গল্পঃ চিপৰাংঃ নীৰুজা বৰা
চিপৰাং
মনত পৰিছে দেউতাই কোৱা এটা কথা লৈ, ১৯৭৪ চনত দেউতাই গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি থকা অৱস্থাত পানবজাৰত আবেলি মহামায়া হোটেলত চাহ পুৰী খোৱাৰ কথা৷ হোটেল খনত ভাতৰ ব্যৱস্থাও আছে৷ দেউতাই সেইদিনা লেতেৰা বাচন ৰখা ৰেক ডালৰ সন্মুখৰ চকীখনত বহিবলগীয়া হ’ল৷ দেউতাৰ চকু বাৰে বাৰে সেই লেতেৰা বাচনৰ ফালে গ’ল, বেৰখনৰ সৰু ফুটাইদি এটা চিকা প্ৰায় পোন্ধৰ/দহ ছেকেণ্ডৰ মূৰে মূৰে ওলাই আহি ধুবলৈ থোৱা বাচনৰ পৰা, এবাৰ মাছৰ কাঁইট, এবাৰ মাংসৰ হাড় পাচলি আদি নি থাকে৷ এবাৰ সৰু টুকুৰা, পাছৰ বাৰ ডাঙৰ, এইদৰে ইমানেই ঘনাই কৰা হ’ল, ল’ৰা বোৰে বাৰে বাৰে থবলৈ অহা বাচনবোৰৰ শব্দকো কেৰেপেই নকৰা হ’ল৷ মাত্ৰ এবাৰ ভুমুকীয়াই চাই, কামবোৰ কৰি গ’ল৷ সেইবোৰ দেখি দেউতাৰ ঘিণ লাগিল, পুৰী খাবলৈ অৰ্ডাৰ দিয়া স্বত্বেও নাখাই ওলাই আহিল৷ দেউতাই কথা প্ৰসংগত আমাক কৈছিল, ’চিকাবোৰৰ ধৰ্মই তেনেকুৱা অ’, সিহঁতে তেনেকৈয়ে চোৰ কৰি খাই থাকে৷
দেউতাৰ সেই কথাষাৰে মনত সাঁচ বহুৱাইছিল৷ আজি যেন সেই কথাৰ প্ৰমাণ এটি দেখিবলৈ পাইছোঁ, সৰুৰে পৰা একেলগে খেলি-ধূলি ডাঙৰ হোৱা বিজয় খুড়াৰ ঘৰ খনৰ অৱস্থা দেখি৷ মনতে ভাবিছোঁ মানুহৰ চৰিত্ৰও তেনেকুৱা থাকে। প্ৰথমে ঘৰতে সৰু সৰু বস্তু চোৰ কৰে পাছলৈ ডাঙৰ বস্তুত হাত দিয়ে৷ শেষত এনেকুৱা পৰ্যায়ত উপনীত হয়, একো নাপালে ঘৰত বজাৰ কৰি থোৱা বস্তুও চোৰ কৰি আনক দি, নিজৰ প্ৰয়োজন পুৰাই৷ এনে কাম বোৰে উঠি অহা, শান্তিৰে চলি থকা ঘৰ খনত আহুকালৰ সৃষ্টি কৰে৷ মাক দেউতাক সকলে জন্ম দিয়া সন্তানৰ পৰা এনে শাস্তি পালে, বৰকৈ কষ্ট পায়৷ এই কথা চোৰৰ ভূমিকা লোৱা সন্তানে উপলব্ধি নকৰে৷
