কবিতা

লিমাৰিক।
                  ভাস্কৰ বৰডেকা

চলাইছে দেশ 
পিন্ধি মানৱৰ ভেশ, 
 সিহঁতৰ বেংক বেলেন্সৰ স্বাৰ্থত
 আমি বোৰ শেষ৷ 


 ২
আহিল ছাল ফটা ঠাণ্ডা
গা নোধোৱা মোৰ এটা ধান্দা, 
মাজে মাজে খাব লাগে মা-দেউতাৰ দাণ্ডা৷ 


 বিনা মূলধনে কৰা ব্যাৱসায়ৰ নাম এটা হ’ল “সংস্কৃতি অৱ চান্দা”

শেষ ৰণ 
ভাঙিল মন, 
ল’লো পণ 
বিশ্বাসে মূলধন৷ 
শুনিছানে বন্ধুগণ ! 


কালি অসম বন্ধ, 
বিয়পিছে ক্ষমতা লোভৰ গোন্ধ 
আৱেগত হ’ব ধৰিছো আমি অন্ধ৷ 


মিঠা আমত বহুত পোক 
কৈ আছে খা খা মোক মোক, 
দুখীয়াবোৰ হৈ পৰিছে সমাজৰ “জোক”? 
যিমান খালেও নকমে ইহঁতৰ ভোক৷ 


সময় 
সময়ে আঁচুৰিছে, সময়ে ঘাঁ ভৰাইছে, 
সময়বোৰ গৈছে 
সময়ে শিকাইছে, 
সময়ে দিছে 
সময়ে নিছে, 
সময়ে লৈছে
সময়ে সময়ক লুকাইছে৷

Comments

  1. এই ব্লগৰ প্ৰথমটো আপলোড ৷ অভিনন্দন ভাস্কৰ !

    ReplyDelete
  2. ধন্যবাদ ভিনি

    ReplyDelete
  3. ভাল লাগিল ভাস্কৰ

    ReplyDelete
  4. অভিনন্দন ভাস্কৰ

    ReplyDelete
  5. ককাইদেউ সুন্দৰ....

    ReplyDelete
  6. অভিনন্দন ককাইদেউ ।

    ReplyDelete
  7. অভিনন্দন ভাস্কৰ!তৃপ্তি বা

    ReplyDelete
  8. লিমাৰিক কিং বৰডেকালৈ অভিনন্দন।

    ReplyDelete
  9. ভাল হৈছে দাদা

    ReplyDelete
  10. সুন্দৰ লিখিছা ভাস্কৰ

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