গল্পঃ আকাশীগংগা বিচৰা নাইঃ নিৰ্মালি সন্দিকৈ

আকাশীগংগা বিচৰা নাই
©নিৰ্মালি সন্দিকৈ


ল’ৰা ছোৱালীহালক মিউজিক স্কুলত নমাই থৈ তাই ততাতৈয়াকৈ ঘৰমুৱা হ’ল৷ পূজা আৰু বিয়াৰ ছিজন পালেহি৷ এনেকুৱা দিনবোৰত তাইৰ উশাহ লোৱাৰ সময় নাই৷ এঘাৰ বজাত দুজন ক্লায়েণ্ট অহাৰ কথা৷ তাই ঘড়ীটোলৈ চাই দেখিলে এতিয়াও হাতত ডেৰঘণ্টা আছে৷ ফুডমাৰ্টত সোমাই তাই দৰকাৰী বস্তু কেইপদ লৈ যাব পাৰিব৷ ছোৱালীজনীয়ে ড্ৰাইফ্ৰুটচ খাই ভাল পায়৷ ল’ৰাটোৰ একোতেই আপত্তি নাই৷ হাঁহেৰেও ৰাজি মাহেৰেও ৰাজি৷ সিহঁতৰ আব্দাৰ বুলিবলৈ মাকজনী ধুনীয়াকৈ সাজিকাঁচি থকা আৰু প্ৰফেচনেল লাইফত সক্ৰিয় হৈ থকা৷ দুইটাই ক্লাছ ফাইভত পঢ়ে৷ ল’ৰাটোতকৈ ছোৱালীজনী কেইটামান মিনিটৰ সৰু৷ এই বয়সতে সিহঁতে মাকৰ জীৱনৰ আটাইতকৈ কঠিন ধুমুহা আৰু সংগ্ৰাম দেখি বয়সতকৈ বুজন হৈ পৰিছে৷ সিহঁতে পৰাখিনি নিজেই কৰি লয়৷ মাকক ওলোটাই সহায়হে কৰে৷ ল’ৰা ছোৱালীহালৰ বাবেই তাই ধুমুহাই হলাব নোৱাৰা গছ হৈ থাকে৷
তাইৰ ঘৰতে বুটিক৷ যোৱা এমাহ ধৰি তাই দিন ৰাতি একাকাৰ কৰি কাম কৰিছে৷ বনকৰা মানুহজনী আহি ঘৰুৱা কাম বনবোৰ কৰি নিদিয়া হ’লে তাইৰ মহা বিপদ হ’লহেঁতেন৷ সিহঁতৰ পঢ়া শুনাও ভালকৈ চাবলৈ পোৱা নাই৷ কৰাৰ নামত কোনোমতে দুইটাকে ৰান্ধি খুৱাবহে পাৰিছে৷ ৰাতি বিছনাত দুইটাৰে টোপনিত লালকাল মুখখন চাই তাই নিজকে অপৰাধী যেন অনুভৱ কৰে৷ তাইৰ মনত পৰে, সেইবোৰ দিনলৈ যেতিয়া তাই কামলৈ ওলাই যাবৰ সময়ত দুইটাই তাইক আঁকোৱালি ফেঁকুৰি উঠে আৰু তাই ডিঙিলৈকে উজাই অহা কান্দোন সামৰি কয়, মই সোনকালে আহিম৷ তোমালোকলৈ বিস্কুট আনিম৷ অৱশ্যে তাই হোষ্টেলত ৰাহি হোৱা ভাত তৰকাৰীৰ বাদে কেতিয়াও সিহঁতক বিস্কুট কিনি খুৱাব পৰা নাছিল৷ তাইৰ দুবছৰীয়া অকণমানি দুটাই গাখীৰ অকণমানো খাবলৈ নোপোৱাকৈ ডাঙৰ হৈছিল৷ কিন্তু তাইৰ কপাল ভাল আছিল৷ হোষ্টেলৰ মালিকনী বাইদেৱে তাইক ল’ৰা ছোৱালী হালক মাজে মাজে গাখীৰ খুৱাই থৈ আহিবলৈ দিছিল৷ দুপৰীয়া তাইৰ ছুটি হৈছিল৷ তাইৰ ল’ৰা ছোৱালী হালক ওমলাই থকা জেউতি মাহীয়ে তেতিয়া ভাত ৰান্ধিবলৈ ওপৰলৈ গৈছিল৷ জেউতি মাহীয়ে দুপৰীয়াৰ সাজ ৰান্ধিছিল আৰু তাই হোষ্টেলৰ কোঠাবোৰ সৰা মচা কৰিছিল৷ দুইজনী নিঠৰুৱা মানুহে একেটা কোঠাতে কোনোমতে উশাহ লৈ আছিল৷ কেতিয়াবা মাহীলৈ তাইৰ চেৰেঙকৈ মনত পৰে৷ নলবাৰীৰ কোনোবা ডাক্তৰ পুতেকৰ হতভাগিনী মাক তেওঁ৷ ভাগ্যৰ বিড়ম্বনাত নিজৰ পৰিচয় গোপন কৰি তেওঁ হোষ্টেলৰ ৰান্ধনী হৈছিল আৰু তাই৷ কাৰোবাৰ বিধৱা পত্নী, কাৰোবাৰ অনাদৃতা বোৱাৰীৰ বাদে তাইৰ কোনো পৰিচয় নাছিল৷ কক্ষচ্যুত উপগ্ৰহৰ দৰে দূৰৰ কোনোবা নক্ষত্ৰৰ পোহৰত জী থকা দুঃসময় আছিল সেয়া৷
