গল্পঃ বীৰাংগনাঃ উত্তৰা শৰ্মা বৰুৱা
বীৰাংগনা
✍ উত্তৰা শৰ্মা বৰুৱা
বাইলুঙৰ মন্ত্ৰৰ মাজেৰে ৰিক্খান উৎসৱত কিছুদিনৰ আগলৈকে মতলীয়া হৈ থকা কাৰেঙত আজি মৃত্যুশীতল নীৰৱতা৷ কাৰেঙৰ দেৱালে দেৱালে ঠেকা খাই ঘূৰি ফুৰিছে উচুপনিৰ শব্দ৷ শ শ লগুৱা লিকচৌৰে গিজগিজাই থকা কাৰেঙত আজি কাৰো মুখত মাত নাই৷ দিন ৰাতি জ্বলি থকা চাংমাইশালৰ চৌকা চেঁচা পৰি আছে৷
আমন জিমনকৈ কাৰেঙৰ এটা কোঠাৰ সন্মুখত বহি আছে দুজনী লিগিৰী চকুত সিহঁতৰ কৰাল বন্ধা চকুপানী৷
চাকিৰ ঢিমিক ঢামাক পোহৰত কোঠাৰ ভিতৰত আউলীবাউলী হৈ সেয়া সিহঁতৰ অতি মৰমৰ আইচুদেউতা৷ সিহঁতে সহিব পৰা নাই আইচুদেউতাৰ এই ৰূপ৷ হাজাৰ চেষ্টাৰেও পৰা নাই উঠাই আনি চুলিকেইডালো মেলাব, ৰূপচৰ্চাটো দুৰৰে কথা৷
আইচু দেউতাৰ চকুৰে বৈ অহা চকুলো যেন শামেই নাকাটিব৷
দেৱালত আঁৰি থোৱা হেংডাং খনলৈকে একেৰাহে চাই আছে, মাজে মাজে উচুপি উঠে ... বঙহৰদেউ...!
ফ্ৰাচেংমুং আহোম সাম্ৰাজ্যৰ সেনাপতি৷ স্বৰ্গদেউ চুহুংমুংৰ ভগ্নী মূলা আইদেউৰ চলাজনা কোঁৱৰ ফ্ৰাচেংমুং৷ যাৰ বীৰত্বৰ চিন স্বৰূপ হেংডাং খনলৈ চাই উচুপি আছে আইচুদেউতাই৷
সোমাই গ’ল লিগিৰী ৰহদৈ, “আইচুদেউতা ......! ” মুৰটো ঘূৰাই সজল নয়নাই বিশ্বস্ত লিগিৰি ৰহদৈক দেখি হুকহুকাই কান্দি উঠিল৷
“আইচুদেউতা...”
“মোৰ কোঁৱৰে মোক এৰি গ’ল ৰহদৈ ... ”
চকুলোঁ ৰখাব নোৱাৰিলে ৰহদৈয়ে৷
“কাবৌ কৰিছোঁ আইচুদেউতা চলাজনাৰ কাৰণে আৰু নিজক কষ্ট নিদিব৷ গোটেই কাৰেং নিজান স্বৰ্গদেউ ঈশ্বৰ আপোনাৰ বাবে চিন্তিত৷ উঠক আইচুদেউতা কোঁৱৰহঁতৰ কথা ভাবক৷ ”
“নাই ৰহদৈ মোৰ বাবেই বঙহৰদেৱে আমাক এৰিলে, মই কবচ কাপোৰ সময়ত কাটিব নোৱাৰিলোঁ, খনিয়া চেলেঙৰ টঙালিৰে যুঁজলে পঠালোঁ৷ মই, মই কুলক্ষনী তিৰী৷ মোৰ বঙহৰদেউক মই সময়ত কবচ দিব নোৱাৰিলোঁ৷ ” কান্দোনত ভাঙি পৰিল৷
“তই যা ইয়াৰ পৰা যাআআআআ৷ ”
ৰহদৈ লিগিৰী উচুপি উচুপি ওলাই আহিল৷
