আখলঃ কলেজীয়া জীৱনৰ গাহৈ প্ৰেমঃ আশীষ গগৈ
@NonVeg
@Pork
কলেজীয়া জীৱনৰ গাহৈ প্ৰেম
@ আশীষ গগৈ
হায়াৰ ছেকেণ্ডেৰীৰ ডেওনা পাৰহৈ কলেজীয়া জীৱনত ভৰি দিছোঁ৷ সেয়া মিলেনিয়ামৰ শেষৰ ভাগৰ কথা৷ মানে বিংশ শতাব্দীৰ শেষৰ ভাগ৷ গ্ৰীটিংচ কাৰ্ড, শ্লেম বুকৰ তামাম প্ৰচলন তেতিয়া৷ নতুনকৈ দাড়ি-গোফে সগৌৰৱে থিয় দিছে; কিহে পায় আৰু৷ প্ৰায়বোৰ সহপাঠীয়ে মাথোঁ এখনেই বহী লৈ যায়(সেয়া কলেজীয়া জীৱনৰ ওস্তাদী আৰু ; অৱশ্যে ছোৱালীবোৰ ব্যতিক্ৰম)৷ আমি মেজৰ থকা কেইটাই অৱশ্যে দুই এখন নিবলৈ বাধ্য হওঁ৷ আমাৰ অসমীয়া মেজৰ থকা কেইটাই (যি কেইটা পঢ়াত অলপ আমাতকৈ বেছি ছিৰিয়াচ) অৱশ্যে পাঠ্যপুথিৰ উপৰিও ৰেফাৰেঞ্চ বুকলৈকে লৈ যায়৷ কিন্তু এটা কথা স্বীকাৰ কৰোঁ যে মেজৰ ক্লাছ কেইটাৰ প্ৰতি আমাৰ এক সুকীয়া আকৰ্ষণ আছিল৷ মুক্তিমংগল ভটিমা, ভাটৰ মুখৰ ভটিমাৰ পৰা আৰম্ভ কৰি দেৱকান্ত বৰুৱাৰ "মমতাৰ চিঠি"-লৈকে! পাচক’ৰ্চ আছিল Sociology৷ আমি দুটামানে সদায় গালি খাওঁ৷ আমাৰ ধাৰণা আছিল মানে এই ধৰণৰ- "তুত টেলিকা! পৰিয়াল কাক বোলে এইবোৰহে আউ ; নোৱাৰিমনে কিবা!" (শেষত যেনিবা সেইটো বিষয়তে বেক লাগোতে বুজিলোঁ বাপ্পাৰে কোনো Subject কমটি নহয় দেই৷) পিছৰবাৰ যেনিবা ভাল ল'ৰাৰ দৰে পঢ়িলোঁ৷
বাৰু এতিয়া আচল কথালৈ আহোঁ৷ কলেজৰ ওচৰে পাজৰে আছিল লগৰ ল'ৰাবোৰৰ মেচবোৰ৷ এটা এটা মেচত দুইৰ পৰা চাৰিজনলৈকে থাকে৷ সকলো একে বেষ্টৰ৷ ক'ত পঢ়া হয় আৰু৷ জিতুল, জুবিনৰ গান, খানা, হুলস্থুল, কেৰম, কলেজৰ নিৰ্বাচনৰ সময়তটো ক'বই নালাগে৷ হুলস্থুল ৰাতি দুগুণে চৰে৷ টেঙৰবোৰে তাৰ মাজতে সময় উলিয়াই পঢ়া-শুনা বজাই ৰাখে আৰু বুৰ্বক কেইটা হয় ফেল নহয় কোনোবা Subject-ত বেক৷ মোৰ ঘৰ যেনিবা কলেজৰ নিচেই কাষতে আছিল বাবে মেচত থাকিব লগীয়া হোৱা নাছিল৷ কিন্তু প্ৰায়ে পইচা তুলি মেচত গাহৈ খাইছিলো৷ তেতিয়া কেজিনো কিমান! ৬০ টকা মাত্ৰ৷ দুই কেজি আনো চলি যায়৷ মেচৰ এটা ৰুমৰ পৰা আলু, এটাৰ পৰা পিয়াঁজ এনেকৈ আনি সকলোৱে ৰান্ধো৷ মেচৰ একেটা ৰুমতে সকলো পোৱাতো অসম্ভৱ কথা৷ চাধা আৰু চিগাৰেট কিন্তু জেপে জেপে৷ কেতিয়াবা কি হয় এটা ৰুমৰ ল'ৰায়ে ভাত ৰান্ধি গা ধুবলৈ গুচি যায় আৰু কাষৰ ৰুমৰ ল'ৰায়ে টিপটপ সেইখিনি খাই কলেজত ক্লাছ কৰি থাকেগৈ৷ ভাবি চাওঁক কিমান খং উঠিব৷ কিন্তু এইবোৰ সৰু সৰু কথা লৈ কোনেও কাকো বেয়া পাই নাথাকে৷ ইফালে মেচৰ মালিকৰ গালি-"গাহৰিয়ে ভাতে দকচি খাবলৈ পইচা ওলায় কিন্তু মোৰ মেচৰ ভাড়া দিবলৈ কুকুৰ কেইটাৰ পইচা নোলায়৷" চব চুপচাপ থাকে৷ সেই একেজন মালিকে আকৌ ল'ৰাবোৰে কলেজ পাচ কৰি একেবাৰে বিদায় ল'বলৈ যাওঁতে মালিকে চকুলো টুকি কান্দে৷ এয়াই সম্পৰ্ক, বুজাব নোৱাৰি ; চকু সেমেকে!
বাৰু আহিছো ৰন্ধণ প্ৰণালীলৈ৷ একেবাৰেই সাধাৰণ৷ ল'ৰাৰ মেচহে আৰু! প্ৰথম সকলোৰে মাংস আনিলে এটাই চৰ্ত--"বেয়া ভোক লাগিছে বে সোনকালে কৰিবি হা দোস্ত!" প্ৰথমে মাংস,আলু কুকাৰত দি চাৰিটা সুহুৰী মৰাই অলপ পিছতে টুকি ল’লোঁ৷ কেৰাহীত মিঠাতেল গৰম কৰি পিয়াঁজ, শুকান জলকীয়া দি অলপ ভাজিলো৷(আদা-নহৰু নাই ; চিগাৰেট লাগে যদি এভেলেবল কিন্তু এই সৰু সুৰা বস্তুবোৰ ল'ৰাৰ মেচত ভুলটো নাপায়)মাংস ঢালি দি নিমখ, হালধি দি কিছুপৰ লৰাই ভাজি এটা বিলাহী কাটি দিলোঁ আৰু পাঁচ মিনিট লৰাই লৰাই ভাজিলোঁ৷ মাংস বইল কৰা পানী চাৰিকাপমান দি সিজিবলৈ দিলোঁ৷ (বেছিদেৰি কেৰাহীত ৰখাটো একেবাৰেই অনুচিত.."টেষ্ট কৰিহে চাইছোঁ ৰ'হনা বে" বুলি কেৰাহীৰ আধাখিনি মাংস পলকতে শেষ হ'ব৷)
বঢ়িয়া
ReplyDelete