গল্পঃ মালতী আইতাৰ চকুলোঃ তুলিকা দেৱী নাথ
মালতী আইতাৰ চকুলো
*************************
মালতী আইতাই কান্দিয়ে আছে৷ ফেনে ফুটুকাৰে ধাহি মুহি অহা পানীৰ ঢলটোলৈ চাই চাই কান্দি আছে৷ আইতাই কান্দিছে যেন নিজৰ ভাল পোৱা বস্তু এটা হেৰুৱাই অবোধ শিশু এটাইহে কান্দিছে৷ কান্দোনটো গোট খাই থকা মানুহবোৰৰ মাজে মাজেই সৰকি গৈছে এটা সাধাৰণ কথাৰ দৰেই৷ কান্দিবই! সকলোৰে দুখ কুলাই পাচিয়ে নধৰা হৈছে৷ সকলো বানপীড়িত৷ সকলো আজি সৰ্বস্বান্ত৷ সেই শিবিৰটোত গোটখাই থকা প্ৰত্যেক লোকেই কিবা নহয় কিবা এটা হেৰুৱাইছে৷ কোনোৱে গাৰ ঘাম মাটিত পেলাই কৰা খেতিদৰা৷ কোনোৱে তেওঁলোকৰ ঘৰৰ বহুমূলীয়া সম্পদ,কোনোৱে নিজৰ সন্তানৰ দৰেই লালন পালন কৰা ঘৰচীয়া গৰু ছাগলী,কাৰোবাৰ জীৱিকাৰ একমাত্ৰ সম্বল উটি গৈছে লুইতৰ বলীয়া বানত আৰু উটি যোৱা গৰুজনী চাই হয়তো হিয়াভাগি কান্দিছে আতুৰ কৃষকে৷পানীলৈ চাই উটি যোৱা গৰুজনীক উদ্দেশ্যি অতি আকুলতাৰে চিঞৰিছে
ঃ ৰাঙলী ঐ ক'লৈ গ’লিগৈ৷ ঐ মই এইফালে আছো চা৷ ঘূৰি আহ৷
কাৰো সময় নাই কাকো শান্ত্বনা দিবলৈ৷ সকলোৰে একেই অৱস্থা৷ নতুনকৈ বনোৱা মাথাউৰিটো হঠাতে ভাগি যোৱাত নদীপৰীয়া গাঁওখন আজি সৰ্বস্বান্ত হৈছে৷ সকলোৱে নিজৰ ঘৰ ভেঁটি এৰি আশ্ৰয় লৈছে পানীত নুডুবাকৈ থকা ওখ ঠাইত৷ মালতী আইতাও আজি সেই শিবিৰত উঠিছেহি৷ বলীয়া বানৰ প্ৰলয়ংকৰী ৰূপত তিষ্ঠিব নোৱাৰি ঘৰ ভেঁটি এৰি থৈ আহিছে৷ বুকুৰ আপোন লুইতখন যে আজি ভয়ংকৰ হৈ উঠিছে৷ প্ৰচণ্ড খঙত যেন লুইতে ধুই গৈছে গাঁৱবোৰ৷ সকলো অসহায়, প্ৰকৃতিৰ এই ৰূপ নিবাৰণ কৰাৰ ক্ষমতা কাৰোৰে নাই৷ সকলোৰে বুকুৰ আপোন নদীখন যেন আজি অচিনাকি হৈ পৰিছে৷ কিন্তু সেই শিবিৰলৈ অহাৰ পৰাই আইতায়ে কান্দিয়েই আছে৷ সকলোৱে জানে গাঁৱৰ এমূৰে থকা আইতাৰ ঘৰটোৰ চালেৰে পানী কটা অৱস্থা৷ নিসন্তান মালতী আইতাই স্বামীৰ মৃত্যুৰ পিছত অকলেই ঘৰটোত আজি বহু বছৰ আছে।হয় আইতাৰ লোকচান হ’বলগীয়া একো সম্পত্তি নাই ঘৰটোত। কিন্তু আইতাই কিয় কান্দিছে?কোনেও বুজিব পৰা নাই৷এনেকুৱা বানৰ সন্মুখীন তেওঁলোক আগতে নোহোৱাকৈ থকা নাই৷ মালতী আইতাও নতুনকৈ সন্মুখীন হোৱা নাই এনে প্ৰলয়ংকাৰী বানৰ৷ অৱশ্যে এইবাৰ বান আহিব বুলি কোনেও ভবাই নাছিল৷ নতুনকৈ বনোৱা মাথাউৰিটোৱে তেওঁলোকক সুৰক্ষা দিব বুলি সকলো নিশ্চিত আছিল৷ সেয়ে কোনোৱে বান আহিব বুলি সাজু হোৱা নাছিল৷ নিজৰ বহুমূলীয়া বস্তু বাহিনীবোৰ সুৰক্ষিত স্থানত থ’বলৈকে নাপালে৷