 মেৰিণাহঁতৰ ৰুমৰ আটাইকেইজনী দেওবাৰ বুলি বেলি দুপৰলৈকে শুই আছিল৷ তাই কোঠা সাৰিবলৈ গৈ ঢকিয়াই ঢকিয়াই মাতিও সঁহাৰি নোপোৱাত আন এটা কোঠালৈ সোমাই গ’ল৷ একমাত্ৰ এইটো কোঠাতে তাই নিঃসংকোচে কাৰো অনুমতি নোলোৱাকৈ সোমাই যাব পাৰে৷ স্বৰ্ণচম্পা ফুলৰ সুবাসেৰে কোঠাটো আমোলমোলাই আছিল৷ বৈদেহীয়ে সদায় এইটো সুগন্ধিৰ ধূপ জ্বলায়৷ পুৱতি নিশাৰ পৰাই তাই পঢ়া টেবুলত বহে৷ এই ছোৱালীজনী হোষ্টেলৰ সকলো ছোৱালীতকৈ বেলেগ৷ কাৰো সৈতে তাইৰ মনোমালিন্যও নাই কাৰো সৈতে প্ৰয়োজনাধিক হলিগলিও নাই৷ প্ৰায়েই তাইৰ নিজৰ কোঠাটো সাৰি মচি গা পা ধুই পঢ়ি থাকে৷ হোষ্টেলৰ মালিকনীয়ে হঠাতে কাৰোবাক টু ছীটাৰ ৰুম দেখুৱাবলৈ হ’লে বৈদেহীৰ ৰুমটোকে মানুহক দেখুৱায়৷ তাই পৰিপাটিকৈ বিছনা, টেবুলৰ কিতাপ আনকি বাল্টিটোলৈকে থানথিত লগাই থয়৷ বৈদেহীয়ে বেৰত আউজি কপাল মোহাৰি বহি আছিল৷ তাইৰ ৰুমমেট তন্ময়ী তেতিয়াও টোপনিত৷ বৈদেহীয়ে কাৰোবাৰ উপস্থিতি গম পাই মূৰ তুলি চাই হাঁহি পেলালে৷ আজি কিন্তু তুমি আমাৰ ৰুমটো মচি দিবা দেই ইলোৰা বা৷ মই একদম হাত দাঙি দিছো আজি৷ তাই ব্যতিব্যস্ত হৈ বহী এখন টেবুলৰ পৰা টানি আনিলে৷
কিনো লিখিছা চাওঁ বুলি তাই কাষ চাপি গ’ল৷ আন ছোৱালী হ’লে হয়তো ইতিকিং কৰিলে হয়৷ কিন্তু বৈদেহীয়ে ক’লে, এইটো চোৱা ইলোৰা বা৷ ইমান ভয়ানক অংক! মোক আজি ই পাগল কৰি দিব৷ বৈদেহীৰ মৰমলগা চকুহাল বিস্ময় আৰু আশ্চৰ্যত বিস্ফোৰিত কৰি তাই অংকটোৰ উত্তৰ বহীখনত উলিয়াই দি ততালিকে আন এটা কোঠা চাফা কৰিবলৈ গুচি গৈছিল৷ তাৰ পাছৰ দিনবোৰ বৰ বিস্ময়কৰভাৱে সলনি হৈছিল৷ হোষ্টেলৰ মালিকনী বাইদেৱে আৱিষ্কাৰ কৰিছিল ইলোৰা ফুকনৰ প্ৰকৃত পৰিচয়৷ দেৱীৰ দৰে তেওঁ ইলোৰাৰ জীৱনলৈ পৰিৱৰ্তন নমাই আনিছিল৷ বৈদেহী আৰু হোষ্টেলৰ আন আন ছোৱালীৰ অনুৰোধত তেওঁ তাইক হোষ্টেলৰ ৱাৰ্ডেন পাতিছিল৷ তাৰ পাছতো তাই কোঠা সলনি কৰা নাছিল৷ ভাত ৰান্ধনী জেউতি মাহী আছিল তাইৰ দুখৰ দিনৰ সহচৰ৷ সেইগৰাকী মানুহৰ ডেউকাৰ তলত তাই মাকৰ উম বিচাৰি পাইছিল৷ ভিজিটিং ৰুমৰ চেণ্টাৰ টেবুলখনত ধুনীয়া পেপাৰ ৱেইট এটাৰ ওপৰত ছোৱালীবোৰে লিখি দিছিল,
