ইচিকমানি গল্প
#খণ্ড ১
১
ধৰ্ষিতাঃ
ধৰ্ষণৰ বাতৰিটো শুনি লভিতাৰ বুকুখন বিষাই উঠিল, তায়ো দেখোন প্ৰতিটো নিশাই বৈধভাৱে ধৰ্ষিতা হয়৷
২
ফাঁকিঃ
সোণপাহিৰ মৃত্যুতহে অৰুণাভে গম পালে তাইৰ দেহত বাহ লোৱা ব্লাড-কেঞ্চাৰৰূপী কীটটোৰ কথা, যাৰ বাবেই দুচকুত এসাগৰ প্ৰেম লৈও তাৰ ভালপোৱাক তাই প্ৰত্যাখ্যান কৰি আহিছিল৷
৩
চোৰঃ
পেটৰ ভোকত সাধাৰণ বিস্কুট এপেকেট চুৰ কৰা ল’ৰাটোক শাস্তি দিবলৈ উদ্যত হ’ল ৰাইজক ঠগি ডাঙৰ মানুহ হোৱা ৰবীন ঠিকাদাৰ৷ তাকে দেখি সি সৰ্বস্বান্ত কৰা ফাগুনীয়ে শব্দ কৰি মাটিত থুঁ পেলাই দিলে৷
৪
ভোকঃ
অতদিনে প্ৰত্যাখ্যান কৰি আহিও পোৱালিটোৰ পেটটোৰ বাবেই অৱশেষত সোণপাহীয়ে মহাজনৰ প্ৰস্তাৱ মানি ল’ব বাধ্য হ’ল৷
৫
সপোনঃ
ৰঙীন সপোন খেদি খেদি মহানগৰী পোৱা তাই আজি মহানগৰীৰ এটা অন্ধকাৰ গলিত আৱদ্ধ হৈ পৰিল৷
ধৰিত্ৰী শৰণীয়া।

সুন্দৰ👌👌ধৰিত্ৰী বা,তৃপ্তি
ReplyDeleteThis comment has been removed by a blog administrator.
ReplyDeleteএচিকমানি গল্পই পাওক হাজাৰ জন পঢ়ুৱৈ
ReplyDeleteতোমাৰ এচিকুটমানি গল্পবোৰ মৌজোলৰ দৰেই, এটোপাল জিভাত পৰিলেই মন ভৰি পৰে ।
ReplyDeleteবঢ়িয়া ধৰিত্ৰী বা
ReplyDelete