গ্ৰন্থ উৎকীৰ্তনঃ বিহংগ সপোন
"আলাপ অসম"বুকুলৈ লৈ আহিছো এটি নতুন শিতান
""গ্ৰন্থৰ উৎকীৰ্তন""
হয় সদ্য প্ৰকাশিত কিতাপ সমুহক আপোনাসবৰ মাজলৈ আনিবলৈ ।বিচাৰি পাব "আলাপ"ৰ বুকুতে আপোনাৰ প্ৰিয় খাদ্য যদি কিতাপ হয় তাৰ অন্বেষণ।
আদৰিছো ঔপন্যাসিকা কুসুমাঞ্জলী শৰ্মাক। তেখেতৰ সদ্য প্ৰকাশিত গ্ৰন্থ "বিহংগ সপোন"ৰ সতে।
সুখপাঠ্য এখনি উপন্যাস।
আমি পাঠকক সহায় কৰিবৰ বাবে চেষ্টা কৰিম প্ৰতিগৰাকী লিখকৰ কিতাপৰ ওপৰত প্ৰকাশ হোৱা আলোকপাতো আগবঢ়াবলৈ।
# বিহংগ সপোন #
গ্ৰন্থ মেলাৰ বতৰ।
গ্ৰন্থৰ সুবাস লোৱাৰ বতৰ। বতাহত ভাহি আহে নতুনকৈ প্ৰকাশিত গ্ৰন্থৰ চিনাকি সুবাস। ঘৰত থকা কিতাপখনো নতুন সাঁজেৰে আটকধুনীয়া হৈ পুণৰমূদ্ৰিত ৰূপত পঢ়ুৱৈৰ আকৰ্ষণৰ কাৰণ হৈ পৰে, এই গ্ৰন্থ মেলাতেই। সেয়েহে মেলা চলি থকা প্ৰায় প্ৰতিদিনেই সন্ধিয়া এপাক মাৰি বিপণিসমূহৰ ভিতৰত বিচাৰি ফুৰোঁ নতুনকৈ আহি চেল্ফ শুৱনি কৰি সৌৰভ বিলোৱা গ্ৰন্থ কেইখন। সিদিনা জ্যোতি প্ৰকাশনৰ ভিতৰত বুকচেল্ফত নতুনকৈ আহি ভুমুকি মৰা এখন কিতাপৰ সুন্দৰ বেটুপাতে দূৰৈৰ পৰাই আকৰ্ষণ কৰিলে। আগবাঢ়ি গৈ হাতত লৈ চালোঁ - জনপ্ৰিয় লেখিকা কুসুমাঞ্জলি শৰ্মাৰ নৱতম উপন্যাস "বিহংগ সপোন" ।
বৰঝাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী কুসুমাঞ্জলি শৰ্মাই কেবাখনো মনোৰম উপন্যাস আৰু কবিতা সংকলনৰ লেখিকা ৰূপে ইতিমধ্যে পঢ়ুৱৈৰ মাজত জনপ্ৰিয় হৈ উঠিছে। সেয়েহে তেখেতৰ এই নতুন উপন্যাসখনে স্বাভাৱিক ভাৱেই মোক আকৰ্ষিত কৰিলে। ঘৰলৈ আনি পঢ়িবলৈ লৈ সঁচাকৈয়ে আচৰিত হ'লো। এক বিশেষ আৰু অগতানুগতিক বিষয়ৰ ওপৰত ভিত্তি কৰি যথেষ্ট সাহসেৰে তেখেতে বৰ্ণনা কৰিছে পংখী নামৰ এটি নাৰী চৰিত্ৰৰ জীৱন গাঁথা এই উপন্যাসৰ মাজেৰে। ভেৰোণীয়া মাতৃত্ব অসমীয়া সাহিত্যত তেনেই নতুন এটা বিষয়বস্তু (মোৰ দৃষ্টিত) । লগতেই মাল্টিপ'ল প্ৰেগনেঞ্চী, এমব্ৰিঅ ডিডাক্সন আদিৰ দৰে জটিল বিষয়বস্তুৰে লেখিকাই এই উপন্যাসৰ জুমুঠি তৈয়াৰ কৰিছে, যি নিশ্চিত ভাবে অভিনৱত্ব দাবী কৰিব পাৰে। মাৰ্জিত আৰু সুকোমল ভাষাৰ সুন্দৰ ব্যৱহাৰেৰে লেখিকাই এই উপন্যাসখন এখন জাকতজিলিকা উপন্যাস ৰূপে পঢ়ুৱৈৰ সম্মুখলৈ উলিয়াই দি একপ্ৰকাৰ দূঃসাহস কৰা বুলিয়েই ক'ব লাগিব। নাৰী জীৱনৰ ঘাত-প্ৰতিঘাটৰ বিভিন্ন ৰূপ, বৈচিত্ৰতাৰে পূৰ্ণ পংখীৰ চৰিত্ৰটিৰ মাজেৰে লেখিকাই বৰ ধুনীয়াকৈ প্ৰকাশ কৰিছে। লেখিকাৰ সাফল্য সেইখিনিতেই। মোক আকৰ্ষণ কৰা কিতাপখনৰ আন এটা দিশ হ'ল - কাহিনীক্ৰমৰ গতিশীলতা আৰু সহজ-সৰল বৰ্ণনা। আৰম্ভণিৰ পৰা শেষলৈ এই গতিশীলতা অক্ষুন্ন থকাৰ বাবে পঢ়ুৱৈৰ মনোযোগ সহজে আকৰ্ষণ কৰিব পাৰিব বুলি মই ভাবোঁ।
ছপাশালৰ ভূতে নলম্ভা বাবে কিতাপখনত বানানৰ ভুল প্ৰায় নাইয়েই । মুঠতে এখন আটকধুনীয়া আৰু সৰ্বাঙ্গসুন্দৰ চমৎকাৰ উপন্যাস লেখিকাই আমাক উপহাৰ দিয়া বুলি একেআষাৰেই ক'ব পাৰি ।
এই সুযোগতে লেখিকা শ্ৰীমতী শৰ্মাক ধন্যবাদ জনাইছোঁ আৰু অসমীয়া সাহিত্যৰ জগতত তেখেতৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলোঁ ।
কিতাপৰ নাম - "বিহংগ সপোন" ।
লেখিকা - কুসুমাঞ্জলি শৰ্মা।
প্ৰকাশক : জ্যোতি প্ৰকাশন । পাণবজাৰ গুৱাহাটী । দাম : ১৮০.০০ টকা ।
📝 মৃণাল কুমাৰ মিশ্ৰ।
_____________@@@@_______________
#বিহংগ সপোন :- ( গ্ৰন্থ-সমালোচনা )
#লেখিকাৰ পৰিচিতি : বৰঝাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী #কুসুমাঞ্জলি শৰ্মা আৰু কেবাখনো মনোৰম উপন্যাস আৰু কবিতা সংকলনৰ লেখিকা ।
#প্ৰকাশক : জ্যোতি প্ৰকাশন । পাণবজাৰ গুৱাহাটী । দাম : ১৮০ টকা ৰেহাই দিছে : ১০%
#বেতুপাতৰ শিল্পী : দিগন্ত বিজয়।
#সুদৃশ্য বেতুপাতৰ ২১১ পৃষ্ঠাৰ এই উপন্যাস খন এক ব্যতিক্ৰমী উপন্যাস বুলি কব পাৰি । মুখ্য চৰিত্ৰ পংখী নামৰ নাৰী গৰাকীৰ জীৱনৰ বিচিত্ৰ ৰূপে সকলোৰে মন আকাশ কঁপাই পেলাব । মাৰ্জিত আৰু সুকোমল শব্দ-ভাষাৰ পৰিপাটি ব্যৱহাৰেৰে লেখা এই উপন্যাস খন সকলো দিশৰ পৰাই অতি পৰিপক্ক বুলি ক'ব পাৰো । #আই ভি এফ, #ভেৰোণীয়া মাতৃত্ব, #মাল্টিপলপ্ৰেগনেঞ্চী #ট্ৰিপ্লেট #এমব্ৰায় ডিডাকচনৰ নিচিনা এক জটিল বিষয় লৈ লিখা এই উপন্যাস খনক একপ্ৰকাৰ দু:সাহস বুলিয়েই ক'ব