অণুগল্পঃ খণ্ড ২ঃ ধৰিত্ৰী শৰণীয়া
ইচিকমানি গল্প
খণ্ডঃ ২
তেজঃ
ধৰ্ম নিমিলাই শ্বাহনৱাজৰ সৈতে বিয়া দিবলৈ অমান্তি হোৱা ৰশ্মিৰ দেউতাকক, অপাৰেচনৰ সময়ত তেজ দি সিয়েই বচাব লগা হ’ল৷
ভাগৰঃ
কঠোৰ শ্ৰমেৰে নিজৰ সন্তানকেইটাক শিক্ষা-দীক্ষাৰে ডাঙৰ-দীঘল কৰোঁতে যদুৰ ইমান ভাগৰ লগা নাছিল, যিমান ভাগৰ আজি তাৰ পুতেকৰ অপমৃত্যুৰ খবৰটো শুনি লাগিছে৷
গৌৰৱঃ
জন্মৰ পৰাই ছোৱালী বুলি অৱহেলা কৰা দেউতাকে, আজি নীলাই সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত লাভ কৰা কৃতকাৰ্যতাত গৌৰৱ অনুভৱ কৰিছে৷
বিকলাঙ্গঃ
নিজৰ মানসিক সক্ষমতাৰ ফলত উচ্ছপদস্থ বিষয়া হোৱা ৰবীনৰ, তাক বিকলাঙ্গ বুলি উপহাস কৰা শাৰীৰিকভাৱে সুস্থ কিন্তু এতিয়াও মাক-বাপেকৰ বোজাহৈ থকা সমনীয়াবোৰ দেখিলে পুতৌ ওপজে৷
বাজীঃ
তাইক বাজী বুলি উপহাস কৰি থকা বিধৱা পেহী-শাহুৱেকক পুতেকে ঘৰৰ পৰা উলিয়াই দিলত, প্ৰথমবাৰৰ বাবে নিঃসন্তান হোৱাৰ সুখ অনুভৱ কৰিলে ৰমলাই৷
ধৰিত্ৰী শৰণীয়া

প্ৰতিটোৱে সুন্দৰ !
ReplyDeleteপ্ৰতিটোৱে সুন্দৰ হৈছে । ভাল লাগিল বা
ReplyDeleteতোৰ এচিকুটমানিৰ সদায়ে আগ্ৰহী পাঠিকা হৈ পৰিলো।
ReplyDeleteসুন্দৰ
ReplyDelete