ইচিকমানি গল্প

                                            ধৰিত্ৰী শৰণীয়া


#খণ্ড ১


ধৰ্ষিতাঃ

ধৰ্ষণৰ বাতৰিটো শুনি লভিতাৰ বুকুখন বিষাই উঠিল, তায়ো দেখোন প্ৰতিটো নিশাই বৈধভাৱে ধৰ্ষিতা হয়৷



ফাঁকিঃ

সোণপাহিৰ মৃত্যুতহে অৰুণাভে গম পালে তাইৰ দেহত বাহ লোৱা ব্লাড-কেঞ্চাৰৰূপী কীটটোৰ কথা, যাৰ বাবেই দুচকুত এসাগৰ প্ৰেম লৈও তাৰ ভালপোৱাক তাই প্ৰত্যাখ্যান কৰি আহিছিল৷



চোৰঃ

পেটৰ ভোকত সাধাৰণ বিস্কুট এপেকেট চুৰ কৰা ল’ৰাটোক শাস্তি দিবলৈ উদ্যত হ’ল ৰাইজক ঠগি ডাঙৰ মানুহ হোৱা ৰবীন ঠিকাদাৰ৷ তাকে দেখি সি সৰ্বস্বান্ত কৰা ফাগুনীয়ে শব্দ কৰি মাটিত থুঁ পেলাই দিলে৷



ভোকঃ

অতদিনে প্ৰত্যাখ্যান কৰি আহিও পোৱালিটোৰ পেটটোৰ বাবেই অৱশেষত সোণপাহীয়ে মহাজনৰ প্ৰস্তাৱ মানি ল’ব বাধ্য হ’ল৷



সপোনঃ

ৰঙীন সপোন খেদি খেদি মহানগৰী পোৱা তাই আজি মহানগৰীৰ এটা অন্ধকাৰ গলিত আৱদ্ধ হৈ পৰিল৷


Comments

  1. সুন্দৰ👌👌ধৰিত্ৰী বা,তৃপ্তি

    ReplyDelete
  2. This comment has been removed by a blog administrator.

    ReplyDelete
  3. ধ্ৰৱজ্যোতি অৰ্জুনNovember 3, 2018 at 11:19 AM

    এচিকমানি গল্পই পাওক হাজাৰ জন পঢ়ুৱৈ

    ReplyDelete
  4. তোমাৰ এচিকুটমানি গল্পবোৰ মৌজোলৰ দৰেই, এটোপাল জিভাত পৰিলেই মন ভৰি পৰে ।

    ReplyDelete
  5. বঢ়িয়া ধৰিত্ৰী বা

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