মনত পৰিল কিমান মৰমেৰে আবৰি ৰাখিছিল ফ্ৰাচেংমুঙে মূলাক৷ কাৰেঙৰ জীয়াৰী বুলি নহয়, প্ৰিয়তমা প্ৰেয়সী কৰি৷ কোঁৱৰৰ বলিষ্ঠ দুবাহুত কোনোদিন মৰমৰ অভাৱ হোৱা নাছিল৷ সেই মৰমতে কোলা শুৱাইছিল “তনখামে৷ ” ফ্ৰাচেংমুঙ আৰু মূলাৰ মৰমৰ চিন৷
স্বৰ্গদেউৰ প্ৰিয়পাত্ৰ ফ্ৰাচেং৷ ভনীজোঁৱাই বুলি নহয় সুদক্ষ সেনাপতি ৰূপে প্ৰিয়৷
দিনচেৰেক পাৰ হ’ল৷ কিছু শান্ত হ’ল আইচুদেউতা৷ লিগিৰিহঁতে নানান কথাৰে মন ভুলাই হঁহুৱাব খোজে৷ নাই, মুখৰ হাঁহিযেন অমানিশাত হেৰোৱা জোনটোহে হ’ল৷ কাৰেঙৰ খিৰিকিৰে উদাস হৈ চাই ৰয় দীঘল আলিটোলৈ যি বাটেৰে যুঁজলৈ ওলাই গৈছিল প্ৰিয়তম৷
সেই দিনটোলৈ মনত পৰিল৷ বাৰে বাৰে তলব পৰিছিল ৰাজসভালৈ বিষয়ববীয়া, সেনাপতি সকলোকে৷ পৰিশ্ৰান্ত ফ্ৰাচেংমুঙক আছুতীয়াকৈ পাই সুধিছিল “কিবা অশনি সংবাদ বঙহৰদেউ? ” মূলাৰ আকুলতাক নেওচিব নোৱাৰি কৈছিল তুৰ্ব্বক নামৰ সেনাপতিয়ে লগত হাজাৰ বিজাৰ সৈন্য লৈ আহোম সাম্ৰাজ্যত কৰা আক্ৰমণৰ বতৰা৷ নিশাৰ ভিতৰতে তৈয়াৰ কৰিব লাগিব ৰণকৌশল হাতত সময় কম৷
স্বৰ্গদেৱে বৰ কোঁৱৰ চুক্লেঙৰ লগত বৃহৎ কাড়ি ৰণুৱা এদল দি তুৰ্ব্বকক আগচিবলৈ শিঙৰিলৈ পঠালে৷ সেনাপতি ফ্ৰাচেংমুং সহিতে পালি সেনাপতি বহুজন৷ দেওঘৰত যথাৰীতি পূজা হ’ল৷ দৈৱৰ দুৰ্বিপাক নিশাটোৰ ভিতৰতে সূতা কাটি বৈ উলিয়াব লগা কবচ কাপোৰ তৈয়াৰ নহ’ল মূলাৰ৷ ৰণলৈ ওলোৱা বঙহৰদেউক খনিয়া চেলেং বান্ধি সেঁৱা লওঁতে কাষলে চপাই আনি কোৱা কথাবোৰ মনত পৰিল, “দুখ নকৰিবি, সকলো চোমদেউৰ কৃপা৷ মই যদি ৰণত পৰোঁ সেয়া হ’ব মোৰ দেশৰ প্ৰতি কৰ্তব্য৷ তই মাথোঁ মোৰ বাবে দুখ নকৰি আই বাইহতঁক বঙালৰ চুৱা লাগিবলৈ নিদিবি৷ পো ক স্বৰ্গদেৱৰ লাগি কৰিবি৷ ” কপালত মৰম সানি এইবাটেৰেই ওলাই গৈছিল ফ্ৰাচেংমুঙ৷ দুধাৰি চকুলো বৈ আহিল আইচুদেউতাৰ চকুৰে৷
ৰিহাৰ আঁচলেৰে চকুৰপানী মচি ল’লে কুঁৱৰীয়ে৷ জেঠৰ আকাশত পক ধৰা বেলিৰ খাওঁ খাওঁ ৰূপ যেন সামৰি থ’ব অশণি শক্তিবোৰক৷ এখোজ দুখোজকৈ কুঁৱৰী আগবাঢ়িল৷ লৰি আহিল ৰহদৈ লিগিৰী, হাতৰ ঠাৰেৰে মানা কৰিলে নাহিবি৷ ৰৈ গ’ল লিগিৰ৷ মনত শংকা লৈ চাই থাকিল কেনি যায় কুঁৱৰী৷
