নতুন পুৰুষৰ চিন্তাঃ সন্তানক সন্তানৰ দৰে প্ৰতিপালন কৰোঁ আহকঃ নিৰ্মালি সন্দিকৈ

#সন্তানক সন্তানৰ দৰে প্ৰতিপালন কৰোঁ আহক

তিনিবছৰীয়া ছোৱালীজনীয়ে যিকোনো পুতলা,যিকোনো খেলনা পালেই কৌতূহলত  খুলি পেলায়।তাত কোনো জিঘাংসা নাথাকে।তাৰ পাছত সাৱধানেৰে তাই জোৰা লগাবলৈও খোজে।ককাক আইতাকে তাইক কয়,ছোৱালী মানুহে এইবোৰ নকৰে নহয়,ভালকৈ সজায় পৰাইহে থয়।তাই কেতিয়াবা হাতখন ওপৰলৈ তুলি  কয়,মই ছুপাৰমেন!ঘৰৰ আন কোনোবাই কয়,ধেৎ! ছোৱালী মানুহ পৰীহে হয়।ধুনীয়াকৈ ষ্টাইল কৰে,ৰাজকুমাৰৰ লগত বিয়া হয়।
একেঘৰৰে এঘাৰ বছৰীয়া ল'ৰাটোক ককাক আইতাকে পানী এগিলাছো লৈ খাবলৈ নিদিয়ে।অভিমান কৰি কান্দিবও  নিদিয়ে।ধেৎ! ল'ৰা মানুহে কাম কৰে নেকি,কান্দে নেকি? ছি: মানুহে লাজ দিব দেই।
অৰ্থাৎ,শিশুহঁতক আমি জন্মৰ পৰাই লিংগভেদ বুজাওঁ।সিহঁতক আমি মানুহৰ সন্তান হিচাপে নহয়,ল'ৰা আৰু ছোৱালী বুলি অহৰহ বুজাওঁ যাতে সিহঁতে মানুহৰ শিশু হিচাপে নহয়,নিজকে সৰুৰে পৰাই ল'ৰা বা ছোৱালী বুলিহে  চিনি পায়।ল'ৰা মাত্ৰেই যেন আৱেগহীন,আত্মকেন্দ্ৰিক আৰু আনৰ ওপৰত হুকুম দিয়া মালিক হ'ব লাগিব আৰু ছোৱালী মাত্ৰেই যেন লেহুকা,পৰনিৰ্ভৰশীল আৰু আনৰ হুকুম নিৰ্বিবাদে মানি লোৱা এক কুণ্ঠিত প্ৰাণী হ'ব লাগিব।ইয়াৰ ব্যতিক্ৰম হ'লেই অকনমাণি শিশুহঁতক ঠাট্টা,ইতিকিং গালি শপনি তিৰস্কাৰ আৰু অপমানেৰে বুজাই দিয়া হ'ব যে,ল'ৰাৰ পছন্দ ৰুচিবোধ ছোৱালীৰ দৰে হোৱাটো অতি লাজৰ বিষয় আৰু ছোৱালীৰ ৰুচি,ৰাপ ল'ৰাৰ দৰে হোৱাটো আৰু গুৰুতৰ বিষয়।ব্যতিক্ৰমী শিশুক সেয়ে,অবিবেচক সমাজে মতাডাংকাটী অথবা মাইকীমুৱা  অভিধা দিবলৈ সাজু হৈয়ে থাকে।
সন্তানবোৰ এদিন ডাঙৰ হয়।কেতিয়াবা  সিহঁতৰ কিছুমান ইমানেই স্বাৰ্থপৰ হৈ পৰে যে পিতৃ মাতৃৰ ভৰণ পোষণ দূৰৈৰ কথা,মৃত্যুৰ পাছতো মাক দেউতাকৰ মুখ চাবলৈ নাহে।সেই সন্তানবোৰ অন্য গ্ৰহত প্ৰতিপালিত হৈ হঠাৎ মাক দেউতাকৰ কোলাত সৰি নপৰে।সিহঁতৰ জন্ম,প্ৰতিপালন এই সমাজতে হয়।ঘৰৰ সদস্য,সমাজখন আৰু মাক দেউতাকেই সিহঁতৰ আবেগহীন মনটো নিৰ্মাণ কৰে।আমি যেতিয়া প্ৰতিযোগিতাৰ নিগনি দৌৰত আমাৰ সন্তানহঁতক মাথোঁ দৌৰিবলৈ শিকাওঁ,তেতিয়া আমি কেতিয়াও সিহঁতক নুসোধো,সি বা তাই লন টেনিচ্ নে গীটাৰ বজাই ভাল পায়।অংকত বেয়া নম্বৰ অনা সন্তানটোক আমি তমুকৰ পুতেকতকৈ বেছি পাবলৈ প্ৰলোভন আৰু ভাবুকি দিওঁ,কিন্তু প্ৰতিযোগিতা যে সদায় নিজৰ লগতহে হোৱা উচিত,সেই সৰু কথাটো আমি কেতিয়াও সিহঁতক নিশিকাওঁ।

