গল্পঃ সৌবল পুত্ৰঃ ধ্ৰুৱজ্যোতি অৰ্জুন
সৌবল পুত্ৰ
------------------------
ধ্ৰুৱজ্যোতি অৰ্জুন
পূৱৰ বতাহ
( ১)
সহায়ৰ হাত আগবঢ়াম বুলি কথা দিয়া পশ্চিমৰ দেশখনৰ পৰা অহা এমুঠিমান সেনা বাহিনীটো দেখি নাগ দেশৰ ৰজা যেন ব্যথিত হ’ল৷ তেনেই সৰু সেনাৰ দল এটা পঠাইছে গান্ধাৰ ৰাজে৷ মনে মনে অপমানিত বোধ কৰিলে নাগ ৰাজনে৷ পৰম মিত্ৰই যেন সময়ত বিশ্বাসঘাটক কৰিলে৷
প্ৰায় দুশ অশ্বাৰোহীৰে গঠিত সেনা বাহিনীৰ প্ৰধান আহি নাগ ৰাজনৰ সন্মুখত উপস্থিত হ’ল৷ প্ৰচলিত প্ৰথা মতে তেওঁ নাগ ৰাজনৰ সন্মুখত আঁঠুকাঢ়ি অভিবাদন জনোৱাৰ বিপৰীতে মাথোঁঁ বুকুত হাত দি মূৰ দোঁৱাই থিয় হ’ল৷ মনে মনে ক্ৰোধিত হৈ উঠিল ৰাজন৷
“ কেনে স্পৰ্ধা এই যুৱকৰ৷ “ নিজৰ দাঁতৰ কৰকৰনি যেন নাগ অধীশ্বৰে নিজেই শুনিবলৈ পালে৷ অত্যাধিক আবেগিক অথবা ক্ৰোধান্বিত হ’লে নাগ বংশৰ পুৰুষ সকলে দাঁত কৰচাটো এক বংশানুক্ৰমিক পৰম্পৰা৷
ঃ মহাৰাজ উপনন্দক সৌবল পুত্ৰৰ প্ৰণাম৷ পিতৃৰ আদেশ অনুযায়ী আপোনাৰ সেৱাত আজিৰে পৰা উপৱিষ্ট এই বিশেষ বাহলিক বাহিনী৷ আপোনাৰ তথা আপোনাৰ দেশৰ সেৱাত কিঞ্চিতো কাৰ্পণ্য নৰখা অংগীকাৰ লৈছোঁ; আপোনাৰ দেশৰ এই পবিত্ৰ ভূমিত৷ “
মহাৰাজ উপনন্দৰ মিত্ৰৰ ওপৰত ওপজা সমূহ বিৰাগ যেন ক্ষনিকতে কৰ্পূৰৰ দৰে উৰি গ’ল৷ বন্ধু সৌবলে তেনে বিশ্বাস ভংগ কৰা নাই! এয়া তেনে সেই বিশেষ বাহলিক বাহিনী যাৰ পৰাক্ৰমত ত্ৰস্তমান সমগ্ৰ আৰ্য্যাৱৰ্ত্ত৷ তেওঁৰ সন্মুখত দণ্ডায়মান বাহলিক প্ৰধান “সুবল৷" যাৰ বিক্ৰম তথা তীক্ষ্ণ বুদ্ধিৰ কথা প্ৰজাগণৰ মুখে মুখে৷ তেওঁ যেন ক্ৰমাত নিঃশেষ হৈ অহা শৈবালিক শক্তিৰ শেষ ভৰষা৷ প্ৰথম বাৰৰ বাবে যুৱকক সূক্ষ্মভাৱে নিৰীক্ষন কৰিলে তেওঁ৷ সদ্য কৈশোৰ উত্তীৰ্ণ এক যুৱক৷ সুগঢ়ি মুখাবয়েৰে কিন্তু কঠিন দেহবল্লৰীৰ এক যোদ্ধা৷ ভাবিলে বিশ্বাস নহয় এই সদ্য কৈশোৰত্তীৰ্ণ যুৱকৰ প্ৰতাপৰ বাবেই গৰড় বাহিনী বাৰে বাৰে বিফল হৈছে এই শিলাময় উপত্যকাত৷ এমুঠিমান সৈন্যৰে গঠিত বাহলিক বাহিনীৰ আগত সৌ সিদিনা শিৰ নত কৰিছিল গৰড় বাহিনীৰ অন্যতম পাকথু সকলে৷ এই যুৱকৰ কৌশলী যুদ্ধনীতিৰ আগত ম্লান পৰি ৰৈছিল পাকথু বাহিনীৰ বিশালতা৷