এটা কোঠাৰ সন্মুখত গৈ ঠিয় হ’ল৷ মূৰ দোঁৱাই চন্তৰী একাষৰীয়া হ’ল৷ সেয়া আছিল স্বৰ্গদেউ চুহুংমুঙৰ বৰকোঁৱৰ চুক্লেঙ কোঁৱৰৰ কোঠা৷ যুদ্ধত কথমপি প্ৰাণ ৰক্ষা পৰি আহত হৈ পৰি আছে কাৰেঙত৷ আঠজনকৈ সেনাপতিৰ মৃত্যুৰ কাৰণে হয়তো নিজকে দোষী বুলি মানসিক চাপে পীড়া কৰি আৰু অসুস্থ হৈ পৰিছে কোঁৱৰ চুক্লেঙ, সেই আঠজনৰ মাজত আছিল পেহাক ফ্ৰাচেংমুঙ৷
স্বৰ্গদেৱে যুঁজলৈ পঠোৱাৰ দিনা ৰৈ ৰৈ অধৈৰ্য্য হৈ পৰি মঙলতীয়ে কুকুৰা কাটি মঙল চাই দিয়া ক্ষণলৈ অপেক্ষা নকৰি তুৰ্ব্বক বাহিনীক আগতিয়াকৈ আক্ৰমণ কৰাটোৱেই আছিল আঠজন কৈ সেনাপতি হেৰুৱাৰ ঘাই কাৰণ৷ যি ভুলত নিজেও আঘাতপ্ৰাপ্ত, প্ৰাণ নোযোৱাকৈ৷
“কোঁৱৰ....” মাত দিলে মুলাই৷
শয্যাৰ পৰা উঠি বহিবলৈ চেষ্টা কৰা চুক্লেঙক বাধা দি কাষতে বহিল আইচুদেউতা৷
“যুঁজত বঙহৰদেউৰ মৃত্যু কেনেকৈ হ’ল কোঁৱৰ শুনিব খোজো৷”
চক খাই উঠিল চুক্লেঙ কি কয় এই সদ্য বিধবা নাৰীয়ে! নিজ স্বামীৰ মৃত্যুৰ বৰ্ণনা শুনিব খোজে৷ নিশ্চুপ চুক্লেঙ কোঁৱৰৰ মনৰ ভাব হয়তো বুজিব পাৰিলে মূলাই৷
“মই পাৰিম কোঁৱৰ৷ বঙালৰ হাতত কেনেকৈ মৃত্যু হ’ল মই সেই কাহিনী জানিবই লাগিব মোৰ দেশৰ বাবে৷ মোৰ আই বাই হতঁৰ বাবে, স্বৰ্গদেউ ইশ্বৰৰ বাবে কৈ যা....”
কৈ গ’ল চুক্লেঙ কোঁৱৰে কেনেকৈ শিঙৰীত কোঠ মাৰি ৰৈ ৰৈ আমনি লগাত জঁপিয়াই পৰিছিল তুৰ্ব্বক বাহিনীৰ ওপৰত৷ সুসজ্জিত তুৰ্ব্বক বাহিনীয়ে কেনেদৰে সুচতুৰতাৰে চাৰিও দিশৰ পৰা ঘেৰি লৈ আহোম সেনাক শলঠেকত পেলাই মষিমুৰ কৰি গৈছিল৷ অদ্যম্য সাহসেৰে হাতত হেংদাং লৈ এফালৰ পৰা কচুকতা দি যোৱা পেহাক ফ্ৰাচেংমুঙক কেনেদৰে এজাক মুছলমান সেনাই ঘেৰি ধৰি হত্যা কৰিছিল৷ নিশ্চুপ হৈ সকলো শুনি গৈছিল মূলাই৷ মাথোঁ দুচকুত জিলিকি থাকিল দুটোপাল চকুপানী৷
