গল্পঃ নগ্নতাই পাহৰোৱা প্ৰেমঃ ৰক্তাভ কুমাৰ দাস

নগ্নতাই পাহৰোৱা প্ৰেম

✍ ৰক্তাভ কুমাৰ দাস

 “ প্ৰীতিৰ সুবাসে
 ধুৱাই দিলেহি
 মোৰেই উদাসী মন...“

“উমহু! হোৱা নাই, হোৱা নাই, কৰ্ড ভুল হৈছে৷ মোৰেই উদাসী মনত ডি মাইনৰ ধৰিবা৷ উম আকৌ এবাৰ কৰা.. ৱান টু থ্ৰী ষ্টাৰ্ট...“

“ প্ৰীতিৰ সুবাসে
 ধুৱাই দিলেহি
 মোৰেই উদাসী মন... ( গীটাৰ বজাই থকা জেঠায়েকৰ ল’ৰাৰ ফালে বুঢ়া আঙুলিটো পোনাই ঠিকে থকা বুলি সূচায় সি গাই গ’ল৷ )
 পাহৰা গীতৰ সুৰে আহি
 জগালেহি যৌৱন কিয় বাৰু.....“

“ এইটো যদি আনপ্লাগড কৰোঁ বঢ়িয়া লাগিব৷ কি মজ্জা গান ৰে! লিৰিস্কৰ ডেপ্থ চোৱানা! জুবিন সঁচাকৈ কিন্তু এটা জেম ভাই, জেম! “

ৰূপমৰ কথাত ককায়েকে হাঁহি এটা মাৰি গীটাৰখন টিউন কৰাত লাগি গ’ল৷ ককায়েকে জানে মুড আহিলে ৰূপমে তাৰ আগৰ প্ৰেয়সীৰ কথা আৰম্ভ কৰিব আৰু গধূলি খানাপাৰা ফ্লাইওভাৰৰ তলত গৈ বিয়েৰৰ বটলৰ সাফৰ খুলিব৷

“ জানা বাবু দাদা, এইটো গান গালেই কিবা পোহৰলৈ খুব মনত পৰে! আগতে ফোনত সদায় তাই মোক এই গানটো শুনাবলৈ জোৰ কৰিছিল, তাইৰ প্ৰিয় গীত এইটো৷ কিমানবাৰ যে গালোঁ এই গানটো, কলেজৰ ফ্ৰেচাৰ্ছত প্ৰথম গোৱাৰ দিনৰ পৰাই তাই মোৰ কণ্ঠত এই গানটোৰ প্ৰেমত পৰা বুলি কৈছিল৷ তাইৰ মতে বোলে জুবিনৰ পিছত অকল মইহে এই গানটোৰ লগত জাষ্টিফাই কৰিব পাৰোঁ৷ হয়নে পিছে? “

“ তই ভাল গাৱ, কিন্তু চিৰিয়াছ নহৱ যে সেইকাৰণে তোৰ লগত জেমিং কৰিব ইচ্ছা নাযায় বুজিলি৷ এতিয়াও আধা খেচেৰাকৈ গাই থৈ দিলি নে! কমপ্লিট্ গালেহে ভাল লাগে! “

 বাবু দাদাকে কোৱা কথাখিনি যেন অলপ সময়ৰ কাৰণে ৰূপমৰ গাত লাগিল! একেজাপে বিছনাৰ পৰা নামি এইবাৰ সি চকীখন টানি আনি বাবু দাদাকৰ একদম সন্মুখত গৈ বহি ললে৷
“ উম কৰ্ড ধৰা.. এ মাইনৰ, দেন চি! “

বাবু দাদাকে ষ্ট্ৰমিং আৰম্ভ কৰিলে..

 “আকাশত দেখোঁ
 শাৰদী জোনাক
 নামিছে অলকানন্দা...
 পাহৰা গীতৰ.....“

“ ঐ ৰ ৰ ৰ...! ৰেকৰ্ড কৰি লওঁ, কি মজ্জা ভাইব্ৰেচন দিছ ৰে তই! এইটো শুনাব লাগিব সবকে৷ ৰহ, আকৌ প্ৰথমৰ পৰা গাবি..“

এইবুলি বাবু দাদাকে মোবাইলটো হাতত লৈ ৰেকৰ্ডাৰটো অন কৰি তাক ক’লে, “ উম দে গা এতিয়া..“

“ এ থোৱা আৰু এতিয়া, মুড নাই৷ গধূলি ব্ৰিজৰ তলৰ পৰা আহি জেমিং কৰিম৷ এতিয়া মই ফেচবুকত কইনা বিচাৰোঁ, তুমিও বৌৰ লগত কথা পাতা৷ “
এইবুলি ৰূপমে বাবু দাদাকে পিঠিৰ ফালে লৈ থকা গাৰুটো টানি আনি নিজৰ গাৰুৰ ওপৰত উঠাই লৈ থুতুৰিটো ধুনীয়াকৈ তাত পেলাই দি ফেচবুকত ফুৰিবলৈ ( তাৰ নিজৰ ভাষাত ) বুলি মোবাইলটো উলিয়াই ল’লে৷ বাবু দাদাকেও তাৰ খেয়ালি মনটোৰ লগত পৰিচিত কাৰণে বিশেষ একো এটা নকৈ নিজৰ ৰুমলৈ গুচি গ’ল৷