যুৱকৰ সোণৰ বাজুবন্ধনীত স্পষ্ট ভাৱে জিলিকিছে শৈবালিক সংকেত৷ মহাৰাজ সৌবলৰ এশপুত্ৰৰ কনিষ্ঠতম এই পুত্ৰ৷ যুৱকৰ পৰা দৃষ্টি আঁতৰাই মহাৰাজ উপনন্দই এইবাৰ দৃষ্টি নিক্ষেপ কৰিলে যুৱকৰ লগত অহা সৈন্যসকলক৷ সুশৃঙ্খলিত ভাৱে তেজাল অশ্বৰ ওপৰত উপৱিষ্ট প্ৰত্যেকজন যোদ্ধাই যেন কুমাৰৰ সাইলাখ প্ৰতিবিম্ব৷ সমগ্ৰ দেহ আবৃত সুদৃশ্য বৰ্মেৰে৷ ভৰিত ঘঁৰিয়ালৰ ছালৰ বৰ্ম৷ কঁকালত টানকৈ বন্ধা টঙালী৷ আবেলিৰ ৰ’দ চেৰেঙাত জিলিকিছে মূৰৰ কিৰীটিত শোভাবৰ্ধন কৰা শেন চৰাইৰ পাখি৷ কটি প্ৰদেশৰ দুইকাষে উলমিছে সুদীৰ্ঘ অসি৷ হাতত শোভা কৰিছে বল্লমে৷ দেহৰ আগফালে বান্ধি থৈছে ঢাল য’ত খোদিত আছে শৈবালিক সকলৰ পুৰাতন চিহ্ন৷
ঃ “আহ, অপূৰ্ব! কোনো সেনা প্ৰধানৰ সপোন বাহিনী৷ এনে এমুঠি সেনাৰে জয় কৰিব পাৰি সমস্ত আৰ্য্যৱৰ্ত “মহাৰাজ উপনন্দই নিজকে ক’লে৷ তন্ময় হৈ মহাৰাজে অপলক নেত্ৰে চাই ৰ’ল বহু প্ৰশংসিত এই বাহলিক বাহিনীক৷ তেওঁ নিজৰ সেনাপতিক আদেশ দিলে যথাযোগ্য মান মাৰ্যাদাৰে অতিথি সকলক বিশ্ৰামৰ ব্যৱস্থা কৰি দিবলৈ৷
সৌবল পুত্ৰই নিজৰ সেনা সকললৈ চাই হাতেৰে ইংগিত দিলে৷ সকলো সৈন্য অশ্বৰ পৰা নামি এক বিশেষ ভংগীমাৰে মহাৰাজলৈ চাই আঁঠু কাঢ়ি ৰ’ল৷ হাতৰ অসি শূন্যলৈ দাঙি কুমাৰে জয়ধ্বনি দি উঠিল
ঃ মহাদেৱৰ সেৱাত, মহাদেৱৰ দয়াত,
হৰ হৰ মহাদেৱ৷
কুমাৰৰ বাহিনীৰ সমন্বিতে সকলোৱে হাতৰ অস্ত্ৰ শূন্যলৈ দাঙি সমস্বৰে জয়ধ্বনি দি উঠিল৷
“ হৰ হৰ মহাদেৱ৷ “
ৰাজকুমাৰ সুবলে নিজৰ সৈন্য সকলৰ লগত থাকিবৰ বাবে আগ্ৰহ কৰিছিল যদিও মহাৰাজ উপনন্দৰ আগ্ৰহত তেওঁ প্ৰাসাদতে থকাৰ সিদ্ধান্ত ল’লে৷
প্ৰাসাদত সোমাওঁতেই এক বিশেষ ব্যক্তিৰ ওপৰত দৃষ্টি নিৱদ্ধ হ’ল কুমাৰৰ৷ তেওঁ মনে মনে এক সম্ভাৱ্য বিপদৰ উমান অনুভৱ কৰিলে৷ এক অজান আংশকাত তেওঁৰ ষষ্ঠ ইন্দ্ৰিয় চকিত হৈ পৰিল৷