মালতী আইতাই কান্দিয়েই আছে৷ সুধিলেও একো উত্তৰ দিয়া নাই৷ গভীৰ দুখত আইতাই মাথোঁ কান্দি আছে৷ সকলোৰে মনাকাশ এসোপামান দুখৰ কলীয়া মেঘে মেৰিয়াই ধৰি আছে৷ তাতে আইতাৰ কান্দোনৰ শব্দই যেন সকলোকে কিবা এক বিৰক্তি দিছে৷ আইতাৰ কান্দোন বন্ধ কৰিবলৈ গাঁৱৰে দৰদী মহিলা কদমী আহি আইতাৰ কাষতে বহিলেহি৷ কদমীহঁতৰো ঘৰ বানত ডুব গ’ল৷ বহু খেতিবাতি নষ্ট হৈছে।সিহঁতো আহি সেই শিবিৰটোতে আশ্ৰয় লৈছে৷ আইতাৰ কাষতে বহি মৰমেৰে ক’লে
ঃ আইতা আপুনি ইমানকৈ কিয় কান্দিছে? আপোনাৰ দৰে আমাৰ সকলোৰে একেই অৱস্থা৷ আপোনাৰ ঘৰটোলৈ ৰ’দ দিলেই পানী শুকালেই যাব পাৰিব৷এনেকৈ কন্দা কটা কৰি নাথাকিব?
কদমীৰ কথা শুনি মালতী আইতাই আৰু চিঞৰি কান্দিবলৈ ধৰিলে৷ আইতাৰ কান্দোন শুনি কদমীয়ে আকৌ ক’লে
ঃ নাপাই নাপাই এনেকৈ কান্দিব৷ মানুহ মৰিলেও এনেকৈ নাকান্দে৷
কথাটো কৈ কদমী যেন নিজৰ ওচৰতে অলপ অপ্ৰস্তুত হ’ল৷ এৰা,কান্দিবলৈ মালতী আইতাৰ কোন আছে? নিসন্তান আইতাই স্বামীৰ মত্যুৰ পিছত অকলেই এক নিসংগ জীৱন কটাই আছে ৷ গাঁওখনেই চাই আছে আইতাক৷ কদমীয়ে আকৌ ক’লে
ঃ আইতা চোৱা তুমি মোক নিজৰ ছোৱালী বুলি ভাবা আৰু কোৱাচোন কিয় এনেকৈ কান্দিছা? কান্দি থাকিলে কিবা উপায় ওলাব জানো? মোক কোৱা কিজানি মই তোমাক কিবা সহায় কৰিব পাৰোৱেই৷
কি ভাবি জানো আইতা এইবাৰ অলপ শান্ত হ’ল৷ বহু আকুলতাৰে কদমীলৈ চাই ক’লে
ঃ পাৰিবি বিচাৰি আনিব মোৰ সেই পেৰাটো৷ আই বোপায়ে লগত দিয়া সেই পেৰাটো।সেই পেৰাটোত আছে মোৰ মানুহটোৰ মৰমৰ উপহাৰ৷ মোৰ জীৱনৰ লগৰী৷ পাৰিবি বিচাৰি আনিব এই বলীয়া বানত উটি যোৱা পেৰাটো?
কদমীৰ চকুৰ আগত জিলিকী পৰিল মালতী আইতাৰ ঘৰত থকা সেই আওপুৰনী পেৰাটো৷ হয় অতীতৰ বহু স্মৃতি সামৰি থোৱা আছে সেই পেৰাটোত, বহু সোণ ৰূপ নাথাকিলেও পেৰাটোৰ লগত জড়িত আছে বহু স্মৃতি, বহু আবেগ৷ হয়তো মালতী আইতাৰ জীয়াই থকাৰ উৎস৷ এৰা, অতীতৰ বহু মধুৰ স্মৃতিক সাৱটি মানুহ জীয়াই থাকে৷ সেই স্মৃতি হৈ পৰে মানুহৰ জীৱন লগৰী৷ জীৱনে অতীতৰ মধুৰ স্মৃতিৰ বুকুত জিৰাই বৰ্তমানক আলোকিত কৰিব পাৰে৷ কদমী আৱেগিক হৈ পৰিল৷ আইতাৰ দুই হাতত ধৰি আশ্বাস দিলে
ঃ মই বিচাৰি আনিম আইতা৷ আপোনাৰ পেৰা বিচাৰি মই যাম৷ আপুনি নাকান্দিব৷
মালতী আইতাৰ কান্দোন অকনমান কমিল৷ বহু আশাৰে কদমীৰ চকুত চকু থৈ আইতাই উচুপিয়েই ক’লে
ঃ পাৰ যদি বিচাৰি আন আই
কদমীয়ে গাঁৱৰে দুটামান ল’ৰা লৈ আইতাৰ পেৰা বিচাৰ অভিযানত ওলাল৷ লগতে আইতাকো লৈ এখন নাৱত যাত্ৰা কৰিলে৷শিবিৰটোত থকা কোনো কোনোৱে ঠাট্টা বিদ্ৰুপ কৰিলে৷
ঃ কদমীৰ আৰু কাম নাই৷ সমাজসেৱিকা৷ হেৰৌ ক’ৰ পৰা পাব সেইটো? বানত উটি গৈ সেইটো ক’ত বা পালেগৈ?