ইলোৰা ফুকন, ৱাৰ্ডেন
এম.এচ.চি, বি.এড৷
খাবলৈ ভাত আৰু মূৰৰ ওপৰত এখন নিৰাপদ চালি পোৱাৰ বাদে তাইৰ আৰু কোনো হেঁপাহ নাছিল৷ মনৰ সুখ অথবা আপোনজনৰ এষাৰ অমাতৰ মাত তাইৰ বাবে অকল্পনীয় আছিল৷ তেনেস্থলত এটা অভিজাত হোষ্টেলৰ ৱাৰ্ডেন হ’বলৈ পাই তাই সকাহ পাইছিল৷ বৰষুণৰ পানী পাই মুকলি হোৱা পাত এখিলাৰ দৰে ছোৱালীবোৰৰ সৈতে প্ৰাণখুলি হাঁহিছিল, ধেমালি কৰিছিল৷ তাইৰ ল’ৰা ছোৱালী হালে গাখীৰত হৰলিক্স মিহলাই খাবলৈ পাইছিল৷ অথচ সৌ সিদিনা তাই কোলাই বোকোচাই এবছৰীয়া ল’ৰা ছোৱালীহাল লৈ চহৰৰ সোঁমাজত থকা ট্ৰেইন ষ্টেচনটোলৈ ওলাই আহিছিল৷ তাই নিজৰ লগতে কেঁচুৱাহালৰো মৃত্যু কামনা কৰিছিল৷
 জনশূন্য প্ৰায় ষ্টেচনটোত অকণমানি দুটাই আমনি পাইছিল৷ তাই বাৰে বাৰে যাত্ৰীৰ প্ৰৱেশ আৰু প্ৰস্থানৰ বাটটোলৈ ডিঙি মেলি চাইছিল৷ বহুত সময় অকণমানি দুটাই উদং ষ্টেচনটোত মাকৰ বিব্ৰত, বিবৰ্ণ মুখখনৰ বাদে আনন্দ উৎসাহজনক একো নেদেখি সিহঁতে ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে৷ উপায়হীন অসহায় মাকজনীয়ে ছাগলী পোৱালি এটা খেদি খেদি সিহঁতক নিচুকাবলৈ যত্ন কৰিলে৷ প্ৰচণ্ড গৰম, ভোক, ভাগৰ পিয়াহৰ পাছত মাক কেঁচুৱা তিনিও অৱশ, নিস্তেজ হৈ পৰিছিল৷ এটা সময়ত ল’ৰা ছোৱালী হালৰ ছাগলী খেদা খেলটোও আমনি লাগিল আৰু দুইটাই চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে৷ মাকজনী তেনেই নিৰুপায় হৈ পৰিল৷ দুয়োকে বুকুতে সাবটি এইবাৰ মাকেও উচুপি উঠিল৷ তেতিয়ালৈকে ষ্টেচনত সিহঁতৰ এঘণ্টা পাৰ হৈ গৈছিল৷
আবিয়ৈ ননদজনী আৰু শাহুৱেকৰ কবলৰ পৰা কোনোমতে লুকাই চুৰকৈ পলাই আহি তাই এইখিনি পাইছে৷ যোৱা দুদিন ধৰি ভোকে লঘোণে তাই কোনোৰকম প্ৰাণটো লৈ জী আছে৷ গিৰীয়েকৰ অমানুষিক অত্যাচাৰৰ চিনবোৰ এতিয়াও তাইৰ শৰীৰত আঘাত হৈ জিলিকি আছে৷ মাকৰ ঘৰৰ পৰা মটৰ চাইকেল এখন আনি দিব নোৱাৰাৰ অপৰাধত দিনে ৰাতিয়ে তাইৰ ওপৰত মাৰপিট চলিছিল৷ তাইৰ অকণমানি দুটাই কান্দি কান্দি লেবেজান হৈছিল৷ অথচ মাকৰ ঘৰৰ পৰা বস্তু খুজি অনা দূৰৰ কথা মাকৰ ঘৰলৈ যোৱাৰ বাটেই তাইৰ বন্ধ৷ কাৰণ অজাতি ল’ৰাৰ সৈতে বিয়া হোৱাৰ চেলু লৈ তাইৰ বৌৱেকে তাইক ঘৰলৈ অহাটো নিবিচাৰিছিল৷ ককায়েকো সেই একেই৷ মাক দেউতাক কেতিয়াবাই ঢুকাইছিল৷ তাই জানে, ৰাজবীৰৰ সৈতে পলাই গৈ বিয়াত বহাত তাইৰ জীৱনৰ আটাইতকৈ ভুল সিদ্ধান্ত৷ যাৰ শাস্তি এতিয়া তাইৰ লগতে সন্তানহালেও ভুগিছে৷ অথচ তাই কোনোদিনেই কাকো দুখ দিয়া নাছিল৷ কিন্তু ৰাজবীৰৰ ঘৰত তাই নৰকৰ মুখামুখি হৈ অৱশেষত নিজৰ মৃত্যু কামনা কৰিলে৷
