অণুগল্পঃ খণ্ড ২ঃ ধৰিত্ৰী শৰণীয়া

ইচিকমানি গল্প
খণ্ডঃ ২

তেজঃ

ধৰ্ম নিমিলাই শ্বাহনৱাজৰ সৈতে বিয়া দিবলৈ অমান্তি হোৱা ৰশ্মিৰ দেউতাকক, অপাৰেচনৰ সময়ত তেজ দি সিয়েই বচাব লগা হ’ল৷

ভাগৰঃ

কঠোৰ শ্ৰমেৰে নিজৰ সন্তানকেইটাক শিক্ষা-দীক্ষাৰে ডাঙৰ-দীঘল কৰোঁতে যদুৰ ইমান ভাগৰ লগা নাছিল, যিমান ভাগৰ আজি তাৰ পুতেকৰ অপমৃত্যুৰ খবৰটো শুনি লাগিছে৷

গৌৰৱঃ

জন্মৰ পৰাই ছোৱালী বুলি অৱহেলা কৰা দেউতাকে, আজি নীলাই সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত লাভ কৰা কৃতকাৰ্যতাত গৌৰৱ অনুভৱ কৰিছে৷

বিকলাঙ্গঃ

নিজৰ মানসিক সক্ষমতাৰ ফলত উচ্ছপদস্থ বিষয়া হোৱা ৰবীনৰ, তাক বিকলাঙ্গ বুলি উপহাস কৰা শাৰীৰিকভাৱে সুস্থ কিন্তু এতিয়াও মাক-বাপেকৰ বোজাহৈ থকা সমনীয়াবোৰ দেখিলে পুতৌ ওপজে৷

বাজীঃ

তাইক বাজী বুলি উপহাস কৰি থকা বিধৱা পেহী-শাহুৱেকক পুতেকে ঘৰৰ পৰা উলিয়াই দিলত, প্ৰথমবাৰৰ বাবে নিঃসন্তান হোৱাৰ সুখ অনুভৱ কৰিলে ৰমলাই৷


ধৰিত্ৰী শৰণীয়া

Comments

  1. প্ৰতিটোৱে সুন্দৰ !

    ReplyDelete
  2. প্ৰতিটোৱে সুন্দৰ হৈছে । ভাল লাগিল বা

    ReplyDelete
  3. তোৰ এচিকুটমানিৰ সদায়ে আগ্ৰহী পাঠিকা হৈ পৰিলো।

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