 * * * * * *

দুই বছৰ আগতে গাঁৱৰ ঘৰৰ পৰা ৰূপম গুৱাহাটীলৈ আহিছিল কলেজীয়া শিক্ষা ল’বলৈ৷ পঢ়া-শুনাত খুবেই চোকা ৰূপমে কিন্তু ঘৰৰ বাহিৰত আহি পঢ়িব বিচৰা নাছিল, কাৰণ ইয়াৰ আগলৈকে সি মাকক এৰি কেতিয়াও ক’তো দীঘলীয়াকৈ থাকি পোৱা নাই৷ উচ্চতৰ মাধ্যমিকৰ পিছত প্ৰথমে স্থানীয় কলেজখনতেই সি ৰসায়ন বিজ্ঞানক গুৰু বিষয় হিচাপে লৈ স্নাতক শিক্ষা আৰম্ভ কৰিছিল যদিও একেখন কলেজত অধ্যয়ন কৰি থকা তাৰ তেতিয়াৰ প্ৰেয়সীয়ে তাৰ লগত বিশ্বাসঘাটকতা কৰা কথাটোত সি মানসিকভাৱে ভাঙি পৰি অস্থিৰতাত ভুগিব ধৰিলে৷ যথেষ্ট আৱেগপ্ৰৱণ হোৱা হেতু তাৰ স্বভাৱত অস্বাভাৱিকতা আহি পৰিল যিটো ঘৰৰ মানুহে ধৰিব পাৰিলে আৰু শেষত তাৰ মানসিক স্থিতি আৰু ভৱিষ্যত জীৱনৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি তাক সেই সকলোবিলাকৰ পৰা আঁতৰাই নিয়াৰ সিদ্ধান্ত ল’লে৷ ৰূপমেও ঘৰৰ মানুহৰ কথা মানি লৈ বিনা প্ৰতিবাদে গুৱাহাটীলৈ গুচি আহিল৷ কাৰণ সিও বুজি উঠিছিল যে সেইখিনি ঠাইত থাকি সি কেতিয়াও আগৰ দৰে নিজকে সজাই তুলিব নোৱাৰিব৷ এটা মূল্যৱান বছৰ তেনেদৰে নষ্ট কৰি সি গুচি আহিল জেঠায়েকৰ ঘৰত থাকি পঢ়িবলৈ বুলি, কিজানিবা তেনেদৰে নিজক অকণ সলনি কৰিব পাৰেই!

প্ৰতি ৰবিবাৰে সেই অলস দুপৰীয়াটোত ভাত-পানী খাই লোৱাৰ পিছত ককায়েকৰ লগত বহি সি গান গায়৷ সিদিনাও প্ৰায়ে কৰাৰ নিচিনা আধাখেচেৰাকৈ কিবা অলপ গাই উঠাৰ পিছত পেট পেলাই বাগৰি ফেচবুক কৰি থাকোঁতে হঠাতে তাৰ বৰদেউতাকৰ ল’ৰাৰ কোনোবা এটা পোষ্টত সি এজনী ছোৱালীৰ কমেণ্ট পোৱাত তাইৰ প্ৰফাইলটো খুচৰি চালে৷ নীলা পাৰি আৰু বগা ৰঙত নীলা ফুল বঁচা শাৰী এখন পিন্ধি বাওঁফালে ঘূৰি থাকি মুখখন এক বিশেষ ভংগীমাত কেমেৰাৰ ফালে প’জ দি থকা অৱস্থাত উঠা ফটোখনত গোল মুখৰ ছোৱালীজনীক দেখা মাত্ৰেই সি কিবা এটা যেন অনুভৱ কৰিলে, যিটো সম্ভৱতঃ যোৱা দুটা বছৰে কোনো ছোৱালীৰ প্ৰতি সি অনুভৱ কৰা যেন তাৰ মনত নপৰে৷ ফটোখন সি ফেচবুকৰ পৰা ডাউনলোড কৰি কিছুসময় সেইখনকেই ’জুম’ কৰি কৰি তন্ন তন্নকৈ চালে৷

 “ শকত আছে অলপ! বাৰু, ওখ হ’ব নেকি বেছি! নহয়, হিল পিন্ধিব পাৰে, দুখনমান বেলেগ চাওঁ! “ বুলি মনতে ভাবি লৈ প্ৰফাইলটো আকৌ এবাৰ খুচৰি চাই ভালেকেইখন ফটো ডাউনলোড কৰি ল’লে৷ সেইবোৰৰ বেছিভাগতেই তাইৰ পিন্ধনত নীলা ৰঙৰ কাপোৰ দেখিব পাই সি সন্তোষ পালে, কাৰণ নীলা যে তাৰ বৰ প্ৰিয়! তাতে আকৌ নীলা ৰঙৰ কাপোৰ পৰিহিতা মৰমলগা ছোৱালীজনীকনো সি কোন সতে পছন্দ নকৰাকৈ পাৰে! বছ, তাৰ পছন্দ আহিছে যেতিয়া বন্ধুত্বৰ প্ৰস্তাৱটো আগবঢ়াই দিয়াটো ভাল হ’ব বুলি “ এড ফ্ৰেণ্ড “ কৰি দিলে৷ তাৰ পিছতহে তাৰ মূৰত খেলাল যে ইমান সময়ে ছোৱালীজনীৰ প্ৰফাইল চেক কৰি থাকোঁতে সি নিজৰ প্ৰফাইলত “ডিছপ্লে পিকছাৰ“ কৰি থোৱা “টু মেগাপিক্সেল“ কেমেৰাৰে উঠোৱা, জুম কৰিলে খৰালি কালত ফাটি চিৰাচিৰ দিয়া পথাৰৰ নিচিনা দেখিব পোৱা ফটোখনৰ কথা পাহৰিয়েই গৈছিল! সেইখন চাই নো সেইজনী ছোৱালীয়ে কিয় তাৰ বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰিব! তাৰ প্ৰফাইলত থকা মুষ্টিমেয় ফটোকেইখনৰ এখনতো যে তাক ইমান এটা সুবিধাৰ দেখিব হোৱা নাই সেইটো সি ভালদৰেই বুজি পায়৷