এসময়ত ৰৈ গৈছিল চুক্লেঙ৷ দুচকু মুদি পৰি ৰ’ল শয্যাতে৷ চকু খুলি দেখে ইতিমধ্যে প্ৰস্থান কৰিছে পেহীয়েক মূলা৷
চুক্লেঙৰ ওচৰৰ পৰা উঠি গৈ আইচুদেউতা নিজৰ কোঠাত সোমাল৷ লিগিৰিহঁত উৎকণ্ঠিত হৈ বাহিৰতে ৰৈ থাকিল৷ জোনযেন মুখখন এইকেদিনতে অমানিশা হোৱাদি হ’ল, মুকুতা সৰা হাঁহিটিত যেন গ্ৰহণ লাগিল৷ তন্খাম কোঁৱৰো এইকেইদিন আমন জিমনকৈ ফুৰিছে বয়স ক’ম যদিও হয়তো বুজিছে মাকৰ পীড়া৷
নিশাটো পাৰ হ’ল নতুন সুৰুযৰ উদয় হ’ল৷ দুৱাৰ মুখত পৰ দি থকা লিগিৰীহঁত বাট চাই ৰ’ল আইচুদেউতাৰ বাবে৷ লাহে লাহে দুৱাৰ মুকলি হ’ল৷
আশ্চৰ্য, ই কি ৰূপ আইচুদেউতাৰ৷ ব্ৰজকঠিন মুখভংগী, মুৰত কলডিলিয়া খোপা নহয় মেৰিয়াই বন্ধা খোপাত ৰিহাৰে পাগুৰি বান্ধি ৰণুৱাৰ ৰূপ৷ ৰহদৈ লিগিৰী উধাতু খাই দৌৰি গ’ল স্বৰ্গদেউ ইশ্বৰৰ কাষলৈ আইচুদেউতাৰ কি হ’ল বুলি৷
গুৰুগম্ভীৰ গতিৰে মূলা আইদেউ স্বৰ্গদেউৰ ওচৰ পালেগৈ আঁঠুলৈ সেৱা জনাই বেকত কৰিলে মনৰ বতৰা৷
“আহোমৰ ৰমনী মই যুঁজত নামিম, মোৰ বঙহৰদেউৰ মৃত্যুৰ প্ৰতিশোধ মোৰ হাতৰ হেংদাঙেৰে ল’ম৷ বঙালৰ বিৰুদ্ধে যুঁজ দি প্ৰাণ তিয়াগিবলৈ মই সাজু৷ গ্ৰহণ কৰিম অস্ত্ৰ চালনাৰ শিক্ষা, গঠন কৰিম নাৰীবাহিনী৷ মই মোৰ দেশক বঙালক নিদিওঁ৷”
মূলাৰ ব্ৰজকঠিন দৃঢ়তাৰ ওচৰত ককায়েক স্বৰ্গদেউ চুহুংমুং বাকৰুদ্ধ হ’ল৷ মৌনতাই সন্মতিৰ লক্ষণ কৰি ৰণুৱা শিবিৰলৈ আগবাঢ়ি গ’ল মূলা৷ লগত সদা সহচৰ ৰহদৈ লিগিৰীকে আদি বহু লিগিৰী৷
আৰম্ভ হ’ল নোহোৱা নোপোজা ঘটনা৷ আহোম ৰমনী কাৰেঙৰ জীয়ৰীয়ে হাতত খোলা হেংদাং লৈ অনুশীলন কৰি গ’ল যুঁজৰ৷ লাহে লাহে গাঁৱে গাঁৱে বিয়পি পৰিল মূলাৰ কথা৷ বহু বা বিষয়াৰ পত্নী আহি স্বইচ্ছাই যোগ দিলেহি মূলাৰ নাৰীবাহিনীত৷ যুঁজত পৰা ৰণুৱা, সেনাপতিৰ বিধবা ৰমনী হৈ পৰিল মুলাৰ নাৰীবাহিনীৰ উগ্ৰ ৰণুৱা৷ সকলো পাহৰি মাথোঁঁ যুঁজৰ আখৰা দিন ৰাতি৷
হতচকিত হৈ পৰিল সকলো৷ ই কি ৰূপ প্ৰথম বাৰৰ বাবে কোনো ৰাজকন্যাৰ৷ পতিহাৰা ৰমনীৰ বিক্ষুব্ধ ৰূপ৷ সকলো পাহৰি মাথোঁঁ দিন ৰাতি একাকাৰ কৰি চলি গ’ল যুদ্ধৰ আখৰা৷ এফালে তেজাল আহোম ডেকা ৰণুৱা আনফালে এজাক বীৰাংগনা৷
