আহোম সাম্ৰাজ্যৰ সেই কক্ষচ্যুত তৰাটো: নাজিফ হাজৰিকা
------------------------
১৭৮৪ চন , কাতি মাহ ।
আহোমৰ শীৰ্ষ বিষয়া ঘনশ্যাম বুঢ়াগোহাঁয়ে নৰীয়া দেহাৰে ঘৰৰ চোতালত বহি আছে। নিজৰ গা বেয়া হোৱাত মোৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ পুতেক পূৰ্ণানন্দক পঠিয়াইছিল বুঢ়াই।
চিন্তাক্লিষ্ট মন লৈ বুঢ়াই চাই পঠিয়ালে সন্মুখৰ পথাৰলৈ। বুঢ়াৰ কাণ ঠিয় হ'ল, দূৰৈৰ পৰা পাঁচটামান ঘোঁৰা ধূলি উৰুৱাই উৰুৱাই আহি থকা দেখিলে।
ঘোঁৰাকেইটা আহি বুঢ়াৰ ঘৰৰ সন্মুখত ৰ'লহি। পূৰ্ণানন্দ নামি দৌৰি আহিল বাপেকৰ ওচৰলৈ। বুঢ়া উৎকণ্ঠাৰে আগুৱাই গ'ল।
: পিতাই, খবৰ ভাল নহয়।
: মানে? কি হ'ল?
: মোৱামৰীয়াই বোলে স্বৰ্গদেউক কাটিলে।
: কি? তই ক'ত আছিলি? কি কৰি আছিলি?
: পিতাই মই স্বৰ্গদেউক বিচাৰি উলিয়াব নোৱাৰিলোঁ।
: তোৰ লাজ লগা নাই? মোৰ ল'ৰা হৈ স্বৰ্গদেউৰ বাবে নমৰিলি কিয়? ছিঃ!
: নহয় পিতাই!
'ঠাঁচ ....'
পূৰ্ণানন্দৰ গালত ঘনশ্যাম বুঢ়াগোহাঁইৰ চৰ এটা পৰিল । হাতত ওচৰত থকা যাঁঠি পাট লৈ ঘনশ্যামে পুতেকৰ গা-লৈ মাৰি পঠিয়ালে।
: ধিক তোৰ জীৱন। মোৰ ল'ৰা হৈ স্বৰ্গদেউৰ লগত নমৰিলি? হয় মৰিব পাৱ,নহয় মাৰিব পাৱ। তেহে মোৰ ল'ৰা। এনেকুৱা ল'ৰা মোক নালাগে। আন দা এখন, ইয়াকে আগত ঘপিয়াই দিওঁ।
পূৰ্ণানন্দৰ লগৰ কেইজনে যেনেতেনে ঘনশ্যামক ৰখালে।
: পিতাই মোক ক্ষমা কৰি দে।
পূৰ্ণানন্দই বাপেকৰ ওচৰত আঁঠু ল'লে।
: তহঁতৰ দ্বাৰা একো ন'হল। এতিয়া ময়েই যাওঁ নৰীয়া দেহা লৈ। স্বৰ্গদেউৰ কাৰণে হয় মৰিম নহয় মাৰিম।
ঘনশ্যামে নৰীয়া দেহাৰে হেংদাং লৈ ওলাই গ'ল, বিদ্ৰোহ দমন কৰিবলৈ।
অনুশোচনাত দগ্ধ হৈ পূৰ্ণানন্দই আঁঠু কাঢ়ি তলমূৰ কৰি পৰি থাকিল । মনে মনে প্ৰতিজ্ঞা কৰিলে, জীয়াই থকা বাকী দিনবোৰ আহোম ৰাজবংশ আৰু অসমৰ সেৱা কৰি যাব। পূৰ্ণানন্দৰ চকুত জিলিকি উঠিল সোণৰ অসমৰ সপোন। পূৰ্ণানন্দই মূৰ তুলি আকাশলৈ চালে, আকাশত মাথোঁ এটাই তৰা আছিল।