বিজয় খুড়াৰ দুজন ল’ৰা, এটা মোৰ কাণ সমনীয়া উপানন্দ, আৰু ইটো আমাতকৈ তিনিবছৰ সৰু আনন্দ৷ উপানন্দ সৰুৰে পৰা অলপ দুষ্ট, খুটখুটিয়া স্বভাৱৰ আছিল৷ ডাঙৰ হৈ তাৰ এই স্বভাৱ বেছি বেয়ালৈ ঢাল খালে৷ প্ৰথমে বিজয় খুড়া আৰু নীলিমা খুড়ীৰ পৰা, টকা পইচা নোকোৱাকৈ নিয়ে৷ তেওঁলোকে সুধিলে, উপানন্দই একোকে নামাতে৷ এটা সময়ত ভায়েকৰ মূল্যবান কিতাপ, কিল’ বিচাপত বিক্ৰী কৰে৷ ভায়েক আনন্দই ককায়েকক ভালপাই, গতিকে এইবোৰ কথা মাক দেউতাকৰ পৰা লুকুৱাই ৰাখে৷ এইদৰে লুকুৱাওতেই এসময়ত বিমল খুড়াই ঘৰ বনাবলৈ আনি থোৱা লোহা, টিন আদি কোনোৱে নজনাকৈ ভঙা টিন লোহা কিনিবলৈ অহা মানুহক বিক্ৰী কৰে৷ সেইখিনি সময়ত মই সিহঁতৰ ঘৰলৈ যাওঁ৷ এদিন আনন্দই মোক কথাবোৰ কৈছিল, খুৰীয়েও কথা বোৰ কৈ দুখ কৰি, মোক বুজাবলৈ কৈছিল৷ কিন্তু উপানন্দই মোৰ কথা ক’ত শুনিব, মাত্ৰ সি মোক ক’লে, "তই মোৰ কথা চিন্তা নকৰিবি৷"
বছৰ বোৰ আগুৱাই গ’ল, কিন্তু উপানন্দৰ স্বভাৱৰ একো পৰিবৰ্তন নঘটিল৷ আমিবোৰ আঁতৰত পঢ়িবলৈ গ’লো, উপানন্দৰ খবৰ বোৰ নৰখাই হ’লো৷ উপানন্দই ঘৰখনত নতুন বস্তু সহিবই নোৱাৰা হ’ল৷ ক্ৰমান্বয়ে তাৰ এই গুণ শিপাই, ভায়েকৰ নতুন জোতা, মাকৰ আঙুঠি আদিতো হাত দিলে৷ মাক আৰু ভায়েকে কোনোৱে নাজানক বুলি মনে মনে সহি গ’ল৷ উপানন্দৰ কামবোৰে মাকৰ চকুৰ টোপনি হৰিলে, মানুহজনীক অসুখীয়া কৰি তুলিলে৷
এই কামবোৰ ঘৰৰ ভিতৰতে সীমাবদ্ধ নাথাকিল, উপানন্দৰ কাম বোৰ চোৰৰ দৰে নাথাকি ডকাইতৰ দৰে হ’ল৷ ভায়েকক ভালকৈ পঢ়াম বুলি সাঁচি ৰখা মাকৰ বাকচৰ সাঁচতীয়া পইছা কেইটা দাবী ধমকিৰে মাকৰ পৰা নি লগৰ ল’ৰাৰ লগত ফিতাহিমাৰী খাবলৈ বা দেখুৱাবলৈ গৈ, ভায়েকৰ পঢ়া শুনাত বাধা আনিলে৷ মাকে পুত্ৰস্নেহত অন্ধ হৈ, বাপেককো কথাবোৰ জানিবলৈ নিদিলে৷ সেইবাবে উপানন্দই মাকৰ ওপৰত আৰু বেছি ৰাজত্ব চলাবলৈ ধৰিলে৷ মাকৰ এটা আঙুঠি এবাৰ নোকোৱাকৈ নিলে, আনটো আঙুঠি ধাৰ লাগিছে বুলি দাবী ধমকিৰে নিলে৷ উপানন্দৰ এই সকলো দোষ, মাক আৰু ভায়েকে চকুৰ আগত দেখিও গাপ দি যাবলৈ বিচাৰিলে৷ মনতে এটা আশা উপানন্দ এদিন ভাল হ’ব৷ এদিন সি সকলো বুজিব৷ কিন্তু এই সমূহে ভায়েকৰ পঢ়া শুনাত প্ৰভাৱ পেলাই, ক্ৰমান্বয়ে