“ ছেঃ! ভাল ফটো এখনো উঠিব পৰা নাই ইমানদিনে! চেঞ্জ কৰি লওঁ নেকি, কাৰ্টুন নহ’লে ক্ৰিকেটাৰৰ ফটোকে দি থওঁ নেকি!
 নাই নাই, থাকক৷ ফটো চাই বন্ধু পছন্দ কৰা ছোৱালী হয় যদি ময়ে বাদ দিম ( তাৰ বিপ্লৱী মনে ভিতৰৰ পৰা মাত দিয়ে )৷
ওহো! ময়োতো তাইৰ ফটো চায়েই ৰিকুৱেষ্ট পঠাইছোঁ ( এইবাৰ আকৌ বপুৰা ট্ৰেকত ঘূৰি আহিল )৷ ফাৰ্ষ্ট ইমপ্ৰেছন ইজ দ্যা লাষ্ট ইমপ্ৰেছন, ফাৰ্ষ্ট ইমপ্ৰেছনেই খেলিমেলি লগাব এতিয়া, ধূত! নাই, কপালত নাই দে আৰু, গুচাই দিওঁ ৰিকুৱেষ্ট৷ “ এইবুলি শেন হৈ ৰিকুৱেষ্ট পঠোৱা ৰূপমে সেইটোকে গুচাবলৈ বুলি ওলাওঁতেই “ প্ৰেৰণা বৰা হেজ একচেপ্তড য়’ৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট “ বুলি অহা নটিফিকেচনে তাক ফেঁচা হোৱাৰ পৰা বচালে৷

কিছুসময় আগলৈকে নিজক লৈ সাময়িক হীনমন্যতাত ভোগা ৰূপমৰ ভিতৰত যেন এক আচৰিত ধৰণৰ আত্মবিশ্বাসে বাহ পাতি ল’লে! একেসময়তে কিন্তু সি আন এটা কথা ভাবিও আচৰিত নোহোৱা নহয় যে ছোৱালী এজনীয়ে প্ৰায় দহ মিনিট সময়ৰ ব্যৱধানত ল’ৰা এটাৰ বন্ধুত্বৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে, তাকো ভাৰ্চুৱেল পৃথিৱীত, তাকো এনেকুৱা এজন ল’ৰাৰ যাৰ প্ৰফাইলত চাব গ’লে দৃশ্যমান বিশেষত্ব একো নাই৷ মাত্ৰ ফটোখনৰ তলত নিজৰ বিষয়ে সৰুকৈ ইংৰাজীত এটা শাৰী লিখি থোৱা আছে যিটো সি সেইবছৰ মাৰ্চ মাহত ফেঞ্চি বজাৰৰ ফুটপাথৰ পৰা একশ টকাত কিনি অনা স্পৰ্টিঙটোত প্ৰিণ্ট কৰা আছিল৷ লাইনটো হ’ল, “ আই ৱিল ৱিন, নট ইমিডিয়েটলি, বাট দেফিনিটলি...“
অলপ সময়ৰ কাৰণে সি ভাবিলে, বাৰু ছোৱালীজনী অলপ দাৰ্শনিক ধৰণৰ নেকি! যদি হয় তেন্তে তাৰ বায়’ত লিখি ৰখা ফিল’চফীক শাৰীটো দেখিয়েই চাগে প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ যি কি নহওক, মেছেজ এটাকে দি চোৱা যাওক৷ যদি ৰিপ্লাই আহে তেন্তে সৰুকৈ ট্ৰাই এটা মাৰি চাব পাৰি৷

এনেই আগে পিছেও সি ফেচবুকত ছোৱালীক মেছেজ দি নোপোৱা নহয়, কিন্তু তাৰ মেছেজ দিয়া নিজা শৈলী এটা আছে৷ “ হাই “, “ হেল্ল’ “ ৰে সি কেতিয়াও পাতনি নেমেলে৷ ছোৱালীজনীৰ প্ৰফাইলটো ভালদৰে অধ্যয়ন কৰি এনেকুৱা এটা পইণ্ট বিচাৰে যিটোত ধৰিলে ছোৱালীজনীয়ে ৰিপ্লাই নিদিয়াকৈ নাথাকে৷ এইবাৰো সি ব্যতিক্ৰম নহ’ল আৰু যথেষ্ট আত্মবিশ্বাসেৰে তাইক তাই ভালপাব পৰা ধৰণৰ কথা এটা সুধি মেছেজ কৰিলে, কিন্তু ইংৰাজীত ( কাৰণ এটাই, আৱেগত সদায় তাৰ ইংৰাজীয়েই ওলায়! )৷ কামফেৰা কৰাৰ আগতে ইতিমধ্যে চমুকৈ সি তাইৰ বিষয়ে সোধা-পোছা কৰি লৈছেই গতিকে নিৰাশ হোৱাৰ প্ৰশ্নই নাহে৷ তথাপিও সি মেছেজটো দিয়াৰ পৰা প্ৰায় বিশ চেকেণ্ডমান সময় উদ্বিগ্নতাত কটালে যদিও অৱশেষত ৰিপ্লাই আহিল আৰু খুব ভালদৰেই আহিল৷ এনেদৰে সিহঁতে কথা পতা আৰম্ভ কৰিলে৷ তাৰ মাজতে সি ধেমেলীয়া সুৰত তাইক সুধিয়েই পেলালে যে কেতিয়াও নাম নুশুনা, চিনাকি নথকা ল’ৰা এটাৰ বন্ধুপ্ৰস্তাৱ গ্ৰহণ কৰি ইমান মুকলিকৈ কথা পাতি থকাটো তাইৰ “ অকৱাৰ্ড “ লগা নাই নেকি! তাইৰ উত্তৰ শুনিহে সি অনুভৱ কৰিলে, “ বোপাই ঔ! তই নিজক যিমান তলত পেলাই থৈ দিছ সিমান তলত ৰাখি থোৱা মানুহ তই নহয়, বুজিছ! ফেচবুকত একাউণ্ট নোখোলোতেই তই ফেমাছ হৈয়েই আছিলি! “ কাৰণ ইতিমধ্যে তাৰ বিষয়ে তাই তাৰ বৰদেউতাকৰ ল’ৰাৰ যোগেদি শুনিব পাই থৈছেই৷ ভালেই হ’ল, বিশেষ কষ্ট নোহোৱাকৈ দেখামাত্ৰেই ভাল লাগি যোৱা ছোৱালীজনীৰ সান্নিধ্য পাব পাৰিছে সি!
সেইদিনা প্ৰায় ৰাতিলৈকে সি তাইৰ লগত মেছেজতেই ব্যস্ত হৈ থাকিল৷ সন্ধিয়া ককায়েকৰ লগত ওলাই যোৱাও নহ’ল, আনকি “প্ৰীতিৰ সুবাস“ আধৰুৱা হৈয়েই থাকি গ’ল৷

