নতুন পুৰুষৰ চিন্তাঃ মহাভাৰত পৰ্য্যালোচনা-৩ঃ দ্বীপজ্যোতি শৰ্মা

মহাভাৰত পৰ্য্যালোচনা--৩

@দ্বীপজ্যোতি শৰ্মা

সন্দেহৰ আৱৰ্তত তোমাৰ মহানতা....

আগৰ খণ্ডত আমি দেৱব্ৰতৰ প্ৰতিজ্ঞা প্ৰক্ৰিয়াৰে ভীষ্ম হোৱা যাত্ৰা, পিতৃ শান্তনুৰ প্ৰতি তেওঁৰ প্ৰয়োজনাধিক দৰদ আৰু মহাৰাজ শান্তনুৰ এজন ৰজা হিচাপে কৰ্তব্যৰ প্ৰতি পিছ দি কামনা-বাসনাত নিজকে বিলীন কৰাৰ ওপৰত আলোচনা কৰিছিলোঁ৷ এনেদৰে আমি বিভিন্ন ঘটনাক্ৰমৰ মাজেৰে আহি আহি এতিয়া কিছুমান বিশেষ বিশেষ মহাভাৰতীয় ঘটনাৰ আলোচনা কৰিবলৈ গৈ আছো৷ কালক্ৰমত শান্তনুৰ ঔৰষত আৰু সত্যৱতীৰ গৰ্ভত দুটিকৈ পৰমসুন্দৰ পুত্ৰ সন্তানৰ জন্ম হ’ল৷ সেই দুই পুত্ৰৰ নাম ৰাখা হ’ল চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য্য৷ শান্তনুৰ মৃত্যুৰ পিছত নিয়মমাফিক চিত্ৰাঙ্গদ ৰাজসিংহাসনত উপবিষ্ট হ’ল৷ মহাভাৰতত চিত্ৰাঙ্গদৰ মহাপৰাক্ৰমী মহাযোদ্ধা বুলি বৰ্ণনা কৰা হৈছে৷ কম সময়তে সমগ্ৰ বিশ্বত তেওঁৰ বীৰত্বৰ গুণ-গান প্ৰচাৰিত হ’ল৷ তেওঁৰ বীৰত্বৰ প্ৰমাণ ল’বলৈ এবাৰ চিত্ৰৰথ নামৰ এজন গন্ধৰ্ব দেৱতাই কুৰুক্ষেত্ৰত তেওঁক প্ৰত্যাহ্বান জনালে৷ সৰস্বতী নৈৰ পাৰত তিনিবছৰ ধৰি দুয়োৰে মাজত ৰণ হ’ল৷ অবিশ্বাস্য যেন লাগিলেও এই তিনিবছৰীয়া যুঁজৰ অন্তত গন্ধৰ্বৰাজৰ মায়াবী যুদ্ধৰ ওচৰত সেও মানি চিত্ৰাঙ্গদ মৃত্যুমুখত পৰিল৷ এই দীৰ্ঘকালীন যুদ্ধত ভীষ্মৰ ভূমিকা সন্দৰ্ভত মহাভাৰতত কতোৱেই উল্লেখ নাই৷ কেৱল মাত্ৰ ভীষ্মক মহান কৰি ৰখাৰ স্বাৰ্থই মহাকাব্যৰ প্ৰণেতা নীৰৱ হৈ ৰ’ল নেকি? সমগ্ৰ পৃথিৱীৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ বীৰ বুলি স্বীকৃত সেই দেৱব্ৰত ভীষ্মই এই যুঁজত কিবা বিশেষ কৰাণত অংশগ্ৰহণেই নকৰিলে নেকি? ৰাজসিংহাসনৰ ৰক্ষনাবেক্ষণত গোটেই জীৱন উৎসৰ্গা কৰা এইজন মহাবীৰ যুঁজত পৰাজিত হৈছিল নেকি