Posts

গল্পঃ বীৰাংগনাঃ উত্তৰা শৰ্মা বৰুৱা

Image
             বীৰাংগনা ✍ উত্তৰা শৰ্মা বৰুৱা বাইলুঙৰ মন্ত্ৰৰ মাজেৰে ৰিক্‌খান উৎসৱত কিছুদিনৰ আগলৈকে মতলীয়া হৈ থকা কাৰেঙত আজি মৃত্যুশীতল নীৰৱতা৷ কাৰেঙৰ দেৱালে দেৱালে ঠেকা খাই ঘূৰি ফুৰিছে উচুপনিৰ শব্দ৷ শ শ লগুৱা লিকচৌৰে গিজগিজাই থকা কাৰেঙত আজি কাৰো মুখত মাত নাই৷ দিন ৰাতি জ্বলি থকা চাংমাইশালৰ চৌকা চেঁচা পৰি আছে৷ আমন জিমনকৈ কাৰেঙৰ এটা কোঠাৰ সন্মুখত বহি আছে দুজনী লিগিৰী চকুত সিহঁতৰ কৰাল বন্ধা চকুপানী৷ চাকিৰ ঢিমিক ঢামাক পোহৰত কোঠাৰ ভিতৰত আউলীবাউলী হৈ সেয়া সিহঁতৰ অতি মৰমৰ আইচুদেউতা৷ সিহঁতে সহিব পৰা নাই আইচুদেউতাৰ এই ৰূপ৷ হাজাৰ চেষ্টাৰেও পৰা নাই উঠাই আনি চুলিকেইডালো মেলাব, ৰূপচৰ্চাটো দুৰৰে কথা৷ আইচু দেউতাৰ চকুৰে বৈ অহা চকুলো যেন শামেই নাকাটিব৷ দেৱালত আঁৰি থোৱা হেংডাং খনলৈকে একেৰাহে চাই আছে, মাজে মাজে উচুপি উঠে ... বঙহৰদেউ...!  ফ্ৰাচেংমুং আহোম সাম্ৰাজ্যৰ সেনাপতি৷ স্বৰ্গদেউ চুহুংমুংৰ ভগ্নী মূলা আইদেউৰ চলাজনা কোঁৱৰ ফ্ৰাচেংমুং৷ যাৰ বীৰত্বৰ চিন স্বৰূপ হেংডাং খনলৈ চাই উচুপি আছে আইচুদেউতাই৷ সোমাই গ’ল লিগিৰী ৰহদৈ, “আইচুদেউতা ......! ” মুৰটো ঘূৰাই সজল ...

ফটোগ্ৰাফীঃ নিয়ৰ

Image
“ধূলিয়ৰি বাটৰ কথকতা”...

ধাৰবাহিক গল্পঃ বৰাহ (দ্বিতীয় খণ্ড)ঃ ধ্ৰুৱজ্যোতি অৰ্জুন

বৰাহ -২ ধ্ৰুৱজ্যোতি  অৰ্জুন ৰাজকুমাৰ ইমুশৰ প্ৰসাদত ধ্ৰোমক আৰু হিবংগক উষ্ম আদৰণি জনালে একালৰ দেৱসকলৰ মহাযোদ্ধা পুৰুষে৷ দুয়ো অভ্যাগতে বিমুগ্ধ নয়নেৰে চাই ৰ’ল বহু যুদ্ধৰ নায়ক “পুৰুষ”লৈ৷ কালৰ পৰশত সামান্য বয়সৰ প্ৰভাৱ পৰিলেও প্ৰথম দৃষ্টিতে অনুমান কৰিব পাৰি পুৰুষৰ দেহত এতিয়াও সেই তাহানিৰ শৌয্যবীৰ্য্য অটুত আছে৷ এয়াই তেনে দেৱসমাজত কিংবদন্তী হৈ পৰা মহাবীৰ পুৰুষ৷ বৃত্ৰাসুৰ বধৰ মহানায়ক পুৰুষ৷ প্ৰেমৰ বাবে অমৰাৱতী এৰি অৰণ্যবাসী নাগ সকলৰ আপোন হৈ পৰা প্ৰেমিক পুৰুষ৷ মাজত মাথোঁঁ তিনিদশক৷ যোৱা তিনিদশক পাৰ হোৱাৰ পাছতো পুৰুষৰ গৰিমা ম্লান হোৱা নাই অমৰাৱতীত৷ আজিও অমৰাৱতীৰ জনগণৰ বাবে আপোন পুৰুষ৷  প্ৰথমতে অভিবাদন জনালে দুয়ো অতিথিয়ে তেওঁলোকৰ একালৰ নায়কক৷ পুৰুষেও পুত্ৰবৎ আদৰিলে দুয়োকে৷ ইতিমধ্যে তেওঁ পুত্ৰৰ পৰা গম পাইছে অৰণ্যৰ মাজত সংঘটিত ঘটনা প্ৰবাহ৷ পুত্ৰৰ মহানুভৱতাৰ গৌৰৱেৰে গৌৰৱাম্বিত হৈ পৰিল পুৰুষ৷ অমৰাৱতীৰ দৰে সুদৃশ্য নগৰৰ পৰা তেওঁলোকৰ অৰণ্য আগমনৰ উদ্দেশ্যৰ বিষয়ে জানিবলৈ পুৰুষ আগ্ৰহী হৈ উঠিল৷ ধৌম্যক আৰু হিবংগই পুৰুষৰ আগত কৈ গ’ল যোৱা তিনিদশকত পুৰুষৰ অৰ্বতমানত অমৰাৱতীৰ বিভিন্ন পৰিঘটনাৰ কথা, যদিও...

