গল্পঃ বৰাহঃ ধ্ৰুৱজ্যোতি অৰ্জুন
ঃ বৰাহ ঃ
ধ্ৰুৱজ্যোতি অৰ্জুন
বিশাল অৰণ্যখনৰ মাজেৰে হাবি ভাঙি দৌৰিছে দুজন লোক৷ চকুত তেওঁলোকৰ আতংকৰ চাপ বিদ্যমান৷ অবিন্যস্ত দেহৰ বসন খেলিমেলিকৈ বতাহত উৰিছে তেওঁলোকৰ মুখৰ সোণালী দাড়ি৷ যদিও হাতত উদ্মুক্ত অসি, ধৰিব পাৰি সেই মুষ্টিত পৰাক্ৰম নাই, পলৰীয়া তেওঁলোক৷ কাশ্যপৰ সন্তানদ্বয়ৰ ভীতিত স্ত্ৰস্তমান দুজন পলৰীয়া বীৰ৷ তেওঁলোক ইন্দ্ৰবাহিনীৰ মহাবীৰ৷ কাশ্যপ সন্তানৰ দুৰ্মদ ৰণতৃষ্ণাত বিধ্বস্ত হৈ পৰিল তেওঁলোকৰ বাহিনী৷ এয়া পুৰন্দৰৰ সৈন্যৰ সপ্তমটো পৰাজয় কাশ্যপ সন্তানদ্বয়ৰ হাতত৷ কাশ্যপ পুত্ৰৰ ভীষণ ৰণ কৌশলৰ আগত চগাৰ দৰে জাহ গ’ল পুৰন্দৰৰ সৈন্য৷ এই বতৰা লৈ ভীত হৰিণৰ দৰে দৌৰিছে তেওঁলোক৷ দিনতে অন্ধকাৰ হৈ থকা গভীৰ অৰণ্যখনৰ মাজে মাজে কেতিয়াবাহে সূৰ্য্যৰ পোহৰ সোমাই৷ হিংস্ৰ জন্তু আৰু আদিম জনজাতিৰে পৰিপূৰ্ণ অৰণ্যখনত তেওঁলোকৰ দৰে লোকে সাধাৰণতে অকলে প্ৰৱেশ নকৰে৷ কিন্তু আজি তেওঁলোকৰ বাবে প্ৰাণৰ মমতাত যেন হিংস্ৰ জন্তুৰ ভয়ো তুচ্ছ হৈ পৰিছে৷
“হাঁওওওমম” আকাশ পাতাল বিদীৰ্ণ কৰি যোৱা গোঁজৰণিত স্তব্ধ হৈ পৰিল দুই আগন্তুকৰ পদচালনা৷ সন্মুখত চকুত লোলুপ দৃষ্টি লৈ হিংস্ৰ শ্বাপদ৷ আক্ৰমণৰ বাবে সাজু শ্বাপদ৷ প্ৰমাদ গণিলে দুয়ো৷ বিধিয়ে হয়তো দুয়োৰে শেষ সময় লিখি থৈছে এই হিংস্ৰ জন্তুৰ হাতত৷ হাতত অসি আছে যদিও অতদূৰৰ ভাগৰে শৰীৰ ক্লান্ত৷ অসি কেইখন চলাবলৈয়ো যেন শক্তিৰ অভাৱ হ’ল তেওঁলোকৰ দেহত৷ আক্ৰমণৰ উদ্দেশ্যে চিকাৰৰ ভংগীমাৰে ক্ৰমাৎ কাষ চাপি আহিল শ্বাপদ৷ মাজত মাথোঁঁ কেইটামান ক্ষণ, তাৰ পাছতে হয়তো তেওঁলোকৰ ওপৰত জঁপিয়াই পৰিব এই বন্যপশু৷ প্ৰমাদ গনিলে দুই আগন্তুকে৷
“কি লি লি লি ইইইইই“ - হঠাতে অৰন্যৰ বুকু ভেদি উৰি আহিল এক সুতীক্ষ্ণ কিৰিলি৷ কাষৰ বৃক্ষৰ পৰা চৰাইৰ দৰে উৰিহে যেন আহি তেওঁলোকৰ সন্মুখত উপস্থিত হ’ল এক মানৱ শৰীৰ৷ শৰীৰৰ কটিপ্ৰদেশ মাত্ৰ আচ্ছাদিত সেই মানৱৰ৷ তাৰ বাদে সমগ্ৰ শৰীৰত অংকিত কৰি ৰাখিছে বিভিন্ন আৰ্হিৰ চিত্ৰৰে৷ বিস্ফোৰিত নেত্ৰেৰে দুই বীৰে লক্ষ্য কৰিলে