গল্পঃ তাই এজনী হত্যাকাৰীঃ ড° কস্তুৰী নাথ
তাই এজনী হত্যাকাৰী
ডঃ কস্তুৰী নাথ
ঘটনাটোৱে কাক কেনেভাৱে স্পৰ্শ কৰিলে মই নাজানো, কিন্তু মোৰ মনৰ ভিতৰত যিটো ভূমিকম্পৰ সৃষ্টি কৰিলে তাৰ কঁপনি এতিয়াও মাৰ যোৱা নাই৷ কোনোবাই বাৰু বিশ্বাস কৰিব পাৰিছিলনে সৰু সৰু কাৰণতেই শিশুৰ দৰে খিলখিলাই হাঁহি উঠা, বন্ধুবৎসল, প্ৰতিভাশালী, উজ্জ্বল চকুৰ ছোৱালী জনীয়ে হঠাতে এনেকুৱা এটা কাণ্ড কৰি পেলাব বুলি৷ আনে হয়তো কথাটো অন্য সাধাৰণ ঘটনাৰ দৰে দুই এদিনতে পাহৰি পেলাব, কিন্তু মই! এই জীৱনত পাহৰিব পৰা যাবনে সেই কাণ্ড৷
ইস্! কেনেকৈ তাই লুকুৱাই ৰাখিছিল নিজৰ অস্থিৰ মানসিক অৱস্থা৷ একেটা ৰূমতে থাকিও কেনেকৈ তাই ইমান সাৱলীল অভিনয় কৰিব পাৰিছিল! অথচ দুখবিলাসী মইজনীয়ে সামান্য দুখকে যোগ্য শ্ৰোতাৰ আগত ঢোল কোবায় জনাই দিছিলোঁ৷ এতিয়াও মোৰ মনত আছে এদিন সন্ধিয়া তাই অকস্মাতে কোৱা কথা এষাৰ
ঃ বৰেণ্যা, তোক এটা কথাতে মোৰ বৰ ভাল লাগে৷ তই যে দুখবোৰ জাপি কুছি নিজৰ মাজতে লৈ নুফুৰ৷ ময়ো যদি অন্তঃমুখী নহৈ তোৰ দৰে হ’ব পাৰিলেহেঁতেন৷
মই সেইদিনা সেইসময়ত তাইৰ কথা গুৰুত্ব দিবলগীয়া বুলি নাভাবিলোয়েই৷ এবাৰো মই তাইক সোধাৰ প্ৰয়োজনবোধো নকৰিলো আনৰ পৰা লুকুৱাবলগীয়া এনে কি দুখ তাই লৈ ফুৰিছে জাপি কুছি৷ মাত্ৰ ভাবি ললোঁ, মোৰ সংস্পৰ্শত সকলোৱেই দাৰ্শনিক হৈ পৰে৷ তাইৰ দৰে ৰাংঢালী ছোৱালীজনীৰো ভিতৰখনত যে সহজতে জুমি চাই নেদেখা ব্যতিক্ৰম কিবা এটা থাকিব পাৰে মই আচলতে ভাবি চোৱাৰ প্ৰয়োজনবোধো নকৰিলোঁ৷ কেতিয়াবা তাইৰ প্ৰেমিক সুদৰ্শনক লগ কৰিবলৈ যাওঁতে ময়ো গৈছিলো তাইৰ লগত৷ সেই সময়ত তাইৰ অতিপাত চঞ্চলা ৰূপটো মই ভালদৰেই উপভোগ কৰিছিলোঁ৷ তাই যেন ওপৰৰ পৰা তললৈ নামি অহা এটা চঞ্চল জুৰিহে হৈ পৰিছিল সেই সময়ত৷ একো বাধায়েই যেন ৰুধিবৰ শক্তি নাই তাইক৷
অথচ কবৰ খান্দি জীয়াই থকা মইজনীয়ে নিতৌ আওৰাইছিলোঁ তাইৰ আগত ব্যৰ্থতাৰ ন ন পাঠ৷ তাইৰ মুখস্থ হৈ গৈছিল সকলো৷ কেতিয়াবা সেয়েহে তাই বিৰক্তও হৈছিল৷ মই নাজানো মোৰ কিয় এনে হয়৷ প্ৰাচুৰ্যতাৰ আবেষ্টনীৰ মাজতো কিয় বাৰে বাৰে দুখে সাতসৰী পিন্ধাব খোজে৷জন অৰণ্যৰ মাজত থাকিও কিয় নিসংগ যেন লাগে নিজকে! হাহাঁকাৰে কিয় ভাবে মোক তাৰ যুগমীয়া সহচৰ বুলি!
সেইদিনা শইকীয়া ছাৰে ক্লাছ কৰিছিল৷ খুউব ৰস লগাকৈ ছাৰে বুজাই আছিল ডাৰখেইমৰ 'চুইচাইড থিয়ৰি’৷ আহ! ক’ত কথা চুইছাইড সম্পৰ্কীয়৷ ডাৰখেইমৰৰ থিয়ৰী জনাৰ পাছত এনে লাগে যেন আত্মহত্যা সম্পৰ্কত আমি ভাবি থকা ধাৰণাবোৰ প্ৰত্যেকটোৱেই যেন ভ্ৰান্ত আছিল৷ ডাৰখেইমেহে যেন কৈ গৈছে প্ৰকৃত কথাটো৷ ঠিকেইটো “Those people commit suicide, who are cut off from the main stream of the society৷ “ শইকীয়া ছাৰৰ বুজনি শুনাৰ পাছত মই নিজকে প্ৰশ্ন কৰিছিলোঁ, “ময়ো বাৰু সমাজৰ মূল সুঁতিৰ পৰা অলপ ফালৰি কাটি অহাৰ আয়োজন চলাইছোঁ নেকি!’’