সময় বাগৰাৰ লগে লগে লাহে লাহে সিহঁতৰ মাজত আকৰ্ষণ বৃদ্ধি পাই আহিব ধৰিলে৷ দিনটোৰ বেছিভাগ সময় দুয়োৱে তেনেদৰে কথা পাতি থাকিয়েই কটাই দিয়ে৷ তথাপিও সি তেতিয়ালৈকে এটা কথা জানিবলৈ খুব উৎসুক হৈ আছিল জানোচা তাইৰ জীৱনত এনেকুৱা কোনোবা বিশেষ ব্যক্তি আছে নেকি যাৰ প্ৰতি তাইৰ কিবা দুৰ্বলতা আছে! মানে পোনপটীয়াকৈ ক’ব গ’লে “ বয়ফ্ৰেণ্ড “ আছেনে নাই৷ এই কথাটোত নিশ্চিত নোহোৱা পৰ্য্যন্ত সি সিহঁতৰ মাজত হোৱা বন্ধুত্বৰ ডেৰমাহ উকলি যোৱাৰ পিছতো তাইক ফোন নম্বৰ খোজাৰ পৰা বিৰত আছিল৷ আচলতে ফোন নম্বৰ নিবিচৰাৰ আঁৰৰ প্ৰকৃত সত্যটো ক’ব গ’লে তাৰ “ ইগ’ “ হে আছিল৷ পিছত যেনিবা সি গম পালে যে আগলৈকে যাত্ৰা কৰিবলগীয়া ৰাস্তাটো তেতিয়ালৈকে নিমজেই হৈ আছে৷

তাৰ মতে কথাটো এনেকুৱা, “ ইহঃ! নিজেই কেতিয়াবা আগতেই মেছেজ দিয়, ইমান সময় জুৰি কথাও পাতি থাক, ফোন নম্বৰটো বিচাৰিব নোৱাৰ নে? যা, ময়ো নোখোজো...“
তাৰ এই “ ইগ’ “ৰ কাৰণেই চাগে শেষত এদিন সৌভাগ্যক্ৰমে তাইৰ স্মাৰ্ট ফোনটোৰ বিজুতি ঘটাত ফেচবুকৰ পৰা সাময়িকভাবে দূৰত থাকিবলগীয়া হোৱাৰ বাবে তায়েই তাৰ নম্বৰটো খুজি ল’লে যাতে সিহঁতে ফোনতে কথা পাতিব পাৰে৷ এইবাৰ সিও নিশ্চিত হ’ল যে ছোৱালীজনীৰ মনতো তাৰ প্ৰতি কিছু দুৰ্বলতাৰ সৃষ্টি হৈছে৷

এনেকৈয়ে কিছুদিন যোৱাৰ পিছত সিহঁতহালে এদিন ক’ৰবাত লগ কৰাটো ঠিক কৰিলে আৰু
সেই সুবিধাটো মিলিল যদিও ৰেষ্টুৰেণ্ট কিম্বা চিনেমা হ’লত নহয়, অনাড়ম্বৰপূৰ্ণ শৈক্ষিক অনুষ্ঠান এটাত হে য’ত মাত্ৰ সিহঁতৰ দেখা-সাক্ষাৎহে হ’ল, মুখৰ পৰা মাত হ’লে নুফুটিল৷ দূৰৰ পৰা চাই তাই হাঁহি এটা মাৰি তাক সম্বোধন কৰিলে, বেচেৰাই সেইটোকো বুজি নাপালে যে তাই তাক ওচৰত লগ পাব মাতিছে৷ লব্ধমতি ৰূপমেও নিবোকা চামোন হৈ বহি থাকি লাজতে দূৰৰ পৰাই এটা অঁকৰা হাঁহি মাৰি চাৰিঘণ্টাজুৰি বহি থকা চকীখনতেই বিৰাজমান হৈ থাকিল, আনকি সৰু পানী চুবও উঠি নগ’ল এবাৰো৷ যোৱাৰ পৰত তায়ো তাক ফোন এটা কৰিহে যাব ওলোৱা কথাটো জনালে৷ যি কি নহওক সি তাইক প্ৰথমবাৰৰ বাবে “ লাইভ “ দেখিব পালে আৰু তাতেই সন্তুষ্ট থাকিল৷
সিদিনাখনৰ পৰা সিহঁতে দৈনিক ফোনত কথা পাতিব ধৰিলে, আগতকৈও বেছিকৈ ইজনে সিজনক সময় দিব ধৰিলে যিটোৱে সিহঁতৰ মনত পৰস্পৰৰ প্ৰতি থকা ভালপোৱাক মুখেৰে প্ৰকাশ কৰিবলৈ বাধ্য কৰি দিলে৷ এনেদৰে সিহঁতৰ মাজত ভালপোৱাৰ এটি সম্পৰ্ক গঢ়ি উঠিল৷

 * * * * * * *

“ দিল্লী বিশ্ববিদ্যালয়ৰ মেৰিট লিষ্ট ডিক্লেয়াৰ কৰিছে, মই ৱেইটিং লিষ্টৰ তিনি নম্বৰত আছোঁ৷ কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ মেৰিট লিষ্টত আঠ নম্বৰতেই নাম আছে৷ কি কৰোঁ কোৱা ৰূপম? “ দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিষয়ৰ স্নাতকোত্তৰৰ প্ৰৱেশ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ দিনাখন প্ৰেৰণাই ৰূপমৰ পৰা জানিব বিচাৰিছিল সি তাইক গুৱাহাটীত থকাটোৱে বিচাৰে নে? শ্ৰদ্ধাঞ্জলি কাননৰ সেউজীয়া ঘাঁহনিৰ ওপৰত বহি বাইকৰ চাবিৰে ঘাঁহনিত খুঁচৰি মানুহৰ মুখ বনাই থকা ৰূপমেও একে উশাহে কৈ পালে,