নামনিমুৱা ট্ৰেইনখন আহি প্লেটফৰ্মত সোমাবৰ পৰতে তাই দুৰ্বল খোজেৰে ভোকত অচেতন কেঁচুৱাহলক লৈ চুঁচৰি চুঁচৰি সন্মুখলৈ আগুৱাই গ’ল৷ ঘামত তিতি থকা তাইৰ অকণমানি দুটাৰ গালে মুখে মাখিয়ে আমনি কৰিছিল৷ সেইবোৰলৈ তাইৰ ভ্ৰূক্ষেপ নাই৷ তাই সন্মোহিত জন্তুৰ দৰে কেৱল আগুৱাই গ’ল৷ ট্ৰেইনখনৰ গতিৰ সৈতে তাই নিজৰ অভিশপ্ত জীৱনটো নিঃশেষ কৰি দিব খুজিলে৷

 ট্ৰেইনখন আহি পোৱা মাত্ৰেই জঁপিয়াই দিম বুলি ভাবি থাকিলেও তাইৰ অদৃষ্টই তাইক অন্য এফালেহে টানিলে৷ ট্ৰেইনখন প্লেটফৰ্মত সোমোৱাৰ আগতেই তাই ধুঁৱলি কুঁৱলী দেখিলে৷ তাৰ পাছত আৰু তাইৰ একো মনত নাই৷ জ্ঞান উভতি অহাৰ পাছত তাই নিজকে এটা ডবাত আৱিষ্কাৰ কৰিলে৷ জনশূন্যপ্ৰায় ডবাটোত মানুহ বুলিবলৈ কেৱল কেইজনীমান আদহীয়া মাইকী মানুহ আৰু এজনী তাইৰ দৰেই কেঁচুৱাৰ মাক আছিল৷ দীঘলীয়া ছিটটোত তাইক শুৱাই মানুহকেইগৰাকী আনটো ছিটত কোনোমতে থেপাথেপিকৈ বহি আহিছে৷ তাইৰ ল’ৰাটোক এগৰাকীয়ে পানীত তিয়াই তিয়াই বিস্কুট খুৱাইছে আৰু অচিনাকি গাভৰু মাকজনীয়ে নিজৰ কেঁচুৱাটো আন এগৰাকীৰ হাতত দি ভোকত অচেতন তাইৰ ছোৱালীজনীক নিজৰ গাখীৰ খুৱাইছে৷ মৃত্যুও তেনে তাইৰ বাবে দুৰ্লভ! এই দুটি নিৰ্দোষ জীৱ কোলাত লৈ তাই ক’লৈ যাব! কি কৰিব৷ বেশ্যা নাইবা ভিক্ষাৰীনী হোৱাৰ বাদে তাইৰ আৰু কি উপায় আছে? অক্ষম ক্ৰোধত তাই চুলি আঁজুৰি আঁজুৰি কান্দিবলৈ ধৰিলে৷ কোনেও তাইক সান্তনা নিদিলে৷ এসময়ত তাইৰ ভাগৰ লাগিল৷ কোনোবা এজনীয়ে ধৰি নি তাইক মুখ হাত ধুৱাই আনিলে৷ আটায়ে একেলগে টিফিন কেৰিয়াৰত নিয়া ভাত খালে৷ সিহঁতৰ ভাগৰ পৰাই তায়ো দুগৰাহ মান নিলে যদিও খেলিমেলি চিন্তাই তাইক কোবাই থাকিল৷ সিহঁতৰ কথা বতৰাৰ পৰা তাই মাত্ৰ অনুমান কৰিলে যে প্ৰায় কেইগৰাকীয়ে পূজাৰ বন্ধ কটাই কামলৈ উভতি অহা বনকৰা তিৰোতা৷ কেঁচুৱাৰ মাকজনী শহুৰৰ ঘৰলৈ আহিছে৷
ল’ৰা ছোৱালীহালে কেঁচুৱাটোৰ লগত উমলিছিল৷ সিহঁতৰ জীৱনলৈ নামি অহা দুৰ্যোগৰ কথা জানিবৰ জ্ঞান হোৱা হ’লে সিহঁতো চাগে তাইৰ দৰেই বাউলী হ’ল হয়!