অৱনতিৰ দিশে গতি কৰিলে৷ মাকেও ভাতৰ পাতত বহি লিৰিকী বিদাৰি থকা হ’ল৷ পুতেকৰ কাণ্ড কাৰখানাই মানুহজনীক ক্ৰমান্বয়ে শুহি পেলালে৷ দেউতাকে নাজানে বুলি ভাবি ৰখা কথাবোৰ, দেউতাকে কম পৰিমাণে হ’লেও সকলো জানিছিল৷ এইবোৰ চিন্তাতে দেউতাকৰ উচ্চ ৰক্তচাপে মাজে মাজে আমনি কৰিবলৈ ধৰিলে৷
মাক-ভায়েকৰ হাজাৰ ভাল হোৱা কল্পনাক তল পেলাই, উপানন্দই টকা ঘটাৰ আন কৌশল ল’বলৈ ধৰিলে৷ দেউতাকৰ ফিক্স ডিপ'জিত এটা মেচিউৰ হোৱা বুলি জানি ঘৰতে চিঠি এখন টেবুলত ৰাখিলে৷ চিঠিখনৰ বিষয় বস্তু আছিল, চাকৰি এটাৰ বাবে এজন মানুহক ৫০,০০০ টকা, এজনৰ পৰা আনি দিলে মানুহজনক এতিয়া পইছাখিনি ঘূৰাই দিব লাগে, তাৰ বাবে সি ওলাই যাব নোৱাৰা হৈছে৷ সেইবাবে ফিনাইল খাই মৃত্যু হোৱাৰ কথা ভাবিছে ইত্যাদি৷ চিঠিখনৰ লগতে ফিনাইলৰ আধৰুৱা বটল এটা টেবুলত ৰাখিলে৷ আৰু নিজেই সেই আধা বটল ফিনাইল খোৱা দেখুৱাই মুখত অলপ সানি, ৰাতিপুৱা দেৰিলৈকে শুই থাকি আলেখলেখ চাই আছিল৷ মাক সেইদিনা পুৱাতে উঠি গা ধুই গোঁসাইৰ ওচৰত বন্তি এগছ দি, মনতে ভাবিলে, সকলোৱে ভালপোৱা খোলা চাপৰি পিঠাকে বনাব৷ উপানন্দ আৰু আনন্দৰো খুব প্ৰিয়৷ আচলতে মই ভালকৈয়ে জানো, নীলিমা খুড়ীৰ হাতৰ অকল খোলা চাপৰি পিঠাই নহয়, সকলো বস্তু সোৱাদ লগা হয়৷ মাকে দেউতাক আৰু আনন্দক চাহ পিঠা যাচি, উপনন্দনো ইমান দেৰিলৈকে কিয় উঠা নাই চাবলৈ গ’ল৷ টেবুলৰ ওপৰত চিঠিখন দেখি, কান্দি-কাটি হুলস্থূল লগালে৷ দেউতাক আৰু ভায়েকেও সোনকালে অ’টো এখন ভাড়া কৰি আনি উপানন্দক হস্পিতাললৈ লৈ গ’ল৷ ভায়েক উপানন্দৰ লগতে গ’ল৷ ওচৰ চুবুৰীয়া সকলো আহি, মাক-দেউতাকক সান্তনা দিলে৷ গৈ থাকোঁতে ৰাস্তাত হঠাৎ উপানন্দই সাৰ পোৱাৰ দৰে দেখুৱাই, ভায়েকক টকাখিনি উলিয়াবৰ কাৰণে এনে কৰিছে বুলি ক’লে৷ ভায়েকক এই বুলি টোপ দিলে, মই টকাখিনি পালে, তোক দহ হাজাৰ দিম৷ ইমান দিনে ককায়েকৰ কু-কৰ্ম বোৰৰ চিনাকি ভায়েকে, এই সকলোবোৰ ভেশচন বুলি গম পাইছিল৷ ইফালে বিমল খুড়া আৰু খুৰীয়ে ঘৰতে আলোচনা কৰিছে, উপানন্দক ফিক্স ডিপ'জিতৰ পঞ্চাশ হাজাৰ টকা দি দিব, তথাপি ল’ৰাটোৰ একো নহওক৷ ওচৰ চুবুৰীয়াক এই সমূহ নজনালে৷