“ তোমাক যদি কোনোবাই ইটালী আৰু ভূটানৰ মাজত যিকোনো এখন দেশ ভ্ৰমণ কৰাৰ সুযোগ এটা দিয়ে তুমি কোনখন দেশ ভ্ৰমণ কৰিব পছন্দ কৰিবা? দুয়োখনেই বিদেশ কিন্তু! “

“ ধেৎ এইটো, অবভিয়াছলি ইটালী যাম৷ ভূটান চোন সেইকণ হে! ভেনিছ, গণ্ডোলা, কেনেল.... তুমি আৰু মই! তুমি অমিতাভ আৰু মই জিনাত.. দো লাফজো কি হেই দিল কি কাহানী..হমম..হমম..না না না...“ উত্তৰটো দি তাই গানটো গুণগুণাবলৈ ধৰিলে৷ অলপ পৰ তেনেদৰে গাই উঠি তাক আকৌ এবাৰ বাহুত জোকাৰি তাই সুধিলে, “ কোৱানা ডি.য়ু. নে জি. য়ু.? “

“ মই নো কি ক’ব লাগে, উত্তৰটো ইটালী বুলি তুমি দিয়েই দিলা দেখোন! কোনোবাই দিল্লী বিশ্ববিদ্যালয়ৰ ছিট এৰি ইয়াত থাকিব নেকি! এণ্ড মেনি মেনি কংগ্ৰেচুলেচনছ টু য়ু৷ মই তুমি দিল্লীলৈ যোৱাটোকেই বিচাৰোঁ৷ এইবাৰ তুমি যোৱা, বি.এছ.চি ফাইনেল দি তোমাৰ পিছে পিছে ময়ো গৈ আছোঁ৷ আৰু বাই দ্যা ৱে, আচল অমিতাভ ছিক্স পইণ্ট টু, আৰু তুমি বনোৱা অমিতাভ মাত্ৰ ফাইভ পইণ্ট ফাইভ হে দেই! “

মনৰ ভিতৰৰ কোনোবা এটা কোণত যদিও সি তাই তাৰ ওচৰৰ পৰা নোযোৱাটো বিচাৰিছিল তথাপি সি তাইৰ আগত স্বাৰ্থপৰ হৈ ধৰা পৰাৰ শংকাত ধেমালিৰ সুৰত কথাখিনি তেনেদৰে কৈ থৈ সামৰিলে৷ সিও জানিছিল যদি সি প্ৰেৰণাক দিল্লীলৈ যাবলৈ বাধা দিয়ে তেন্তে তাইৰ মনত তাৰ প্ৰতি থকা মৰম তথা শ্ৰদ্ধাখিনি অলপ হ’লেও কমি আহিব যিটো হোৱাটো সি বিচৰা নাছিল৷ তাইৰো এটা নিজস্ব জীৱন আছে, আগবাঢ়ি গৈ নিজক প্ৰতিষ্ঠা কৰাৰ অধিকাৰ আছে৷ অকল নিজৰ স্বাৰ্থত সি তাইৰ সপোনবোৰ সঁচা কৰি তুলিবলৈ যোৱাৰ পথত বাধা হৈ থিয় দিয়াটোক তাৰ বিবেকে মানি নলয় কেতিয়াও৷

“ মোৰ কিন্তু তোমাক এৰি যাব মন নাই ৰূপম, মই নাযাওঁ তাত৷ ইয়াত থাকিয়েই পঢ়িম৷ “ ৰূপমৰ কান্ধত মূৰটো পেলাই লৈ তাৰ সোঁবাহুত খামুচি ধৰি থাকি প্ৰেৰণাই এইবাৰ কিছু আৱেগিক হৈয়েই ক’লে৷

“ বেছি পজেচিভ হ’ব দৰকাৰ নাই বুজিলা! মই বুজিছো, বেলেগ কোনোবাই তোমাৰ ঠাই দখল কৰিব বুলি এইবোৰ এক্সকিউজ আৰম্ভ কৰিছা৷ তোমাৰ মুখখন মোৰ মনৰ ভিতৰত এনেকুৱাকৈ খোদিত কৰি লৈছোঁ নহয়, এতিয়া স্বয়ং কেটৰিনা কাইফেও যদি আহি ’ ৰূপম আই লাভ য়ু ’ বুলি কৈ যায় তথাপি মই তাইক ৰিজেক্ট কৰি কম ’ ছৰী, আই এম এংগেজদ’৷ “
মুখখনৰ এক বিশেষ ভঙ্গীমাত ৰূপমে কোৱা কথাখিনিয়ে প্ৰেৰণাক নহহুৱাই নোৱাৰিলে৷  প্ৰেৰণাইও তাৰ বাহুত সামান্য জোৰেৰে ভুকিয়াই “ পাগলটো! আই লাভ য়ু..“ বুলি কৈ তাক খুব জোৰত সাৱটি ধৰিলে৷ সিও কোনেও নেদেখাকৈ সাউতকৈ তাইৰ ওঁঠত এটি চুমা আঁকি দিলে৷

