অনুগল্পঃ কিছু গল্প, কিছু সত্যঃ ইন্দিমা বৰুৱা

কিছু গল্প কিছু সত্য

কাপুৰুষ

১/ অত‍্যাধুনিকা পত্নীৰ চকুত সু-পুৰুষ হৈ উঠা কবিতা লিখা লৰাটো এতিয়া ঘোচখোৰ চৰকাৰী বিষয়া। চাকৰিৰ পৰা নিলম্বিত হৈ আজি মিডিয়াৰ সন্মুখত কাপুৰুষৰ সাজযোৰ মেৰিয়াই ল'লে।

  ২/ ভালপাব জনা বিয়াৰ কথা কলে পিচহুহকা কাপুৰুষ ক'ৰবাৰ ধুৰৰ, এইবুলি ৰীমাই ডাঃ অৰুণাভ বৰুৱা আৰু তাইৰ বিয়াৰ কাৰ্ডখন দলিয়াই দপদপাই ওলাই গ'ল। সি কেতিয়াও তাইক ক'ব নোৱাৰিব তাইৰ  হাৰ্টৰ পেচেণ্ট দেউতাকে যে নিলয়ক ৰীমাৰ জীৱনৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰালে। সি স্থানুৰ দৰে থিয় দি তাই যোৱালৈকে চাই থাকিল ।

৩/ স্বামী অজয়ৰ পুৰষত্বহীনতাক সমাজৰ দৃষ্টিত লুকুৱাই সেউতীয়ে নিজৰ পিঠিতেই কাঠবাজীৰ ষ্টাম্প লগাই ললে। কিন্তু আজি শাহুৱেকৰ কথাত ৰাজী হৈ অজয়ে দ্বিতীয় বিবাহলৈ মন মেলা দেখি তাই ৰ'ব নোৱাৰিলে। তাই উচ্চস্বৰত শাহুৱেকৰ সন্মুখত তালৈ চাই থুৱাই চিঞৰি উঠিল- কাপুৰুষ।

৪/দেখিলা পুত্ৰক, ঘৈণীয়েকৰ কথা শুনি সি আমাক এৰি ভাড়াঘৰলৈ যায়। তিৰুতাসেৰুৱা কাপুৰুষ ক'ৰবাৰ এইবুলি চলিহানীয়ে চলিহালৈ চাই ফেকুৰী উঠিল। চলিহাই কলে, মোৰ ক'বলগীয়া একো নাই। ত্ৰিশ বছৰ আগতে তেনে কাপুৰুষৰ হাতত ধৰি তুমিও মোৰ বিধৱা মাক এৰি ওলাই আহিছিলা।


  @ইন্দীমা বৰুৱা।

Comments

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