ সন্তানৰ প্রতি নৃশংসতা আৰু মহাৰাজ শান্তনুৰ প্রতি তেওঁৰ যৌৱনকালত পিতৃ প্রতীপৰ নৃশংসতাই আমাক চুই গৈছে।এনেকৈ বিভিন্ন ঘটনাপ্রৱাহৰ মাজেৰে আমি ক্ৰমান্বয়ে মহাভাৰতৰ মূল কাহিনীলৈ আগবাঢ়ি গৈ আছোঁ।কালক্রমত দেৱী গংগাৰ সেই অষ্টম সন্তান দেৱব্রত যুৱক হ'ল।সৰ্বগুণসম্পন্ন এই যুৱকে সকলোকে প্ৰভাৱিত কৰিবলৈ সক্ষম হ'ল।ইফালে গংগাৰে বিচ্ছেদ হৈ মহাৰাজ শান্তনু খুব অকলশৰীয়া হৈ পৰিছিল।মৃগয়াসর্বস্ব ৰজাই যেতিয়া এদিন অৰণ্যৰ মাজত সত্যৱতী নামৰ সেই ধীবৰ কন্যাক দেখিলে তেতিয়া তেওঁৰ চিত্ত পুনৰবাৰ চঞ্চল হ'ল।তেওঁ সেই কন্যাৰ পৰিচয় লৈ তেওঁৰ পিতৃৰ ওচৰলৈ গৈ কন্যাভিক্ষা কৰাত দাসৰাজে যি চৰ্ত আৰোপ কৰিলে তাতহে এক ভীষণ সমস্যাৰ সৃষ্টি হ'ল।চৰ্তটো আছিল ৰজা শান্তনুৰ অবৰ্তমানত সত্যৱতীৰ গৰ্ভস্থ সন্তানক হস্তিনাপুৰৰ ৰাজসিংহাসনত বহুৱাবলৈ নিশ্চিত প্রতিশ্রুতি ...
কবিতাঃ খোজঃ কাৱেৰী কাশ্যপ বৰা
- Get link
- X
- Other Apps
____খোজ_____ খোজৰ শেষ নাই য'তেই শেষ বুলি ভবা হয় ঠিক তাৰ পৰাই আৰম্ভ হয় নতুনকৈ কেতিয়াবা সৃষ্টি কেতিয়াবা স্মৃতি খোজৰ মাজতেই খোজৰ অলেখ কাহিনী ৷ মই যি বাটে আগুৱাওঁ তাত হেৰায় হাজাৰ খোজ খোজৰ বাটত শূন্যতাৰ পাকলগা জঁট । ক'ৰবাত খোজবোৰ ভিন্ন ক’ৰবাত অভিন্ন ক’ৰবাত পুৰণি খোজৰ মাজতেই জীৱনৰ সময় সোঁত... ✍কাৱেৰী কাশ্যপ বৰা। ২৭.১০.১৮
কবিতাঃ মমতালৈ চিঠিঃ ধীৰাজ নাথ
- Get link
- X
- Other Apps
#মমতালৈ চিঠি যুদ্ধক্ষেত্ৰৰ ধূলিৰ চাদৰৰ আঁচলত এয়া বন্দুকৰ এটা গুলীৰ বুকুত জীৱনটো গুজি থৈছোঁ... সন্মুখত তোমাৰ কঁকালৰ ৰিহাখন আৰু সিপাৰত শত্ৰুৰ বিশাল আয়োজন৷ বুকুৰ কেঁচা সেন্দুৰৰ দাগটো এতিয়াও মচি পেলোৱা নাই মই৷ অচিনাকী অথচ আপোন তুমি তুমি যেন লগা গোন্ধটো ইয়াতো মোৰ আশে পাশে উৰি ফুৰেহি কেতিয়াবা৷ তেতিয়া এনে লাগে যেন আমিবোৰ একো একোটা ছাঁয়া মাথোঁ জীৱনৰ৷ জীৱনবোৰ নৈৰ সোঁতত এৰি উমলি ফুৰিছোহি সপোনৰ বুকুত... কুশলে আছানে মোৰ সপোনবোৰৰ মাজত? মোৰ বৰ মনত পৰে অ' তোমালৈ! এইবাৰ যুদ্ধ শেষ হ'লে চাগে যামগৈ তোমাক এৰি অহা বাটে উভতি... সামৰিছোঁ! ~ধীৰাজ 6.01.2018
কবিতাঃ অপূৰ্ণতাৰ কথকতাঃ কৃষ্ণ কান্ত দাস
- Get link
- X
- Other Apps