আৰু এদিন যেতিয়া সিহঁতে ছোৱালী এজনীক মাৰ পিট কৰা,মানসিক অত্যাচাৰ কৰাটো সিহঁতৰ লিংগজাত অধিকাৰ বুলি ভাবে বা ছোৱালীজনীয়েও পুৰুষৰ অত্যাচাৰ নিমাতে সহ্য কৰাটো তাইৰ লিংগজাত স্বভাৱ বুলি ভাবে,আমাৰ তথাকথিত সমাজৰ সচেতন মহল তেতিয়াই সাৰ পাই উঠে।এদিন সেই সন্তানবোৰেই যেতিয়া পিতৃ মাতৃক লেইলেই চেইচেই কৰে তেতিয়া কোনেও সেইসকল পিতৃ মাতৃক নোসোধে,আপুনি আপোনাৰ সন্তানক মানুহ হ'বলৈ শিকাইছিলনে?কেতিয়াবা জোনবাই,কেতিয়াবা নদী, কেতিয়াবা এখন হাবি দেখুৱাইছিলনে?কৈছিলনে সাধু এটা নাইবা নিজৰ শৈশৱৰ এৰি অহা গাওঁখন আৰু মানুহবোৰৰ কথা?
উত্তৰত বেছিভাগেই ক'ব ,নাই কোৱা|
আমি মানুহবোৰেই সম্ভৱত একমাত্ৰ প্ৰাণী,যি জন্ম হোৱা মাত্ৰেই শিশুহঁতক ল'ৰা আৰু ছোৱালী বুলিহে চাওঁ।সন্তান হিচাপে নেচাওঁ।
শিশুহঁতক কেৱল শিশু,সন্তানক কেৱল সন্তান বুলি ভাবি প্ৰতিপালন কৰা মাক দেউতাকে কেতিয়াও এটা ধৰ্ষণকাৰী অথবা পৰমুখাপেক্ষী এজনী বিবেচনাহীন নাৰীৰ নিৰ্মাণ কৰিব নোৱাৰে।
ল'ৰাই অমুক তমুক আৰু ছোৱালীয়ে অমুক তমুকহে কৰিব বোলা মানুহৰ ঘৰৰ সন্তান মাত্ৰ পুৰুষ নাইবা নাৰী হে হ'ব পাৰে|
মানৱীয়  আবেগ অনুভূতি,প্ৰমূল্যবোধ আৰু স্বকীয় বিবেক সম্পন্ন মানুহ হ'ব নোৱাৰে।

©নিৰ্মালি সন্দিকৈ

Comments

  1. সুন্দৰ চিন্তাশীল লিখা! ভাল লাগিল!

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