গল্পঃ সংসাৰঃ দিব্যজ্যোতি বৰমুদৈ

সংসাৰ


গিৰিয়েকৰ হাতত খালী মোনাখন দেখি মালতী খংত জ্বলি পকি উঠিল৷

তাইঃ একো এটাকে পাকঘৰত নাই৷ বনাও যদি বনাও কি৷ কিবা খং উঠিব বাপেক্কে নিজৰ মূৰটোকে সিজাই খুৱাই দিম৷

সিঃ (একো কাণ মন নকৰা যেন দেখাই) আজি মোৰ মা দেউতা আহিব৷ বেছিকৈ কিবা আনি থলেও তুমি বনাবলৈ মন নকৰিবা৷ দুদিনমান থাকিবও৷ গতিকে বয় বস্তু গেলি যোৱাতকৈ আগতে আনি থোৱা পটল জিকাৰে কাম চলাই দিবা৷

তাইঃ (অলপ ভিতৰি সামান্য হৈ) তুমি চব্জি নানি মানে বেছিকৈ মাছ-মাংসৰে কাম চলাম বুলি ভাবিছা...! চাবা হ’লে বেছিকৈ মাহটোত খৰচ কৰি বাকী দিন কেইটা অভাবত কটাব মই নোৱাৰোঁ৷

সিঃ হ’ব দিয়া...পাৰা যদি চাহ একাপ খুৱাবা৷ মই মা দেউতাক ষ্টেচনৰ পৰা লৈ আহোঁগৈ৷
তাই মুখ বেঁকা কৰি আগবঢ়াই দিয়া চাহ কাপ খাই সি মাক দেউতাকক ষ্টেচনৰ পৰা আনি ঘৰৰ কলিং বেল বজালেহি৷ তাই দৰ্জাখন খুলি দিলে৷ সন্মুখত তাইৰ মাক-দেউতাক৷ তাইক দেখি বুঢ়া-বুঢ়ী হালে কান্দি দিলে৷ তাই আচৰিতো হ’ল আৰু গিৰিয়েকৰ পতি খংত জ্বলি পকি উঠিল৷...

তাইঃ তুমি মানে জানিছিলা যে মোৰ মা-দেউতা আহিব৷ সেয়ে খালী মোনাখন লৈ বজাৰৰ পৰা আহিল৷ তোমাৰ মা দেউতা অহা হ’লে ঠিকছে বজাৰ কৰিলা হয়৷ মোৰ মা দেউতাক খাবলৈ নোপোৱা বুলি ভাবা যে সেয়ে তেওঁলোক আহিলে বজাৰত একো নোলাই৷ বাঃ তোমাক কিন্তু মানি গ’লো দেই...! তোমালৈ বিয়া হৈ পস্তাইছোঁ মই...৷

সিঃ হ’ব দিয়া পস্তাইছা যদি মই নিৰুপায়৷ পাৰা যদি মা দেউতাক ভিতৰলৈ মাতি নি বহিবলৈ দিয়া ইমান দূৰ আহিছে অলপ বলকি থাকিব এৰি কিবা অলপ খুৱাবলৈ ব্যৱস্থা কৰাগৈ৷

তাইঃ হ’ব প্ৰভু! মই জানো মই কি কৰিব লাগে৷ তুমি যে মানুহটো দুখন মুখৰ মই ভালকৈয়ে আজি বুজিলোঁ৷ এতিয়া মোক পৰামৰ্শ দি থকাতকৈ যোৱা বজাৰখন কৰি আহাগৈ৷ মাছ বা মাংস অলপ লৈ আনিবা খালি৷

সি মাক দেউতাকক বহিবলৈ কৈ ভিতৰলে মোনাখন আনিবলৈ বুলি সোমাই গ’ল৷

তাই মাক দেউতাকৰ ক’লা পৰা মুখ দুখন তেতিয়াহে ভালকৈ চালে৷ তাই ওচৰ চাপি গ’ল! কি হৈছে মা...৷এওঁলৈ চিন্তা নকৰিবা৷ এওঁ অলপ পেট-কপটীয়া স্বভাৱৰ৷ নিজৰ মানুহক খুব শুশ্ৰুষা কৰিব জানে৷ সেয়ে গালি দিওঁ ঠিকছে...৷লাজ পাইছে ন’হয়, এতিয়া চাবা মোনাখন কেনেকৈ ভৰি আহিব৷

তাইৰ কথাখিনি শুনি মাকে তাইক ধমক দি উঠিল৷ মাকে ক’লে..., “চুপ থাক অলপ! জোঁৱাইয়ে লাজ পোৱা নাই৷ লাজ আৰু তিল তিল কৈ অপমানিত হৈছোঁ কেৱল আমি৷ আজি এসপ্তাহতকৈও বেছি দিন তোৰ দেউতাৰৰ সখিৰ ঘৰত নিঠৰুৱা মানুহৰ দৰে পৰি আছিলোঁগৈ৷ তোৰ ককায়েৰ আৰু বৌৰে আমাক আমাৰ ঘৰখনৰ পৰাই খেদি দিলে৷ কথাটো জোঁৱাইয়ে কেনেকৈ গম পালে আমি নাজানো৷ কিন্তু তোক ফাঁকি দি নিশাৰ ভাগত ডিউটি আছে বুলি কৈ আমাক বিচাৰি উলিয়ালেগৈ! ককায়েৰ আৰু বৌৱাৰেক তেওঁ বহুত বুজালে...৷ ককায়েৰৰ স্পষ্ট কথা, “চকু মুদি থাকিলে থাকিব পাৰে৷ ”...আমাৰ সকলো শেষ হৈ গৈছিল বুলি ধৰি লৈছিলোঁ৷ কিন্তু, আমাক বিচাৰি উলিয়াই ইন্তাৰ চিটিৰ টিকট কৰি আমাৰ হাতত দি ইয়ালৈ আহিবলৈ অনুৰোধ কৰিলে৷ নহ’লে ধেমাজিৰ পৰা গুৱাহাটীলৈ আহি তোৰ ওচৰ পাম বুলি নাভাবিলোঁ হয়৷ খুব সোনকালেই তোৰ মা দেউতাৰ হয়তো হেৰাই গ’ল হয় সময়ৰ অটল গহ্বৰত৷