পূৰ্ণনন্দই যেতিয়া মনে মনে সোণৰ অসমৰ সপোন দেখিছিল, তেতিয়া হাজাৰ-হাজাৰ কি: মি: আঁতৰত ইউৰোপৰ ফ্ৰান্সত আৰু এটা ল'ৰাই বেলেগ এটা সপোন দেখিছিল। সপোনটো আছিল সমগ্ৰ ইউৰোপ ফ্ৰান্সৰ অধীনলৈ অনা আৰু পোহাৰী জাতি ইংৰাজবোৰক এসেকা দিয়া। ল'ৰাটোৰ নাম আছিল নেপ'লিয়ন ব'নাপাৰ্ট। নেপ'লিয়নেও আকাশত সেই একেটা তৰাই দেখিছিল সেইদিনা ।
* * *
২ ডিচেম্বৰ ১৮০৪ চন ।
"ভিভ লপৰৰ, লা গ্ৰেণ্ড নাপ'লিয়ন "
"ভিভ লপৰৰ, লা গ্ৰেণ্ড নাপ'লিয়ন"
ধ্বনিৰে সমগ্ৰ ফ্ৰান্স মুখৰিত হৈ পৰিল। মাত্ৰ ৫০০০০ সৈন্য লৈ নাপ'লিয়নে প্ৰুচিয়াৰ ৮০০০০ হাজাৰ সৈন্যৰ বিপক্ষে বিজয়ী হৈ আহিছে। ইতিমধ্যে নাপ'লিয়নৰ ভয়ত সমগ্ৰ ইউৰোপ কঁপিব আৰম্ভ কৰিছে। ৰাছিয়া, অষ্ট্ৰিয়া, নেদাৰলেণ্ড, ব্ৰিটেইনৰ কিছু অংশ, প্ৰুচিয়া আদি সকলো দেশ নাপ'লিয়নৰ অধীনত। নাপ'লিয়নৰ অদ্ভুত যুদ্ধ কৌশলৰ সন্মুখত কোনোৱেই টিকিব নোৱাৰে।
আজি নাপ'লিয়নৰ ৰাজ অভিষেক। ফ্ৰান্সৰ জনতা আনন্দত মতলীয়া হৈ পৰিছে। নাপ'লিয়নৰ মূৰত পিন্ধাবলৈ পোপে মুকুট লৈ আহিল।
: এতিয়া তুমি আঁঠু কাঢ়ি দিয়া, তোমাৰ শিৰত মুকুট পিন্ধাই দিওঁ। - পোপে কলে ।
: আঁঠু? মই মোৰ আইৰ বাহিৰে কাৰোৰে আগতে আঁঠু লৈ পোৱা নাই।
: কিন্তু এয়া আমাৰ ৰাজবংশৰ নিয়ম বোপাই।
: থওক আপোনাৰ নিয়ম। মই কেতিয়াও বেলেগৰ আগত আঁঠু নলওঁ।
এইবুলি কৈ নাপ'লিয়নে পোপৰ হাতৰ পৰা মুকুট কাঢ়ি লৈ নিজে পিন্ধিলে আৰু পত্নী জচেফিনকো পিন্ধালে।
ৰজা হৈয়েই নেপ'লিয়নে দিনে নিশাই ফ্ৰান্সৰ উন্নয়নৰ কথা ভাবিবলৈ আৰম্ভ কৰিলে। প্ৰথম কাম হাতত ল'লে ফ্ৰান্সৰ এখন সংবিধান ৰচনা কৰা। কামৰ মাজতে নাপ'লিয়নে আকাশৰ সেই তৰাটো মাজে মাজে চাই থাকে।