আগন্তুকলৈ৷ এজন চফল যুৱক এই আগন্তুক৷ সুগঢ়ি কোনো যোদ্ধাৰ দৰে মেদহীন শৰীৰ৷ কঠিন মাংসপেশীত নিত্য যুদ্ধভ্যাসৰ চিন সুস্পষ্ট৷ কান্ধলৈকে বৈ পৰা ক’লা কেশগুচ্ছই যুৱকৰ মুখ ঢাকি ধৰি থৈছে যদিও দুয়ো যুৱকৰ দৃষ্টিৰ তীক্ষ্ণতাক অনুধাৱন কৰিব পাৰিলে৷ নাগ সকলৰ দৰেই ৰক্তৰঙী যুৱকৰ দুচকু৷ যুৱকৰ কানৰ দুয়োকাষ ঢাকি শিৰত অৰ্ধশিৰস্ত্ৰান৷ প্ৰথম দৃষ্টিতে কোনো দুৰ্মদ বৰাহ বুলি ভ্ৰম হ’ব কোনো অপৰিচিতৰ৷ কেই লহমাৰ ভিতৰতে উগ্ৰ খোজেৰে যুৱক অৱস্থান কৰিলে দুই পলাতক বীৰ আৰু শ্বাপদৰ মাজত৷ যেন যুদ্ধৰ সময়ত কোনো বীৰৰ বাবে ঢাল৷ কঁকালৰ দুয়োকাষৰ পৰা দুয়োহাতে যুৱকে আঁজুৰি আন্দোলিত কৰি ল’লে তীক্ষ্ণ অস্ত্ৰ৷ প্ৰচলিত যুদ্ধাস্ত্ৰ সমূহতকৈ বহু বেলেগ যুৱকে ব্যৱহাৰ কৰা অস্ত্ৰ৷ কুঠাৰ আৰু তৰোৱালৰ সংমিশ্ৰণহে যেন এই অস্ত্ৰ৷ দুহাতে উদ্যত অস্ত্ৰ সহ যুযুধান এই বীৰ যোদ্ধাই উন্মত্ত বৰাহৰ দৰে চোঁ মাৰি খেদি গ’ল শ্বাপদৰ দিশে৷ প্ৰচণ্ড গোঁজৰনি তুলি শ্বাপদেও জঁপিয়াই আহিল যুৱকলৈ৷ শূন্যতে আন্দোলিত হ’ল যুৱকৰ হাতৰ অস্ত্ৰ৷ নিঃশব্দে শূন্যৰ পৰা মাটিত পৰি নিঃসাৰ হ’ল শ্বাপদৰ শৰীৰ৷ যুৱকৰ অস্ত্ৰই শূন্যতে কণ্ঠনলী বিৰ্দীণ কৰি পেলালে জন্তুটোৰ৷ ৰক্তুপিপাসু অসুৰৰ দৰে অস্ত্ৰ সামৰি যুৱকে শ্বাপদৰ দ্বিখণ্ডিত দেহত মুখ লগাই পান কৰিব ধৰিলে শ্বাপদৰ ৰক্ত৷ সাময়িক উশাহ বোৰ যেন পুনৰ বাৰ আতংকৰ চেপা উত্তেজনালৈ পৰিৱৰ্তিত হ’ল, অতদেৰি স্থানুৰ দৰে ৰৈ থকা সমগ্ৰ ঘটনাৰাশিৰ দৰ্শক দুজনৰ বাবে৷ কোন এই যুৱক, মানৱ নে মানৱ ৰূপী কোনো দৈত্য? আতংকত থৰথৰকৈ কঁপা দুৰ্বল হাতৰ পৰা খহি পৰিল অসি৷
শ্বাপদৰ ৰক্ত আঁজলীয়ে আঁজলীয়ে দেহত সানি তেওঁলোকলৈ চাই গুৰু গম্ভীৰ মাতেৰে সম্বোধন কৰিলে যুৱকে৷ “পুৰুষ”ৰ পুত্ৰ মই ৰাজকুমাৰ “ইমুশ৷ ” আপোনালোকৰ ৰাজন পুৰন্দৰৰ শতৰু, আপোনালোকো শতৰু৷ অভয় দিছো ইমুশে আক্ৰমণ নকৰে আৰ্তজনক৷ “ আস! যুৱকৰ সেয়া কণ্ঠ নে কোনো শংখনিনাদ৷ ” হতভম্ব হৈ ৰ’ল দুয়ো৷ দেৱবাহিনীৰ দুই যোদ্ধা ধৌম্ৰক আৰু হবিংগয়ো নিজৰ পৰিচয় দিলে৷ এয়াই তেনে ইমুশ৷ একালৰ দেৱবীৰ “পুৰুষ” আৰু