প্ৰাককথনঃ আশীষ গগৈ

প্ৰাককথন
@অাশীষ গগৈ 

সেইদিনা হয়টো মঙ্গলবাৰ আছিল ! সময়টো পাহৰিছো ! বিশেষ কাম নাছিল বাবে বিচনাখনতে ভৰি পথানত কম্বলখন লৈ মোবাইলটো পিটিকি আছিলো! হঠাতে অচিনাকী নাম্বাৰ এটাৰ পৰা এটা ফোনকল আহিল! নিতান্তই বন্ধুসুলভ এক কণ্ঠস্বৰ- "গগৈ, মই ধ্ৰুৱই কৈছো মৰাণৰ পৰা!" কেতিয়াবা আশা নকৰাকৈয়ে হঠাতে অহা কিছুমান ফোনকলে বুকুখন ভৰাই তোলে! অলক্ষিতে অহা সেই ফোনকলৰ পোন্ধৰ মিনিটৰ বাৰ্তালাপে দেহ মনত এক সজীৱতা আনি দিলে ! সঁচাকৈয়ে বাৰ্তালাপ কৰিব জনাটোও এক কলা ! কিছুমানৰ  লগত কথা পাতিলে পোন্ধৰ মিনিটটোও এঘণ্টা যেন লাগে আৰু ব্যক্তি বিশেষৰ লগত এঘণ্টা কথা পাতিলেও পোন্ধৰ মিনিট যেন লাগে! মানুহে অৱশ্যে মোৰ লগত কথা পাতি ভালেই পায় কাৰণ মই এজন ভাল শ্ৰোতা! ফোনতে হওঁক বা মুখামুখিকৈয়ে হওঁক মই 'ও' 'আ' কৰি থাকিয়েই ভাল পাওঁ! কেতিয়াবা হয় কি যে মোৰ লগত এজনে দুঘণ্টা অনৰ্গল কথা পাতি আছে কিন্তু প্ৰকৃততে মোৰ মন উৰা মাৰি গৈ আছেগৈ কোনোবা ক'ৰবাত ! এই স্বভাৱটোৰ বাবে পিছে কেতিয়াবা বৰ অস্বস্তিটো পৰো!

 
         ধ্ৰুৱৰ লগত পিছে সেইদিনা বহু কথাই পতা হ'ল সেই কম সময়তে! সংসাৰৰ পৰা আৰম্ভ কৰি জীৱিকালৈকে...সাহিত্যৰ পৰা আৰম্ভ কৰি ৰেচিপিলৈকে ! কথা প্ৰসংগত ধ্ৰুৱই উল্লেখ কৰিলে "আলাপ"-ৰ বিষয়ে! আলাপৰ বিষয়ে ধ্ৰুৱই যি খিনি জনালে ভাল লাগিল শুনি! সকলোৱে ইতিবাচক সহাঁৰি জনাই আগবাঢ়ি আহিলে সফল নোহোৱাৰ কথায়ে নাই! আজিৰ তাৰিখত বিশেষ ভাৱে প্ৰয়োজন আছে এনে এখন মঞ্চৰ ! ধ্ৰুৱৰ পৰিকল্পনাও সুন্দৰ ; দুৰলৈকে চিন্তা কৰিয়েই আগবাঢ়িছে যেন বোধ হয়! অৱশ্যে কষ্ট স্বীকাৰ কৰিবই লাগিব ; গত্যান্তৰ নাই! "ভুকুতে কল নপকে" আপ্ত বাক্যশাৰী এইবোৰ ক্ষেত্ৰতেই প্ৰযোজ্য হয়!
        এইখিনিতে ধ্ৰুৱই হঠাতে দাবী ('দাবী' বুলিয়েই ক'ম যেহেতু তেওঁ মোৰ বন্ধু ; ইয়াত অনুৰোধৰ প্ৰশ্নই নাহে!) কৰিলে যে আলাপৰ ৰেচিপি শিতানত মই পষ্ট দিব লাগিব! মনতে ভাবিলো- "হায়: এইবাৰহে মৰিলো!" দুই/এটা খাদ্য গোটত কেতিয়াবা ৰেচিপিৰ নামত কিবাকিবি দুই/এটা দিওঁ ; কিন্তু এইজনে দেখোন চুঁচনি গাঠি দি একেবাৰে মোৰ মুদায়ে মাৰি পেলাব লৈছে! ৰেচিপি দিয়াত বাৰু বিশেষ আপত্তি নাই কিন্তু প্ৰথমেই কৈ লওঁ যে গাহৈ(গাহৰি) বাহিৰে মই বিশেষ একো ৰান্ধিব নাজানোঁ! লগতে বাৰু পৰম্পৰাগত দুই/এবিধ অসমীয়া খাদ্য !
        প্ৰকৃততে মই খাদ্যৰসিক ব্যক্তিহে! খাই ভাল পাওঁ আৰু বিধে বিধে ৰান্ধি খোৱাই ভাল পাওঁ! এয়া মোৰ বৰ্তমানৰ নিচা আৰু ভবিষ্যতৰ পেশা! ৰেচিপিত অলপ ভিন্নতা দিবলৈ চেষ্টা কৰো যিমান দুৰ মোৰ দ্বাৰা সম্ভৱ! ৰেচিপি সকলোৱেই দিয়ে কিন্তু আমি( "মই" শব্দটো অলপ স্বাৰ্থপৰ যেন লাগে )ৰেচিপিৰ দ্বাৰা কিছু অসমীয়া সাহিত্যৰ চৰ্চা কৰিবলৈ প্ৰয়াস কৰোঁ ! নাজানোঁ মোৰ এই ধাৰাটোৱে বা মোৰ এই শৈলীটোৱে কিমানক আকৰ্ষিত কৰিব পাৰে কিন্তু মই সদায় প্ৰৱাহিত হ'ম এই দিশেৰেই!
       (মোৰ কীপেডত দীৰ্ঘ 'ও' কাৰ নথকাৰ বাবে কিছুমান শব্দ ভুল হৈ দেখিবলৈ দৃষ্টিকটু হৈছে ; তাৰ বাবে মই ক্ষমাপ্ৰাৰ্থী)

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