কাৰোবাৰ উপহাস
ঃ হেৰৌ কিডাল আছে সেইটোত? সব বুঢ়ীৰ ভেকোভাৱনা৷ আমিবোৰে ইমান বহুমূলীয়া বস্তু হেৰুৱাইছো৷ বুঢ়ী সেই খালী পেৰাটোৰ কাৰণে কান্দি মৰিছে৷ কান্দি কান্দি অৱস্থা নাই৷
কদমীৰ দৰে খুব কম মানুহে হৃদয়ংগম কৰিব পাৰিলে আইতাৰ সেই পেৰাটোৰ প্ৰতি থকা টান৷ আৱেগিক সম্পৰ্ক৷ কদমী বহু আশাৰে ওলালেও মনত শংকা বিচাৰি পাবনে পেৰাটো? বলীয়া বানে বহুদূৰ উটোৱাই নিয়া নাইতো ৷ অদৃশ্যজনক মনতে প্ৰাৰ্থনা কৰিলে৷ এৰা পেৰাটোৰ লগতে যে আইতাৰ জীৱন মৰণ জড়িত হৈ আছে৷ পেৰাটোৰ ভিতৰত কি আছে কদমীয়ে নাজানে কিন্তু তাই নিশ্চিত যে তাত মালতী আইতাৰ অতীত স্মৃতি বিজড়িত কিবা এনে বস্তু আছে যি তেওঁৰ জীয়াই থকাৰ প্ৰেৰণা৷ নিসংগ জীৱনৰ লগৰী স্বৰূপ৷
গোটেই অঞ্চলটো বানত প্লাৱিত হৈছে৷ যেন বগা চাদৰ এখনেৰে মেৰিয়াই পেলাইছে গোটেইখন৷ অক্টোপাচৰ দৰে গিলি পেলাইছে ঠাইখন৷ যেনিয়ে চাই মাথোঁঁ পানী আৰু পানী৷ কদমীহঁতে আশ্ৰয় লোৱা শিবিৰটো অকণমান ওখ ঠাইত আছে৷ তাতে দুই তিনিখন গাঁৱৰ মানুহে আশ্ৰয় লৈছে৷ মানুহ, জীৱ-জন্তু, গাড়ী মটৰেৰে সৈতে এক বিশৃংখল আৰু অস্বাস্থ্যকৰ পৰিবেশ৷ কদমীহঁতৰ নাওখন পানী ফালি ফালি আগবাঢ়িল৷ সকলোৰে চকু পানীত নিৱদ্ধ দেখা পাই নেকি সেই পুৰনা মুগা বৰনীয়া পেৰাটো৷ কদমীহঁতৰ নাও আইতাৰ গাঁৱৰ ফালে আগবঢ়ালে৷ দূৰৰ পৰাই পানীত আধাতকৈ বেছি ডুবি থকা মালতী আইতাৰ ঘৰটো দেখা গ’ল৷ কদমীয়ে নাৱৰীয়াক নাওঁ আইতাৰ ঘৰৰ দিশলৈ নিবলৈ ক’লে৷ সিহঁতে ওচৰৰ পাজৰে থকা পথাৰবোৰতো চালে ক’তো উটি অহা পেৰা দেখা নগ’ল৷ কদমীৰ মনটো যেন অস্থিৰ হৈ পৰিছে৷ তথাপিও বিশ্বাস হেৰুওৱা নাই৷ ঘৰটো দেখি মালতী আইতাই আকৌ কান্দিবলৈ ধৰিলে৷ কদমীয়ে আশ্বাস দিলে
ঃ ৰ’বাচোন আগফালৰ পথাৰৰ ফালে যাবলৈ আছেই৷ নাপাম বুলি নাভাবিবা৷ ইমান গধুৰ পেৰা বেছি দূৰলৈ নাযায়।
