কবিতা
তুমি আহিলে
গীতিমল্লিকা গগৈ
১/
জোন উঠিলে
আমাৰ মুখবোৰ
সুহুৰিমুখীয়া হয়,
শেৱালী ফুলিলে
বুকুবোৰ হয় জোনাক।
তুমি আহিলে-
মোৰ দুচকুত জোনাকী নাচে
নিশ্বাসত ফুলে খৰিকাজাঁই।
সিজুগছৰ পাতেৰে
সেউজীয়া নিজৰা বয়
নৈবোৰ আকাশমুৱা হয়।
অৰণ্যবোৰে-
কুঁৱলিৰ একোখন ধূসৰ আঁচলেৰে
মূৰ ঢাকি
শেষ নিশা
উচুপি উচুপি কান্দে।
তুমি আহিলে.....
গীতিমল্লিকা গগৈ
১/
জোন উঠিলে
আমাৰ মুখবোৰ
সুহুৰিমুখীয়া হয়,
শেৱালী ফুলিলে
বুকুবোৰ হয় জোনাক।
তুমি আহিলে-
মোৰ দুচকুত জোনাকী নাচে
নিশ্বাসত ফুলে খৰিকাজাঁই।
সিজুগছৰ পাতেৰে
সেউজীয়া নিজৰা বয়
নৈবোৰ আকাশমুৱা হয়।
অৰণ্যবোৰে-
কুঁৱলিৰ একোখন ধূসৰ আঁচলেৰে
মূৰ ঢাকি
শেষ নিশা
উচুপি উচুপি কান্দে।
তুমি আহিলে.....
সুন্দৰ
ReplyDeleteসুন্দৰ
ReplyDeleteসুন্দৰ
ReplyDeleteনিশ্বাসত ফুলে খৰিকাজাঁই………কি সুন্দৰ অ গীতিবা!
ReplyDeleteবৰ ধুনীয়া গীতিবা।তৃপ্তি
ReplyDeleteআস , কি সুন্দৰ
ReplyDeleteসুন্দৰ হৈছে
ReplyDelete