কবিতা:শেষৰ স্তৱক: মৃদুপৱন গোহাঁই।

শেষৰ স্তৱক
 মৃদুপৱন গোহাঁই

তোমাক বিচাৰিছোঁ ইমানবাৰ যে
আকাশত তৰ‍াই নাবাচিল সৰিবলৈ,
জোনৰ অভিমান মোলৈ
তেওঁৰ লগৰী মই কাঢ়ি আনিলোগৈ.....

ঠানবান হোৱা ঘৰ নিজকে সযতনাইছো
দুৱাৰ বন্ধ কৰি এন্ধাৰ সাৱতিছোঁ,
তুমি যেতিয়াৰ পৰা নাই ইয়াত
তেতিয়াৰ পৰা মই ইয়াতেই আছোঁ......
নিজেই আঘাত দিছোঁ, নিজেই কুৰুকিছোঁ,

মেৰিয়াই শুইছোঁ তোমাক
এৰি থৈ গৈছা,
বাৰু বাদ দিয়া সেইবোৰ
ক’ত আছা, কেনেকৈ আছা সেয়াও এৰা
তুমি কিয়, সেইটোৱেই ভাবো মই এতিয়া....

মই তুমি হৈ গৈ আছোঁ ক্ৰমান্বয়ে
কেতিয়াবা আইনা চাবলৈ মন গ’লে
আহিবা মোৰ ঘৰলৈ....

এন্ধাৰ শুনা পাওঁ কেৱল....
উশাহ আছে, নাই
আশা আছে, নাই
মই আছোঁ, নাই
কিবা আছে, নাই
তুমিও ইয়াতে সিঁচৰতি হৈ আছা, নাই
শব্দও নাবাচিল আৰু তাৰ পিছত
আৰু একোৱে বাকী নাথাকিল.....

উভতি নাহিবা আকৌ
এতিয়া ইয়াত একো নাই.......

Comments

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