কদমীৰ কথাত মালতী আইতাৰৰ মন অলপ পোহৰ হ’ল৷ আইতাৰ ঘৰৰ সীমাত সিহঁত উপস্থিত হ’লগৈ৷ চাৰিওফালে ডাঙৰ ডাঙৰ আৰু শকত কল গছেৰে আৱৰা আইতাৰৰ ঘৰৰ চাৰিওকাষ৷ আগফালে থকা দুজোপা কলগছৰ মাজত মুগা বৰনৰ কিবা এটা সোমাই থকা কদমীয়ে দেখিলে৷ কদমীয়ে চকু মুদি অদৃশ্যজনক প্ৰাৰ্থনা জনালে মনতে ভাবিলে সেইটো পেৰাটো হ’লেই হয়৷ নাৱৰীয়াটোক তেওঁ সেই দিশত নাওখন নিবলৈ ক’লে৷ সকলোৰে আগত জিলীকি উঠিলে কলগছৰ মাজত থেঁকা খাই সোমাই ৰোৱা সেই পেৰাটো৷ পেৰাটো দেখি মালতী আইতা নাৱৰ পৰা জপিয়াবলৈকে ধৰিলে৷ যেন বিচ্ছিন্ন হোৱা সন্তানটোহে ঘূৰাই পাইছে৷ কদমীয়ে আইতাক বাধা দিলে৷ সিহঁতৰ লগতে যোৱা এটা ল’ৰাই পেৰাটো টানি নাৱলৈ তুলি আনিলে৷ আইতায়ে বলিয়াৰ দৰে পেৰাটো সাবটি চুমাৰে উপচাই অতি আকুলতাৰে পেৰাটো খুলিলে৷ কদমীহঁত সকলোৱে অতি আগ্ৰহেৰে চাই থাকিল পেৰাটোত কি আছে? আইতায়ে উলিয়াই আনিলে ৰছিৰে মিৰিয়াই বান্ধী থোৱা পলিথিন ৰ মোনা৷ আইতায়ে মোনাটো খুলি এযোৰ পুৰণা পাটৰ কাপোৰ উলিয়াই বুকুত সাৱটি ধৰিলে৷ আইতাৰ চকুৰ পৰা চকুলোৰ ঢল বৈছে৷ সেইয়া যে সুখৰ চকুলো!প্ৰাপ্তিৰ চকুলো! কদমীলৈ চাই ক’লে
ঃ কদমী ককাৰে এইযোৰ পিন্ধাই মোক ঘৰ সুমুৱাইছিলে৷ এইযোৰ মোৰ মানুহটোৰ প্ৰথম উপহাৰ৷ এইযোৰৰ লগতে পুৰনা স্মৃতিবোৰ সাৱটি জীয়াই আছো অ’৷ তহঁতে নুবুজিবি৷
কদমী আৱেগিক হৈ পৰিল৷ তাইৰো দুচকু বৈছে কিবা এক অজান দুখ আৰু সুখৰ মিশ্ৰিত অনুভৱত৷ তাই বুজি উঠিছে মালতী আইতাৰ চকুলোৰ কাৰণ,তেওঁৰ অনুভূতিবোৰ অনুভৱ কৰিব পাৰিছে কদমীয়ে৷ তাই চকুলো মুচি পৰিবেশটো সলাবৰ বাবে মালতী আইতাক কাষতে সাৱটি ধৰি ক’লে
ঃ এতিয়া তুমি এই কন্দাকটাবোৰ এৰা৷ তোমাৰ চেনাইৰ উপহাৰ ধুনীয়াকৈ জাপি থৈ দিয়া৷ ঐ ল’ৰাহঁত আজি ভাল মাছ এটা ধৰিবি ৰাতিলৈ আইতাৰ পেৰাটো পোৱা ফূৰ্টিত ভোজ এটা খাম৷
আৱেগিক হৈ পৰা ল’ৰা কেইটাইও হাঁহি পেলালে৷ তৎক্ষণাত পৰিবেশটো পোহৰমুখৰ হৈ ফৰকাল হৈ পৰিল৷ মালতী আইতাৰ মুখখনো প্ৰশান্তিত আলোকিত হৈ পৰিল৷ নাৱৰীয়াই লাহে লাহে নাওখন শিবিৰৰ দিশলৈ ঘূৰালে৷
@তুলিকা দেৱী নাথ
গুজৰাট

সুন্দৰ
ReplyDeleteবহুত ভাল লাগিল
ReplyDeleteবৰ ভাল লাগিল। আৰু লিখনীলৈ বাট চালো।
ReplyDelete