একমিনিটৰ গল্পঃ অনুভৱী হৃদয়ঃ মানসী দত্ত
অনুভৱী হৃদয়
@ মানসী দত্ত
কিছুদিনৰ পৰা চুবুৰীটোৰ মহিলা সকলৰ মাজত মমী নামৰ কম বয়সীয়া বোৱাৰীজনীৰ চৰিত্ৰক লৈ এক সৰব আলোচনা চলিছে৷ খুব সৰুতেই বিয়া হৈ অহা মমী দেখাই শুনাই ধুনীয়া হোৱাৰ লগতে ব্যৱহাৰ পাতিও বেচ নম্ৰ ভদ্ৰ, বৰ সহজে আনক আপোন কৰি ল’ব পৰা গুণেৰে ভৰপূৰ৷ কিন্তু পৰাগলৈ বিয়া হৈ অহাৰ পিছৰে পৰা একমাত্ৰ শহুৰৰ পেন্সনৰ টকা কেইটাৰে যেনেতেনে ঘৰখন মমীয়েই টালি টাপলি মাৰি চলাই নিছিল যদিও হঠাতে শহুৰৰ অচিন ৰোগত আক্ৰান্ত হৈ যোৱা বছৰতে মৃত্যু হ’ল৷ তাৰপিছত বহু দিনতেই এম.এ পাছ কৰি বেকাৰ হৈ থকা পৰাগ আৰু মমীৰ দুবেলা দুমুঠি খাবলৈও চিন্তা কৰিবলগীয়া হ’ল৷ খেতি কৰি খাবলৈ হ’লেও ঘৰখনত ঘৰৰ ভেটিটোৰ বাদে দৰবত দিবলৈও মাটি অকন নাই, সাঁচি থোৱা টকাখিনিও দেউতাকৰ বেমাৰত, সকাম নিকামত শেষ হ’ল৷ এতিয়া যেন দুয়োটাৰ মূৰৰ ওপৰতে সৰগখন ভাঙি পৰিল৷ চাকৰিৰ এই মহঙা দিনত পৰ্বতত কাছ কণী বিচৰাৰ দৰে কথা৷
ওচৰ চুবুৰীয়া মহিলা সকলে মমীৰ ওপৰত চকু দিবলৈ ধৰিলে, পৰাগ ৰাতিপুৱাই ঘৰৰ পৰা ওলাই যায় আৰু মমীও পৰাগ ওলাই যোৱাৰ অলপ পিছতে ঘৰৰ পৰা ওলাই গৈ সন্ধিয়াহে ঘৰ সোমায়৷ তাতে মমীৰ সাজপাৰৰো পৰিৱৰ্তন দেখিবলৈ পালে, সদায়ে মেখেলা চাদৰ পিন্ধি থকা মমীয়ে চুৰিদাৰযোৰ পিন্ধি ইফাল সিফাল যাবলৈ ধৰিলে৷ মমীৰ স্বভাৱ চৰিত্ৰৰ বিষয়ে ইমানকৈ আলোচনা প্ৰত্যেক ঘৰতে হ’বলৈ ধৰিলে যে, লাহে লাহে মমীক কোনেও নমতা হ’ল৷ অৱশ্যে মমী আৰু পৰাগে এই বিষয়ে একো গমকেই পোৱা নাছিল৷ কিন্তু সেইদিনা সন্ধিয়া ঘৰলৈ আহি থাকোতে ঘৰ ওচৰৰ সৰু ল’ৰা এটাই যেতিয়া মমীক অলপ অশ্লীল ইংগিত দি কথা শুনালে, সদায় খুড়ী বুলি সম্বোধন কৰা পিলিঙা ল’ৰাটোৰ মুখত তেনে কথা শুনি মমীৰ কাণ-মূৰ যেন গৰম হৈ উঠিল৷ ৰাতি ভাত খাই উঠি পৰাগক মমীয়ে সমস্ত ঘটনাটো ক’লে৷ পিছদিনা পৰাগে ল’ৰাটোৰ অভদ্ৰামীৰ কথা মাক দেউতাকক যেতিয়া ক’বলৈ গ’ল বৰঞ্চ ল’ৰাটোৰ মাক দেউতাকেহে মমীৰ বিষয়ে পৰাগক বহুত বেয়াকৈ কথা ক’লে যে মমীৰ চৰিত্ৰ বেয়া সেইগতিকে তেওঁৰ ল’ৰাই তেনেকৈ একো ভুল কথা কোৱা নাই৷ সেই সময়তে ওচৰ চুবুৰীয়া বহু লোক গোট খালে আৰু সকলোৱে পৰাগক মমীৰ চৰিত্ৰৰ ওপৰত নানান কথা ক’লে৷ সকলোৰে কথা শুনাৰ পিছত পৰাগে আচল কথাবোৰ ক’বলৈ ল’লে, মমী একো চৰিত্ৰহীন মহিলা নহয়, আমি দুয়োটাই জীয়াই থকাৰ তাড়নাত অতি কষ্ট কৰিছোঁ৷ পেট, পিঠি ওলাই থকা মেখেলা চাদৰযোৰ মইয়েই পিন্ধিবলৈ মানা কৰি তেওঁক জোৰকৈ চুৰিদাৰযোৰ পিন্ধিবলৈ দিছিলোঁ৷ তেওঁ আৰু মই মানুহৰ ঘৰে ঘৰে গৈ টিউচন কৰো৷ তদুপৰি তেওঁ কিছুমান ছোৱালীক কাটিং আৰু এম্ব্ৰ’য়ডাৰী প্ৰশিক্ষণ দিয়ে আৰু আমি দুয়োটাই তেনেদৰেই কষ্ট কৰি সুখেৰে জীয়াই আছোঁ৷ আপোনালোকে মমীৰ চৰিত্ৰত মিছা দোষ নিদি আমাক সুখেৰে জীয়াই থাকিবলৈ দিয়ক৷
------------------------

সুন্দৰ
ReplyDeleteধন্যবাদ জনালো
ReplyDelete