তাইৰ চকু দুটা চল-চলিয়া হৈ পৰিল৷ মাকক সাৱটি ধৰি কান্দিব ধৰিলে৷ তেনেতে সি ভিতৰৰ পৰা ওলাই আহিল৷ তাক দেখি তাই অলপ সহজ হ’ৱলৈ চেষ্টা কৰিলে! তাই ক’লে...

“হৌৰি শুনকছোন! “...

“কোৱা! “...

“তুমি বাৰু কিয় তেনেকুৱা৷ মোৰ দৰে এজনীক হজম কৰিব পৰাটো তোমাৰ বাবে ইমান সহজ কেনেকৈ হয়৷ মই তোমাক কেতিয়াও বুজিব নোখোজোঁ...৷ মৰমত কৈ বেছি প্ৰতিটো কথাতে বলকি ফুৰোঁ৷ তথাপি তুমি...৷ “.... তাই তাৰ হাত এখন ধৰি আৱেগিক হৈ পৰিল৷

“কি হ’লনো এতিয়া (? )...

“ইমানো ভাল হ’ৱলৈ চেষ্টা ন’কৰিবা৷ আৰু লজ্জিত মই হ’ব নোৱাৰিম৷ মই তোমাক ক্ষমা খুজিবও নোখোজোঁ৷ কাৰণ আজি বুজিছোঁ তুমি মোক মই নোখোঁজাকৈয়ে বহুত ক্ষমা কৰি আহিছা৷ মোৰ সেওঁতাৰ মাজত তোমাৰ নামত লোৱা ৰঙা সেন্দূৰকণেই তাৰ প্ৰমাণ৷ ”...

“সি তাইক তললৈ মূৰ কৰি থকা মুখখন উপৰলৈ উঠাই দিলে৷ হাঁহি এটা মাৰি ক’লে...ঘৰখনৰ মূল থাপনাৰ পূজাৰি তুমি৷ তোমাৰ শুদ্ধতাতহে ঘৰখন নিৰ্মল হ’ব৷ শৰীৰ শুদ্ধ হ’লেই সকলো ঠিক নহয়৷ মনৰ শুদ্ধতাই শান্তি আৰু উন্নতি দুয়োটাই বিৰাজ কৰাত সহায় কৰিব৷ গতিকে তুমি মোৰ বাবে কেৱল জীৱনসংগীয়ে নহয়, তুমি ঘৰখনৰ লক্ষ্মীও৷ ”...

“তাই তাৰ ভৰিত ধৰি সেৱা কৰিলে! ”...

“এনেকুৱা কৰিব নাপাই...৷ পাৰা যদি মনৰ মাজৰ পৰা আমাৰ সম্বন্ধটোত “তোৰ” “মোৰ” শব্দ দুটা উঠাই দি “আমাৰ“ শব্দটো স্থায়ী কৰি পেলাবা৷ সকলো ঠিক হৈ পৰিব৷ মনত ৰাখিবা তুমি এগৰাকী স্ত্ৰী৷ স্ত্ৰীৰ চৰিত্ৰ মানে লো, পিতল, তাম, ৰূপ, সোণ বা হীৰা সকলো হ’ব পাৰে৷ সেইটো কেনেকৈ আংকলন কৰা স্ত্ৰী হিছাপে তুমি বুজিবা৷ ”...

“সি দৰ্জাখন খুলি বজাৰলে যাবলৈ উদ্যত হ’ল৷ দৰ্জাখন খুলি সি তাইক উদ্দেশ্য কৰি ক’লে,

“প্ৰতিজন পুৰুষে নিজৰ স্ত্ৰী গৰাকীক হীৰাৰ ৰূপতে আংকলন কৰি ভাল পাই! মনত ৰাখিবা ময়ো ব্যতিক্ৰম হ’ব নোখোজোঁ! ”..

✍দিব্যজ্যোতি বৰমুদৈ
গহপুৰ, ৯৭০৬২৪০০৭২॥

Comments

  1. পঢ়ুবৈ সমাজে আদৰি ল'লে নিশ্চয় লিখিবলৈ প্ৰেৰণা পাম।এই অভাজনক এনে সন্মান দিয়াৰ বাবে আপোনাক হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ।

    ReplyDelete
  2. পঢ়ুবৈ সমাজে আদৰি ল'লে নিশ্চয় লিখিবলৈ প্ৰেৰণা পাম।এই অভাজনক এনে সন্মান দিয়াৰ বাবে আপোনাক হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ।

    ReplyDelete

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