*অপূৰ্ণতাৰ কথকতা* কথাবোৰতো তেনেকুৱা নাছিল, কথাবোৰতো এনেকুৱাও নাছিল, কথাবোৰ কল্পকাহিনীৰ ৰূপত আছিল, কথাবোৰে কাহিনী লিখিছিল, তাকে শুনি পূৰ্ণাহুতি জোনাকেও বাগৰ সলাইছিল, হয়তো অমানিশা তেনেকৈয়ে নামিছিল, কথাবোৰতো তেনেকুৱা নাছিল, কথাবোৰ এনেকুৱাও নাছিল, শিলে শেলাইক সময় দিব, সেয়া জানো অৱধাৰিত আছিল? অদৃষ্ট বুলি কাহিনীটোত শেলাই গজিছিল, জীয়া শিলে চকুলো টুকিছিল, কথাবোৰতো তেনেকুৱা নাছিল, কথাবোৰতো এনেকুৱাও নাছিল! সকলো মাথোঁ অপূৰ্ণতাৰ কথকতা হৈয়েই ৰ'ল..... 🖋 *কৃষ্ণ কান্ত দাস*
- Get link
- X
- Other Apps
মৰীচিকা ২ তাই: মোৰ বাবে গোটেই পৃথিৱীখনেই তুমি।কিন্তু তোমাৰ পৃথিৱীত মোৰ স্থান তেনেই নগণ্য বুলি জানো। সি: হুম,(অলপ ৰৈ) জানিছিলা যদি ভুলবোৰ কিয় কৰিলা? তাই: দোষ তোমাৰেই সি: মোৰ!কেনেকৈ? তাই: য’ত NO ENTRY চাইন ব’ৰ্ড মাৰি থোৱা থাকে, হেঁপাহবোৰ তালৈয়ে বেছি জাগে... দুয়োটাই খিলখিলাই হাঁহি দিলে, সময়ে সকলো সলনি কৰি দিব বুলি কৈ সি তাইৰ হাতখন খামুচি ধৰিলে,তাই হুমম বুলি শলাগ লৈ আগবাঢ়িল, মনে মনে ভাবি গ'ল, সলনি হ'ব সকলো সলনি হ'ব,পার্থক্য মাথোঁ এটাই-- তুমি তোমাৰ বাবেই জীয়াই থাকিবা আৰু মই তোমাক লৈ জীয়াই থাকিম.... @দীপাঞ্জলী দাস
নতুন পুৰুষৰ চিন্তাঃ সন্তানক সন্তানৰ দৰে প্ৰতিপালন কৰোঁ আহকঃ নিৰ্মালি সন্দিকৈ
- Get link
- X
- Other Apps
#সন্তানক সন্তানৰ দৰে প্ৰতিপালন কৰোঁ আহক তিনিবছৰীয়া ছোৱালীজনীয়ে যিকোনো পুতলা,যিকোনো খেলনা পালেই কৌতূহলত খুলি পেলায়।তাত কোনো জিঘাংসা নাথাকে।তাৰ পাছত সাৱধানেৰে তাই জোৰা লগাবলৈও খোজে।ককাক আইতাকে তাইক কয়,ছোৱালী মানুহে এইবোৰ নকৰে নহয়,ভালকৈ সজায় পৰাইহে থয়।তাই কেতিয়াবা হাতখন ওপৰলৈ তুলি কয়,মই ছুপাৰমেন!ঘৰৰ আন কোনোবাই কয়,ধেৎ! ছোৱালী মানুহ পৰীহে হয়।ধুনীয়াকৈ ষ্টাইল কৰে,ৰাজকুমাৰৰ লগত বিয়া হয়। একেঘৰৰে এঘাৰ বছৰীয়া ল'ৰাটোক ককাক আইতাকে পানী এগিলাছো লৈ খাবলৈ নিদিয়ে।অভিমান কৰি কান্দিবও নিদিয়ে।ধেৎ! ল'ৰা মানুহে কাম কৰে নেকি,কান্দে নেকি? ছি: মানুহে লাজ দিব দেই। অৰ্থাৎ,শিশুহঁতক আমি জন্মৰ পৰাই লিংগভেদ বুজাওঁ।সিহঁতক আমি মানুহৰ সন্তান হিচাপে নহয়,ল'ৰা আৰু ছোৱালী বুলি অহৰহ বুজাওঁ যাতে সিহঁতে মানুহৰ শিশু হিচাপে নহয়,নিজকে সৰুৰে পৰাই ল'ৰা বা ছোৱালী বুলিহে চিনি পায়।ল'ৰা মাত্ৰেই যেন আৱেগহীন,আত্মকেন্দ্ৰিক আৰু আনৰ ওপৰত হুকুম দিয়া মালিক হ'ব লাগিব আৰু ছোৱালী মাত্ৰেই যেন লেহুকা,পৰনিৰ্ভৰশীল আৰু আনৰ হুকুম নিৰ্বিবাদে মানি লোৱা এক কুণ্ঠিত প্ৰাণী হ'ব লাগিব।ইয়াৰ ব্যতিক্ৰম হ'লেই অকনমাণি শিশ...