(২)
মহাৰাজ উপনন্দৰ ৰাজপ্ৰসাদৰ ভিতৰ সোমাই বিস্ময়াভূত হৈ পৰিল সুবল৷ আৰ্য্য সকলৰ ৰাজপ্ৰসাদৰ জাকজমকতা ইয়াত নাই৷ কিন্তু আছে অদ্ভুত স্থাপত্য দক্ষতা৷ জ্যামিতীয় আৰ্হিত গঠিত প্ৰাসাদত প্ৰতিটো কোণত বিদ্যমান স্বয়ংক্ৰিয় প্ৰতিৰক্ষা ব্যৱস্থা৷ প্ৰাসাদৰ ভিতৰতে বিদ্যমান প্ৰৱাহিত জলধাৰা৷ হঠাতে জলাধাৰাৰ কাষত উপস্থিত হ’লহি এক ভীষণ শ্বাপদ৷ হতচকিত হৈ পৰিল ৰাজকুমাৰ৷ হাতৰ অসি মুক্ত কৰি প্ৰতীক্ষা কৰিলে শ্বাপদৰ আকস্মিক আক্ৰমণৰ৷ কুমাৰে ব্যগ্ৰতাৰে মহাৰাজলৈ চালে৷ মহাৰাজৰ নিৰ্লিপ্ততাত আচৰিত হ’ল কুমাৰ৷ হোঁহোৱাই হাঁহি উঠিল ৰজা উপনন্দ৷ কাৰণ এয়া তেখেতৰ প্ৰসাদৰ অলেখ কাৰুকাৰ্য্যৰ অন্যতম অংশ মাথোঁঁ৷ দানৱ সকলৰ শ্ৰেষ্ঠতম কাৰিকৰ সকলে তৈয়াৰ কৰিছে তেখেতৰ ৰাজপ্ৰসাদ৷ উন্নত প্ৰযুক্তি তথা কাৰিকৰী কৌশলৰ অধিকাৰী দানৱ সকলৰ অলেখ চমকৃৎ কামৰ অন্যতম নিদৰ্শন মহাৰাজ উপনন্দৰ প্ৰাসাদ৷ তেওঁলোকৰ অন্য এক উৎকৃষ্ট প্ৰযুক্তিৰ নিদৰ্শন এসময়ৰ অতি প্ৰতাপী শৈবালিক যোদ্ধা ৰুদ্ৰবাহিনীৰ পিনাক ধনুখন৷ কালক্ৰমত সেই ধনু বৰ্তমান সুবলৰ দ্বাৰা পৰিচালিত শৈবালিক বাহিনীৰ হাতত৷ পৰম্পৰাগত দীৰ্ঘ ধনুৰ বিপৰীতে পিনাক ধনু পাতল আৰু সৰু৷ হ্ৰস্ব দূৰত্বৰ বাবে এক কালান্তক অস্ত্ৰ এই পিনাক ধনু৷ অশ্বাৰোহিত হৈয়ে ক্ষিপ্ৰ গতিত তীৰ নিক্ষেপ কৰিব পাৰি এই ধনুৰে৷ সকলোতকৈ ডাঙৰ কথা ইয়াক অসিৰে সৈতে একেলগে ধাৰণ কৰিব পাৰি৷
ঃ“হৰ হৰ মহাদেৱ “ মনতে বিৰবিৰালে কুমাৰে৷ এই উন্নত প্ৰযুক্তি এতিয়াও আৰ্য্যৱৰ্তৰ আয়ত্তৰ বাহিৰত৷ ইয়াৰ তুলনাত যেন সমগ্ৰ আৰ্য্যাৱৰ্ত এতিয়াও কৌটিকলীয়া অজ্ঞানতাত আচ্ছন্ন৷ কিন্তু দুখৰ বিষয় দানৱ সকল আৰু আৰ্য্য সকলৰ মাজত মিত্ৰতা সম্ভৱ হোৱা নাই৷ কিৰাত, নিষাদ আৰু নাগসকলৰ তথা অন্য জনগোষ্ঠীৰ লগত ইতিমধ্যে আৰ্য্যসকলৰ লগত মিত্ৰতা সম্ভৱ হৈছে যদিও দানৱ সকলৰ লগত এই