বাৰু? নহলেনো ভীষ্মৰ নিচিনা বীৰৰ ছত্ৰছায়াত থকাৰ পিছতো চিত্ৰাঙ্গদে মৃত্যুক আকোঁৱালি ল’ব লগা হয় নে! নে বিশেষ ৰাজনৈতিক চক্ৰান্ত সিদ্ধিৰ বাবে তেওঁ চিত্ৰাঙ্গদক আহুতি হিচাপে আগবঢ়াইছিল? মহাভাৰতীয় পৰিক্ৰমাত এইখিনিৰ পৰাই আমি ৰাজনীতিৰ (নিকৃষ্ট) গোন্ধ পোৱা আৰম্ভ হৈ গ’ল৷ কাৰণ চিত্ৰাঙ্গদৰ অকাল মৃত্যুৰ পিছত আৰু বিচিত্ৰবীৰ্য্যৰ ৰাজঅভিষেকৰ আগত যি বিষাদগাঁঠা বৰ্ণিত হ’ব লাগিছিল সেয়া আমি নাপালোঁ৷ মহাকাব্যৰ প্ৰণেতা এইক্ষেত্ৰত নীৰৱ হোৱাটো আমাৰ কাৰণে সঁচাকৈয়ে দুৰ্ভাগ্যজনক৷
 বিচিত্ৰবীৰ্য্য ৰাজসিংহাসনত অধিষ্ঠিত হোৱাৰ ৰাজমাতৃ সত্যৱতী আৰু ভীষ্ম ব্যস্ত হৈ পৰিল বিচিত্ৰবীৰ্য্যৰ বাবে কইনা বিচৰাত৷ সেই সময়তে কাশীৰাজে নিজৰ তিনি কণ্যাৰ সয়ম্বৰ সভা আয়োজন কৰিলে৷ ৰূপে-গুণে জাকত জিলিকা তিনি কণ্যাক নিজৰ কৰি লবলৈ বাৰাণসী নগৰত বিভিন্ন প্ৰান্তৰ ৰজা-মহাৰজাৰ সমাগম হ’ল৷ সেই সয়ম্বৰৰ বাতৰি পোৱা মাত্ৰকে ভীষ্মই বাৰাণসীলৈ ৰাওনা হ’ল৷ তেওঁ তাত গৈ সকলো ৰজা-মহাৰাজৰ সন্মুখৰ পৰা তিনি কণ্যাক বলপূৰ্বক ৰথত তুলি হৰণ কৰিবলৈ উদ্যত হ’ল৷ তেওঁ সকলোৰে আগত এইবুলি আত্মপক্ষ সমৰ্থনেৰে যুক্তি দিলে যে পৰাক্ৰম প্ৰদৰ্শনেৰে লাভ কৰা কণ্যাক বিবাহ কৰাটোও এক প্ৰশংসনীয় কাৰ্য্য৷ শাস্ত্ৰয়ো ইয়াৰ ভূয়সী প্ৰশংসা কৰা বুলি তেওঁ উল্লেখ কৰিলে৷ তাত উপস্থিত থকা অইন সভাসদ সকলে তেওঁক বাধা দি যুদ্ধৰ বাবে প্ৰত্যাহ্বান জনালে যদিও ভীষ্মৰ বীৰত্বত সকলো পৰাভূত হ’ল৷ এনেদৰে তেওঁ তিনি কণ্যা ক্ৰমে অম্বা, অম্বিকা আৰু অম্বালিকাক তেওঁলোকৰ ইচ্ছা-অনিচ্ছাৰ বিচাৰ নকৰাকৈ পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰি “যোৰ যাৰ মূলুক তাৰ“ নীতিৰে হৰণ কৰিলে৷ হস্তিনাপুৰলৈ তিনি কণ্যাক লৈ আহি তেওঁ বিচিত্ৰবীৰ্য্যৰে বিবাহৰ আয়োজন কৰিলে৷ তেতিয়াই কাশীৰাজৰ জ্যেষ্ঠা কণ্যা