নতুন পুৰুষৰ চিন্তাঃ মহাভাৰত পৰ্য্যালোচনা-৪ঃ দ্বীপজ্যোতি শৰ্মা

মহাভাৰত পৰ্য্যালোচনা---৪

@দ্বীপজ্যোতি শৰ্মা

মহাভাৰতৰ ঘটনাপ্ৰবাহৰ ওপৰত আলোচনা আগবঢ়াই নিওঁতে আন এক গুৰুত্বপূৰ্ণ চৰিত্ৰ সত্যৱতীৰ জীৱনত আমি এখন্তেক ভূমুকি নামাৰিলে আলোচনা আধৰুৱা হৈ ৰ’ব৷ সত্যৱতী আছিল একেবাৰে সাধাৰণভাৱে জীৱন যাপন কৰা কিন্তু অসাধাৰণ ৰূপ-লাৱন্যৰ অধিকাৰী এজনী কণ্যা৷ যমুনা নৈৰ পাৰত পিতৃ আজ্ঞা পালন কৰি তেওঁ নাওৰে যাত্ৰী পাৰ কৰাই সময় কটাইছিল৷ এদিনাখন মহৰ্ষি পৰাশৰ সেই ঘাটলৈ আহিল নৈ পাৰ হোৱাৰ উদ্দেশ্যে৷ সত্যৱতীৰ ৰূপ-লাৱন্যত তেওঁ নিজৰ আত্মসংযম হেৰুৱালে আৰু সত্যৱতীক দুৰ্লভ বৰদানৰ প্ৰলোভনেৰে তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনৰ বাবে অগ্ৰসৰ হ’ল৷ মহৰ্ষি পৰাশৰে নিজৰ মন্ত্ৰশক্তিৰ বলেৰে নদীৰ মাজত থকা নাওখনৰ ছৌদিশ কুৱলীৰ আচ্ছাদনেৰে ঢাকি তাতেই সত্যৱতীৰ সৈতে শাৰীৰিক সম্পৰ্কত লিপ্ত হ’ল৷ তেওঁ তৃপ্ত হোৱাৰ অন্তত সত্যৱতীক এইবুলি বৰদান দিলে যে পূৰ্বতে সত্যৱতীৰ শৰীৰত থকা মাছৰ গোন্ধ আঁতৰি (সত্যৱতীৰ আন এটা নাম মৎস্যগন্ধা) তেতিয়াৰ পৰা সুগন্ধ পুষ্পৰ গোন্ধৰে সুশোভিত হ’ব আৰু মৃত্যুপৰ্য্যন্ত সত্যৱতীৰ কুমাৰীত্ব অটুত থাকিব৷ পৰৱৰ্তী সময়ত পৰাশৰ আৰু সত্যৱতীৰ মিলনত জন্ম হয় ব্যাসদেৱৰ৷ সেই যে শাৰীৰিক ক্ষুধা নিবাৰণ কৰি মহৰ্ষি পৰাশৰে বৰদান কৰি বিদায় ল’লে পৰৱৰ্তী সময়ত পুনৰবাৰ তেওঁ সত্যৱতীৰ খবৰ লোৱাৰ আহৰি নাপালে৷ এজনী নাৰীক কেৱল মাত্ৰ কামনা-বাসনা চৰিতাৰ্থ কৰাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাৰ যি নিকৃষ্ট মানসিকতা সেয়া চাগে এইখিনিৰ পৰা আৰম্ভ হৈছিল৷ লগতে মহৰ্ষি পৰাশৰৰ সত্যক পোৱাৰ যি তপস্যা, ঈশ্বৰপ্ৰাপ্তিৰ যি সাধনা সেয়া কিমান বিশুদ্ধ আছিল সেয়া সন্দেহৰ আৱৰ্তত ৰৈ গ’ল৷ নিজৰ আৰ্জিত শক্তিক শাৰীৰিক ক্ষুধা নিবাৰণৰ দৰে কাৰ্য্যত ব্যৱহাৰ কৰি পুনৰাই তাৰ দ্বাৰাই এগৰাকী নাৰীৰ শৰীৰটোৰ মূল্যও তেওঁ দিবলৈ চেষ্টা কৰিছে৷ কিমআশ্চৰ্য্যম্......