এনেদৰে তাত কিছুপৰ বহাৰ পিছত সাঁজ লগাত সিহঁত তাৰ পৰা ওলাই আহিল আৰু ৰূপমে তাইক ঘৰত থ’বলৈ বুলি বাইক ষ্টাৰ্ট দিলে৷ আহোঁতে গোটেই বাট প্ৰেৰণাই তাক সাৱটি ধৰি তাৰ পিঠিতে মূৰটো পেলাই আহি থাকিল৷ সেইদিনা গধূলি সময়খিনিত প্ৰেৰণা ঘৰত অকলে থাকিব লাগিব বুলি আহি থাকোঁতে ফোনত মাকৰ পৰা গম পাই তাই ৰূপমক তাইৰ ঘৰলৈ আহিবলৈ জোৰ কৰিলে৷ ইতিমধ্যে তাইৰ মাকহঁতো ওলাই গৈছিল৷ আগে পিছেও ৰূপম সিহঁতৰ ঘৰলৈ গৈছে যদিও সিদিনাৰ আগলৈকে কোনো নথকা অৱস্থাত সি কেতিয়াও সিহঁতৰ ঘৰৰ ভিতৰত সোমাই পোৱা নাই৷ সেইকাৰণে ভিতৰত যাবলৈ সি অলপ ইতঃস্তবোধ কৰিলে৷ কিন্তু প্ৰেৰণাই তাক একপ্ৰকাৰ টানি নিয়াৰ দৰেই ঘৰৰ ভিতৰলৈ লৈ গ’ল৷
কিছুপৰ তাইৰ ৰুমৰ বিছনাত বহি সি দুই এখন মেগাজিন এনেই লুটিয়াই থাকোঁতে প্ৰেৰণাই দুইহাতে দুকাপ কফি লৈ আনি একেবাৰে তাৰ গাতে গা লগাই বহি ল’লে৷

“ স্পেচিয়েল কফি, মেড বাই ৱান এণ্ড অনলি মিছ প্ৰেৰণা, অঃ ছৰী! টু বি মিছেছ প্ৰেৰণা বৰা শইকীয়া৷ খাই উঠি ক’বা কি ফিলিঙ আহে৷ “
ৰূপমৰ ইতিমধ্যে অৱস্থা বেয়া, কফিকাপত ঘন ঘনকৈ সোহা মাৰি থাকি বাৰে বাৰে তাইক সুধি থাকিলে মাকহঁত হঠাতে আহি নোলায়তো! তায়ো তাক সিহঁত উভতি আহোঁতে দেৰি হ’ব বুলি অভয় দি থাকিল৷

“ এনেকুৱাকৈ অকলশৰে জানো আমি কেতিয়াবা লগ পাইছোঁ ৰূপম! যিখিনি সময় পাইছোঁ উপভোগ কৰা না! মোক যিমানখিনি সম্ভৱ আজি আপোন কৰি লোৱা, মৰম কৰা ৰূপম৷ এনেকুৱাকৈ মৰম কৰা যাতে তাৰ অনুভৱ স্থায়ীভাৱে আমাৰ মনত থাকি যায়! “

ৰূপমৰ হাতৰ পৰা কফিৰ খালি কাপটো আনি তাইৰ পঢ়া টেবুলখনৰ ওপৰত থৈ তাই ৰূপমৰ একেবাৰে কাষ চাপি গ’ল৷ হঠাৎ ৰূপমেও অনুভৱ কৰিব আৰম্ভ কৰিলে নাৰীৰ প্ৰতি থকা তাৰ পুৰুষসুলভ প্ৰয়োজনীয়তাখিনি, যাক সি বাধা দি ধৰি ৰাখিব নোৱাৰিলে৷ দুয়োৰে উশাহ তেতিয়ালৈ ঘন হ’ব ধৰিছিল৷ এটি অপ্ৰাচীন অনুভূতিয়ে যেন ৰূপমক লাহে লাহে উন্মাদ কৰি তুলিছিল৷ নিজৰ প্ৰেয়সীক পেশীবহুল দুবাহুৰ আৱেষ্টনীৰ মাজত আনি লৈ সি খহাই পেলাইছিল এপদ এপদকৈ প্ৰেৰণাৰ গাৰ আৱৰণবোৰ৷ মুহূৰ্তৰ ভিতৰতেই সিহঁত ৰূপান্তৰিত হৈ পৰিছিল এহাল আদিম মানুহলৈ৷ কাহানিও কোনো বিপৰীত লিংগৰ লগত সম্ভোগত লিপ্ত নোহোৱা ৰূপমে কিন্তু সিদিনা এজন নিপুণ শিল্পীৰ দৰেই প্ৰেৰণাৰ দেহত আঁকি দিছিল যৌনতাৰ এক মচিব নোৱাৰা চিত্ৰ৷ তাইৰ দেহৰ প্ৰতিটো ভাঁজত সি প্ৰথমবাৰৰ বাবে আৱিষ্কাৰ কৰিছিল কিছু নতুন ভাস্কৰ্যৰ, পূৰাইছিল যৌনতাৰ অনন্ত ক্ষুধা৷ প্ৰেৰণাইও তাক বাধা দিয়া নাছিল৷ তায়ো চাগে বিচাৰিছিল তাক তেনেদৰে, তাক বিশ্বাস কৰিছিল কিয়নো দুয়োৰে মাজৰ ভালপোৱা আছিল গাঢ়৷

এনেদৰে প্ৰায়েই ঘৰত কোনো নথকা অৱস্থাৰ সুযোগ লৈ ৰূপমেও শাৰীৰিক সুখৰ সন্ধানত প্ৰেৰণাৰ ওচৰ চাপিছিল আৰু তায়ো একমাত্ৰ ৰূপমৰ প্ৰতি থকা তাইৰ অকৃত্ৰিম ভালপোৱাৰ স্বাৰ্থত নিজকে তাৰ ওচৰত সমৰ্পণ কৰি দিছিল৷ এইবোৰৰ মাজতেই প্ৰেৰণাই দিল্লীলৈ পঢ়িবলৈ যোৱা কথাটোও সম্পূৰ্ণভাৱে বাদ দি পেলালে একমাত্ৰ ৰূপমক এৰি যাবলগীয়া কথাটো ভাবি আৰু গুৱাহাটী বিশ্ববিদ্যালয়তেই নামভৰ্তি কৰি ল’লে৷ ৰূপমেও নিজৰ পঢ়া-শুনাৰ পৰা অলপ আঁতৰি আহি প্ৰেৰণাৰ সৈতে আগতকৈ অধিক সময় কটাব ধৰিলে৷