পাৰি অসমীয়া উপন্যাস জগতত । এনে বিষয় বস্তুৰ ওপৰত লিখা অসমীয়া উপন্যাস নাই বুলিয়েই ভাবো । নাৰী মনৰ অবগহনত থকা বহু কথাই জানিব পাৰিলো এই উপন্যাসৰ পৰা । মূল চৰিত্ৰ পংখীৰ জীৱনৰ প্ৰেম-প্ৰতাৰণা আৰু ঘটনাৰ বৈচিত্ৰতাই সকলো মানুহৰ অন্তৰেই জোকাৰি পেলাব । ঘটনাৰ গতিশীলতা আৰু বৰ্ণনাই সকলোকে মোহাচ্ছন্ন কৰি পেলাব বুলি ভাবো । মানৱ জীৱনৰ বিভিন্ন ৰঙ-বিৰঙে পঢ়ুৱৈক কাবু কৰি পেলাব এই উপন্যাসে - পঢ়ি বৰ আনন্দিত হ'লো । স্মুথ এণ্ড চিল্কি উপন্যাস এইয়া ।
*** উপন্যাস খনত থকা কিছু শাৰী তুলি দিলো :-
#পংখী ! তুমি এটি পৰ্চেলিনৰ মূৰ্তি । মই কিমান লাকী ! তোমাৰ সুন্দৰ শৰীৰটোৰ অধিকাৰী মই !
#ৰাক্ষস মহিষাসুৰ মঞ্জিলৰ দুৰ্দান্ত ক্ষুধা । পংখীৰ সাময়িক শাৰিৰীক সম্পৰ্কলৈ অনীহা আৰু অপাৰগতাক সি অক্ষমণীয় অপৰাধ বুলি জ্ঞান কৰিছিল ।
#তাইৰ উত্তৰণৰ বাবে যেন মঞ্জিলৰ দৰে এক পশুৰ পাশবিক চৰিত্ৰ তাইৰ সমুখলৈ অহাৰ দৰকাৰ আছিল ।
#কেতিয়াবা কেতিয়াবা পৰম শত্ৰুতা কৰাজনৰ ওচৰতো মানুহ কৃতজ্ঞ হ'ব লাগে । সেইজনো হ'ব পাৰে প্ৰেৰণাৰ উৎস ।
#মন গ'লেই মাটি ডাইলত শামুক দিয়া খাৰ খাম । চুপি চুপি খাম ।
#মাজনী - সুখী হোৱাটো মানুহৰ জন্মগত অধিকাৰ । সেই অধিকাৰক কোনোবাই খৰ্ব কৰিলে তাক ত্যাগ কৰাত বাধা নাই ।
#সুখী হোৱাটো প্ৰত্যেকৰে জন্মগত অধিকাৰ বাছা । দুখ দিয়াজনক ত্যাগ কৰাত কোনো পাপ নাই ।
#মই পুৰুষক এক দূৰত্বত ৰাখোঁ । কিয় জানা ? কোনোবা ওচৰলৈ অহাৰ কথা ভবাৰ লগে লগে মোৰ গাত জুইয়ে পোৰাৰ দৰে চেকচেকনি উঠে ।
#তাইৰ প্ৰতি তাৰ দৈহিক আকৰ্ষণ মুখ্য নহয় । বাখ্যাতিত কিবা সন্মোহনত সি সকলো এৰি তাইৰ কাষলৈ আহিছে ।
#মৰিও জী উঠোঁ
লাউ হৈ বগাওঁ
পদুম হৈ ফুলোঁ
শালিকী হৈ মূধত বহোঁ ।
*** বানান ভুল প্ৰায় নাইয়েই । উপন্যাস খনক চমৎকাৰ বুলিহে মই অভিহিত কৰিলোঁ ।
লেখিকা শ্ৰীমতী শৰ্মাৰ অসমীয়া সাহিত্যৰ জগতত উন্নতি কামনা কৰিলোঁ ।
( এই গ্ৰন্থ-সমালোচনাত মোৰ দৰে এক সাধাৰণ পঢ়ুৱৈৰ দৃষ্টিকোণৰ পৰা পোৱা খিনিহে লিখিছো।)
নৱজিত মেধি।

Comments
Post a Comment