উপানন্দ আৰু আনন্দ ঘূৰি আহিল৷ চিকিৎসা কৰি ভাল হোৱা বুলি জনালে৷ দেউতাকে আগৰ দৰেই উপানন্দৰ কথা বিশ্বাস কৰিলে৷ আনন্দই আহি মাকক সকলো কথা জনালে যদিও, আগৰ দৰেই দেউতাকক নজনোৱাকৈ দুয়ো নিশ্চুপ হৈ থাকিল৷ ক্ৰমান্বয়ে দেউতাকৰ ভয়ত মাক আৰু আনন্দই দেউতাকক একো নজনাই, উপানন্দক আৰু বেয়াৰ ফালে লৈ গ’ল৷ মাকৰ দুৰৱস্থা দুগুণ বাঢ়িল, আগৰ পকা থেকেৰা হেন মানুহজনী উপানন্দৰ চিপৰাঙৰ কোবত থাউকি হেৰুৱালে৷ ঘৰখনে ভাল কামৰ কথা চিন্তাই কৰিব নোৱাৰা হ’ল৷
এনেকৈয়ে দিন বাগৰি বিমল খুড়াই চাকৰিৰ পৰা অৱসৰ ল’লে, খুড়াই পেঞ্চনৰ টকা হিচাপত প্ৰায় পোন্ধৰ/ষোল্ল লাখ টকা পাব বুলি গম পালে৷ এই কথা উপানন্দৰ কাণত পৰাৰ লগে লগে উপানন্দই চাকৰিৰ বাবে পোন্ধৰ লাখ টকা লাগে বুলি ঘৰত উৎপাত কৰিবলৈ ল’লে৷ বিমল খুড়া আৰু আনন্দই টকাখিনি এইবাৰ কোনোপধ্যেই নিদিওঁ বুলি ভাবিলে৷ আনন্দই দাদাকৰ এই অত্যাচাৰত অতিষ্ঠ হ’ল৷ সি বুজি পালে, এই সকলো বোৰ আগৰ দৰেই ভেকোভাওনা৷ এইবাৰো উপানন্দই মৰি যাম বুলি ক’লে, আনকি মৰি যোৱাৰ ভাও কৰিবলৈও ল’লে৷ মাক কান্দি কাটি বাউলি হ’ল৷ বাপেকক পইছাখিনি দিবলৈ ক’লে৷ প্ৰথমে বিমল খুড়া আৰু আনন্দই পইছা দিয়া নাছিল, শেষত উপানন্দৰ অত্যাচাৰত অতিষ্ঠ হৈ সকলো দিব লগা হ’ল৷
এনেকৈয়ে উপানন্দই ঘৰতে সিন্ধি দি এখন সুস্থিৰ ঘৰক, ধ্বংসৰ গৰাহলৈ ঠেলি দিলে৷ বিমল খুড়া শয্যাগত হ’ল, নীলিমা খুড়ী ৰাংঢালি মানুহজনী, নিচ্ছুপ হৈ পৰিল৷ আজি সহজ সৰল বিজয় খুড়াৰ ঘৰখনত উপানন্দই চিকাৰ ভূমিকা ল’লে৷ আনন্দৰ পঢ়াশুনাৰ লগতে, সকলোকে এটা অন্ধকাৰ ভৱিষ্যতলৈ ঠেলি দিলে৷
@নীৰুজা বৰা
নগাঁও

সুন্দৰ
ReplyDeleteভাল লাগিল!
ReplyDeleteভাল লাগিল।
ReplyDeleteভাল লাগিল।
ReplyDeleteভাল লাগিল।
ReplyDelete