সম্ভাৱনা এতিয়াও সুদূৰ পৰাহত৷ আচলতে পুৰাতন জম্বুদ্বীপত আৰ্য্যসকলৰ আগমনৰ আগতে প্ৰতিপত্তি আছিল দানৱ সকলৰ৷ আৰ্য্যসকলে এই পৱিত্ৰভূমি দখল কৰোঁতে দানৱ সকলেই সকলোতকৈ বৃহৎ প্ৰত্যাহ্বান গঢ়ি তুলিছে৷ সততে কাৰো ওচৰত বশ্যতা স্বীকাৰ নকৰা দানৱ সকলক বহু চেষ্টা তথা বহু ৰক্তক্ষয়ী সংগ্ৰামৰ অন্তঃতো আৰ্য্যসকলে নিজৰ অধীনত কৰিব পৰা নাই৷
পুৱাৰ কোমল ৰ’দেও শান্ত কৰিব পৰা নাই সুবলৰ অশান্ত মন৷ আগদিনা দেখা সেই বিশেষ পৰিঘটনাই বাৰে বাৰে আমনি কৰিছে কুমাৰৰ মানসপটত৷ ষষ্ঠেন্দ্ৰিয়ই যেন বাৰে বাৰে সজাগ কৰি তুলিছে কুমাৰক৷ সকলোৰে অলক্ষিতে কুমাৰে লক্ষ্য কৰিছিল ৰাজপ্ৰসাদৰ পূৱ দিশত আন্দোলিত সেই বিপদ সংকেত৷ নীলিম আকাশত ভাসমান এক পক্ষী৷ লোকচক্ষুত তেনেই সাধাৰণ এক পক্ষীৰ উৰণ সেয়া৷ কিন্তু কুমাৰৰ দৰে বিশাৰদৰ বাবে পক্ষীৰ সেই উৰণ ভংগীমাই বহন কৰিছে অনাগত সময়ত এক ৰক্তক্ষয়ী যুদ্ধৰ অশনি সংকেত৷ আকাশৰ সেই দিশত এক বিশেষ ভংগীমাৰে উৰিছিল এক নীলৰঙী গড়ুৰ পক্ষী৷ সেয়া ইতিহাসৰ বুকুত বিলীন হোৱা বৈষ্ণৱ যোদ্ধা গড়ুৰ বাহিনী৷ সেই নীল পক্ষী প্ৰাকৃতিক ভাবে জন্মজাত নহয়৷ বৈষ্ণৱ বাহিনীৰ জীৱবিজ্ঞানী সকলৰ হাততহে উপলব্ধ এই পক্ষী৷
“এয়া কেনেকৈ সম্ভৱ? “ নিজৰ ভিতৰতে গুণাগথা কৰিলে কুমাৰে৷ তেনে কি বৈষ্ণৱ শক্তিৰ উত্থান হোৱা কথাটো সত্য৷ কি দৰে সম্ভৱ? ভৱিষ্যতবাণী সত্য হোৱাৰ পথত নেকি? মহাদেৱৰ গৰিমা ম্লান হোৱাৰ পথত নেকি? সুবল আৰু তেওঁৰ শৈবালিক বাহিনীয়ে সেয়া কেতিয়াও হ’ব নিদিয়ে৷ শৰীৰত শেষ বিন্দু ৰক্ত প্ৰৱাহিত হৈ থকালৈকে মহাদেৱৰ গৰিমা লাঞ্চিত হ’ব নিদিয়ে সৌবল পুত্ৰই৷ মুষ্টিবদ্ধ দুহাত আকাশলৈ তুলি বিৰবিৰাই উঠিল কুমাৰ
ঃ হৰ হৰ মহাদেৱ, শক্তি দিয়া যাতে তোমাৰ গৰিমা অক্ষত ৰাখিব পাৰোঁ৷ তোমাৰ দ্বাৰা সৃষ্টি এই দেহ তোমাৰ সেৱাতে উৎসৰ্গিত৷