পাৰ হ’ল পাঁচোটা বছৰ৷ সলনি হ’ল স্বৰ্গদেউৰ মন্ত্ৰীসভাৰ বহুটো বিষয়ববীয়া৷ মুখ্যসেনাপতি পতা হ’ল বৰপাত্ৰগোহাঁইক৷ শত্ৰুৰ শক্তিৰ উমান নকৰাকৈ আক্ৰমণ কৰা চুক্লেঙ কোঁৱৰৰ ৰণনীতিক সমৰ্থন কৰিব পৰা নাছিল স্বৰ্গদেউৱে৷ সলালে ৰণনীতি৷
চোৰবচাহঁতৰ পৰা শতৰুৰ গোপনে ভু লৈ থাকিল৷ তাৰ মাজতে বহুবাৰ তুৰ্ব্বক বাহিনীৰ সেনাই অঘটন ঘটাই গ’ল৷
এইবাৰ সুসজ্জিত সৈন্য, হাজাৰ হাজাৰ কাঁড়ি, বৰটোপ হিলৈ সাজু, কাৰফাই ধনুৰ কাঁড়ত সনা হ’ল বিহ, নাহৰগুটিৰ পাহাৰ যেন কাঁড়ৰ আগত নাহৰগুটি জ্বলাই নিক্ষেপ কৰিব শতৰুৰ গালৈ৷
সমানে পাকৈত হৈ উঠিল মূলাৰ নেতৃত্বত নাৰীবাহিনী৷
ইফালে বংগৰ পৰা অহা হুছেইনখাৰ তলত এজাক নতুন পদাতিক সেনাই হাতীয়ে ঘোঁৰাই তুৰ্ব্বক বাহিনীৰ লগ লৈ চাউনী বান্ধিলেহি ডিকৰাই নদীৰ পাৰত৷ আহোম সেনাও উজাই গৈ ইপাৰে কোঠ মাৰিলে৷ কেইবামাহো পাৰ হ’ল৷ অৱশেষত আহোম সেনা জঁপিয়াই পৰিল তুৰ্ব্বক বাহিনীৰ ওপৰত৷ অনবদ্য ৰনকৌশল, তিনিদিশৰ পৰা আক্ৰমণ কৰিব৷ খুলি থ’ব এফাল যাতে শতৰু পলাব লওঁতেই শালি পেলাব পাৰে৷
আৰম্ভ হ’ল থৈয়ানথৈয়া ৰণ৷ চকুৰ আগত তুৰ্ব্বক বাহিনীক পাই আঠজনকৈ সেনাপতিৰ মৃত্যুৰ ক্ষোভত ৰক্তপিপাসু ৰূপ ল’লে আহোম সেনাই৷
জয়ঢোলৰ শব্দত আকাশ পাতাল নিনাদিত, কাৰেঙৰ পৰিচিত হাতী “লাংজি“ৰ পিঠিত সেয়া ৰণুৱা বেশেৰে মূলা আইচুদেউতা ৷ ক্ষন্তেকৰ বাবে যেন স্থবিৰ হৈ পৰিল সকলো৷ হাতত উম্মুক্ত হেংডাং, এহাতত ঢাল, মূৰত ৰণুৱা পাগুৰি, কঁকালত ৰঙা টঙালিৰে সেয়া ৰাজকাৰেঙৰ জীয়াৰী৷ যেন জুইত ঘিউহে ঢালিলে৷ জঁপিয়াই পৰিল আহোম সেনা দুগুন উৎসাহেৰে শতৰুৰ ওপৰত৷
ললিতা, মুহিলা, পমিলা, জয়ন্তী আদি নাৰীবাহিনীৰ ৰণাংগিনীহঁত জঁপিয়াই পৰিল যুঁজত৷ গা ৰখীয়া বাহিনীৰে সৌৱা ৰহদৈ লিগিৰীক লৈ জিলিকিছে আইচুদেউতা৷
থৰ লাগিল তুৰ্ব্বক বাহিনী৷ সংহাৰী ৰূপ ধৰি কোন এই যোদ্ধা?