কোনেও তাই ক’ৰ মানুহ কি কথা নুসুধিলে৷ মাথোঁঁঁঁঁ এগৰাকীয়ে ক’লে, তই মোৰ লগত যাবি? সেয়া আছিল জেউতি মাহী৷ তাই একো উত্তৰ নিদিলে৷ জীয়াই থকাৰ ইচ্ছা আৰু সাহস তাইৰ নোহোৱা হৈ পৰিছিল৷ জেউতি মাহীয়ে কৈছিল, মোৰ লগত গ’লে তই অন্ততঃ বেশ্যা হোৱাৰ পৰা বাচিবি৷ তোৰ ল’ৰা ছোৱালীহালে দুবেলা খাবলৈ পাব৷ আৰু যদি নেযাওঁ বুলি ভাবিছ তেতিয়া ৰেলত ভিক্ষা কৰিব লাগিব নহ’লে সৌ দুৱাৰখনৰ পৰা তললৈ ...! জেউতি মাহীয়ে কথাটো সম্পূৰ্ণ নকৰিলে৷ সন্ধিয়া পৰত ট্ৰেইনখন শেষ ষ্টেচনটোত প্ৰৱেশ কৰিলে৷ আটাইকেইজনী মানুহ তাতেই নামিল৷ তাইৰ ল’ৰা ছোৱালীহাল লৈ জেউতি মাহী তাইৰ আগে আগে নামিল৷ তায়ো বলিশালৰ পশুৰ দৰে ভীত অনিশ্চত খোজেৰে মাহীৰ পাছ ল’লে৷ ষ্টেচনৰ বাহিৰত ৰিস্কা এখন লৈ দুইজনী বহিল৷ মাহীয়ে ক’লে, তই মৰিবলৈ ওলাই অহা নাই৷ তই নতুনকৈ জীৱন পাবলৈ আহিছ৷ সেইকাৰণেই তই কান্ধত বেগটো আনিবলৈ পাহৰা নাই৷ তাইৰ লাজ লাগিল৷ এৰাটো! আত্মজাহ দিবলৈ আহি তাইতো স্কুল কলেজৰ মাৰ্কচিটৰ পৰা মেৰেইজ চাৰ্টিফিকেটলৈকে আটাইবোৰ নথি পত্ৰ বেগত লৈ আহিছে! মৰিব খোজা মানুহক এইবোৰৰ কি প্ৰয়োজন! এসময়ত এটা সুদৃশ্য অভিজাত হোষ্টেলৰ সন্মুখত ৰিস্কাখন ৰ’লগৈ৷ মাহীয়ে কান্ধত নিজৰ বেগটো আৰু তাইৰ ছোৱালীজনী কোলাত লৈ নামিল৷ তলৰ মহলাত হোষ্টেলৰ মালিকৰ ঘৰ৷ তাৰে এটা কোঠাত মাহী থাকে৷ গেইটৰ মুখতে ড্ৰাইভাৰটো ৰৈ আছিল৷ তাৰ প্ৰশ্ন বোধক চাৱনিটো তল পেলাই মাহীয়ে ক’লে, “মোৰ ভাগিন ছোৱালী৷ বাইদেৱে কামৰ কাৰণে আনিব দিছে৷ ’’

 জেউতি মাহীক লৈ হোষ্টেলৰ মালিকনী বাইদেউৰ সন্তুষ্টিৰ সীমা নাছিল৷ তেওঁ প্ৰতিটো কামেই নিখুঁটকৈ কৰিছিল৷ কেৱল দুপৰীয়াৰ সাজহে তেওঁ ৰান্ধিছিল৷ পুৱা ৰাতি ৰান্ধিবলৈ বেলেগ মানুহ আছিল৷ তেওঁ মালিকৰ পৰা দৰমহাৰ নামত একো বিচৰা নাছিল৷ অথচ সকলো কামকৰা মানুহক তদাৰক কৰাৰ পৰা, বসন্ত ড্ৰাইভাৰৰ লগত বজাৰলৈ গৈ সপ্তাহৰ কাৰণে ৰেচন লৈ অনালৈকে তেওঁ কৰিছিল৷ মালিকনী বাইদেউৰ পুৰণি ডিজাইনৰ চাদৰ মেখেলাবোৰ কাটিকুটি নতুনকৈ বনাই দিয়াৰ পৰা আমৰ পুডিং বনোৱালৈকে তেওঁ কৰিছিল৷ বাইদেৱে কেতিয়াবা ইমান কাম কেনেকৈ জানা বুলি সুধিলে কয়, আগতে য’ত কাম কৰিছিলোঁ তাতেই শিকা৷ তেওঁ কেতিয়াও নকয় ডাক্তৰ স্বামী আৰু ল’ৰাহালৰ বাবে তেওঁ প্ৰায়েই বিভিন্ন ধৰণেৰে ৰন্ধা বঢ়া কৰিছিল৷ সাজি কাছি থকা আৰু ধুনীয়াকৈ সাজ পোছাক চিলাই কৰাত তেওঁৰ এটা নামেই আছিল৷