একমিনিটৰ গল্পঃ গিলগমেষঃ সোনটো ৰঞ্জন বৰুৱা

#গিলগমেষ ( Epic of Gilgamesh ) সোনটো ৰঞ্জন বৰুৱা মই আজিকালি যুঁজিবলৈ এৰি দিলোঁ৷ এটা সময় আছিল,  মই দৈনিক তিনি চাৰিটা পইতাঁচোৰাৰ লগত দুই তিনিটা বাদাম পানীত তিয়াই খাইছিলোঁ৷  দৈনিক দেহত তেলমালিচ কৰিছিলোঁ৷ ৰাতি টোপনি যোৱাৰ পাছত কুটুবমিনাৰ বগাই দেশৰ ফালে উৰি অহা মিচাইলবোৰত জঁপিয়াই উঠি ভাৰত মহাসাগৰত ডুবাই দিছিলোঁ৷ মই খঙাল আছিলোঁ প্ৰতিটো কথাতেই৷ মই মোৰ নিজৰ সময়ৰ প্ৰতিখন যুদ্ধত জঁপিয়াই পৰিছিলোঁ৷  সময় পাৰ হৈ গ’ল, কিন্তু বৃদ্ধ নহ’ল,  সি ক্ৰমান্বয়ে ভয়াবহ হৈ গ’ল৷ মই পৃথিৱীৰ সকলো নায়কক বিচাৰি ফুৰিলোঁ, সকলো নায়কেই নিজ নিজ সময়ৰ লগত যুদ্ধত ব্যস্ত আছিল৷ গিলগমেষ, মাত্ৰ গিলগমেষ নাছিল৷ তেওঁ নিজৰ অতীতত ৰৈ গ’ল,  পৃথিৱীৰ বাকী নায়কসকলে তেওঁ অহালৈ বাট চাই আছিল৷ পিছে তেখেত কোনো দিনেই নাহিল৷ মই বাদাম খাবলৈ এৰি সেই টকাৰে কোৱাৰ্টাৰ কিনিবলৈ ললোঁ৷ মই তেলেৰে আলু ফ্ৰাই কৰিবলৈ ললোঁ৷ সেইদিনাই গিলগমেষ আহি মোক ক’লে,  তেওঁ আৰু কেতিয়াও নিজৰ সময়লৈ উভতি নাযায়৷ কথাষাৰ শুনিয়েই মই তেওঁক কাপুৰুষ বুলি অনেক গালি গালাজ কৰিলোঁ৷  মই এতিয়া কিতাপৰ মাজত৷  কিতাপবোৰে বৰ কথা কয়, একেবাৰে কাণ ...

ফটোগ্ৰাফীঃ নিশাৰ সাধুকথাঃ অনুষ্ঠাত্ৰী শৰ্মা

Image
নিশাৰ সাধুকথাবোৰে এনেকৈয়ে উশাাহ হেৰুৱাই; নেদেখা বাটত সুঁহুৰি এটা হৈ কোন আগুৱাই যায় !' ©অনুষ্ঠাত্ৰী  (Anushthatri Sharma) স্থান- তেজপুৰ বিশ্ববিদ্যালয় 

