কবিতাঃ আলফুল স্তৱকঃ পৰিস্মিতা দাস

আলফুল স্তৱক (খণ্ড:১)

পৰিস্মিতা দাস

(১)
হৃদয়ত বাট কাটি
নৈ হৈ বৈ থকা
অ' মোৰ প্ৰেমিক চৰাই
উৰি আহ
খুটি খা
কলিজাৰ পকাধান ৰাখিছোঁ গোটাই ৷

(২)
তোমাৰ চহৰ পৰিভ্ৰমী
মোৰ চহৰত হৈ পৰিলোঁ অচিনাকি৷
এয়া কি নো ৰাগী!
ৰাতিতো জাগি থাকিলোঁ
স্মৃতিৰ ফটা কেথা সী ৷

(৩)
কেতেকী হৈ বাৰীৰ ঢাপত
ফুলি আছিল দুখ,
তুলি আনি হৃদয়তে ৰুলোঁ!
এতিয়া আমোলমোলাই ফুলিছেহি
মোৰ বুকুৰ বাকৰিত!


------------------------

Comments

  1. এয়া কি নো ৰাগী!
    ৰাতিতো জাগি থাকিলোঁ
    স্মৃতিৰ ফটা কেথা সী ৷

    এইখিনি একদম ৰাগীয়াল কথা লিখিছা! আগলৈ আশা ৰাখিছো।

    ReplyDelete
    Replies
    1. এনেকৈ মন্তব্য পালে নিলিখাকৈ থাকিব নোৱাৰিম ৷ অশেষ ধন্যবাদ প্ৰেৰণাখিনিৰ বাবে ৷ আগলৈ পঢ়ি থাকিবা ৷

      Delete
  2. ভাল লাগিল পঢ়ি। হৃদয়ৰ কোনোবা একোন চুই গ'ল

    ReplyDelete
  3. ভাল লাগিল পঢ়ি। হৃদয়ৰ কোনোবা একোন চুই গ'ল।

    ReplyDelete
  4. পৰি বা...ইমান মনপৰশাকৈ লিখিছে...আৰু লিখি থাকিব,সদায় পঢ়িম। তেতিয়া আপুনি ইমান দূৰত আছে বুলি অনুভৱ নহ'ব।

    ReplyDelete
  5. ভাল লাগিল পৰী

    ReplyDelete
  6. খুবেই ধুনীয়া হৈছে পৰিস্মীতা

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