য’ত বিশাল মহাভাৰতীয় পৰিক্ৰমাত ব্ৰাহ্মণসকলক জ্ঞান, বুদ্ধি, সংযমৰ প্ৰতীক হিচাপে দাঙি ধৰা হৈছে তাত প্ৰথমবাৰৰ বাবে ব্ৰাহ্মণেই নাৰী মহিমাক অৱমাননা কৰা নাই নে? নাৰীক পণ্য বুলি প্ৰতিপন্ন কৰাৰ বাবে ইয়াতকৈ উৎকৃষ্ট উদাহৰণ ক’তো পোৱা নাযাব৷  সকলোতকৈ আশ্চৰ্য্যৰ কথা যে পৰৱৰ্তী সময়তো পৰাশৰে তেওঁৰ এই কৰ্মৰ বাবে কাৰো ওচৰত জবাবদিহি হ’ব লগা হোৱা নাছিল৷ এই ঘটনাটোৰ পৰাই অপৰাধ প্ৰৱণতা বৃদ্ধিৰ বিষয়টোও সংযোজন কৰিব পাৰি৷ তেওঁৰ বগা সাজযোৰৰ আঁৰত থকা সত্যৱতীৰে সংগমৰ বাবে উদ্যত হোৱা শৰীৰটোৱে আন কোনো নাৰী চৰিত্ৰক কলংকিত কৰা নাইতো?
 এইখিনিতেই সত্যৱতী সম্পৰ্কতো আমি কিছুমান কথা আলোচনা কৰাটো উচিত৷ নিজৰ ৰূপৰ মায়াজালেৰে পৰাশৰক বশ কৰি কিবা পোৱাৰ আশাত তেওঁ শৰীৰদান কৰা নাইতো? অন্যথা প্ৰথম মিলনতেই প্ৰেম হোৱাটো সম্ভৱ যদিও শাৰীৰিক মিলন অলপ চিন্তনীয় কথা৷ নিজ স্বাৰ্থৰ বাবে শৰীৰদান কৰি লাভান্বিত হোৱাৰ লালসাৰ বাবেই আজিও আমাৰ সমাজত বিভিন্ন সময়ত বিভিন্ন দুষ্কাৰ্য সংঘটিত হৈ আছে৷ সাংঘাতিক স্বাৰ্থপৰ এইগৰাকী নাৰীৰ এই নিৰ্লজ্জ চৰিত্ৰ পৰৱৰ্তী সময়তো সলনি হোৱা নাছিল৷ মহাৰাজ শান্তনুৰ লগত বিবাহপাশত আবদ্ধ হোৱাৰ প্ৰাকমুহূৰ্ততো তেওঁ নিজ স্বাৰ্থ আগত ৰাখি চৰ্ত নিক্ষেপ কৰিছিল, যাৰ পৰিণতিতেই আমি চিৰকুমাৰ ভীষ্মক পাব লগা হ’ল৷ নাৰীয়ে যেতিয়ালৈকে নিজৰ শৰীৰটোৰ মূল্য, মহত্ত্ব সম্পৰ্কত সচেতন হৈ নুঠিব তেতিয়ালৈকে এচাম ধূৰ্তই ইয়াৰ সুযোগ লৈ অভিষ্ট সিদ্ধি কৰি যাব আৰু সমাজ ধ্বংসৰ মুখলৈ গৈ থাকিব৷ যেতিয়ালৈকে নাৰীৰ প্ৰতি পুৰুষ আৰু পুৰুষৰ প্ৰতি নাৰী অকল দৈহিক বাসনাৰ বাবেই আকৰ্ষিত হ’ব তেতিয়ালৈকে এই বৈষম্য আঁতৰ নহ’ব৷ মহাভাৰতীয় ঘটনাপ্ৰবাহে আমাৰ জীৱনৰ প্ৰতিটো দিশ সুন্দৰকৈ উপস্থাপন কৰি থৈ গৈছে, প্ৰয়োজন মাথোঁঁ কিছু গভীৰ অধ্যয়নৰ লগতে বিস্তৃত তথা বিজ্ঞানসম্মত আলোচনাৰ৷


------------------------------------------------

Comments

Post a Comment

Popular posts from this blog

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