সিফালে অসমতো ঘনশ্যামৰ মৃত্যুত পূৰ্ণানন্দ বুঢ়াগোহাঁই হ'ল। দিনে নিশাই পূৰ্ণানন্দই অসমৰ উন্নয়নৰ কথা ভাবিবলৈ ধৰিলে। মোৱামৰীয়া বিদ্ৰোহত চেদেলি-ভেদেলি হৈ যোৱা অসমীয়া সেনাক পুনঃসংগঠিত কৰিলে। স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ লাজকুৰীয়া স্বভাৱৰ বাবে বেছিভাগ কাম পূৰ্ণানন্দই কৰিছিল। নাপ'লিয়নে যেতিয়া সংবিধান ৰচনা কৰি আছিল, তেতিয়া পূৰ্ণানন্দই তুলসীদাসৰ ৰামায়ণৰ অসমীয়া ভাঙনি কৰাৰ কাম কৰিছিল।
কিন্তু পূৰ্ণানন্দই এটা ভুল কৰিলে, ডাঙৰ ভুল। এবাৰ বিশ্বাসঘাটক বুলি প্ৰমাণ হোৱা বদনক আকৌ বৰফুকন পাতিলে।
একেটা ভুল নাপ'লিয়নেও কৰিলে। বিশ্বাসঘাটক ফুঁছেক মাতি আনি আকৌ ৰাজবিষয়া পাতিলে।
আকাশৰ সেই তৰাটোৱে তেতিয়া দুয়োলৈ চাই মিচিকিয়াই হাঁহিছিল ।
* * *
১৮০৮ চন ।
ষড়যন্ত্ৰ আৰম্ভ হৈ গৈছে। এফালে নাপ'লিয়নৰ বিপক্ষে ইংলেণ্ড, ৰাছিয়া, অষ্ট্ৰিয়া, প্ৰুচিয়া মিলি ষড়যন্ত্ৰ কৰিছে। আনফালে বদন বৰফুকন, সৎৰাম আদিয়ে পূৰ্ণানন্দৰ বিপক্ষে ষড়যন্ত্ৰ আৰম্ভ কৰিছে। অৱশ্যে ষড়যন্ত্ৰৰ খবৰবোৰ পূৰ্ণনন্দই অলপ অলপ গম পাইছে।
মন্ত্ৰী ভদৰী বৰবৰুৱা আৰু কলীয়াভোমোৰাৰ লগত এই সম্পৰ্কে পূৰ্ণনন্দই কথা পাতি আছিল। তেনেকুৱাতে কলিকতাৰ পৰা গুপ্তচৰ বেজিয়া কটকী আৰু দত্ত ব'ৰাগী আহি ওলালহি ।
: কি খবৰ আনিছা তোমালোকে? -পূৰ্ণানন্দই সুধিলে।
: আমাৰ বদনে আকৌ বিশ্বাসঘাটকতা কৰিব ওলাইছে।
: মানে ?
: ইংৰাজৰ লৰ্ড হষ্টিংচৰ ওচৰত গৈছিল আপোনাক আক্ৰমণ কৰিবলৈ আমন্ত্ৰণ কৰিবলৈ।
: লৰ্ড হেষ্টিংচে কি ক'লে?
: খেদিলে তাক। ক'লে তোমালোকৰ সমস্যাত আমি নোসোমাওঁ।
: ওহোঁ ! ইংৰাজৰ নিচিনা চতুৰ জাতি এটাই ইমান সহজতে না নকৰে। কিবা এটা কথা নিশ্চয় আছে। - পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে চিন্তা কৰিলে।
: আছে এটা কাৰণ। খুব সম্ভৱ!
: কি ?
: ইউৰোপত এতিয়া নাপ'লিয়ন ব'নাপাৰ্ট নামৰ বীৰ এজনে এই ইংৰাজবোৰক পানী খুৱাই আছে। গতিকে অনাহকত এতিয়া অসমলৈ যুদ্ধ কৰিবলৈ আহি নিজৰ সৈন্য আৰু অস্ত্ৰ খৰচ নকৰে সিহঁতে।
: হয় নেকি! ভাল খবৰ। কি ক'লা নামটো?
: নাপ'লিয়ন ব'নাপার্ট।
: আচলতে ইংৰাজক এতিয়া টকা লাগে টকা।
: কিয়?
