কবিতাঃ প্ৰেমৰ চুক্তিঃ সংগীতা মেধি


প্ৰেমৰ চুক্তি

প্ৰেমৰ চুক্তি বিচাৰি
হাবাথুৰি খাওঁ l

অস্ত সুৰুজৰ
সূৰ্যাস্ত নেকি ভালপোৱা
নে সন্ধিয়াৰ হেঙুলী আভা?

পাহৰি যোৱা প্ৰেমৰ
নাথাকে কোনো চুক্তি৷

শুকুলা মেঘৰ আঁৰে আঁৰে
হেঙুলীয়া সুৰুজে ৰহন সানি৷
তিৰবিৰাই তোলে প্ৰেমৰ ৰাগী৷

ভাগৰি পৰিছোঁ তুমি তুমি লগা
শুকান বলুকাত ভালপোৱাৰ অন্তহীন ছন্দ বিচাৰি৷

উভতি আহিলো।
অস্তগামী সুৰুজৰ দৰে
নিস্তেজ হৈ ৰ’ল সময় l

ৰক্তাক্ত দুভৰিৰ পতাৰে
বৈ গ’ল প্ৰতাৰণাৰ চাকনৈয়াত৷

কলিজাৰ তেজেৰে ৰাঙলী কৰি
আঁকিলো হৃদয়ৰ
কেনভাচত তোমাৰ ছবি৷

তুমি হয়তো নাজানা
প্ৰেমৰ সংজ্ঞা কি?
চুক্তি অবিহনে বন্ধকত দিলোঁ হৃদয়ৰ সমস্ত
অনুভুতি।

তথাপি নুবুজিলা প্ৰেমৰ
দলিলখনত লিখি দিলোঁ
জনম জনমৰ মোৰ হিয়াৰ চুক্তি৷

প্ৰেমৰ চুক্তি!
--------------------------


@সংগীতা মেধি ll

Comments

Popular posts from this blog

প্ৰবন্ধঃ অসমীয়া গালি-শপনিবোৰঃ বিজয়া বৰুৱা

প্ৰবন্ধঃ সাহিত্যৰ প্ৰতি নতুন প্ৰজন্মৰ অনীহাঃ অসমী গগৈ

প্ৰবন্ধঃ সাংখ্য দৰ্শনঃ সঞ্জীৱ মজুমদাৰ