“ যৌনতাই আৱেগ পাহৰায়..
 যৌনতাই বিবেক হেৰুৱায়...“

কথাষাৰ যেন ৰূপমৰ ক্ষেত্ৰত ক্ৰমান্বয়ে ফলিয়াবলৈ ধৰিলে আৰু এই কথাটো লাহে লাহে প্ৰেৰণাইও অনুভৱ কৰিব আৰম্ভ কৰিলে৷ মন গ’লেই ৰূপম আহি ওলায় তাইৰ ওচৰত তাইৰ শৰীৰৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ৷ প্ৰেৰণাই কেতিয়াবা ক্লাছত থাকিলেও ৰূপমে নিজৰ ক্লাছ খতি কৰি তাইৰ ডিপাৰ্টমেণ্টৰ সন্মুখত আহি ৰৈ থাকে আৰু তাই ওলাই নহা পৰ্যন্ত ফোন কৰি আমনি কৰি থাকে৷ কেতিয়াবা যদি কিবা কাৰণত তাইৰ অহাত অলপ পলম হৈ যায় ৰূপম অধৈৰ্য হৈ পৰে আৰু খঙত একো নোহোৱা হৈ তাইক গালি পাৰে যদিও পিছমুহূৰ্ততে ক্ষমাও বিচাৰে৷ ৰূপমে যি ক’লেও যি কৰিলেও প্ৰেৰণাই কিন্তু কেতিয়াও তাৰ প্ৰতি বেয়া ভাৱ ৰাখি নাপালে কাৰণ তাই তাক বহুত বেছিয়েই ভাল পায়৷

কিন্তু সকলো বস্তুৰে এটা সীমা থাকে৷ দিনে দিনে বাঢ়ি অহা থকা ৰূপমৰ শাৰীৰিক ক্ষুধা পূৰণৰ দাবীবোৰ প্ৰেৰণাই পিছলৈ সহজভাৱে ল’ব পৰা নাছিল৷ অকণমান সুবিধা পালেই তাৰ চঞ্চল হাতখনে প্ৰেৰণাৰ শৰীৰৰ গোপন অংশবোৰ বিচাৰি যোৱা কথাটোত তাই উপলব্ধি কৰিছিল যে ৰূপমক তাইৰ ভালপোৱাৰ নহয়, তাইৰ শৰীৰটোৰহে প্ৰয়োজন৷ লাহে লাহে তাইৰ এনেকুৱা অনুভৱ হ’ব ধৰিলে যেন সেইখন ৰূপমৰ হাত নহৈ এডাল বিষাক্ত সাপ, যিয়ে তাইৰ দেহটো মেৰিয়াই ধৰি ঠায়ে ঠায়ে তাইক খুঁটিব ধৰিছে৷ ৰূপম হঠাৎ এনেধৰণে সলনি হোৱা কথাটো তাই সহজভাৱে ল’ব পৰা নাছিল৷ তাই তাক বহুতবাৰ বুজাইছিল, সি যি বিচাৰে তাই তাক গোটেইখিনি দিছেই আৰু তাইৰ দিয়াতো কোনো আপত্তি নাই; কিন্তু এনেধৰণে নহয়৷ সকলো সময়তে সেইবোৰ সম্ভৱ নহয় তাইৰ কাৰণে৷

“ ৰূপম, মোক সঁচাকৈয়ে ভাল পোৱানে তুমি? “
পিছফালৰ পৰা সাৱটি তাইৰ কাপোৰবোৰ খহাই থকা ৰূপমে প্ৰেৰণাৰ মুখত হঠাতে সেই প্ৰশ্নটো শুনি অলপ আচৰিত হ’ল৷ তাইৰ কণ্ঠত সিদিনা সি অলপ বেলেগ ধৰণৰ এক শিথিলতা অনুভৱ কৰিলে৷
“ এইটো কিবা সুধিব লগা কথা নেকি! পাওঁ কাৰণেইতো তোমাৰ লগত আছোঁ৷ এইবোৰ বাদ দিয়া, আহা এতিয়া৷ “ বুলি কৈ ৰূপমে তাইক তাইৰ বিছনাখনলৈ টানি আনিলে৷

“ প্লিজ ৰূপম, আজি মোৰ একেবাৰে মন নাই৷ যদি মোক সঁচাকৈ ভাল পোৱা তেন্তে আজি আৰু জোৰ নকৰিবা৷ আজি এনেদৰে অলপ কথা পাতাচোন মোৰ লগত৷ কিমান দিন হ’ল আমি ইজনে সিজনৰ লগত এনেদৰে কথা নপতা! “
কথাখিনি কৈ তাই নিজৰ গাৰ কাপোৰখিনি ঠিক কৰিব ধৰিলে৷
“ কথাচোন আমি পাতিয়েই থাকোঁ, আৰু কি কথা পাতিব লগা আছে! আহা না মোৰ ওচৰত! “ এইবুলি আকৌ এবাৰ তাইক নিজৰ ওচৰত টানি নি তাইক সাৱটি তাইৰ টপটো খোলাৰ চেষ্টা কৰিলে৷