অম্বাই ভীষ্মক মনৰ কথা অৱগত কৰাই জনালে যে তেওঁ সয়ম্বৰ সভাত শল্যক ইতিমধ্যেই মনে-প্ৰাণে বৰণ কৰিছিল৷ এই কথা জনা মাত্ৰকে ভীষ্মই অম্বাক মুক্ত কৰি শল্যৰ ওচৰলৈ পঠিয়ালে যদিও শল্যই অপহৃতা হৈ বদনামী হোৱা অম্বাক গ্ৰহণ কৰিবলৈ অমান্তি হ’ল৷ উপায়হীন হৈ অম্বা পুনৰ ভীষ্মৰ ওচৰলৈ আহিল যদিও ভীষ্মই ওলোটাই অম্বাকহে চৰিত্ৰহীনা, বেশ্যা আদি শব্দ প্ৰয়োগেৰে গালি দি আঁতৰোৱাৰ চেষ্টা কৰিলে৷ অৱশেষত সকলো অপযশৰ পৰা মুক্তিৰ বাবে অম্বাই আত্মহত্যাৰ দৰে কৰুণ পথ বাচি ল’ব লগা হ’ল৷ এই সমস্ত প্ৰক্ৰিয়াটোত ভীষ্মৰ ভূমিকাক মহাকাব্যৰ প্ৰণেতাই কেনেকৈ নিৰ্দোষীতা প্ৰতিপন্নতাৰে উপস্থাপন কৰিব পাৰিলে সেয়া ভাবিলে আচৰিত লাগে৷ মহাভাৰতীয় সংস্কৃতিত সেই সময়ৰ পৰা নাৰীক পণ্য হিচাপে কিয় প্ৰতিষ্ঠা কৰা হ’ল? কিয় নাৰীৰ মনৰ ইচ্ছা-অনিচ্ছাক গুৰুত্ব নিদি কেৱল মাত্ৰ কামনা-বাসনা পুৰণৰ আৰু সন্তান জন্ম দিয়া আহিলা হিচাপে ব্যৱহাৰ কৰা হ’ল? কিয়? ভীষ্মৰ দৰে মহাজ্ঞানী, মহাবলী, সৰ্বগুণসম্পন্ন ব্যক্তিয়ে নিজ ভাতৃৰ বিবাহৰ বাবে কিয় আসুৰিক পদ্ধতি অৱলম্বন কৰিব লগা হ’ল৷ তেওঁ তেওঁৰ পৰাক্ৰম, তেওঁৰ সৌৰ্য্য-বীৰ্য্য প্ৰতিষ্ঠা কৰাৰ বাবে আন এখন শ্ৰেষ্ঠ মঞ্চ নিশ্চয় পালেহেঁতেন৷ এয়াই চাগে মহাভাৰতীয় বিপৰ্য্যয়৷ সমাজৰ মুধাফুটা ব্যক্তিয়ে নিজৰ স্বাৰ্থসিদ্ধিৰ বাবে নিজৰ শক্তি প্ৰয়োগ কৰিছে অহৰহ৷ যাৰ ওপৰত জনতাই ভৰষা কৰিছে তেৱেই জনতাক আজি প্ৰতাৰণা কৰিছে৷ কিন্তু জনতাৰ কৃপাতেই সেই “মহান“ ব্যক্তিৰ কিন্তু স্থানৰ পৰিৱৰ্তন হোৱা নাই, বৰঞ্চ তেওঁ প্ৰতিবাৰেই উচ্ছাসন পাইছে৷ মহাভাৰতীয় পৰিক্ৰমাৰ এনেবোৰ ঘটনাই সময়ত হাজাৰটা প্ৰশ্নৰ উন্মেষ ঘটোৱাৰ লগতে ভীষ্মৰ মহানতা সন্দৰ্ভতো আমাক সন্দিহান কৰি তুলিছে৷

(ক্ৰমশ...)

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