মালিকনী বাইদেউ নিজেও এগৰাকী অত্যন্ত ভাল মানুহ আছিল৷ তেওঁ জেউতি মাহীৰ খোৱা পিন্ধা আৰু থকাৰ সুবিধা দিয়াৰ উপৰিও মাহে মাহে পাঁচশকৈ দিছিল৷ সেই জেউতি মাহীয়ে যেতিয়া ইলোৰাক নি মালিকনী বাইদেউৰ আগত ভাগিনী বুলি চিনাকি কৰি কাম কৰিবলৈ অনাৰ কথা ক’লে তেতিয়া আপত্তি দৰ্শাবলৈ একোৱেই নাথাকিল৷ এনেয়েও বিশজনীয়া ছোৱালীৰ হোষ্টেলত চাফাই কৰা মানুহৰ প্ৰয়োজন হৈ আছিল৷ ইলোৰাৰ শান্ত স্বভাৱৰ বাবে হোষ্টেলৰ ছোৱালীবোৰেও তাইক ভাল পাইছিল৷ তাই নিজৰ কাম বন কৰি অঁতায়ো জেউতি মাহীৰ পৰা চিলাই শিকিলে৷ মালিকনী বাইদেউৰ পুৰণি কিন্তু ভাল হৈ থকা মেচিনটোতে তাই ভালেমান কাম শিকিলে৷ জেউতি মাহীয়ে গাভৰুতে এবছৰীয়া কাটিং নিটিঙৰ ট্ৰেইনিং লৈছিল৷ দিনবোৰ এনেকৈয়ে গৈ আছিল৷ ইলোৰাৰ হোষ্টেলত কাম কৰা ডেৰবছৰৰো বেছি হৈছিল৷ তেনেকুৱাতে এদিন জেউতি মাহীয়ে দুপৰীয়াৰ সাঁজ কোনোমতে ৰান্ধি আহি ইলোৰাক ক’লে, মোৰ গাটো বেয়া লাগিছে বুইছ৷ অলপ শুই লওঁ৷ ইলোৰা ব্যতিব্যস্ত হৈ পৰিল৷ মাহীয়ে মৃদু ধমক দি ক’লে, বহুত কিবা নাই হোৱা ৰচোন৷ শুলেই ভাল লাগিব৷ গধূলিলৈকে মাহীয়ে গায়ে মূৰে কাপোৰ লৈ শুই থাকিল৷

 আন্ধাৰ হোৱাৰ পাছতো মাহী বিছনাৰ পৰা উঠি নহাত তাই যিমান পাৰি লাহে লাহে মাহীক মাতি জগাবলৈ চেষ্টা কৰিলে৷ মাহীৰ সাৰ সুৰ নাই৷ তাইৰ ভয় লাগি গ’ল৷ হেৰুৱাই হেৰুৱাই সৰ্বহাৰা হৈ মৃত্যুৰ বাদে একোৱেই নিবিচৰা তাইক মাহীয়ে বুটলি আনি এটা নতুন জীৱন দিছিল৷ তাইৰ ল’ৰা ছোৱালীহালে আইতাকৰ মৰমকণ পাইছিল৷ এতিয়া সেইজনী মাহী এনেকৈ শুই আছে! তাই ধৰফৰাই উঠিল৷ গাৰ কাপোৰখন আঁতৰাই তাই মাহীক লাহেকৈ হেঁচুকি দিলে৷ মাহীৰ গা জুইৰ দৰে তপত৷ ৰঙা পৰি থকা চকু মুখেৰে মাহীজনীক কোনোবাই যেন এই অলপ আগেয়ে কন্দুৱাই থৈ গ’ল! মাহীয়ে দুৰ্বল মাতেৰে ক’লে, “ইহঁতদুটা শুলেনে? বাইদেউক মাতগৈ যা৷ “
 দুঃশ্চিন্তাত তাইৰ ডিঙি শুকাই গ’ল৷ কোনোমতে মাহীৰ মূৰটো ডাঙি ধৰি তাই পানী অকণমান খুৱাই দি বাইদেউক লৰালৰিকৈ মাতি আনিলে৷ বাইদেউ আহি পায়েই মাহীক দেখি কাতৰ হৈ পৰিল৷ মাহীয়ে বাইদেউক হাতযোৰ কৰি ক’লে, বাৰ্বিৰ হতুৱাই মোৰ উইল এখন কৰোৱাই দিয়ক বাইদেউ৷ মানুহজনে অলপমান কিবাকিবি দি গৈছিল তাকে ইলোৰাৰ নামত দি থৈ যাওঁ৷ সিহঁতেতো এদিনো বিচাৰি নাহিলেই!