“ ৰূপম প্লিজ! লিভ মি! হৈছে কি তোমাৰ কোৱা! ঘৰত বাহিৰত সবতে অকল তোমাক মোৰ শৰীৰটোহে লাগে, মোৰ মনটো জানো কেতিয়াবা বুজিব চেষ্টা কৰিছা মই কি বিচাৰিছো! মই তোমাক এবাৰ কৈছোঁৱেই যে মোৰ আজি মন নাই, আৰু জোৰ নকৰিবা প্লিজ! “
কথাখিনি কৈ প্ৰেৰণাই নিজৰ ৰুমৰ পৰা ওলাই যাব খোজোঁতেই ৰূপমে তাইৰ হাতত ধৰি তাইক জোৰকৈ টানি আনিলে৷ বন্য আৱেগত মতলীয়া ৰূপম যেন অশান্ত হৈ পৰিল, তাৰ খেয়ালি মনটো পুনৰবাৰ যেন জাগি উঠিল! প্ৰেৰণাই তাক বাধা দিয়া কথাটো তাৰ ইগ’ত লাগিল৷ এইবাৰ সি একপ্ৰকাৰ জোৰ কৰাৰ নিচিনাই তাইক সাৱটি বিছনাত পেলাই লৈ পাগলৰ নিচিনা তাইৰ ওপৰত জঁপিয়াই পৰিল আৰু নিজৰ বাহুবন্ধনত তাইক আবদ্ধ কৰি ল’লে৷
প্ৰেৰণাই কিন্তু এইবাৰ হাৰ নামানিলে, দেহৰ সমস্ত শক্তি প্ৰয়োগ কৰি তাই তাৰ বন্ধনৰ পৰা মুক্ত হৈ তাৰ গালত এটা প্ৰচণ্ড চৰ সোধালে আৰু তাক ঘৰৰ বাহিৰ ওলাই যাব ক’লে৷

প্ৰেৰণাৰ চৰটোত যেন ৰূপমে সম্বিত ঘূৰাই পালে৷ ইমান সময়ে এজন মানসিক ভাৰসাম্যহীন ব্যক্তিৰ চৰিত্ৰত নিজকে দেখিবলৈ পাই সি খুব লাজ পালে৷ প্ৰেৰণাৰ আগত সি ক্ষমা খুজিব চেষ্টা কৰিলে যদিও খঙ-অভিমান তথা অনুশোচনাত দগ্ধ প্ৰেৰণাজনীয়ে ৰূপমৰ এটা কথাও নুশুনিলে আৰু তাক ঘৰৰ বাহিৰ কৰি দুৱাৰখন জোৰকৈ বন্ধ কৰি দিলে৷ ৰূপমেও লাজ আৰু দুখত এটা শব্দও নোকোৱাকৈ তাইৰ ঘৰৰ পৰা ওলাই আহিল৷

ৰূপম যোৱাৰ পিছত সিদিনা প্ৰেৰণাই খুব কান্দিলে৷ ভালপোৱাৰ খাতিৰত তাই ৰূপমৰ প্ৰতিটো কথাই মানি চলিছিল, নিজৰ গোটেইখিনি তাৰ ওচৰত বিনা চৰ্তে উজাৰি দিছিল৷ কিন্তু সেই ৰূপমে তাইৰ সামান্য অনিচ্ছাক সিদিনা স্বীকৃতি দিব টান পাই তাইৰ লগত জোৰ-জবৰদস্তি কৰা কথাটো তাই সহজভাৱে গ্ৰহণ কৰিব নোৱাৰিলে৷ চেষ্টা কৰিছিল তাই ৰূপমক সলনি কৰিবলৈ, মনৰ জোখাৰে তাক নিজৰ ভালপোৱাখিনি দিবলৈ, তাৰ পৰা তাইৰ প্ৰতি থকা ভালপোৱাখিনি আদায় কৰিবলৈ৷ সপোন দেখিছিল তায়ো তাৰ সৈতে তাইৰ গোটেই জীৱন একেলগে কটোৱাৰ৷ কিন্তু হয়তো সেয়া তাইৰ দিবাস্বপ্ন হে আছিল৷ ৰূপম হৈ উঠিছিল এজন “ চেক্স এদিক্ট “, যিয়ে ভালপোৱাৰ নামত অকল প্ৰেৰণাৰ শৰীৰটোহে দেখা পাইছিল৷

ওখহা চকুৰে বিছনাৰ কাষত পকীখিনিত বহি থকাৰ পৰা প্ৰেৰণাই যন্ত্ৰবৎ উঠি আহি বাথৰুমত সোমাল আৰু শ্বাৱাৰটো খুলি তাৰ তলত থিয় দিলে৷ গাৰ পৰা পিন্ধি থকা কাপোৰখিনি খহাই আইনাত নিজৰ নগ্ন শৰীৰটোৰ পিনে চাই তাইৰ সিদিনা যেন নিজৰ ওপৰতেই ঘিণ উপজিল৷ পাগলীৰ নিচিনা গোটেই শৰীৰটো তাই ঘঁহি ঘঁহি ধুব চেষ্টা কৰিলে যেনিবা ৰূপমৰ শৰীৰৰ অদৃশ্য চাপবোৰ তাই ধুই গুচাই পেলাব, তাইৰ জীৱনত থকা ৰূপম নামটোৰ অস্তিত্বক তাই নিশ্চিহ্ন কৰি দিব! কিন্তু স্মৃতিবোৰ জানো তেনেদৰে মোহাৰি পেলাব পাৰি! নিজৰ আৱেগক দমাব নোৱাৰাৰ ক্ষোভে তাইক জোকাৰি পেলালে আৰু অৱশেষত ৰূপমক চিৰদিনৰ কাৰণে পাহৰাই পেলোৱাৰ সিদ্ধান্ত লৈ তাই জোৰ-জোৰকৈ কান্দি উঠিল৷

তেতিয়ালৈকে প্ৰেৰণাৰ মোবাইলত ৰূপমৰ অজস্ৰ মিছকল আৰু মেছেজ আহি জমা হৈছিল...৷ 

Comments

  1. বঢ়িয়া লিখিছ ৰক্তু।তৃপ্তি বা

    ReplyDelete
  2. বহুত ধুনীয়া ব্লু বাবু

    ReplyDelete
  3. সুন্দৰ লিখিলা

    ReplyDelete
  4. বহুত ভাল লাগিল ।

    ReplyDelete
  5. বাস্তৱ হয়তো কৰবাত কোনোবাখিনিত সকলোৱে পোৱা

    ReplyDelete
  6. অদ্ভূত সাংঘাটিক একদম

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