নাগকন্যা “অদিতি”ৰ সন্তান৷ এমুঠি ভয়ংকৰ সৈন্যৰে দেৱলোক, নৰকলোক সকলোতে ত্ৰাস সৃষ্টিকাৰী মহাযোদ্ধা ইমুশ৷ যাৰ যুদ্ধকৌশল আৰু বীৰত্বত বহুবাৰ বিপৰ্য্যস্ত হৈছে দেৱবাহিনী৷ যুদ্ধত ধুমুহাৰ দৰে ক্ষিপ্ৰ বিজুলীৰ দৰে তীব্ৰ ৰাজকুমাৰ ইমুুশ৷ দেব সকলৰ সৰ্বকালৰ অন্যতম যোদ্ধা পুৰুষে কালৰ কুটিল গতিত এৰি আহিব লগা হৈছিল দেৱপুৰ অমৰাৱতী৷ নাগকন্যা অদিতিৰ প্ৰতি আসক্ত হৈছিল পুৰুষ৷ ৰক্তৰ বিশুদ্ধতা বৰ্তাই ৰাখিব খোজা দেৱতাসকলৰ বাবে ই আছিল অক্ষমনীয় অপৰাধ৷ এমুঠি অনুগতেৰে অধোমস্তক হৈ দেৱলোক এৰিব লগা হৈছিল পুৰুষে৷ উদাৰ নাগ সকলে আকোৱালি লৈছিল পুৰুষ সমন্বিতে তেওঁৰ অনুগত সকলক৷ কালক্ৰমত সেই সকল লোকে পানি গ্ৰহণ কৰিছিল স্থানীয় নাগকন্যাৰ সৈতে৷ পুৰুষৰ ঔৰষত নাগকন্যা অদিতিৰ গৰ্ভত জন্ম লৈছিল ইমুশৰ৷ জন্মসূত্ৰে পিতা মাতা দুয়ো কুলৰ গুণেৰে সমৃদ্ধ হৈছিল ইমুশ৷ ইমুশৰ নেতৃত্বত নাগ সকল হৈ পৰিল দুৰন্ত যোদ্ধা৷ ত্ৰিভুৱনত ইমুশক পৰাজিত কৰিব পৰা শক্তিৰ বৰ্তমান অভাৱ৷ সেই বুলি ইমুশ কিন্তু ৰণলিস্পু নহয়৷ ইচ্ছা কৰা হ’লে ইমুশে কাহানিবাই অমৰাৱতী আক্ৰমণ কৰিব পাৰিলেহেঁতেন৷ দেৱসকলে নিজৰ ৰাজ্য বঢ়োৱাৰ স্বাৰ্থত বহুবাৰ নাগলোক আক্ৰমণ কৰিছে যদিও ইমুশৰ পৰাক্ৰমৰ আগত বাৰে বাৰে সেও হ’বলগীয়া হৈছে দেৱবাহিনী৷ নাগলোকৰ হৈ স্বগোত্ৰৰ বিৰুদ্ধে পুৰুষে কোনোদিন অস্ত্ৰধাৰণ কৰা নাই৷ কিন্তু ইমুশক নাগলোক ৰক্ষাৰ শপতো দি থৈছে তেওঁ৷ যুদ্ধত ইমুশ যেন মহাকাল, কিন্তু ইমুশ সৰলো৷ অন্যায় নকৰে কোনোদিন ইমুশে৷ আজি শতৰু হ’লেও আৰ্তজনক সহায় কৰি ইমুশে যেন তাৰেই নিদৰ্শন ডাঙি ধৰিলে৷
ধৌম্ৰক আৰু হবিংগক ইমুশে লৈ গ’ল নিজৰ ৰাজপ্ৰসাদলৈ৷ এজন অতিথিৰ মাৰ্য্যাদা দি৷ ৰাজকুমাৰৰ প্ৰসাদত দুয়ো সন্মুখীন হ’ল দেৱলোকৰ এসময়ৰ বহু মহাযুদ্ধৰ নায়ক পুৰুষৰ সৈতে৷
( ক্ৰমশঃ)

অপূৰ্ব
ReplyDeleteঅপ্রতীম.....লিখি যাওঁক, আগ্রহেৰে বাট চালো পৰৱৰ্তী খণ্ডলৈ |
ReplyDeleteভাষাহীন দাদা❤️
ReplyDeleteসুন্দৰ ৷ বহুত নজনা কথা শিকিম এইখনৰ পৰা ৷
ReplyDeleteসুন্দৰ… ভাল লাগিল পঢ়ি ককাইদেউ
ReplyDelete