কবিতা

তুমি আহিলে 

                   গীতিমল্লিকা গগৈ
১/
জোন উঠিলে
আমাৰ মুখবোৰ
সুহুৰিমুখীয়া হয়,
শেৱালী ফুলিলে
বুকুবোৰ হয় জোনাক।

তুমি আহিলে-
মোৰ দুচকুত জোনাকী নাচে
নিশ্বাসত ফুলে খৰিকাজাঁই।
সিজুগছৰ পাতেৰে
সেউজীয়া নিজৰা বয়
নৈবোৰ আকাশমুৱা হয়।
অৰণ্যবোৰে-
কুঁৱলিৰ একোখন ধূসৰ আঁচলেৰে
মূৰ ঢাকি
শেষ নিশা
উচুপি উচুপি কান্দে।
তুমি আহিলে.....



Comments

  1. নিশ্বাসত ফুলে খৰিকাজাঁই………কি সুন্দৰ অ গীতিবা!

    ReplyDelete
  2. বৰ ধুনীয়া গীতিবা।তৃপ্তি

    ReplyDelete
  3. আস , কি সুন্দৰ

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