: কাৰণ অকলে নাপ'লিয়নৰ বিপক্ষে যুঁজিবলৈ কোনো এখন দেশৰে সাহস নাই। কিন্তু টকাৰে সকলো বিপক্ষ দেশৰ সৈন্যক একলগ কৰি সমূহীয়াকৈ যুঁজিব।
: ইংৰাজবোৰ তেনেকুৱাই! নাপ'লিয়ন! ভগৱানে আপোনাৰ মংগল কৰক।
পূৰ্ণানন্দই আকাশলৈ চালে। তৰাটোৰ উজ্জলতা কমিছিল।
* * *
১৮১৫ চন ।
ৰণাংগণ তেতিয়া উন্মাদ। ভীষণ যুদ্ধ চলিছে নাপ'লিয়ন আৰু ইংৰাজৰ মাজত। মাত্ৰ ৭০০০০ সৈন্য লৈ নাপ'লিয়নে ৱেলিংটনৰ ১২০০০০ সৈন্যৰ বিৰুদ্ধে যুঁজি আছে। ইফালে নাপ'লিয়নৰ বিশ্বাসী সেনাপতি মাৰ্চেল নে'য়ে প্ৰুচিয়াৰ বেত্ৰা' ৰ বিপক্ষে যুদ্ধ কৰি আছে।
বিশ্বাসঘাটক ফুঁছেই ভিতৰৰ পৰা যুদ্ধৰ সকলো খবৰ ইংৰাজক দি আছে । নাপ'লিয়নে অকলে বাৰে বাৰে মাৰ্চেল নে'লৈ খবৰ পঠিয়াই আছে সৈন্য বাহিনী লৈ তেওঁৰ লগত চামিল হ'বলৈ। কিন্তু আধা বাটতে খবৰবোৰ ইংৰাজে পাই গৈছে।
মাৰ্চেল নেই সময়ত আহি নাপালে। ১০ মিনিট মান পলম হ'ল। ইতিমধ্যে যি হ'ব লগা আছিল, হৈ গ'ল। ৱাটাৰলু যুদ্ধত নাপ'লিয়ন হাৰিল। নিজৰেই বিশ্বাসী মানুহৰ বিশ্বাসঘাটকতাৰ বাবে নাপ'লিয়ন বন্দী হ'ল ইংৰাজৰ হাতত।
পূৰ্ণানন্দই আকাশলৈ চালে, আজি তৰাটো নাই। ইতিমধ্যে পূৰ্ণানন্দ ভাগৰি পৰিছে। সৰুৰে পৰা নিজৰ ল'ৰাৰ নিচিনাকৈ ডাঙৰ কৰা স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহই লাহে লাহে বুঢ়াগোহাঁইক নমনা হৈ আহিছে। সৎৰামে পূৰ্ণানন্দক মাৰিবলৈ কেইবাটাও ষড়যন্ত্ৰ কৰি চলাই বিফল হৈছে। ইফালে বদনেও বিশ্বাসঘাটকতা কৰি মান সেনাক মাতিবলৈ গৈছে। তেওঁ কোনফালে চম্ভালিব? কোনে সহায় কৰিব?
: দেউতা ঈশ্বৰ ! কথা বিষম । - মন্ত্ৰী বৰবৰুৱাই আহি পূৰ্ণানন্দক কলেহি ।
: কি হ'ল ?
: বদন বৰফুকনে ৬০০০ মান সেনা লৈ অসম সোমালেহি।
: সঁচা ?
: হয়, আৰু আমাৰ ফালৰো ৭০০০ মান সেনা গোটেই ১৩০০০ মান সৈন্য লৈ ৰাজধানী আক্ৰমণ কৰিব আহিছে।
: এইবাৰ বদনক এসেকা দিবই লাগিব। মোৰ ঘোঁৰাটো উলিয়াই আনা আৰু আমাৰ সৈনিক সকলক খবৰ দিয়া যোৱা। - পূৰ্ণানন্দই হেংদাং উলিয়াই ললে ।
: দেউতা ঈশ্বৰ, আপুনি নালাগে যাব । আপুনি গুচি গলে মোৱামৰীয়াই আকৌ চল পাব। তাতকৈ ময়েই যাওঁ দিয়ক।
: যোৱা। বদনক এসেকা দি আহিবা।
: হয় দেউতা ঈশ্বৰ ।
মন্ত্ৰী বৰবৰুৱা ওলাই গ'ল। কিন্তু জীৱন্তে ঘূৰি নাহিল।
ইতিমধ্যে মান আহি ৰাজধানী পালেহি । বিশ্বাসী মন্ত্ৰী বৰবৰুৱা আৰু নিজৰ সৈন্যবাহিনীৰ মৃত্যুৰ খবৰ পাই পূৰ্ণানন্দক শোকে খুন্দা মাৰি ধৰিলে। লাহে লাহে বুঢ়াগোহাঁই ঢলি পৰিল। পূৰ্ণানন্দৰ চকু জাঁপ খাই গ'ল।
মৃত্যুৰ কোলাত শুই পৰিল তেওঁ।
ক্ষমতাৰ খোৱা-কামোৰা আৰু বিশ্বাসঘাটকতাই শেষ কৰিবলৈ আৰম্ভ কৰি দিলে আহোম সাম্ৰাজ্য। সেই তৰাটো আৰু আকাশত কোনোদিন নোলাল।

Excellent
ReplyDeleteভাল লাগিল, দুয়োটা কাহিনীৰ অদ্ভূত সাদৃশ্য
ReplyDelete