হঠাতে শইকীয়া ছাৰে সুধি পেলালে, “তোমালোক কোনোবাই বাৰু আত্মহত্যাৰ চেষ্টা কৰি পাইছানে? ’’ এক মিনিট মৌনতা৷ মই ভাবিছিলোঁ কোননো ওলাই আহিব অতবোৰ লগৰীয়াৰ আগত ঢোল পিটি জনায় দিবলৈ যে “হয় মই আত্মহত্যাৰ চেষ্টা কৰি পাইছোঁ!’’ কিন্তু মোৰ ধাৰণা ভ্ৰান্ত কৰি এইয়া কি? এখন দুখন তিনিখনকৈ কেইবাখনো হাত ওপৰলৈ উঠিল৷ তাৰ মানে যৌৱনোচ্ছল এইজাক ডেকা গাভৰুৰ মাজতো আছে নেকি মোৰ দৰে কবৰ খান্দি জীয়াই থকা কোনোবা৷ মনটো হঠাতে সেমেকি গ’ল!
সেইদিনা শইকীয়া ছাৰৰ প্ৰশ্নত মইয়ে আছিলোঁ হাত দঙা প্ৰথম ব্যক্তি৷ হয়, হয় এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ আত্মহত্যাৰ চেষ্টা কৰি ব্যৰ্থ হোৱা ছোৱালী মই৷ আন একো নহয় মোৰ এই আত্মহত্যাৰ প্ৰচেষ্টাৰ৷ মাথোঁঁ চূড়ান্ত হতাশা৷ আৰু শইকীয়া ছাৰ ক্লাছটোৰ পৰা ওলাই যোৱাৰ পাছতে তাই মোক বুজনি দিছিল৷ আহ! ক’ত বুজনিয়েই যে দিছিল তাই৷ যেন এইমাত্ৰ আত্মহত্যা কৰিব বিচাৰোঁতেই তাই মোক ধৰাহে পেলাইছে৷ একেবাৰে শেষত কৈছিল তাই, “আনক হত্যা কৰাজন যিদৰে হত্যাকাৰী, সেইদৰে নিজক হত্যাকৰাজনো হত্যাকাৰী৷ তোৰটো লক্ষ্য নাছিল হত্যাকাৰী হোৱাৰ৷ যিদৰে তোৰ জীৱন দান কৰাৰ ক্ষমতা নাই, সেইদৰে জীৱন লোৱাৰো অধিকাৰ তোৰ নাই৷ বিচাৰনে তোৰ দৰে ছোৱালী এজনী হত্যাকাৰী হ’বলৈ৷’’ মই মনতে ভাবিছিলোঁ অভিজ্ঞতাই পুৰঠ কৰা অকালপক্ব ছোৱালী মই তোৰ দৰে ৰাংঢালীয়ে মোক জীৱনৰ পাঠ নিশিকালেও হ’ব৷’’
কিন্তু পাছদিনা ৰাতিপুৱা যিটো ঘটনা দেখিলোঁ সেইটো দেখি উৰি গ’ল মোৰ ভুৱা অকালপক্বতাৰ দাৰ্শনিক অহংকাৰ৷ ৰাতিপুৱা তাইতকৈ মই সদায় সোনকালে উঠিছিলোঁ, কিন্তু সেইদিনা কি বিধিৰ বিধান মই আঠ বাজি যোৱাৰ পাছতহে সাৰ পালোঁ৷ ক্লাছলৈ দেৰি হ’ব বুলি খুউব খৰধৰ কৈ বাথৰূমলৈ গৈ আধামেলা দুৱাৰ খুলি দেখিলোঁ সেই শিহৰণকাৰী দৃশ্য৷ মোজাইক কৰা ফ্লৰৰ পৰা এহাতমান ওপৰত ওলমি আছে তাই, সেই ৰাংঢালী ছোৱালীজনী৷ চকুদুটা তেতিয়াও ট ট কৈ মেলিয়েই আছে৷
কি কাৰণে আত্মহত্যা কৰিলে তাই সেইটো মই আজিও নুবুজিলোঁ৷ একো ইংগিতো নাপালোঁ তাইৰ আচৰণত৷ ডাৰখেইমৰ থিয়ৰীৰ কোনটো ভাগত তাইৰ আত্মহত্যা পৰিব সেইটোও মই ঠাৱৰ কৰিব নোৱাৰিলোঁ৷ মাথোঁঁ তাইৰ এষাৰ কথাই সুযোগ পালে এতিয়াও মোক জোকাৰি যায় “নিজক হত্যাকৰাজনো হত্যাকাৰী...হত্যাকাৰী হবিনে তই?’’
------------------------------------------------
বহুত ভাল লাগিল
ReplyDeleteবৰ ভাল লাগিল৷
ReplyDeleteভাল লাগিল পঢ়ি।
ReplyDeleteভাল লাগিল পঢ়ি।
ReplyDelete