গল্পঃ সাতে পাঁচে শূন্যঃ খুশবু হাজৰিকা
- Get link
- X
- Other Apps
সাতে পাঁচে শূন্য তিনিদিন নে চাৰিদিন আগৰ ঘটনা৷ গাঁওখনৰ সিমূৰৰ মনোহৰৰ জীয়েক সৰুফুল আবিদ নামৰ কলেজৰ সহপাঠী এজনলৈ পলাই গ’ল৷ তাকে লৈ গোটেই গাঁওখনত হৈ চৈ৷ আবেলি স্কুলৰ পৰা অহাৰ পাছত সনাতন মাষ্টৰকো মাতি নিলেহি ৰাইজে৷ গাঁওখনৰ জ্যেষ্ঠ ব্যক্তি হিচাপে তেওঁক এইবিলাক ক্ষেত্ৰত সমিধান দিবৰ বাবে মানুহে মাতি মাতি নিয়েহি৷ ল’ৰা-ছোৱালীহালক বিচাৰি পোৱাৰ পাছত থানাৰ আইনী কাম-কাজ, আকৌ গাঁৱৰ ৰাইজক বুজোৱা-বঢ়োৱা কৰোঁতে মেলোতে ঘৰ আহি পায় মানে ৰাতি প্ৰায় আঢ়ৈ বাজি গৈছিল৷ তাতে তেওঁৰ দুৰ্বল হৃদযন্ত্ৰৰ বাবে পথ্য লৈ থাকে প্ৰতিদিনে৷ টোপনি আহেমানে চাৰে তিনিমান বাজিল৷ পুৱা স্কুললৈ ঠিকসময়তে ওলাই গ’ল যদিও দুপৰীয়া এঘাৰ মান বজাত চকুৱে নটনা হ’ল তেওঁৰ৷ এল. পি. স্কুলখনত তেওঁৱেই একমাত্ৰ শিক্ষক৷ ছাত্ৰ-ছাত্ৰী তিৰাশীজন৷ পাঁচোটা শ্ৰেণী তেওঁ অকলেই চলায়৷ অফিচৰ হিচাপ নিকাচ, মধ্যাহ্ন ভোজনৰ উপৰঞ্চি লেঠাবোৰতো আছেই৷ প্ৰত্যেকটো শ্ৰেণীতেই অলপ অলপকৈ পঢ়ুৱাই পঞ্চম শ্ৰেণীটোত অংক কেইটামান বুজাই থাকোঁতেই তেওঁ অনুভৱ কৰিছিল চকুটো জ্বলা-পোৰা কৰিছে, মূৰটো কামুৰিছে৷ ব’ৰ্ডত হৰণ অংককেইটামান কৰিবলৈ পাতি দি তেওঁ মূৰটো দুহাতেৰে খামুচি ধৰি বহি পৰিছিল৷ নাই...
ক্ৰীড়াঃ বগামাটিঃনৰ্থইষ্ট এডভেঞ্চাৰ টুৰিজিম ফেষ্টিভেল২০১৮ঃ জুলিমা ডেকা
- Get link
- X
- Other Apps
বগামাটিঃ নৰ্থইষ্ট এডভেঞ্চাৰ টুৰিজিম ফেষ্টিভেল ২০১৮ ( NEATOFEST 2018 ) জুলিমা ডেকা বগামাটি এসময়ৰ অতি দুৰ্গম ঠাই, য’ত দিনে নিশাই চলিছিল উগ্ৰপন্থী সংগঠনৰ কুচকাৱাজ৷ বাক্সা জিলাৰ প্ৰান্তত ভাৰত ভূটান সীমান্তৱৰ্তী এটা অঞ্চল হ’ল বগামাটি৷ বগামাটিৰ এটা অংশ ওদালগুৰি জিলাৰ বৰনদী অভয়াৰণ্যৰ অন্তৰ্গত৷ বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তত আছে বগামাটি৷ কিন্তু ২০০৬ চনত গোৰেশ্বৰৰ কেইগৰাকীমান যুৱকৰ তত্ত্বাৱধানত গঢ় লৈ উঠিছিল এটা দুঃসাহসিক ক্ৰীড়াৰ এটা সংগঠন “শিখৰ এডভেঞ্চাৰ ক্লাৱ, গোৰেশ্বৰ৷ “ বিটিচি প্ৰথমটো এডভেঞ্চাৰ ক্লাৱ৷ পূৰ্ণ ডেকাৰ নেতৃত্বত গঢ়লৈ উঠা এই সংগঠনটোৱে প্ৰথবাৰৰ বাবে আৱিষ্কাৰ কৰিছিল বগামাটিত থকা দুঃসাহসিক ক্ৰীড়া ক্ষেত্ৰৰ প্ৰচুৰ সম্ভাৱনীয়তা৷ বিশেষকৈ ভূটানৰ পৰা বৈ অহা খৰস্ৰোতা বৰনদীৰ বুকুত হোৱাইট ৱাটাৰ ৰাফ্টিংৰ সম্ভৱনীয়তাক৷ ২০০৬ চনতে প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ আন এটা দুঃসাহসিক ক্ৰীড়াৰ সংগঠন “এক্সপ্লোৰাৰ্চ“ৰ সহযোগত “শিখৰ এডভেঞ্চাৰ ক্লাৱ, গোৰেশ্বৰে“ বগামাটিত থকা বৰনদীৰ বুকুত আৰম্ভ কৰে হোৱাইট ৱাটাৰ ৰাফ্টিং৷ তাৰ পিছতে ৰাজ্যসভাৰ সাংসদ সন্মানীয় বিশ্বজিৎ দৈমাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য মাননীয় গণেশ...