মহাৰাজৰ আগমনৰ পূৰ্বাভাষত স্বাভাবিক অৱস্থালৈ ঘূৰি আাহিল কুমাৰ৷ মহাৰাজৰ চিন্তিত মুখাবয় লক্ষ্য কৰি কুমাৰে অনুধাৱন কৰিলে কুমাৰৰ পূৰ্বানুমান হয়তো সত্য প্ৰতিপন্ন হ’বলৈ গৈ আছে৷
ঃ “কুমাৰ, আশংকা কৰা মতেই পূৱ দিশৰ পৰা খবৰ আহিছে৷ ব্যাপক সেনাৰ সঞ্চাৰিত হৈছে পূৱ দিশত৷ বিশাল সৈন্যৰে সুসজ্জিত হৈ আহিছে বিপক্ষ৷ আমাৰ সৈন্যবলৰ তুলনাত বহু বিশাল সেই বাহিনী৷ তাতোতকৈয়ো বিপদজনক কথা সেই সৈন্যদলত আহিছে বহুতো নাগবীৰো৷ তেওঁলোকৰ বিপক্ষে আমাৰ মোক্ষম অস্ত্ৰ সমূহ নিৰৰ্থক৷ কাৰণ তেওঁলোকে তাৰ প্ৰতিকাৰ জানে৷ “
ৰাজনৰ কথাত ভ্ৰূ কুঞ্চিত হ’ল কুমাৰৰ৷ নাগ সকলৰ বিষাক্ত ৰসায়ন অস্ত্ৰ সমূহৰ প্ৰয়োগেৰে তেন্তে যুদ্ধ জয়ৰ সম্ভাবনীয়া স্তিমিত হৈ পৰিল৷ কোনো ৰণ বিশাৰদৰ বাবে ই নিশ্চিত ভাবে নিৰাশাৰ বতৰা৷ নাগ সকলে মূলতঃ যুদ্ধত জয়ৰ বাবে এই অস্ত্ৰ সমূহৰ ব্যৱহাৰ কৰে৷ এই বতৰা সৈন্য সকলৰ মাজত প্ৰচাৰ হ’বলৈ পালে ই সেনাদলৰ মনোভাৱ হ্ৰাস কৰিব৷ সচেষ্ট হৈ পৰিল কুমাৰ৷ তেওঁ মহাৰাজৰ অনুমতি বাৰ্তা অনা চোৰাংচোৱা বাহিনীৰ সৈতে সাক্ষাত কৰিবলৈ৷
মহাৰাজৰ আদেশত ততালিকে কুমাৰৰ সমীপত উপস্থিত হ’লহি চোংৰাচোৱা প্ৰধান৷ চোৰাংচোৱা প্ৰধানক আপাদমস্তক নিৰীক্ষণ কৰিলে কুমাৰে৷ নাগ সকলৰ অন্য এক দুৰ্দান্ত অংগ এই সকল৷ বিজুলীৰ দৰে ক্ষিপ্ৰ অথচ শ্বাপদৰ দৰে নিঃশব্দতাৰে যি কোনো অভিযান সফল ভাবে সম্পন্ন কৰাৰ ক্ষমতা আছে এই সকলৰ৷ সৰ্বাংগ কৃষ্ণবৰ্ণী আভূষনেৰে আচ্ছাদিত প্ৰধানে আহি প্ৰথামতে অভিবাদন জনালে কুমাৰক৷ প্ৰচলিত প্ৰথাৰ বিপৰীতে কুমাৰেও নিজ আসনৰ পৰা উঠি গৈ প্ৰতিসম্ভাষণ জনালে প্ৰধানক৷ বিস্ময় আৰু আনন্দত বাকৰুদ্ধ হৈ পৰিল প্ৰধান৷ যাৰ প্ৰতাপ আৰু বীৰত্বৰ কথা শৈল উপত্যাকাৰ প্ৰতি নাগৰিকৰ মাজত প্ৰচলিত হৈছে তেওঁ আজি স্বয়ং সন্মান দিছে প্ৰধানক৷
ঃ শৈবাক, শেনৰ দৰে ক্ষিপ্ৰ আৰু নিখুত ঘাটক৷ দুৰন্ত যোদ্ধা শৈবাকক ৰাজকুমাৰ সুবলৰ অভিবাদন “
শৈবাকৰ তত্ময়তাত যতি পেলাই কৈ উঠিল কুমাৰ৷
( ক্ৰমশঃ)

Unique
ReplyDeleteঅপেক্ষাত আৰু
ReplyDelete