বাইদেউ আশ্চৰ্যত ফাটি পৰিল৷ মাহীৰ অত্যাচাৰী ল’ৰা বোৱাৰী অথবা মাহীৰ স্বৰ্গগত ডাক্তৰ স্বামীৰ কথা তেওঁ কোনোদিনেই জনা নাছিল৷ মাথোঁঁঁঁঁ জানিছিল যে পুতেকৰ অত্যাচাৰত তিষ্ঠিব নোৱাৰা মানুহ এজনী তেওঁৰ হোষ্টেল আৰু ঘৰত আজি অতবছৰে কাম কৰি আহিছে৷ মাহীক উপযুক্ত চিকিৎসা কৰোৱাত বাইদেৱে অলপো কৃপণালি নকৰিলে৷ বাইদেউৰ এডভোকেট জী বাৰ্বিয়ে মাহীৰ কথা মতেই উইলখনৰ ফৰ্মেলিটিজবোৰ পূৰাই দিলে৷ দহদিনমানৰ মূৰত মাহী গ’লগৈ৷ হস্পিটেলৰ পৰা বাহিৰে বাহিৰেই বিভাগীয় মানুহ আহি মাহীৰ নিঠৰ শৰীৰ চমজি ল’লে৷ স্বামীৰ দৰেই মাহীয়ে মেডিকেলৰ ষ্টুদেণ্টক অৰ্পণ কৰিছিল নিজৰ নশ্বৰ দেহ৷
তাই পাইছিল চহৰৰ উপকণ্ঠ অঞ্চলত এটা ডাবল বেদৰুমৰ ফ্লেট, তিনিলাখ নগদ টকা আৰু সৰু সুৰা দুপদমান সোণৰ গহনা৷ কিন্তু তাৰ পাছতো তাই আৰু দুবছৰ হোষ্টেলত ৱাৰ্ডেনৰ কাম কৰি বাইদেউৰ প্ৰতি কৃতজ্ঞতা জনাইছিল৷ কিন্তু বাইদেৱে এদিন নিজেই তাইক ক’লে, মোৰ ভাইটিৰ স্কুলত চাকৰি ওলাইছে৷ তুমি চাৰ্টিফিকেটবোৰ লৈ এদিন যোৱা৷
প্ৰাইভেট স্কুলখনত ছহেজাৰ টকাৰ দৰমহাৰে তাই চাকৰি আৰম্ভ কৰিলে৷ ল’ৰা ছোৱালী দুটাক তাতেই এডমিছন দিলে৷ ফ্লেটটোও পৰিয়াল এটাক দুবছৰ দিন ভাড়া দি থোৱাত অলপ টকা গোট খাইছিল আৰু এদিন বাইদেউ, হোষ্টেলৰ ছোৱালীবোৰ আৰু বহুতো স্মৃতিৰ পৰা বিদায় লৈ তাইৰ নিজৰ ঘৰখন সজাবলৈ গুচি আহিল৷ বাইদেৱে দিয়া অংগীকাৰ আৰু সুগন্ধি নাম দুটাৰে তাইৰ ল’ৰা ছোৱালী দুটা স্কুলৰ তৃতীয় শ্ৰেণী পালেগৈ৷ সেইবোৰ দিনত তাই অশেষ কষ্ট কৰিলে৷ স্কুল, সিহঁতৰ হোমৱৰ্ক আৰু ঘৰুৱা জঞ্জাল মাৰি অঁতাই ৰাতি ৰাতি তাই কাপোৰ চিলাবলৈ ধৰিলে৷ প্ৰথমে নিজৰ কলিগ আৰু ল’ৰা ছোৱালী দুটাৰ বন্ধু বান্ধৱীৰ মাকহঁতৰ কাপোৰকে তাই চিলাইছিল৷ কিন্তু খুব কম দিনতে তাইৰ বহুত অৰ্দাৰ আহিবলৈ ধৰিলে৷ কামৰ হেঁচাত তাই শুবলৈ নোপোৱা হ’ল৷ তেনেকুৱাতে তাইক বিচাৰি এদিন চাপৰ, শকত, বগা মানুহ এগৰাকী আহিল৷ দুৱাৰখন খুলি তাই আচৰিত হ’ল৷ বহল চকুহালেৰে মেল খাই থকা মুখখনেৰে শিলৰ মূৰ্ত্তি হৈ তাই শুৱনি মানুহজনীক চাই থাকিল৷

ঃআপুনি? বাইদেউ! ইয়াত কেনেকৈ?
ইলোৰা বিস্ময়ত ফাটি পৰিল৷ মানুহগৰাকীয়ে মিঠাকৈ হাঁহি ক’লে, ভিতৰলৈ নেমাতা?
তাই লৰালৰিকৈ বাইদেউক মাতি আনি ভিতৰত বহুৱালে৷ তেখেতে তাইক কলেজত পঢ়ুৱাইছিল৷ তাই আছিল বাইদেউৰ অন্যতম মৰমৰ ছাত্ৰী৷ বাইদেৱে তাইক মৰমতে ইলা বুলি মাতিছিল৷ কোনোবা সম্ভ্ৰান্ত আহোম বুঢ়াগোঁহাইৰ পৰিয়ালৰ জীয়ৰী বাইদেউ বিয়া হৈছিল ডিমাচা প্ৰশাসনিক বিষয়া অনন্ত পৰ্বতচাৰ সৈতে৷ বাইদেউৰ ব্যক্তিত্বও সম্ভ্ৰান্ত আছিল৷ কিন্তু ব্যৱহাৰ আছিল তেনেই সৰল৷ বাইদেৱে কোনো পাতনি নেমেলাকৈ ক’লে, সেউজীৰ পৰা তোমাৰ ঠিকনা ল’লো৷ তাই মোৰ ননদৰ ছোৱালী৷ তাইৰ কেইবাজোৰো কাপোৰ মই দেখিছো৷ তাৰ পাছত আৰু মোৰ ৰৈ থাকিবলৈ মন নগ’ল৷ তিনি মাহ পাছত মোৰ ছোৱালীজনীৰ বিয়া৷ তুমি কেৱল তাইৰ নহয় আমাৰ পৰিয়ালৰ সকলোৰে কাপোৰৰ ডিজাইন কৰিব লাগিব৷ মেটেৰিয়েলচ বোৰ মই দিম৷ মোৰ মেচিনটোও পঠিয়াই দিম৷ তুমি কৰিবা৷ কৰিবানে?