ৰহদৈয়ে পাহৰি গ’ল হাতৰ তৰোৱাললৈ.....থৰ লাগি চাই ৰ’ল ....কোন সেয়া ৰণত৷ এয়াটো চিৰপৰিচিত আইচুদেউতা নহয়৷ যেন আইচুদেউতাৰ ৰূপত সাইলাখ কেঁচাইখাতি নামি আহিছে পৃথিৱীলৈ৷ দেওশালত যেন দেওলগা মানৱী এয়া, মৌসুৰীয়া কণ্ঠৰ সলনি আজি ব্ৰজকঠিন ৰনোন্মাদ কিৰিলি৷ জঁপিয়াই নামি আহিল হাতী লাংজিৰ ওপৰৰ পৰা৷
ৰ’দত চিকমিকাই থকা হেংডাঙেৰে এফালৰ পৰা ঘপিয়াই গৈছে এটাৰ পাছত এটা শতৰু৷ দুয়োকাষে গা ৰখীয়া বাহিনী তেতিয়াও৷ আহত বাঘিণীৰ দৰে ঘূৰি ঘূৰি মাথোঁঁ সংহাৰী গৈছে শতৰুক৷ চকুৰ পচাৰতে উঠিছে নামিছে হেংদাং৷ বৈ গৈছে হেংদাঙৰ মুঠিৰে শতৰুৰ তেজ৷ মুগা চাপকনৰ হাত তেজেৰে তুমৰলি ....
যুঁজত নামি মূলাআইদেউৰ মনত পৰিল বঙহৰদেউৰ মুখ, চুক্লেঙৰ মুখেৰে শুনা তুৰ্ব্বক সেনাই বেৰি লৈ হত্যা কৰা ফ্ৰাচেংমুঙৰ আৰ্তনাদ যেন কানত পৰিল৷ ৰণচণ্ডী হৈ পৰিল মূলা৷ মাথোঁঁ শতৰু সংহাৰীব লাগে শৰীৰত প্ৰাণ থকালৈকে যুঁজি যাম, বঙহৰদেউৰ প্ৰতিশোধ ল’ম৷ যুঁজৰ মাজতো চকুৰে বিচাৰি ফুৰিলে সেনাপ্ৰধান তুৰ্ব্বকক৷ হঠাৎ দেখা পালে সেনাৰে পৰিবেষ্টিত হৈ যুঁজি আছে তুৰ্ব্বকে৷ লগে লগে মূলা আইদেৱে গতি সলাই আগবাঢ়ি জঁপিয়াই পৰিল তুৰ্ব্বকৰ সন্মুখত৷
সৰ্বনাশ, ই কি চকুৰ পলকতে আইচুদেউতা গা ৰখীয়া বাহিনীৰ পৰা আঁতৰি অকলেই সোমাই পৰিল শতৰুৰ মাজত৷ প্ৰতিশোধত উন্মত্ত হৈ মৰনফান্দত জাপ দিলে আইচুদেউতাই৷ সন্বিৎ ঘূৰাই পাই ৰহদৈয়ে আইচুদেউতা বুলি চিঞৰ মাৰি খৰা দা তুলি চোঁ মাৰি গ’ল প্ৰানাধিক মূলাক বচাবলৈ৷ ৰহদৈৰ চিঞৰত গা ৰখীয়া বাহিনীও চোঁচা ল’লে আইচুদেউতাৰ দিশে৷ ৰহদৈও ৰূপান্তৰিত হ’ল আহত বাঘিণীলৈ৷ সন্মুখৰ শতৰু সেনাক কচু কটা দি আগবাঢ়িছে ৰহদৈ, সন্মুখত তেতিয়াও একক্ৰোশৰ বাট৷ তুৰ্ব্বকৰ লগত তুমুল যুঁজ দিছে আইচুদেউতাই৷ আহোম ৰমনীৰ হেংডাঙৰ আগত উফৰি পৰো পৰো তুৰ্ব্বক৷ ই কি ৰহদৈ চিঞৰি উঠিল সুচতুৰতাৰে আগবাঢ়ি আহিছে এটা সেনা৷ আইচুদেউতাআআআআ... চিঞৰি উঠিল ৰহদৈয়ে গাৰ সমস্ত শক্তিৰে.....
