কবিতাঃ আলফুল স্তৱকঃ পৰিস্মিতা দাস
আলফুল স্তৱক (খণ্ড:১)
পৰিস্মিতা দাস
(১)
হৃদয়ত বাট কাটি
নৈ হৈ বৈ থকা
অ' মোৰ প্ৰেমিক চৰাই
উৰি আহ
খুটি খা
কলিজাৰ পকাধান ৰাখিছোঁ গোটাই ৷
(২)
তোমাৰ চহৰ পৰিভ্ৰমী
মোৰ চহৰত হৈ পৰিলোঁ অচিনাকি৷
এয়া কি নো ৰাগী!
ৰাতিতো জাগি থাকিলোঁ
স্মৃতিৰ ফটা কেথা সী ৷
(৩)
কেতেকী হৈ বাৰীৰ ঢাপত
ফুলি আছিল দুখ,
তুলি আনি হৃদয়তে ৰুলোঁ!
এতিয়া আমোলমোলাই ফুলিছেহি
মোৰ বুকুৰ বাকৰিত!
------------------------
পৰিস্মিতা দাস
(১)
হৃদয়ত বাট কাটি
নৈ হৈ বৈ থকা
অ' মোৰ প্ৰেমিক চৰাই
উৰি আহ
খুটি খা
কলিজাৰ পকাধান ৰাখিছোঁ গোটাই ৷
(২)
তোমাৰ চহৰ পৰিভ্ৰমী
মোৰ চহৰত হৈ পৰিলোঁ অচিনাকি৷
এয়া কি নো ৰাগী!
ৰাতিতো জাগি থাকিলোঁ
স্মৃতিৰ ফটা কেথা সী ৷
(৩)
কেতেকী হৈ বাৰীৰ ঢাপত
ফুলি আছিল দুখ,
তুলি আনি হৃদয়তে ৰুলোঁ!
এতিয়া আমোলমোলাই ফুলিছেহি
মোৰ বুকুৰ বাকৰিত!
------------------------
বাঃ
ReplyDeleteধন্যবাদ ভিনি
Deleteএয়া কি নো ৰাগী!
ReplyDeleteৰাতিতো জাগি থাকিলোঁ
স্মৃতিৰ ফটা কেথা সী ৷
এইখিনি একদম ৰাগীয়াল কথা লিখিছা! আগলৈ আশা ৰাখিছো।
এনেকৈ মন্তব্য পালে নিলিখাকৈ থাকিব নোৱাৰিম ৷ অশেষ ধন্যবাদ প্ৰেৰণাখিনিৰ বাবে ৷ আগলৈ পঢ়ি থাকিবা ৷
Deleteএকদম নিশ্চয়!
Delete😍
DeleteUltimate.
ReplyDeleteঅশেষ ধন্যবাদ ৷
DeleteDhuniya lagise baa ....😊😊😊😊
Deleteথেংক য়ু
Deleteভাল লাগিল পঢ়ি। হৃদয়ৰ কোনোবা একোন চুই গ'ল
ReplyDeleteভাল লাগিল পঢ়ি। হৃদয়ৰ কোনোবা একোন চুই গ'ল।
ReplyDeleteপৰি বা...ইমান মনপৰশাকৈ লিখিছে...আৰু লিখি থাকিব,সদায় পঢ়িম। তেতিয়া আপুনি ইমান দূৰত আছে বুলি অনুভৱ নহ'ব।
ReplyDeleteভাল লাগিল পৰী
ReplyDeleteখুবেই ধুনীয়া হৈছে পৰিস্মীতা
ReplyDelete