গল্পঃ ছিৰিয়াত এজন যুৱকঃ অসীম শইকীয়া

ছিৰিয়াত এজন যুৱক(৩) ///////////////? /////// অসীম শইকীয়া আবিৰা আঁতৰি যোৱাৰ পাছতেই জীৱনটো যেন মোৰ শূন্যতাৰে ভৰি পৰিল৷ এক গভীৰ হীনমন্যতাই গ্ৰাস কৰিব ধৰিলে মোক৷ একো ভাল নলগা হ’ল, মনটোৱে আবিৰাক বিচাৰি হাহাকাৰ কৰিব ধৰিলে৷ বহুতো চেষ্টা কৰিও যোগাযোগ কৰিব পৰা ন’গল৷ দিনক দিনে উৎকণ্ঠা বাঢ়িব ধৰিলে৷ মই মাত্ৰ অপেক্ষা কৰিলোঁ তাইৰ পৰা অহা এটা ফোনকলৰ, য’ত ভাঁহি আহিব তাইৰ ওঁঠ দুটাৰ পৰা নিৰ্গত হোৱা মিঠা মিঠা শব্দৰ প্ৰৱাহ৷  আবিৰাৰ লগত কটোৱা সুখৰ আৰু আনন্দৰ মুৰ্হূতবোৰ মনত পেলালে মনতো দুখ আৰু বেজাৰত ভৰপূৰ হৈ পৰে৷ মোৰ চাল চলনবোৰ আগতকৈ সুকীয়া হ’ব ধৰিলে৷ অনুমান কৰিলোঁ মা-দেউতাই মোৰ গতি বিধিবোৰ দেখি যথেষ্ট ভয় খাইছে, দুয়োজনেই এতিয়া মোক সঙ্গ দিয়াত অকণো কাৰ্পণ্য নকৰা হ’ল৷  মা দেউতাক মই আবিৰাৰ বিষয়ে কোৱা নাই৷ যেতিয়া মই দেউতাক মোৰ ককা দেউতাৰ দেশখন আৰু মধ্য প্ৰাচ্যৰ দেশবোৰৰ পৰিস্থিতিৰ বিষয়ে সোধো তেতিয়া প্ৰায়েই প্ৰশ্নবোৰৰ পৰা আঁতৰি ফুৰে৷  ইণ্টাৰনেট মোৰ প্ৰিয় যদিও ৰাজনীতি আৰু অৰ্থনীতিৰ বিষয়ে কমেই চাৰ্চ কৰোঁ, নিউজ চেনেলবোৰ চোৱাৰ অভ্যাস খুব কম৷ এতিয়া পিছে চি এন এন, বি বি ছি ৰ দৰে চেনেল বোৰ চা...

এক মিনিটৰ গল্পঃ বেঁকা আঙুলিঃ নৱজিৎ মেধি

*** এক মিনিটৰ গল্প ***  বেঁকা আঙুলি নৱজিৎ মেধি বিমৰ্ষ মনে শিক্ষান্ত পৰীক্ষাৰ নিৰীক্ষকৰ কৰ্তব্যখিনি সামৰি চহৰ খনৰ ইংৰাজী বিষয়ৰ নাম থকা শিক্ষক কলিতা চাৰে সন্ধিয়া ঘৰ আহি পালে৷ বিমৰ্ষ মনে বহি থকাত তেখেতৰ পৰিবাৰে কি হৈছে জানিব বিচৰাত –সকলো কথা কোৱাত, তেখেতৰ পৰিবাৰে ক’লে- তোমাকনো কিহে পাইছিল বৰা চাহাবৰ এলাইবাদু ল’ৰা জনক টিউচন ল’ব! বাৰু যি হৈছে হৈছে, পৰীক্ষাৰ ৰিজাল্ট দিবলৈ এতিয়াও দুই-তিনি মাহ সময় আছে-তুমি এই সপ্তাহতে তেখেতক সকলো কথা জনাই থৈ আহা৷ এতিয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাকে ধৰি বহু ঘটনাই ঘটি আছে যদিও ৰাতি কলিতা চাৰৰ ভাল টোপনি নহ’ল-বৰ প্ৰভাৱশালী মানুহ বৰা চাহাব, কিবা অন্যায়েই কৰে নেকি! #এসপ্তাহ পিছত ৰাতিপুৱাই কলিতা চাৰ গৈ বৰা চাহাবৰ বিশাল প্ৰাসাদোপম ঘৰত উপস্থিত হ’ল৷ বৰা চাহাবৰ ঘৰৰ বাৰাণ্ডা খনতেই বহি কলিতা চাৰে ক’লে- আপোনাৰ ল’ৰাটোৰ কাৰণে বহুত চেষ্টা কৰিলো, নিৰীক্ষক হিচাপে সি পৰীক্ষা দিয়া ৰুমৰেই দায়িত্ব লৈছিলোঁ৷ উত্তৰ বহী জমা দিয়াৰ পিচত তাৰ বহী চাই দেখিলোঁ- সি দুখন পেপাৰ মিলি ত্ৰিছ নম্বৰৰ বেচি নাপায়৷ সি যে পৰীক্ষাত ফেইল কৰিব সেইটো খাতাং, আপোনাক কথাখিনি আগতীয়াকৈ জনাই থলোঁ৷ ক...