তনখামমমমম.... ভাঁহি আহিল এক সুতীব্ৰ আৰ্তনাদ৷ এক লহমাৰ বাবে স্থবীৰ হৈ পৰিল আহোম সেনাৰ হেংদাং৷
“মূলা আইদেউ ৰণত পৰিল৷” চিঞৰি উঠিল কোনোবাই৷
বলিয়া হৈ পৰিল ৰহদৈ, হাতৰ তৰোৱাল দলিয়াই দৌৰি গ’ল আইচুদেউতা বুলি৷ গা ৰখীয়াও আহি পালেহি আলফুলে সাবতি লাংজিৰ পিঠিত লৈ কাৰেঙৰ দিশে গতি কৰিলে৷
যেন হাজাৰ দেওশালৰ দেও আহি থিতাপি ল’লে আহোম সেনাৰ গাত৷
ৰণত পৰি মূলা যেন আত্মা হৈ থিতাপি ল’লে প্ৰতিটো ৰণুৱাৰ দেহত৷ ছেদেলিভেদেলি হৈ পৰা আহোম সেনাক যেন মূলাৰ আত্মাই একত্ৰিত কৰিলে৷
পুত্ৰ তনখামক পালি সেনাপতি পাতি দুগুন শকতিৰে আহোম সেনা জঁপিয়াই পৰিল তুৰ্ব্বক বাহিনীৰ ওপৰত৷ মূলা ৰণত পৰা শুনি ককায়েক কনচেঙো জঁপিয়াই পৰিল যুঁজত৷ তেজাল আহোম সেনাৰ আক্ৰমণত থৰকাছুটি হেৰুৱালে শতৰুৱে৷ কাৰফাই ধেনুৰ বিষসনা কাড়ঁত নাহৰগুটি জ্বলাই চাৰখাৰ কৰি পেলালে শতৰুৰ চাউনী৷ বৰপাত্ৰগোহাঁয়ে সুচতুৰতাৰে নিশাৰ অতিথি হৈ ডিঙি কাটিলে তুৰ্ব্বকৰ৷
মূলাৰ মৃত্যুয়ে আহোম সেনাক দি গ’ল দুগুন সাহস আৰু প্ৰেৰনা৷ উদ্দিপক শক্তি ৰূপ ল’লে আইচুদেউতাৰ প্ৰাণাহুতিয়ে৷
কাৰেঙৰ দুহিতা হৈয়ো পতিৰ প্ৰতিশোধ তথা দেশ ৰক্ষাৰ বাবে নাৰীৰ কোমলতা ত্যাগী ৰনচণ্ডী ৰূপ লৈ আত্মবলিদান দি লুইতপৰীয়া ডেকাক দি গ’ল প্ৰতিশোধৰ অগনি৷ প্ৰতিশোধ আছিল বাবেই জয় নিশ্চিত আছিল৷
দেশৰ প্ৰতি উৎসৰ্গিত এটা পৰিয়াল স্বৰ্গদেউ চুহুংমুং, ভাতৃ কনচেং বৰপাত্ৰগোহাঁই, ভগ্নী মূলাগাভৰু, মূলাৰ পতি ফ্ৰাচেংমুঙ, পুত্ৰ তনখাম.....
“ মই নহলেও তই এদিন তৰা হৈ জিলিকিবি৷” বিদায় পৰত ফ্ৰাচেংমুঙে কৈছিল মূলাক৷
হয় অসমৰ আকাশৰ ভোটাতৰা হৈ জিলিকি ৰ’ল “মূলাগাভৰু“অসমীয়াৰ অহংকাৰ হৈ আজিও আগলৈকো৷
( সমাপ্ত)
বৰ সুন্দৰ বৰ্ণনা।চকুৰ আগত ভাঁহি উঠিল।
ReplyDeleteবৰ্ণনা এনেকুৱা যেন চকুৰ আগত চিনেমা এখন চলি আছে
ReplyDeleteঅশেষ ধন্যবাদ
Deleteআৰম্ভণিৰ পৰা সমাপ্তিলৈ যি চিকুয়েন্স মেইনতেইন কৰিছে , সচাকৈ বৰ ধুনীয়া😍
ReplyDeleteবঢ়িয়া !
ReplyDeleteকোনো শব্দৰেে বৰ্ণনা কৰিব নোৱাৰি৷ সাংঘাতিক লিখিছে৷ কপি উঠিছো৷ চেল্যুট৷
ReplyDeleteবাঃ
ReplyDeleteউত্তু বা কঁপনি উঠি গ'ল পঢ়ি।
ReplyDeleteউত্তু বা কঁপনি উঠি গ'ল পঢ়ি।
ReplyDeleteজীৱন্ত বৰ্ণনা কৰিছে বা ৷ এবাৰ যেন চাই আহিলোঁ সেই সময় ৷
ReplyDeleteSpeechless
ReplyDeleteTitanium Pen | Stainless Steel - Titanium Arts
ReplyDeleteStainless Steel is our titanium frame glasses hottest chrome-plated razor, and the titanium piercings blade titanium teeth k9 gap between it titanium dioxide and the aluminum lends it a microtouch trimmer unique, elegant, and comfortable grip.