তাই না কৰাৰ প্ৰশ্নই নাছিল৷ বাইদেউৰ বাবে তাই তেওঁৰ পুৰণি মুগাৰ কাপোৰেৰে ৰাজমাওৰ দৰে এসাজ ৰিহা মেখেলা চাদৰ তৈয়াৰ কৰিছিল৷ ৰিয়েল মাদ্ৰিদৰ পৰা অহা দৰাৰ বন্ধু আৰু পৰিয়াল বৰ্গৰ সন্মুখত এখন সম্পূৰ্ণ পৰম্পৰাগত চকলং বিয়া ডাঙি ধৰা হৈছিল আৰু দৰাৰ স্বৰ্গদেউৰ দৰে সাজটোৱেই নহয়, সকলো কইনা ঘৰীয়া মানুহৰ পোছাকেই মানুহে বিমুগ্ধ হৈ চাইছিল৷ তাৰ পাছত তাই ৰোৱা নাই৷ ৰ’বলৈ সময় আৰু অৱকাশ পোৱা নাই৷ ল’ৰা ছোৱালীহালে তাইক কেতিয়াবা মৰমৰ শাসনেৰে কয়, ইমান অৰ্ডাৰ লোৱা কিয় মা?
তাই আঁকোৱালি ধৰি দুইটাকে সেই তাহানিৰ দৰেই কয়, তোমালোকৰ বাবেই বেটা!
সময়তকৈ দহমিনিট আগতেই তাই বুটিক পালেগৈ৷ আজিকালি তাই ঘৰৰ পৰাই সকলো চম্ভালিব নোৱাৰে৷ চহৰৰ মাজমজিয়াতে ভাড়াঘৰ লৈ তাই বুটিক চলাইছে৷ দুজন কাৰিকৰ আৰু হেল্পাৰ ছোৱালী তিনিজনীও আছে৷ চাহ কাপ খাই তাই এবাৰ আইনাত মুখখন চালে৷ চব ঠিকেই আছে৷ ক্লায়েণ্টৰ আগত তাই পৰিছন্ন হৈ ওলাবলৈ ভাল পায়৷
মানুহ এহাল সোমাই আহিল৷ ইলোৰাৰ বুকুখন এবাৰ ঢুক্ কৈ উঠিল৷ তাইৰ সমবয়সীয়া নীতাৰা নামৰ ত্ৰিশোৰ্ধ ছোৱালীজনীয়ে তাইৰ সন্মুখতে মানুহজনৰ সৈতে বহিল৷ ইলোৰাই যথাসম্ভৱ স্বাভাৱিক হৈ যাৱতীয় কামখিনি সামৰি ৰিচিপ্ট বুকটো উলিয়াই ল’লে আৰু ছোৱালীজনীৰ নামটো সুধিলে৷ তাই কেৰাহিকৈ মানুহজনৰ ফালে চালে৷ তেওঁ মূৰ দুপিয়াই হাঁহি দিয়াত তাই গৰ্বিত ভংগীমাৰে ক’লে ইনকে নাম হী লিখ দিজিয়ে, ৰাজবীৰ অগ্ৰৱাল!
ইলোৰাই ৰাজবীৰক প্ৰথমে সোমাই আহোঁতেই চিনি পাইছিল৷ সিও নোপোৱাকৈ থকা নাছিল৷ আজি অতদিনে কোনোমতে শুকুৱাই লোৱা ঘাঁডোখৰ যেন আকৌ এবাৰ ৰক্তাক্ত কৰিবলৈকে সিহঁতহাল আহিল! ইলোৰাই টেবুলৰ পৰা চচমাযোৰ তুলি পিন্ধি ল’লে আৰু ৰাজবীৰলৈ চাই স্পষ্ট মাতেৰে ক’লেঃটুটেল এমাওণ্ট চিক্সটি থাউজেণ্ড৷
ৰাজবীৰে পোনে পোনে তাইৰ চকুলৈ চালে৷ সি চক খাই উঠিল৷ ইমান দৃঢ়তা আৰু স্থিৰতা সি এসময়ত হত্যা কৰিবলৈ ওলোৱা ইলোৰাৰ চকুত কেতিয়াও দেখা নাছিল৷

------------------------

Comments

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